সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩১]
ন-বোৱাৰী

 প্ৰেম-বিয়নীলৈ তেঁওৰ আগতে কাবৌ কৰি পঠাম।

 পিতা—সেই কথাৰে গা-নুজুৰায়; আজি কালি হৈছে দেশ দস্তুৰ-- ছোৱালীৰ লগত ভালেমান বস্তু দিব লাগে, মিতিৰলৈ ঘনাই টোপোলা বান্ধিব লাগে, তেহে ছোৱালীক ভাল পায়, মৰম ব্যথা কৰে, আৰু আমাৰ মূৰো টপা নহয়। তাকে কৰিব নোৱাৰিলে আমাৰ চুলি সৰায়। ছোৱালীৱে এহাতে চকুলো টোকে এহাতে ভাত খায়। আমাৰ ফালেও সেই কথা, নহলে মোৰ ছোৱালীৱে কি বন নেজানে-বোৱা কটা পাৰে, ভজা পোৰা পাৰে, বাজৰ কামতো পৈনত। ৰূপে গুণেনো কি নিন্দাবা, মুখৰ মাত নাই, দন কাক বোলে ভু নেপোয়, লোকৰ দৰে উখৰা প্ৰকিতিৰো নহয়।

 প্ৰেম—আপুনি ভাল কথা কৈছে?

 পিতা-ময়জানো কেচুৱা লৰা-সিহতৰ ঘৰত সিবাৰ যাওতেই কোন কেনে তলা-নলা লৈ আহিলো, মিতিৰে নুবুজে—কি কৰিম? ময় জানো পৰা পক্ষত ছোৱালীৰ লগত সৰহকৈ নিদিও?

 লাবন্য—ভাল কথা কৈছে দেউতা। মোক একো দিব নেলাগে। যি দিছে সেইৱে সৰহ; কপালত আছে হব, নহলে নাই।