পৃষ্ঠা:ন-বোৱাৰী.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭]
ন-বোৱাৰী।

 কচু— এৰা হওতে ফেদেলি! তয়ো ভাল কথা কলি। ন’মানুহ তাতে আমাক আগে পাচে দেখা নাই নহয়!

 ফেদেলী— এৰা, লাজ কৰিবৰ কথাই। কিন্তু কালিত বাজে পৰ্শুলৈ আমাৰ আগত নাঙঠ হই গা ধুব।

 কচু— আইদেউ! আপোনাক বৌ দেউ নুবুলি আইদেউহে বুলিম হঁক।

 ফেদেলী— নহয়নো কি আকৌ! স্বৰ্ণতকৈ তিনি জোখ সৰু তেনে স্থলত কি বৌ বুলিবা। আমাৰ ছোৱালীৱে এনে কালত শুহৰী খাতক চাৰি কান্দি ভাত খায়।

 লাবন্য— তোমালোকৰ যেনে মন যায় বোলা। ময় ধুতিৰে আছো, সেই ধাৰি কেখন পাৰি বহিলা হেতেন যদি।

 ককিলী— এনে সাদৰী ছোৱালী এই ঘৰলৈ ভাগ্যৰ বলত পাইছে। বহ বাইহঁত! ময় ধৰি দিছো। স্বৰ্ণ আইদেউৰ মুখে এনে কোমল মাত শুনিছো বুলি কবই নোৱাৰো।

 লাবন্য— সেই বিলাক কথা থোৱা; তোমালোকক চিনিব পৰা নাই ঘৰনো ক’ত?