পৃষ্ঠা:ন-বোৱাৰী.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৪
ন-বোৱাৰী


 টেপৰী—কিয় কলো বেটীক আৰু নুশুধিলেই ভাল। আপুনি নিচেই ন মানুহ ঘৰুৱা কথাৰ ধাৰ খোৱা নাই। দিন দিয়েক চকু দিলে মোৰ কথাৰ মূল উঘালিব পাৰিব। হওতে আমি ছোৱালী ভাল বুলি শলাগিব নেপায়।

 চন্দ্ৰ—আমাৰ ঘৰুৱা কথা তুমিনো কেনেকৈ জানিলা?

 টেপৰী-বেটীক সেইহে ক্ষেমিবলৈ কৈছিলো। চকু থকা মানুহে ছোৱালী দেখিৱেই আপোনা সকলৰ ভিতৰ চিনিলে। ভাল এতিয়া উঠো।

( প্ৰস্থান)

 চন্দ্ৰ— (স্বগত) ঘৰুৱা কথা যিবোৰ জানো তাতোকৈ বিশেষ কি আছে? চেহেৰা দেখিৱেই কিটো—ইহছে বুজিব পাৰিলে? চেহেৰাৰ কিনো এনে সলনি হৈছে? বুঢ়ীৰ কথা উৰাই পেলাব নোৱাৰি তদন্ত কৰা উচিত।

( লাবন্য প্ৰবেশ। )

 চন্দ্ৰ--কোন।

 লাবন্য-জুমি চালে পূৰ্ণিমাৰ জোন, হাতত জলে কেচাসোণ।

 চন্দ্ৰ-অ’ কাব্য কাননৰ কবিতা দেবীনে?

 লাবন্য- হয় জানিব কিন্তু, সুতাৰ তাকুৰিটো আপোনাৰ চোলা জেপট থাকিল গুণে মালা গাথিব নোৱাৰিলো।