পৃষ্ঠা:ন-বোৱাৰী.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[২২]
ন-বোৱাৰী

 স্বৰ্ণ— তোৰ বোৱাৰী ভাল, মুখৰ মাতেই নাই অজলা ভোদা! পখৰা পাখৰীহঁতে মোক হে দন্দুৰী বোলে। কুকুৰৰ পো-জী-হঁতে মিছাতে চুকে-চুকে বহি হোৱা দিয়ে। ককিলি, ভাদৈ, ঘিন, নদাই কাৰ মেখেলা তলত মুৰ সুমাই আছ হঁক চাই যাহি চোন, কোন কেনে।

 সুভদ্ৰা— দূৰৈৰ পৰ্ব্বত শুৱনী সিহতে ভাল বুলিবতো এনেজনী, হুতাসিনী ধোৱাখুলি, শকচুৰ সাপিনী কাৰ ঘৰলৈ আনিছে। ঘৰৰ লক্ষী খেদালে, এইজনী আহিবৰ দিনধৰি মোৰ ঘৰত নো কি নহৈছে? পাৰ দোজোৰৰ কনি ঘোলা পৰে; কুকুৰজনীৰ পোৱালি এটা মৰে; আন কি বুঢ়ী ছাগলী জনীৰো সেই হেন পোৱালিটো শিয়ালে নিলে। আহ-আই দন কৰিলে ভোক গুচিব নে। ভাত দুটামান খাওঁগৈ-আহ।

(স্বৰ্ণক লৈ যায়)

 লাবন্য— (স্বগতঃ) তাহানিৰ সাধু কথাৰ শাকিনীতেজা ময়ে নে কি? কপালৰ ঘাম ওৰনীৰে মছি বন কৰিছো, তথাপি ভাল মুখে নেমাতে। ময় আহিবৰ পৰা ঘৰতো উৎপাৎ হানী বিঘিনী হৈছে। হবলৈ বা আৰু কি বাকী আছে? তাক পৰম ঈশ্বৰে জানে। এতেকে প্ৰভু মোক মাৰি নিয়া— ঘৰ খনৰ সুখ হওক। অ’— তামোল কাটিবলৈ আছেই, যাও ইয়াত সোমাই থাকিলে, আকৌ, গালি খাব লাগিব।