পৃষ্ঠা:ন-বোৱাৰী.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[২১]
ন-বোৱাৰী

 সুভদ্ৰা— (বেগেৰে সোমাই আহি) হয়েঁ, অধৰমাৰ সঁচ, ডোম কথীয়াৰ সঁচ তোক মাতিবলৈ পথিৱালত যেনিবা ভাল মাতিছহি। তোৰ যদি ভাতে ভোক নুগুছে, মাৰ বাপেৰ, যত যি অঙ্গহি-বঙ্গহি, ভাই-ভনী আছে সকলোৰে মুৰ চোবাই আহ গৈ। মোৰ ছোৱালীক চিকুতিবলৈ, শাও দিবলৈ কি বৰ মতা ওলালিহি। এইৰ মুখৰ খন!, খাৰ কাঢ়িম।

 লাবন্য— (কান্দি কান্দি) আই ময় একো কৰা নাই। ভাত খাবলৈ জগাইছো মাথোন।

 স্বৰ্ণ— চা চোন বৌ! ভৰিত এইটো চিকুতাৰ চিন নহয় নে? (নিজে চিকুত মাৰি)

 সুভদ্ৰা— হয়েঁ বা, শাকিনি-কুলক্ষিণি, তয় মোৰ ঘৰ ভাঙ্গিবলৈ আহিলি এ। এনেজনী মানুহ খাঁতী তেৰেকা-ৰাক্ষসী ক’ত দেখিছা— ঔ কত শুনিছা— ঔ উস্ উস্। ভৰিটো তেনেই খালে। এবকতা বখলিয়াই পেলালে।

 লাবন্য— আই! ময় চিকুতা নাই।

 সুভদ্ৰা— হয়েঁ! মোৰ চকু ফুতিল নে? তোৰ চকুত যদি বেটী হাবিনীৱে মুতা নাই তেন্তে কচোন সেইটো কিহৰ চিন? দেখোতে নিমাতী— গু-খাৱৰ যম।