পেৰিছত এসপ্তাহ আৰু অসম

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ প্ৰথম পৃষ্ঠা ]
 

পেৰিছত এসপ্তাহ
আৰু
অসম

 

ড॰ জয়ন্ত কুমাৰ শৰ্মা

 

টাইম্‌ছ পাব্লিকেছন

চানমাৰি : গুৱাহাটী

 

[ প্ৰকাশন তথ্য ]
 

পেৰিছত এসপ্তাহ আৰু অসম

 
প্ৰকাশক : কন্দৰ্প কুমাৰ শৰ্মা

টাইম্‌ছ পাব্লিকেছন
ৰাজগড় ৰোড (ৰে’ল ক্ৰছিঙৰ ওচৰত)
চানমাৰি, গুৱাহাটী-৭৮১০০৩
ফোন: ০৩৬১-২৪৫০১৫০

 

© : প্ৰকাশক

 

প্ৰথম সংস্কৰণ : মাৰ্চ, ২০০৬

 

মূল্য : ৪০.০০ টকা

 

ডিটিপি : স্বপন-মানৱ

 

বেটুপাত : ডিম্বেশ্বৰ পাঠক

 
মুদ্ৰণ : টাইম্‌ছ পাব্লিকেছন

ৰাজগড় ৰোড, চানমাৰি, গুৱাহাটী-৩



Parisat Asaptah Aru Asom : A travelogue, written by Dr. Jayanta Kr. Sarma, published by Kandarpa Kumar Sarma, Times Publication, Rajgarh Road, Chandmari, Guwahati-781003

First Edition : March : 2006
Price: Rs. 40.00
 
 

[ আগকথা ]
 

আগকথা

 

প্ৰায় প্ৰতিজন মানুহৰ দেশ ভ্ৰমণৰ হাবিয়াহ থাকে কিন্তু সকলোৱে পৃথিৱীৰ সকলো ঠাইলৈ যাব নোৱাৰে। সেই কাৰণে নিজে সশৰীৰে যাব নোৱাৰিলেও মানুহে বিকল্প হিচাপে সুলিখিত ভ্ৰমণকাহিনী পাঠ কৰি ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰে। এখন ভ্ৰমণ কাহিনীৰ উৎকৰ্ষ নিৰ্ভৰ কৰে লেখকৰ নিৰীক্ষণ ক্ষমতাৰ ওপৰত। কোনোবা ঠাইৰ কেইখনমান ইতিহাসপ্ৰসিদ্ধ স্থান দৰ্শন কৰি তাৰেই বৰ্ণনা দিলে ভ্ৰমণকাহিনী অসম্পূৰ্ণ হৈ থাকে। বৰ্ণনাত ভ্ৰমণ কৰা দেশখনৰ মানুহৰ কথাও থাকিব লাগে। অৰ্থাৎ তাৰ মানুহৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-আচৰণৰ কথাও থাকিব লাগে।

 ড॰ জয়ন্ত কুমাৰ শৰ্মাই কেইদিনমান পেৰিছত থাকি তাৰ বহু কথাই লক্ষ্য কৰিছে মানুহৰ নিয়মানুবৰ্তিতা, কৰ্মদক্ষতা, সৌন্দৰ্যবোধ, নাগৰিক দায়িত্ববোধ, ইত্যাদি,ইত্যাদি। উদাহৰণ স্বৰূপে তেওঁ ইফেল টাৱাৰৰ ওচৰে-পাজৰে বহু ভাৰত, পাকিস্তান, চীন আৰু আফ্ৰিকাৰ মানুহক ফেৰীৱালা হিচাপে বস্তু বিক্ৰী কৰি থকা দেখিছে। তেওঁ তাৰে ভাৰতীয় মানুহ এজনক সুধি গম পালে যে এনেকৈ বস্তু বিক্ৰী কৰাটো আচলতে বে-আইনী কাম। মাজে মাজে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোক জৰিমনাও ভৰিবলগীয়া হয় কিন্তু আৰক্ষীয়ে কেতিয়াও মাৰ-ধৰ নকৰে বা ডাবি ধমকি দি পইচা আদায় নকৰে। এইটো এটা সৰু কথা কিন্তু এইটোৱে তাৰ আৰক্ষী প্ৰশাসনৰ চৰিত্ৰ সম্বন্ধে এটা ধাৰণা দিয়ে।

 তেনেকৈ বাটপথ দোকান ৰেস্তোঁৰা সকলোতে আছে ফুলৰ প্ৰাচুৰ্য। মানুহৰ সৌন্দৰ্যবোধৰ পৰিচায়ক। ড॰ শৰ্মাই গাঁও চোৱাৰ মানসেৰে পেৰিছৰ উপকণ্ঠৰ এখন গাঁৱলৈ গৈছিল। ছবিৰ দৰে গাঁও। গছ-গছনি আৰু উজ্জ্বল ৰঙৰ ফুলৰ সমাৰোহ। ধুনীয়া মসৃণ ৰাস্তা, তাতো ৰাস্তাৰ দাঁতিত ডাষ্টবিন।

 ড॰ শৰ্মাই ভাৰতৰ লগত, বিশেষকৈ অসমৰ লগত, এই বিসদৃশ পাৰ্থক্যৰ কাৰণ বিশ্লেষণ কৰাৰ চেষ্টাও কৰিছে।

 আকাৰত সৰু হ’লেও ড॰ শৰ্মাৰ ‘পেৰিছত এসপ্তাহ আৰু অসম’ ভ্ৰমণকাহিনী এখন পাঠযোগ্য কিতাপ বুলি মই ভাবো।

 
২৭-০২-২০০৬
 
 

[  ]
 

পেৰিছত এসপ্তাহ আৰু অসম

 

