পৃষ্ঠা:ন-বোৱাৰী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩৬]
ন-বোৱাৰী

 লাবন্য— সেই দেখি নেহাঁহিও থাকিব পাৰো।

 চন্দ্ৰ— তুমি মোক পৰ বুলি ভাবা আইহঁতে দুখ দিলেও মোৰ আগত নোকোৱা।

 লাবন্য— শ্ৰীবিষ্ণু কেতিয়াও পৰ নেভাবো। দুখ বা সুখৰ কথা কাকো কবলৈ মোৰ মন নেযাই; কাৰণ আপোন ভালেই জগত ভাল।

 চন্দ্ৰ— তোমাৰ নীতিৰ ওচৰত ময়ো ঘাটিলো।

 লাবন্য— মই ঘটুৱা নাই, আচল সচা কথাহে কৈছো।

 চন্দ্ৰ— অবশ্যে দুঃখ দিয়ে, নহলে তুমি ইয়াত ইমান কালত, সাদৰী, শুৱনী— তাত কঠুৱা যেন, হাহি নাই মুখৰ মাত নাইকিয়া। তোমাৰ কথা চাই তোমাক বৰ টেঙ্গৰী, নহলে বৰ হোজা যেই সেই এটা বুলিব পাৰো।

 লাবন্য— যেই নোবোলক, মোৰ মনে যিটো ধৰে যেনেকুৱা ভাবে হিয়াত পিৰ পিৰাই আৰু তিৰোতাৰ জ্ঞানৰে যিমান ঢুকি পাও তাকে কঁও।

 চন্দ্ৰ— সৰল মুখ চাই তোমাৰ কথা নপতিয়াই নোৱাৰো কিন্তু কাৰণ বিচাৰি নেপায় বিচুৰ্ত্তি খাও। ভাল মোক দুই ভৰি দুই নাও কৰি মাৰিছা।

 লাবন্য— (চন্দ্ৰৰ মুখত চোপা মাৰি ধৰি) সৰ্ব্বনাশ , সৰ্বনাশ, ভাল কথা মুখত আনিছে। এনে কথা কব পায় নে?