এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ন-বােৱাৰী। [ ৫ ]
সুভদ্রা—থ থ’ আইহে—সেইবােৰ লাজ বিজৰ কথা—
আমাৰ সমন্ধি হলে নাক কটা। লৰাই পিক পে-
লাবলৈ বান এটিও নাই। অশুচি হলে শুবলৈ বে-
লেগ পাটি এটিও লগত নাই ! লোেটা চৰিয়া গােটা
দিয়েক, কঁাহি বাতি দোজোৰ মান, তঁতশাল, অর্চি,
ফনি আৰু কিবাকিবি লাংখা লিখি দুডাল মানে সৈতে
কাপােৰ কানিৰ সজটো আনিছে হবলা। আমিনে
তালৈ কি মন কৰিছে।
| ককিলী—ভাল দিছে, আৰুনাে জীৱৰীৰ লগত কি,
দিব।
| কচু—আইহে থৈ-দে খৈ-দে বৰকৈ নকবি ।
আনৰ হোৱা হলে দুসাজ দুসাজ দিলে হেতেন। আগলৈ
নাই পাচলৈ নাই মাপােন এজনী ছােৱালী তাইৰ ল-
গতে যদি এই, ফুকনৰ ঘৰে কৰিৰ কি ? একে ৰা-
ৰেই পাঁচ জনী।
ফেদেলী-আই ! ন’ছোৱালী চাবলৈ গলে হেতেন ?
সুভদ্রা-কিনাে ন'ছােৱালী চাবি। মানুহ নহয়
ভূত ! যা বাৰু ভিতৰ সােমায় যা হঁক।
কচুখাতী-( উঠি) আহ ককিলী তয়াে অহি।
(তিনিবে প্রস্থান)