কেতিয়াবা বিদেশ ভ্ৰমণ কৰোতে প্ৰত্যক্ষভাৱে, বা কিতাপ অধ্যয়নৰ দ্বাৰা, কথাছবি উপভোগৰ জৰিয়তে ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰা, বা বিদেশ ভ্ৰমণকাৰী নাইবা বিদেশত স্থায়ী বা অস্থায়ীভাৱে বসবাস কৰা বন্ধুবৰ্গৰ লগত আলোচনাত, যেতিয়া সাহিত্য, সংস্কৃতি, বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, কৃষি, উদ্যোগ,পশুপালন, বাণিজ্য, যোগাযোগ, যাতায়াত, পৰিবহণ আদি মানৱ সভ্যতাৰ সকলো ক্ষেত্ৰতে পশ্চিমীয়া উন্নত দেশসমূহৰ অকল্পনীয় উৎকৰ্ষৰ বিষয়ে অবগত হওঁ, বা সেইবোৰ দেখিবলৈ পাওঁ, তেতিয়া আমাৰ বিস্ময়াভিভূত হোৱাৰ আন কোনো বিকল্প নাথাকে। সেই বিস্ময় বহুগুণে বৰ্ধিত হয়, যেতিয়া দেখিবলৈ পাওঁ যে, সেই সুউন্নত সভ্যতা গঢ়ি তোলা, বা তাক মজবুত কৰি ৰখা, বা তাক বিকশিত কৰি তোলা সেই সুউন্নত জাতিসমূহৰ সদস্যসকলো আমাৰ দৰে একেই সুখ-দুখ, আবেগ-অনুভূতি, হিংসা-দ্বেষ আদিৰ বশৱৰ্তী একেই মানুহ। এনে ক্ষেত্ৰত, এনে কি যাদুৰ বলত সেই জাতিসমূহে মাত্ৰ কেইশমান বছৰৰ ভিতৰতে সেই বিস্ময়কৰভাৱে উৎকৃষ্ট সভ্যতা গঢ়ি তুলিবলৈ সক্ষম হ’ল, সি সঁচাকৈয়ে এক গভীৰ অধ্যয়নৰ বিষয়! অৱশ্যে এই বিষয়ে প্ৰচুৰ গৱেষণা তথা আলোচনা হৈছে যদিও বিশ্ববিশ্ৰুত সাহিত্যিক-দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে সামগ্ৰিকভাৱে আধুনিক মানৱ সভ্যতাৰ আৰম্ভণিৰ ক্ষেত্ৰত কোৱাৰ দৰে ময়ো ভাবো যে, প্ৰায় ষোড়শ শতিকাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী কেইশ বছৰমানৰ ভিতৰতে প্ৰধানকৈ ইউৰোপৰ বিজ্ঞান, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য, সংগীত আদি কিছুমান বিষয়ত যদি যথেষ্ট সংখ্যক অসীম প্ৰতিভাধৰ কৰ্মী তথা চিন্তাবিদৰ সমসাময়িকভাৱে আৱিৰ্ভাব নহ’লহেঁতেন, তেন্তে এই দেশসমূহে আন দেশসমূহৰ তুলনাত এনে এক অতি উৎকৃষ্ট সভ্যতা গঢ়ি তুলিব নোৱাৰিলেহেঁতেন। অৱশ্যে কি অদ্ভুত কাৰণ বা কাৰণসমূহৰ বাবেনো মাত্ৰ কেইশমান বছৰৰ ভিতৰতে মুখ্যতঃ ইউৰোপতহে এনে যথেষ্ট সংখ্যক সেই প্ৰতিভাশালী মহাপুৰুষসকলৰ জন্ম হৈছিল, সেয়াও হয়তো এক সুকীয়া অধ্যয়নৰ বিষয়।

[  ]  সময়-সুবিধা পালে মন আৰু মগজুৰ জৰিয়তে সেই সুউন্নত দেশ আৰু আমাৰ ভাৰতবৰ্ষ তথা অসমৰ সামগ্ৰিক পৰিবেশৰ সূক্ষ্ম আৰু মূলগত পাৰ্থক্যসমূহ বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা চলাও আৰু ইয়াৰ উৎকৃষ্টতাখিনি আমাৰ সমাজত প্ৰয়োগ কৰাৰ উপায় বিচাৰো। আমাৰ ৰাষ্ট্ৰপতি বিশিষ্ট বিজ্ঞানী আব্দুল কালামদেৱে ২০২০ চনৰ ভিতৰতে ভাৰতবৰ্ষখনক উন্নয়নশীল দেশৰপৰা উন্নত দেশলৈ পৰিৱৰ্তন কৰাৰ সপোন দেখিবলৈ সকলোকে আহ্বান জনোৱাৰ কথা আমি শুনিছো। তেখেতৰ এই আশাবাদী আহ্বানক সন্মান জনায়ো বাস্তৱিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি ভাবো যে, হঠাতে এক প্ৰায় অসম্ভৱ অতিবৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা নহ’লে, ভাৰতীয়সকলৰ অতি কমেও শতাধিক বছৰৰ কঠোৰ শৃংখলাবদ্ধ তথা পৰিকল্পনামূলক পৰিশ্ৰমৰ অবিহনে ই পশ্চিমৰ সেই সুউন্নত জাতিসমূহৰ নিকটবৰ্তী স্থান লাভ কৰাৰ সম্ভাৱনা নাই বুলিবই পাৰি। অৱশ্যে ইয়াৰ বাবে আমি হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, বা হতাশ হৈও কোনো লাভ নাই। তদুপৰি আমাৰ সভ্যতা-সংস্কৃতি পশ্চিমীয়া দেশ বা জাতিসমূহৰ লগত একেবাৰে একে হ’ব বা হ’ব লাগিব বুলিও কোনো কথা নাই। উদাহৰণস্বৰূপে, আমাৰ এছিয়া মহাদেশৰে একেবাৰে পূৰ্ব প্ৰান্তৰ জাপান দেশে দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যোৱাৰ পাচতো ইয়াৰ সকলো ধৰণৰ সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখিও বিশ্বৰ অন্যতম চহকী আৰু উন্নত দেশ হিচাপে পশ্চিমৰ অতি উন্নত দেশসমূহৰ লগত একে শাৰীতে স্থান লাভ কৰিছে। একেদৰে, ভাৰতবৰ্ষৰে প্ৰতিবেশী, ইয়াৰ লগত সদৃশ সমস্যাৰে ভাৰাক্ৰান্ত চীন দেশে ইয়াৰ সহস্ৰ বছৰীয়া প্ৰাচীন ঐতিহ্য আৰু ইয়াৰ কমিউনিষ্ট আদৰ্শ অটুট ৰাখিও উন্নতিৰ পথত দ্ৰুতভাৱে আগবাঢ়ি বিশ্বৰ এক মহৎ অৰ্থনৈতিক শক্তি হ’বৰ পিনে আগবাঢ়িছে। আনকি ভাৰতবৰ্ষৰে কিছুমান ঠাই, অঞ্চল বা ৰাজ্যই বিকাশৰ দিশত বলিষ্ঠ পদক্ষেপেৰে অগ্ৰসৰ হৈছে। এনে ক্ষেত্ৰত আমাৰ ৰাজ্যখনেও যদি সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি কঠোৰ পৰিশ্ৰমেৰে উন্নতিৰ জখলাত খোজ নেপেলায়, তেন্তে অসম তথা অসমীয়া জাতিয়ে সুকীয়া মৰ্যাদাসহকাৰে সমগ্ৰ বিশ্বৰ পৰিপ্ৰেক্ষিতত স্থান লাভ কৰা দূৰৈৰে কথা, নিজৰ দেশতে ইয়াৰ অস্তিত্ব বিলুপ্ত হৈ পৰিব।

