পৃষ্ঠা:ন-বোৱাৰী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩]
ন-বোৱাৰী।

(হাতত তামোল পাণ এটালৈ— স্বৰ্ণৰ প্ৰবেশ)

 স্বৰ্ণ— বৌ-ধৰা যদি ধৰা এইয়া।

 সুভদ্ৰা— অ’ কটাৰিখন বিচাৰি আনগৈ চোন।

 স্বৰ্ণ— কোনে ক’ত থয় ক’ত কিমান বিচাৰিমগৈ।

 সুভদ্ৰা— যা পাবি; আমাৰ বড় ঘৈণীৰ ফালে থাকিব পায়।

 কচু— আই সেইৱা দেখোন কটা তামোল আগতে আছে, কটাৰিনো কেলৈ?

 সুভ— মানুহে মানুহে খায়; বোৱাৰীহে মান ধৰিলে খতম পৰিল। ময় তামোল দেখা নাই দেখি তামোল দেখুৱালে; “হাততেলৈ আহি, আই তামোল এইয়া”। কচোন ক’ তহতৰ বোৱাৰীয়েৰহঁতে তেনে সাহ পায়নে?

 কচু— হওতে নেপায়তো; মান্যৱন্তক তেনেকৈ দিব। পাচে বোপালৈ ছোৱালী অনা কিমান দিন হলনো?

 সুভ— কি হব গোট কাঠ; বোধ কৰো মাকৰ ঘৰত চুঙ্গাৰ ফোপত হাত সুমাই আছিল হবলা। একো নেজানে— দিয়ন-থওয়ন, দয় দস্তুৰ তেনেই চহা; আজি মাহ দিনেও গঢ় গতি সলাব পৰা নাই।

 (স্বৰ্ণৰ প্ৰৱেশ) বৌ কটাৰি ধৰা, মোক আৰু এই বাৰৰ পৰা নেপাচিবা। বোৱাৰী আনি চাঙ্গত তুলিবৰ মন হৈছে তুলি থাকা। স্বৰ্ণক জানো বেটী পাইছা।