পৃষ্ঠা:ন-বোৱাৰী.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[২৫]
ন-বোৱাৰী

 সুভদ্ৰা— উস! তোমাৰ মাত সাৰতো দাম আছেনে কি?

 স্বৰ্ণ— হেজাৰ টকা— আই যাও

(দুইৰো প্ৰস্থান)

 লাবন্য— মানিকী! পাট ললিনে?

 মানিকী— লৈছো বৌ— সৰহকৈ নিদিব বৰ ভোক নাই।

 লাবন্য— (কাঁহি খনৰ এফাল ভাত বাঢ়ি দিয়ে) বাকী ফাল চৰিয়াত বাকে।

 মানিকী— কি কৰিলে, চৰিয়াত ভৰালে দেখোন?

 লাবন্য— খাবৰ মন যোৱা নাই; আই বোপাইৰ মুৰ বুলিলে দেখি বিক্‌ছিনা লাগিছে।

 মানিকী— আঞ্জা দিয়ক।

 লাবন্য— নিছো (বাতিৰে বাকি দিয়ে)

 মানিকী— গোটেই অকন মান— মাছ পাছলি একো নাই; শুদা পানী টোপা মাথোন।

 লাবন্য— যি আছিল, তেনেই দিছে।

 মানিকী— বৌ! ময় এইগাল ভাত খাব নোৱাৰো, আকৌ সনা পেটেকা— ঘিন লাগিছে। পেলাই দিও গৈ। (লৈ লৰমাৰে)

 লাবন্য— যি কৰ, কৰ।