 এনে ধৰণৰ চিন্তা-চৰ্চাৰ মাজতে যোৱা বছৰ জুলাই মাহমানত ইণ্টাৰনেট যোগে খবৰ পালো যে, এই বছৰৰ জুলাই মাহৰ শেষৰ পিনে ইউৰোপৰ অন্যতম উন্নত তথা ঐতিহ্যমণ্ডিত দেশ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰীত তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক সন্মিলন এখন অনুষ্ঠিত হ’ব। মোৰ গৱেষণাৰ বিষয় তাত্ত্বিক পদাৰ্থবিজ্ঞান হোৱা বাবে এই সন্মিলনখন মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। তদুপৰি কেইবছৰমান [  ] পূৰ্বে জাৰ্মানীত কেইমাহমান থাকি গৱেষণা কৰি অহাৰ বাহিৰে বিদেশ ভ্ৰমণো কৰা নাছিলো। গতিকে সন্মিলনখনিলৈ যাবৰ বাবে অন্ততঃ পঞ্চাশ শতাংশ ভ্ৰমণ বানচ চৰকাৰৰ পৰা পাম বুলি নিশ্চিত আছিলো। সাধাৰণতে এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনসমূহত অংশ গ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক প্ৰতি তিনি বছৰত এবাৰকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, আদিৰপৰা পঞ্চাশ শতাংশ ভ্ৰমণ বানচ যোগান ধৰাৰ ব্যৱস্থা আছে। দ্বিতীয় অৱস্থা উন্নত হ’লে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহে নিজাকৈয়ে বাকী পঞ্চাশ শতাংশ ভ্ৰমণ বানচ যোগান ধৰিব পাৰে। সেই হিচাপে সন্মিলনখনিত অংশগ্ৰহণৰ বাবে আৰু তাত গৱেষণাপত্ৰ পাঠ কৰাৰ বাবে সমিতিলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিলো। গৱেষণাপত্ৰ খুব নিম্নমানৰ নহ’লে এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণৰ বাবে সাধাৰণতে আমন্ত্ৰণ পোৱা যায়। কিন্তু পশ্চিমৰ উন্নত দেশসমূহত অনুষ্ঠিত হোৱা বেছিভাগ আন্তৰ্জাতিক সন্মিলনৰ ক্ষেত্ৰতে দেখিছো যে, আয়োজকসকলে সন্মিলনৰ মাজৰ চাহ-কফিৰ বাহিৰে বিনা পইচাৰে থকা-খোৱাৰ ব্যৱস্থা সাধাৰণতে নকৰে। তদুপৰি সাধাৰণতে পঞ্জীয়ন মাচুলো ৰেহাই দিয়াৰ ব্যৱস্থা নাই। যদিও সেই দেশসমূহৰ বাসিন্দাসকলৰ বাবে এই খৰচ বা মাচুল ব্যক্তিগতভাৱে বহন কৰিবপৰা ধৰণৰ হয়, তথাপি ডলাৰ, পাউণ্ড, ইউৰো আদি বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ মুদ্ৰা বিনিময় মূল্য বহুখিনি হোৱা বাবে এই ধন কেইবাহাজাৰো হৈ পৰে আৰু ব্যক্তিগতভাৱে বহন কৰিবলৈও কিছু অসুবিধাজনক হৈ পৰে। পৰিস্থিতি সাপেক্ষে এনেবোৰ খৰচো চৰকাৰীভাৱে লাভ কৰাৰ ব্যৱস্থা আছে যদিও এই ক্ষেত্ৰত নিয়ম কিছু কঠিন। কিন্তু পেৰিছৰ এই সন্মিলনখনলৈ অনুদান আগবঢ়োৱা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম আছিল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞনিক আৰু সাংস্কৃতিক সংগঠন— ইউনেস্কো। ফলত ইয়াত প্ৰধানকৈ উন্নয়নশীল দেশসমূহৰ অংশগ্ৰহণকাৰীসকলৰ বাবে পঞ্জীয়ন মাচুল আৰু থকা-খোৱাৰ খৰচৰ জোৰা মাৰিব পৰাকৈ কিছুসংখ্যক অনুদানৰ ব্যৱস্থা আছিল। অৱশ্যে তাৰ বাবে বেলেগে আবেদনপত্ৰ প্ৰেৰণ কৰিব লগা হ’ল। কেইবাখনো চিঠি, ফেক্স আৰু ই-মেইলৰ আদান-প্ৰদানৰ পাচত এনে এটা অনুদান পাবলৈ সক্ষম হ’লো। এই অনুদান আছিল— ২০০ ইউৰোৰ পঞ্জীয়ন মাচুল ৰেহাই, সন্মিলনৰ সপ্তাহটোৰ বাবে ছাত্ৰাবাসত থকাৰ ব্যৱস্থা, বিনামূলীয়া ৰাতিপুৱাৰ জলপান আৰু নগদ ১৫০ ইউৰো। আনহাতে আমাৰ বিশ্ববিদ্যালয়েও পঞ্চাশ শতাংশ ভ্ৰমণ বানচ দিবলৈ মান্তি হৈছিল। গতিকে বাকী পঞ্চাশ শতাংশ ভ্ৰমণ বানচ চৰকাৰৰ পৰা নাপালেও পেৰিছলৈ যামেই বুলি সিদ্ধান্ত লৈ বিমানৰ টিকট আৰু ফ্ৰান্সৰ ভিছাৰ বাবে [  ] গুৱাহাটীৰ এটি ট্ৰেভেল এজেণ্টৰ সতে যোগাযোগ কৰিলো। মোৰ পাছপ’ৰ্টত জাৰ্মান, বাংলাদেশ আদিৰ ভিছা সংলগ্ন হৈ থকা বাবে বেছ কিছু কাগজপত্ৰ জমা দিব লগা হ’ল আৰু গোটেই কামটোত বেছ কিছু অভিজ্ঞতা হ’ল। ইয়াৰ আগতে জাৰ্মানী ভ্ৰমণৰ সময়ত সেই দেশৰ চৰকাৰী বৃত্তি লৈ যোৱা কাৰণে বিমানৰ টিকট, ভিছা আদি প্ৰত্যক্ষভাৱে জাৰ্মান চৰকাৰে যোগান ধৰিছিল বাবে গোটেই প্ৰক্ৰিয়াটো মোৰ অৱগত নাছিল। আমাৰ সন্মিলনখনি অনুষ্ঠিত হোৱাৰ স্থান আছিল পেৰিছত থকা ইউনেস্কোৰ কাৰ্যালয়। কিন্তু মোক থাকিবলৈ দিয়া ঠাইৰ কথা শেষ মুহূৰ্তলৈ গম পোৱা নাছিলো। তদুপৰি এলাহাবাদৰ মেহতা গৱেষণা কেন্দ্ৰৰ বিশিষ্ট বিজ্ঞানী ড॰ অশোক সেনৰ বাহিৰে ভাৰতৰ পৰা যাব লগা আন অংশগ্ৰহণকাৰীসকলৰ কথাও গম পোৱা নাছিলো। দ্বিতীয় পৰ্যায়ত মোৰ কাম আছিল পেৰিছ সম্পৰ্কে কিছু তথ্যপাতি যোগাৰ কৰা। ঘৰতে থকা বিশ্বকোষ এখনত পেৰিছৰ এখন কামচলা ধৰণৰ মানচিত্ৰ পালো। ইণ্টাৰনেটত বিচাৰোতে কেৱল পেৰিছৰ ওপৰতে এটি ৱেবছাইট পালো— www.paris.org. পৰ্যটকসকলৰ বাবেই গঢ়ি তোলা এই ৱেবছাইটত পেৰিছৰ ৰাস্তা-ঘাট, ৰে’লপথ, বাছপথ আদিৰ কেবাখনো বিস্তাৰিত মানচিত্ৰৰ উপৰি, ইয়াৰ যোগাযোগ, পৰিবহণ, হোটেল, শিক্ষানুষ্ঠান, সংগ্ৰহালয়, স্মৃতিচিহ্ন আদি সম্পৰ্কে বিভিন্ন আৱশ্যকীয় তথ্য পালো। ইতিমধ্যে আয়োজকসকলে পঠিওৱা ই-মেইলবোৰৰ পৰা গম পালো যে, মোৰ থকা ঠাই হ’ল পেৰিছৰ একেবাৰে দক্ষিণ প্ৰান্তত থকা বুলভাৰ্ড ঝুৰ্দ্যা নামৰ আলিবাটত থকা পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ ৩৭ নম্বৰ ঘৰ— ফঁণ্ডাশ্যিঅ ডয়টছ জু লা মিউৰত ই-মেইলবোৰৰ বৰ্ণনা ইমান প্ৰাঞ্জল আৰু স্পষ্ট আছিল যে, পেৰিছত মই থাকিবলগা কোঠাটো চকুৰ আগত ভাঁহি উঠা যেন লাগিছিল: ‘তুমি CDG বিমানঘাটিত বিমানৰ পৰা নামি RER-B ৰে’লৰ ষ্টেচনলৈ যাবা; ই বিমানঘাটিতেই অৱস্থিত। ৰে’লেৰে নগৰৰ পিনে আহি চিটে য়ুনিভাৰ্চেটে’ নামৰ ষ্টেচনত নামিবা। ষ্টেচনৰপৰা ওলালেই তোমাৰ সমুখৰ ৰাস্তাটোৱেই বুলভাৰ্ড ঝুৰ্দ্যা। সেইটো পাৰ হ’লেই পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশপথ পাবা। পদপথেৰে অলপ সোঁফালে খোজকাঢ়ি গ’লেই তোমাৰ বাওঁপিনে পাবা ছাত্ৰাবাসৰ ৩৭ নম্বৰ ঘৰটো। ঘৰটোলৈ সোমাই যোৱাৰ সোঁফালে পাবা আদৰণী কক্ষ। তাতেই তোমাৰ কোঠাৰ চাবি সাজু হৈ থাকিব। চাবি দিয়া সময় ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৮ বজালৈ।’ অহা-যোৱা আৰু থকা-খোৱাৰ বন্দৱত হোৱাৰ পাচত সকলো অস্বস্তি দূৰ হ’ল আৰু যাত্ৰাৰ বাবে সাজু হ’লো।

