সমললৈ যাওক

পৃষ্ঠা:ন-বোৱাৰী.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২০]
ন-বোৱাৰী

তৃতীয় গৰ্ভাঙ্ক।

স্বৰ্ণৰ ৰোহঘৰ।
শোৱা পাটি।
(স্বৰ্ণ শুই থাকে)

 লাবন্য— আইদেউ! ভাত খাবৰ হল, উঠক।

 স্বৰ্ণ— নেমাতে।

 লাবন্য— (ভৰিত হেচুকি) আইদেউ! আইদেউ। ভাত বাঢ়িলে; উঠক। ময় যদি কিবা দোষ কৰিলো ক্ষমা কৰক। আইদেউ। উঠক।

 স্বৰ্ণ— ঔ আই। মোৰ ভৰিটোত পাৰেমানে চিকুতিছেহি উস। উস। এই বখলা এই বখলা তেনেই চিঙ্গি নিলে। ঔ বৌ। তোৰ বোৱাৰীৱেৰে মোৰ ভৰিটো খালে। আতৰাই নেইহি; মানুহজনীও খাই হে লাগে ময় মনে মনে শুই আছো তথাপি আহি ভুকুৱাইছে। মৰিলেও কি জানি যমৰ দেশলৈ এই জনীৱে মোক নেখেদাকৈ নেথাকে?

 লাবন্য— মাকৰ শপত আইদেউ। এইখন আকৌ নেপাতিব অইদেউ! উঠক ভাত খাবলৈ বলক

 স্বৰ্ণ— ঔ বৌ শুন-হি-চোন মাৰৰ মুৰখাতী, বাপেৰৰ মুৰখাতী বুলি মোক কি শাও দিছে। মোৰ হেনো ভাতে পেট নভৰে তহতৰ মুৰকেটা খালে তাৰ পাচত ভোক গুচিব।