সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৮]
ন-বোৱাৰী

 প্ৰেম— মোৰ মুৰ খাঁতি। মোকো ভাৰিব খোজ। সেই খন ঘৰহে তোৰ আপোন হল; মাৰৰ আগতো সুখ দুখৰ কথা নোকোয়া হলি।

 লাবন্য— নহয়, বৌ! ভাল পাব। এতিয়াও ময় তেঁওলোকৰ ফুটত উঠিব পৰা নাই— তেঁওলোকৰ আও-ভাও শিকি বন-বাৰিত সন্তোষ লগাব পৰা নাই! সেই দেখি, খং বিষ কৰে, গালি শপনি পাৰে। যেতিয়া ভালকৈ ঘৰ খনৰ কাম চলাব পৰা হম তেতিয়া আৰু কোনে বেয়া পাব।

 প্ৰেম— ভাল কৈছা মোৰ আই লাহৰি। তুমি বাৰে শতুৰৰ লগতো মিলি খাব পাৰিবা। শাহ-শহুৰ পৰ নহয় তেঁওলোক আমাতকৈও আপোন, মিলিব পাৰিলেই, হল। ময় তোক পোনতে চিনিব নোৱাৰিলো। আগৰ বৰণ, তেজ আৰু মুখত আগৰ নিচিনা হাঁহি নাই। কিবা শকত নৰিয়া পৰিছিলিনে কি?

 লাবন্য— নাই পৰা বৌ; পৰা হলে তোমালোকে বাতৰি নেপাই থাকানে?

 প্ৰেম— তেনেহলেননো কিয় এনে চিনিব নোৱৰা হলি।

 লাবন্য— জানো কব নোৱাৰো।

 প্ৰেম— (অলপ পৰ ভাবি) তেনেহলে শাহুৱাই বৰ দুখ দিছে।