[  ]  মোৰ টিকটৰ ব্যৱস্থা অনুসৰি গুৱাহাটীৰ পৰা জেট এয়াৰৱেজৰ বিমানেৰে দিল্লী, দিল্লীৰপৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে পেৰিছ; আৰু ঘূৰি আহোতেও পেৰিছৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী আৰু দিল্লীৰ পৰা জেট এয়াৰৱেজৰ বিমানেৰে গুৱাহাটী পাব লাগে। বাকী নাপাম— তেজপুৰ-গুৱাহাটী অংশ বাছেৰে। দিল্লী যাত্ৰাৰ দুদিনমান আগতে গুৱাহাটীত উপস্থিত হ’লো। ট্ৰেভেল এজেণ্টৰ পৰা টিকট, পাছপ’ৰ্ট-ভিছা, ডলাৰ আৰু আন কাগজপত্ৰ ল’লো। কিন্তু শেষ মুহূৰ্তত এটা সমস্যা হ’ল: দৰাচলতে আন্তৰ্জাতিক বিমানৰ ক্ষেত্ৰত ‘কনফাৰ্মড’ টিকট থাকিলেও যাত্ৰাৰ কমেও তিনিদিন আগতে টিকটসমূহ ‘ৰিকনফাৰ্মড’ কৰিব লাগে যে, যাত্ৰীজনে যাত্ৰা কৰিবই। কিন্তু বহুত চেষ্টা কৰিও পেৰিছত থকা এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনা পোৱা নগ’ল। শেষত ঠিক কৰা হ’ল যে, ঠিকনাটো দিল্লীৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা ল‘ম আৰু তাৰ বাবে দিল্লীৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনাটো ল’লো। আমাৰ সন্মিলন আছিল জুলাইৰ ২২ তাৰিখৰ পৰা ২৭ তাৰিখলৈ। সেই হিচাপে ১৯ জুলাই তাৰিখে দুপৰীয়া গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰিলো। সাধাৰণতে আকাশত মেঘ নাথাকিলে বিমানৰ পৰা দৃশ্যমান হোৱা তলৰ পৃথিৱীখনৰ দৃশ্যৰাজিৰ এক অদ্ভুত, অপৰূপ, ছবিৰ দৰে সৌন্দৰ্য পৰিস্ফুট হৈ উঠে। পাহাৰ, নদী, গাঁও, নগৰ, বননি, পথাৰ আদিৰ অপূৰ্ব সমাহাৰে সামগ্ৰিকভাৱে তলৰ পৃথিৱীখনৰ এখন মনোৰম ৰঙীন ছবিৰ সৃষ্টি কৰে। পিচে এইবাৰ পেৰিছ যাত্ৰাৰ উত্তেজনাৰে মনটো কিছু উত্তেজিত হৈ থকা বাবে দিল্লীলৈ তিনিঘণ্টীয়া বিমান ভ্ৰমণ বিশেষ অনুভৱ কৰিব নোৱাৰিলো। ১৯ আৰু ২০ জুলাই দিল্লীত মোৰ প্ৰায় স্থায়ী বাসস্থান ময়ূৰ আসাম হোটেলত থাকিলো। ২০ জুলাইৰ আগবেলাটো গ’ল এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় বিচাৰোতে। অৱশেষত ইয়াৰ কাৰ্যালয়ৰ পৰা পেৰিছৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনাটো ল’লো: পেৰিছৰ ৰু দু কলনিজ উপপথৰ ৫ নম্বৰ ঘৰ। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা আহি আকৌ ডলাৰ ভঙাই কিছু ইউৰো মুদ্ৰা ল’লো। হোটেলৰ কাষতে এনেবোৰ বিদেশী মুদ্ৰা কিনিবলৈ পোৱা যায়। সাধাৰণতে বিমানবন্দৰ বা বিদেশত মুদ্ৰা কিনাতকৈ দিল্লীতে কিনিলে কিছু সস্তাতে পোৱা যায়। ইয়াৰ আগতে জাৰ্মানী যাত্ৰাৰ সময়ত বিমানৰ টিকটৰ লগতে ‘ট্ৰেভেল মানি’ কিছু দিয়া বাবে ডলাৰ নিকিনাকৈয়েই হৈ গৈছিল। এইবাৰ পিচে আগতেই সাজু হৈ যাবলগীয়া হ’ল।

