সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১১]
ন-বোৱাৰী।
 

২য় অঙ্ক।

প্ৰথম গৰ্ভঙ্ক।

ঢেকি-শাল।

(লাবন্য, স্বৰ্ণ, মানিকী আৰু সুভদ্ৰা)

 লাবন্য— (অকলে, ধান এপাচি হেপোৰ টেপোৰ কৰি ধৰি)

কাকনো পাও, কাৰে সৈতে চোটাললৈ নিও।

 (স্বৰ্ণক অহা দেখি) আই দেউ! ধৰক চোন চোতাললৈ নিও।

 স্বৰ্ণ— বৰ বাপেকৰ ঘৰৰ নিকিনা বান্দী পালে ঔ। নেদেখিছা ভেমৰ জনী— গোটেই পানীকেচুৱা সুকুমল শৰীল— অকলৈ নিবই নোৱাৰে। একাহি একাহি ভাতনো কাৰ পেটলৈ যায়— ধান পাচিকে যে ডাঙ্গিব নোৱাৰা। আচল কথা কেনেবাকৈ ফুল সৰিব। নসৰে, নসৰে নিয়া। ময় উঘাটো নিবলৈ আহিছো।

 লাবন্য— বলে নোৱাৰো গতিকে মাতিছো। বেজাৰ কৰিছে কেলৈ? (খৰাহিৰে এখৰাহি এখৰাহি কৈ নিয়ে)

 স্বৰ্ণ— ও বৌ! তোৰ বোৱাৰীৰ কথা শুনহি চোন, ভোৰ-ভোৰাই, গোৰ-গোৰাই মোক যত খিনি বুলিছে। বৌ-ঔ, ময় হেনো শাকিনী, হুতাসিনী, বহি বহি,