সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৮]
ন-বোৱাৰী।

 চন্দ্ৰ— মইজানো শুধিব নেপায়?

 লাবন্য— শুধিলে ভাল কৰিলে।

 চন্দ্ৰ— সজ, সজ, আজিৰ পৰা নোশোধো বাৰু।

 লাবন্য— ময় ভিতৰলৈ যাওঁ কাম অলপমান বাকী আছে।

 চন্দ্ৰ— বাৰু; যোৱা।

[লাবন্যৰ প্ৰস্থান]

 চন্দ্ৰ— (অকলে) একো খোৱানাই— তাৰ চিন মুখ খনতে ওলাই আছে। পেটৰ ভোকত মাকলৈ মনত পৰি কান্দিছিল। লাজতেহে একো ভাঙ্গি নকলে। ময ভাল লোকৰ ছোৱালী জনীক নৰকৰ যাতনা ভেগোৱাবলৈ বিয়া কৰালো! আইয়ে পেটৰ পোৱলী যেন দেখা উচিত। কিন্তু কি হব আমাৰ এই বুঢ়া তৰপ থাকে মানে আশা কৰা মিছা। বোৱাৰী আৰু বেটীৰ বিশেষ প্ৰভেদ একো নাই। শাহুৰ মনত বোৱাৰী লোৰে গঢ়া— বনতো ভাগৰ নাই, আৰু পেটতো ভোকনাই- পুৱাৰ পৰা নিশালৈ লেকেৰ লেকেৰ কৰিয়েই ফুৰিব। দেউতা আৰু আইৰ বৰ্ত্তমানত ময় ভবা চিন্তা কৰা মিছা। আইৰে দন নকৰিলে দেউতাৰে বেলেগ নহলে স্বপ্নতো তিৰোতাক সুখ দিব নোৱাৰো। অতএব মনে মনে গুছি নগই কি কৰিম। যদি আইক ভাল মুখে বু-