 পেৰিছলৈ মোৰ বিমানৰ সময় আছিল ২১ জুলাইৰ ৰাতিপুৱা ৯ বজা। গতিকে ৰাতিপুৱা ৬ বজাতে বিমান বন্দৰ পাব লাগিব; অৰ্থাৎ হোটেলৰপৰা যাত্ৰা কৰিব লাগিব ৰাতিপুৱা ৫ বজাত; গতিকে বিছনাৰ পৰা উঠিব লাগিব ৪ বজাত। সেইবাবে [ ১০ ] মোৰ নিত্যসংগী সৰু টেবিলঘড়ীটোত ৰাতিপুৱা ৪ বজাৰ এলাৰ্ম দি আগদিনা ৰাতি শুই থাকিলো। সাৰ পালো ৩ মান বজাতেই। গা-পা ধুই সাজু হৈ হোটেলৰ বিল দি অট’ৰিক্সাৰে ৰাতিপুৱা ৬ বজাৰ আগতেই দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’লো। ৰাতিপুৱা ৯মান বজাৰ ভিতৰতে কেইবাখনো বিমান বিশ্বৰ বিভিন্ন ঠাইলৈ উৰা মাৰিবলৈ বন্দৰত সাজু হৈ আছিল। গতিকে বিমান বন্দৰত ভিৰো আছিল যথেষ্ট। এনেতে ডুবাইলৈ যাত্ৰা কৰিবলৈ অহা কেইগৰাকীমান যাত্ৰীয়ে ইংৰাজী নজনা বাবে তেওঁলোকৰ ‘এমবাৰ্কমেন্ট’ কাৰ্ড’কেইখন পূৰাই দিবলৈ অনুৰোধ কৰিলে। শেষত এনে যাত্ৰী প্ৰায় পঞ্চাশজনমান হ’ল, আৰু প্ৰত্যেকৰে কাৰ্ড’বোৰ মই পূৰাই দিবলগীয়া হোৱাত প্ৰায় এঘণ্টামান গ’ল। এইসকল যাত্ৰীৰ বেছিভাগেই আছিল বাঙালী। ডুবাইৰ বিভিন্ন কোম্পানীত কাঠমিস্ত্ৰী, বিদ্যুৎ কৰ্মী, জ্বালাই কৰ্মী, ৰংকৰা কৰ্মী আদি বিভিন্ন কৰ্মী হিচাপে নিযুক্তি পাই যাবলৈ ওলাইছে। তেওঁলোকৰ আয়ৰ কথা সোধাত ক’লে যে, সকলো খৰচ বাদ দি তেওঁলোকৰ প্ৰত্যেকেই মাহে দহ হাজাৰমানকৈ টকা ঘৰলৈ পঠিয়াব পাৰিব বুলি আশা কৰে, যিটো তেওঁলোকৰ বাবে ভাৰতত একেবাৰেই অসম্ভৱ। আৰব ৰাষ্ট্ৰসমূহত অসংখ্য ভাৰতীয় লোক ভিন ভিন ক্ষেত্ৰত নিযুক্ত হৈ আছে। অৱশ্যে তাৰ ভিতৰত অসমীয়াৰ সংখ্যা একেবাৰেই নগণ্য। বিশ্বৰ যিকোনো দেশৰ পৰা কৰ্মৰ জৰিয়তে নিজ দেশলৈ ধন অনাটো সেই দেশখন সমৃদ্ধ কৰাৰ এটা উপায়। নিজৰ কৰ্মকুশলতাৰ জৰিয়তে উন্নত দেশসমূহে নিজৰ শ্ৰম তথা প্ৰযুক্তিৰ বিনিময়ত সমগ্ৰ বিশ্বৰ পৰাই প্ৰচুৰ সম্পদ আহৰণ কৰিছে আৰু ই সেই দেশসমূহৰ সমৃদ্ধিৰ এটা কাৰণ। সমগ্ৰ বিশ্বখন এখন মাত্ৰ গাঁৱত পৰিণত হোৱা আধুনিক যুগত নিজৰ অঞ্চল, ৰাজ্য বা দেশখনতে খামুচি ধৰি থাকি একোটা জাতি আজি সমৃদ্ধিশালী হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়।

 প্ৰায় ৭-৩০ মান বজাতহে পেৰিছমুখী আমাৰ বিমানৰ চেক ইন আৰম্ভ হ’ল। টিকট দেখুৱাই চুটকেছটো জমা দি ব’ৰ্ডিং পাছলৈ আজৰি হ’লো। বিমানৰ ক্ষেত্ৰত এই চেক ইন, চিকিউৰিটি চেক, ব’ৰ্ডিং আদি কাম সকলো যাত্ৰীৰ বাবে একেলগে হয় বাবে ৰে’ল বা বাছ যাত্ৰাৰ তুলনাত ইয়াত গোটেই ব্যৱস্থাটো মোৰ বেছ আন্তৰিক আৰু পৰিষ্কাৰ যেন লাগে। ইয়াৰ পাচত বেছি সময় ৰ’ব লগা নহ’ল। পৰ্যায়ক্ৰমে ইমিগ্ৰেছন চেক, চিকিউৰিটি চেক, ব’ৰ্ডিং আদি পৰ্যায় পাৰ হৈ অৱশেষত পেৰিছ যাত্ৰাৰ বাবে এয়াৰ ইণ্ডিয়াৰ বিমান ‘শিৱাজী’ৰ অভ্যন্তৰত প্ৰবেশ কৰিলো। ৯ বজাত বিমান উৰিল; সঁচাকৈয়ে বিশ্বৰ অন্যতম ঐতিহ্যমণ্ডিত মহানগৰী পেৰিছ অভিমুখে যাত্ৰা কৰিলো, এক মৃদু উত্তেজনা! কিছু সময়ৰ ভিতৰতে বিমানখনে মেঘৰ স্তৰবোৰ [ ১১ ] পাৰ হৈ ওপৰলৈ উঠিল। চৌদিশে কমোৱা তুলাৰ দৰে বিভিন্ন আকৃতি আৰু আকাৰৰ মেঘৰ বাহিৰে একো নেদেখা হ’লো। অৱশ্যে বিমানৰ পৰা দেখা পোৱা উজ্জ্বল ৰাতিপুৱাৰ ৰ’দজাকত বগা পোহৰ বিচ্ছুৰিত কৰি জিকমিকাই থকা অসীম দিগন্তবিয়পা বায়ুসাগৰত উতলি থকাৰ দৰে লগা মেঘবোৰৰো এক অপৰূপ সৌন্দৰ্য আছে। বিমানৰ ভিতৰত কৰা ঘোষণা অনুসৰি দিল্লীৰ পৰা পেৰিছলৈ প্ৰায় দহ হাজাৰ কিলোমিটাৰ পথ ‘শিৱাজী’য়ে অতিক্ৰম কৰিব প্ৰায় নঘণ্টা সময়ত। মেঘবোৰ চাই আমনি লাগিল। বিমানৰ ভিতৰত বিভিন্ন সময়ত খোৱা বস্তুও আহি থাকিল। ভালদৰে খালো আৰু এপাক শুই ল’লো। মাজে মাজে বিমানৰ ভিতৰত দিয়া আলোচনীবোৰৰ পাত লুটিয়ালো, অসমৰ পৰ্যটনৰ ওপৰত লেখা প্ৰবন্ধ এটা পঢ়িলো। মাজে মাজে পঢ়িলো ন’বেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী ৰিছাৰ্ড ফেইনমেনৰ আমোদজনক আত্মজীৱনী ‘ছিয়ৰলি য়ু আৰ জ’কিং মিষ্টাৰ ফেইনমেন।’ সমুখৰ এখন সৰু পৰ্দাত কিবা-কিবি পাতল ধৰণৰ হাস্যৰসাত্মক কথাছবি দেখুৱাই আছে, চাবলৈ মন যোবা নাই। ইয়াৰ আগৰবাৰত জাৰ্মানী যাত্ৰাৰ সময়ত প্ৰথম বিমান তথা বিদেশ যাত্ৰা হিচাপে বেছ অস্বস্তি অনুভৱ কৰিছিলো আৰু সকলো কথা ভাগ্যৰ ওপৰত এৰি দিব লগা হৈছিল। এইবাৰ পিচে বহুখিনি অভিজ্ঞতাৰে পৰিপক্ক হৈ বেছ আত্মবিশ্বাসেৰে যাত্ৰাটো উপভোগ কৰি আহিব পাৰিছো।

 হঠাতে দেখিলো আকাশ মুকলি, মেঘ প্ৰায় নাই। মোৰ আসন আছিল মাজত, খিৰিকীৰে ভালদৰে বাহিৰখন দেখা নাযায়। অলপ উঠি গৈ খিৰিকীৰে ভুমুকিয়াই বাহিৰলৈ চালো; পৰিষ্কাৰ আকাশ, ভূপৃষ্ঠ স্পষ্টভাৱে দৃষ্টিগোচৰ হ’ল। সমগ্ৰ দৃশ্যপট জুৰি চাপৰ, ঢৌ-খেলোৱা, মামৰৰঙী, শুকান, বালিময় ভূপৃষ্ঠ। খিৰিকীৰ কাষৰ যাত্ৰীজনেও তললৈ চালে— মন্তব্য কৰিলে, বোধহয় মৰুভূমি; ইৰাণ, ইৰাক বা আৰবৰাষ্ট্ৰ হ’ব পাৰে। ময়ো তেওঁক সমৰ্থন জনালো। হঠাতে দেখা গ’ল এক বিশাল গভীৰ নীলা হ্ৰদ। কি হ্ৰদ নাজানিলো, কাস্পিয়ান হ্ৰদ বা কৃষ্ণসাগৰ হ’ব পাৰে। মোৰ ঘড়ীত আবেলি ৫ বাজি গৈছে। সেই সময়ত আমি উৰি আছো বহু তলেৰে। বিভিন্ন ৰঙৰ আয়তাকাৰ কাপোৰ জোৰা দি তৈয়াৰ কৰা দলিচাৰ দৰে সেউজীয়া-হালধীয়া-মুগাৰঙী পথাৰবোৰ দৃষ্টিগোচৰ হ’ল। পথাৰবোৰৰ মাজে মাজে আগতে ছবিত দেখাৰ দৰে ৰঙা ছাল আৰু বগা বা মাখনৰঙী বেৰৰ দুই-তিনিমহলীয়া সৰু সৰু ঘৰৰ কেইটামান থূপ। অৱশেষত ইউৰোপ আহি পালো। বিমানত ঘোষণা— আৰু কিছুসময়ৰ পাচতে আমি পেৰিছৰ CDG বিমান বন্দৰত অৱতৰণ কৰিম। বিমান আৰু তললৈ নামিল। বিস্তীৰ্ণ পথাৰৰ মাজত দুই-এটা আলিবাট চকুত পৰিল। দুই-এখন গাড়ী তীব্ৰভাৱে [ ১২ ] অহা-যোৱা কৰিছে। অনুভৱ কৰিলো এক শান্ত সমাহিত পৰিবেশ, নিৰ্জনতা! বিমান বন্দৰৰ পাতলীয়া ঘৰবোৰ দেখা পালো আৰু মোৰ ঘড়ীতে প্ৰায় ৬ বজাত আমাৰ বিমানে পেৰিছৰ মাটিত অৱতৰণ কৰিলে। তেতিয়া স্থানীয় সময় প্ৰায় ২ বাজি ৩০ মিনিট। মোৰ কাষৰ খিৰিকীৰ বাসিন্দাজন আছিল ভাৰতীয়। নামিবৰ সময়ত মোৰ ভাব হ’ল— তেওঁ পেৰিছৰ স্থায়ী বাসিন্দা হ’ব পাৰে। কিন্তু তেওঁক সুধি গম পালো যে, তেওঁ ড॰ পৰমাৰ, গুজৰাটৰ মহাবিদ্যালয় এখনৰ প্ৰবক্তা আৰু তেওঁ মই অহা সন্মিলনখনলৈকেই আহিছে। তেওঁৰ লগত তেওঁৰ গৱেষণা নিৰ্দেশক ড॰ কুমাৰো আহিছে। ড॰ কুমাৰ গুজৰাটৰ চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক। তিনিজন স্বদেশী লগ হোৱাৰ লগে লগে আমাৰ অস্বস্তি আৰু বিৰক্তি নিমিষতে নোহোৱা হৈ পৰিল আৰু পেৰিছত কটাবলগীয়া আগন্তুক সপ্তাহটো বেছ আনন্দেৰে পাৰ হোৱাৰ সম্ভাৱনীয়তা বাঢ়ি আহিল। অৱশেষত আমি বিমানৰ পৰা অৱতৰণ কৰি পেৰিছৰ মাটিত ভৰি দিলো।

 আন্তৰ্জাতিক বিমান বন্দৰ হ’লেও CDGত খুব এটা ব্যস্ততা দেখা নাপালো। এক নিৰ্জন পৰিবেশ যেনহে লাগিল। ইয়াৰ তুলনাত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট বা ডাছেলডৰ্ফ বহু বেছি ব্যস্ত যেন লাগিছিল। বেগেজ ক্লেইম, ইমিগ্ৰেছন আদি স্তৰ পাৰ হৈ বিমান বন্দৰৰ বাহিৰ হ’লো। কুমাৰে বিমান বন্দৰতে ডলাৰ ভঙাই ইউৰো ল’লে, কমিছন বেছ কিছু ভৰিব লগা হ’ল। দেখিলো দিল্লীত ইউৰো কিনি ভালেই কৰিছো। ইফালে পৰমাৰে ঘৰলৈ ফোন কৰিবলৈ PCO বিচাৰি ফুৰিছো। দুটা বেৰত ওলমি থকা টেলিফোন দেখুৱাই দিলো। জাৰ্মানীৰ অভিজ্ঞতাৰে বুজিছো যে, একোজন মানুহে ৰখি থকা PCOৰ ধাৰণা ইয়াত অচল। তদুপৰি ইয়াত টেলিফোন মানেই ISD কৰিব পৰা, আৰু টেলিফোন ব্যৱহাৰ কৰিবলৈ টেলিফোন কাৰ্ড লাগিব। টেলিফোনত পইচাৰ ব্যৱহাৰ অচল। যিটো কাম যন্ত্ৰৰ সহায়েৰে সহজতে কৰিব পাৰি, সেই ক্ষেত্ৰত আমাৰ ইয়াত PCO বিলাকত এনেয়েই বহু জনশক্তিৰ অপব্যয় হৈ আছে। অৱশ্যে ভাৰতৰো ‘টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান’ত এনে টেলিফোন কাৰ্ডৰ ব্যৱস্থা মই দেখিছো আৰু ই বেছ সুন্দৰভাৱেই কাম কৰি আছে। অৱশ্যে অতি ক্ষুদ্ৰ পৰিসৰৰ মাজৰ এনে ব্যৱস্থাই দেশৰ সামগ্ৰিক অৱস্থাৰ কথা নিৰ্দেশ নকৰে। ফলত বিমান বন্দৰৰ পৰা পৰমাৰৰ টেলিফোন কৰা নহ’ল। বিমান বন্দৰৰ ভিতৰে ভিতৰে গতিশীল চিৰি, গতিশীল পদপথ আদিৰে খোজকাঢ়ি ৰে’ল ষ্টেচন পালো, যেন এখন উচ্চ যান্ত্ৰিক জগততহে প্ৰবেশ কৰিলো! পেৰিছ মহানগৰীৰ ভিতৰলৈ যাবলৈ টিকট কাটি পোনতে RER-B ৰে’লেৰে চাঁ মিশ্যেল ষ্টেচন পালো। দৰাচলতে মই পোনে [ ১৩ ] পোনে পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়লৈ যাব লাগিছিল যদিও পৰমাৰ আৰু কুমাৰৰ থকা ঠাই ঠিক নোহোৱাত ইউনেস্কোৰ কাৰ্যালয়লৈ যাব লগা হ’ল। চাঁ মিশ্যেলৰ ফা ১০ নম্বৰ মেট্ৰোৰে’ল M-10ৰে আহি ছেগুৰ ষ্টেচনত নামিলো। তাৰপৰা ওলাই মোৰ বিশ্বকোষ আৰু ইণ্টাৰনেটৰ পৰা লোৱা পেৰিছৰ সৰু মানচিত্ৰবোৰত চাই ইউনেস্কোৰ কাৰ্যালয় পালো। ইয়াতেই কাইলৈৰ পৰা আমাৰ সন্মিলন আৰম্ভ হ’ব। কাৰ্যালয়ত সন্মিলনৰ কেইবাজনো কৰ্মকৰ্তা আছিল। আমাৰ নাম পঞ্জীয়ন কৰি ৰাতিপুৱাৰ জলপানৰ বাবে কুপন ল’লো। ৰাতিপুৱাৰ জলপান ইয়াৰ ওচৰতে একৰ্ড হোটেলত খাব লাগিব। পৰমাৰ আৰু কুমাৰক সাময়িকভাৱে মোৰ থকা ঠাইৰ কাষতে আন এটি ছাত্ৰাবাসত থাকিবলৈ দিয়া হ’ল, কাইলৈ তেওঁলোকৰ থকা ঠাই ঠিক হ’ব। ইউনেস্কোৰ কাৰ্যালয়ৰ পৰা ওলাই ওচৰৰে আন এটা মেট্ৰোৰে’লপথ M-6ৰ ষ্টেচন কামব্ৰনলৈ গ’লো। M-6ৰে আহি দঁ ফ্ৰে বুশ্যৰো ষ্টেচন পালো। তাৰ পৰা RER-Bৰে আহি চিটে য়ুনিভাৰ্চেটে’ ষ্টেচন পালো। বাকীখিনি মোৰ ই-মেইলত দিয়াই আছিল। অৱশ্যে কিছু ঘূৰাঘূৰি হ’ল। ই-মেইলত লেখামতেই মোৰ বাসস্থান ফণ্ডাশ্যিঅ ডয়টছ জু লা মিউৰতৰ তদাকৰী কৰ্মচাৰীৰ পৰা চাবি লৈ ৪২৩ নম্বৰ কোঠাটোত সোমাই পৰিলো। আৰু মোৰ পেৰিছ যাত্ৰাৰ এটি পৰ্যায়ৰ তেতিয়াহে অন্ত পৰা যেন লাগিল।

 ৰাতি প্ৰায় ৯ বাজো বাজো— তথাপি আকাশত সূৰ্য! আচৰিত হ’লো। ইয়াৰ আগতে জাৰ্মানীত থকা কালছোৱা শীতকাল আছিল বাবে, ইউৰোপৰ গ্ৰীষ্মকাল সম্পৰ্কে কোনো ধাৰণা নাছিল। ইতিমধ্যে ভোক লাগি আহিছিল। গতিকে মোৰ কোঠাৰ পৰা ওলাই পৰমাহঁতৰ কোঠা পালো। আৰু তিনিও ৰাতিৰ আহাৰ বিচাৰি ওলাই গ’লো।

 দৰাচলতে এই বিশ্ববিদ্যালয়খন পেৰিছ মহানগৰীৰ একেবাৰে দক্ষিণ সীমাত অৱস্থিত বাবে দোকান আদি কম। আনহাতে বিশ্ববিদ্যালয়ৰ কাফেটেৰিয়াও ৯ বজাত বন্ধ হৈ গ’ল। ফলত তিনিও খোজকাঢ়ি বুলভাৰ্ড ঝুৰ্দ্যাৰে পশ্চিমৰ পিনে গৈ থাকিলো। ৯-৩০মান বজাত সূৰ্য অস্ত গ’ল। অলপ অলপ ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছিল যদিও চুৱেটাৰ পিন্ধিব লগা হোৱা নাই। দুই কিলোমিটাৰমান খোজকাঢ়ি এটি চাৰিআলিৰ সংযোগস্থল পালো যদিও বেছিভাগ দোকান বন্ধ। এখন সৰু দোকান খোলা আছে। মানুহ এজনে দোছাৰ দৰে বস্তু এটা তৈয়াৰ কৰি বিক্ৰী কৰি আছে। বস্তুটো তৈয়াৰ কৰি গ্ৰাহকৰ পছন্দ অনুসৰি বিভিন্ন বস্তু ভৰাই দিয়ে। বস্তুটো ল’বৰ বাবে বেছ ভিৰ দেখিলো। দোকানখনত দীঘলীয়া ফৰাছী পাওৰুটিৰ ভিতৰত শাক-পাচলি, গাহৰিৰ [ ১৪ ] মঙহ, গৰুৰ মঙহ, চকলেট, চীজ আদি ভৰাই দিয়া বিভিন্ন বাৰ্গাৰ, চকলেট, কেক আদি আন খাদ্যবস্তুও আছে। গৰুৰ মঙহ থাকিব পাৰে বুলি পৰমাৰ আৰু কুমাৰে বাৰ্গাৰ নল’লে, চকলেট আদি আন খাদ্যবস্তু কিছুমান ল’লে। মোৰ ভোক লাগিছিল, এটা ‘ভেজ বাৰ্গাৰ’ ল’লো, পানীৰ বটল ল’লো। খাই খাই খোজকাঢ়ি ঘূৰি আহিলো। হঠাতে এজন ভাৰতীয় যেন লগা মানুহ আহি আমাক পাকিস্তানী নেকি আৰু উৰ্দু জানো নেকি সুধিলে। আমি ভাৰতীয় আৰু হিন্দী জানো বুলি ক’লো। হঠাতে মানুহজন গুচি গ’ল, হয়তো কোনোবা পাকিস্তানী বন্ধু বিচাৰি ফুৰিছে। ৰাতি ১২ মান বজাত মোৰ কোঠা আহি পালো। ভাগৰ লগাত একো কথা চিন্তা নকৰি শুই থাকিলো। পেৰিছত প্ৰথম দিনটো অত্যধিক ব্যস্ততাৰে অন্ত পৰিল।

 দিল্লীৰ পৰা পেৰিছলৈ যাত্ৰাৰ এই প্ৰথম দিনটোত কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞতা হ’ল। প্ৰথম কথা হ’ল ইয়াৰ বিমান বন্দৰৰ প্ৰশাসনিক নিয়মবোৰ বেছ সহজ। বিমানৰ পৰা নমাৰ পাচত মাত্ৰ আমাৰ পাছপ’ৰ্ট আৰু ইয়াৰ ভিছাখন চাইছিল আৰু এটা ষ্টাম্প মাৰি দিছিল। জাৰ্মানীলৈ আহোতেও মাত্ৰ পাছপ’ৰ্ট-ভিছাখন চাইছিল। আনহাতে ইয়াৰ আগতে জাৰ্মানীলৈ আহোতে দিল্লীৰ বিমান বন্দৰত বিভিন্ন ক্ৰিয়াকাণ্ড কৰিব লগা হৈছিল। এইবাৰ পিচে দিল্লীতো সহজ দেখিলো। পৰ্যটক— বিশেষকৈ বিদেশী পৰ্যটকক বিৰক্ত নকৰিবলৈ বিমান বন্দৰৰ প্ৰশাসনিক নিয়মসমূহ অতি সহজ আৰু যথাযথ হোৱা উচিত। অন্যথা আমাৰ দেশ কোনে ভ্ৰমণ কৰিব? দ্বিতীয়তে, পেৰিছত দেখিলো ছাত্ৰাবাসসমূহৰ ব্যৱস্থাও অতি সুন্দৰ আৰু যথাযথ। প্ৰতিটো ছাত্ৰাবাসৰে নিয়ম-কানুন কিছু স্বতন্ত্ৰ। ইয়াৰ পৰিচালনা প্ৰায় হোটেলৰ দৰেই। প্ৰতিটোতে একোটা কাৰ্যালয় আৰু আৱশ্যকীয় কৰ্মচাৰী থাকে। আবাসীসকলে তাৰ পৰা এবাৰ চাবি লোৱাৰ পাচত কোঠাটোৰ দায়িত্ব তেওঁৰ। অৱশ্যে কাৰ্যালয় ছাত্ৰাবাসসমূহে বেছ ভালদৰে চোৱাচিতা কৰে আৰু তাৰ বাবে আবাসীসমূহৰ পৰা আমাৰ হিচাপত এক বুজন পৰিমাণৰ ধনো আদায় কৰে। বেছিভাগ ছাত্ৰাবাসতে কোঠাসংলগ্ন স্নানাগাৰ বা শৌচাগাৰৰ ব্যৱস্থা নাই, এইবোৰ কেইবাটাও কোঠাৰ আবাসীয়ে ব্যৱহাৰ কৰিব পৰাকৈ বেলেগকৈ থাকে। তদুপৰি স্নানাগাৰত সকলো সময়তে গৰম আৰু ঠাণ্ডা পানী পোৱা যায়। পিচে শৌচাগাৰসমূহত পানীৰ ব্যৱস্থা নাই। দৰাচলতে প্ৰায়বোৰ পশ্চিমীয়া দেশতে শৌচাগাৰত পানীৰ সলনি ‘টয়লেট পেপাৰ’ ব্যৱহাৰ কৰা হয় বাবেই হয়তো পানীৰ ব্যৱস্থা ৰখা হোৱা নাই। কিন্তু প্ৰায়বোৰ কোঠাতে আকৌ এটি বেছিন আৰু লগতে গৰম-ঠাণ্ডা পানীৰ সুব্যৱস্থা আছে। তলাচাবিৰ ব্যৱস্থাও সুন্দৰ। সকলো ছাত্ৰাবাসতে এখন মূল দুৱাৰ থাকে আৰু তাৰবাবে সকলো আবাসীৰে একেই চাবি থাকে। নিজৰ [ ১৫ ] নিজৰ কোঠাৰ চাবি বেলেগ বেলেগ। কেইটামান ছাত্ৰাবাসত আকৌ চুম্বকীয় কাৰ্ডেৰে খুলিব পৰা মূল দুৱাৰো দেখিলো। মুঠতে তলা-চাবি আৰু নিৰাপত্তা ব্যৱস্থাত বেছ গুৰুত্ব দিয়া হয়। জাৰ্মানীতো এনে ধৰণৰ ব্যৱস্থা দেখিছিলো। কোঠাৰ বাহিৰ হ’লেই সদায় চাবি লগত ৰাখি ওলাব লাগে। নহ’লে দুৱাৰ নিজে নিজে বন্ধ হৈ গ’লে চাবি নোহোৱাকৈ বাহিৰৰ পৰা খুলিব নোৱাৰি।

 পিচদিনা ৰাতিপুৱা উঠি গা-পা ধুই ল’লো। পৰমাৰ আৰু কুমাৰৰ কোঠালৈ গৈ তেওঁলোকৰ লগত চিটে য়ুনিভাৰ্চেটে’ৰ ষ্টেচনলৈ আহিলো। আমাৰ প্ৰথম কাম হ’ল প্ৰত্যেকেই একোখন টেলিফোন কাৰ্ড আৰু একোখন ৩টা জ’নৰ ‘কাৰ্টে অৰেঞ্জ’ কিনা। এইবোৰ ৰে’লষ্টেচন বা কেতিয়াবা আন দোকানতো কিনিবলৈ পোৱা যায়। টেলিফোন কাৰ্ডত প্ৰায় ৭ ইউৰো আৰু কাটে অৰেঞ্জত প্ৰায় ১৮ ইউৰো দাম পৰিল। কাৰ্টে অৰেঞ্জ হ’ল এখন সুমথিৰা ৰঙৰ সাৰ্বজনীন সাপ্তাহিক টিকট। সোমবাৰৰ পৰা দেওবাৰলৈ বাছ, মেট্ৰোৰে’ল বা RER ৰে’লৰ বাবে প্ৰযোজ্য এই টিকটখন বিভিন্ন জ’নৰ বাবে বিভিন্ন দামত কিনিব পাৰি। পেৰিছ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যাতায়াতৰ বাবে ই অতি সুবিধাজনক। ইয়াক এখন সৰু টিকটৰ লগত এখন পৰিচয়পত্ৰৰ যোৰ হিচাপে পোৱা যায়। জাৰ্মানীৰ মহানগৰসমূহতো এনে মাহিলি টিকটৰ ব্যৱস্থা থকা দেখিছো। বাছ, ট্ৰাম, মেট্ৰোৰে’ল আদিত সদায় টিকট কটা বা ভাৰা আদায় দিয়াৰ দৰে বিৰক্তিপূৰ্ণ কাম এটাৰ পৰা ই যাত্ৰীসকলক সাংঘাতিক সকাহ দিয়ে। এই ব্যৱস্থাটো গুৱাহাটী বা অসমৰ আন মহানগৰ য’ত এনে মহানগৰ বাছৰ ব্যৱস্থা আছে, তাত কৰিব নোৱৰাৰ কোনো কাৰণ নাই। বাছ চলোৱা ব্যক্তিগত মালিক বা সন্থাসমূহৰ সহযোগিতা তথা চৰকাৰৰ নিৰ্দেশনাৰ জৰিয়তে এয়া নিশ্চিতভাৱে কৰা সম্ভৱ। ইয়াৰ বাবে কোনো টকা-পইচা বা প্ৰযুক্তিৰ আৱশ্যক নাই। অসমৰ পৰিবহণৰ দায়িত্বত থকা মন্ত্ৰী বা বিষয়াসকলে এনেবোৰ কথা চিন্তা কৰিবনে, বা চিন্তা কৰাৰ বাবে তেওঁলোকৰ ক্ষমতা বা মগজু আছেনে? কাৰ্টে অৰেঞ্জ কিনাৰ পাচত আমাৰ অহা-যোৱা বেছ সহজ হৈ উঠিল। যেতিয়াই তেতিয়াই পেৰিছৰ য’লৈ-ত’লৈ যাব পৰা হ’লো। ছিটে য়ুনিভাৰ্ছেটে’ৰৰ পৰা প্ৰথমে RER-Bৰে দঁ ফ্ৰে ৰুশ্যৰোলৈ আহিলো। তাৰ পৰা ৰে’ল সলাই M-6ৰে কামব্ৰন ষ্টেচনলৈ আহিলো। ইয়াৰ ওচৰতে থকা একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খালো। ইয়াৰ ‘ব্ৰেকফাষ্ট কুপন’ আমাক দিয়াই আছিল। ইয়াত খোৱাৰ ব্যৱস্থা নিজে লৈ খোৱা ধৰণৰ— ‘ছেলফ চাৰ্ভিছ’। যিকোনো বস্তু যিমান ইচ্ছা ল’ব পাৰি। বস্তুবোৰো অসংখ্য— বিভিন্ন পাওৰুটি কেইবাবিধো কৰ্ণফ্লেকছ, গাখীৰ, মাখন, ছীজ, গাহৰিৰ মঙহ, ফলৰ ৰস, ফল, জাম, জেলী, বিস্কুট, চাহ কফি [ ১৬ ] ইত্যাদি। সকলোবোৰ বস্তুৱেই অতি উন্নতমানৰ আৰু বেছিভাগ বস্তুৱেই পেকেটত থাকে। দুপৰীয়া আৰু ৰাতিৰ আহাৰ কেতিয়া, ক’ত, কি হয় ঠিক নাই বুলি ভাবি সন্মিলনৰ আয়োজকসকলৰ জহতে বেছ ভালদৰে যিমান পাৰি ৰাতিপুৱাৰ জলপান খাই ল’লো। তাৰ পৰা খোজকাঢ়ি গৈ ইউনেস্কোৰ কাৰ্যালয় পালো। দহ তলামানৰ কাৰ্যালয়ৰ প্ৰকাণ্ড ঘৰটো সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত। যিটো প্ৰেক্ষাগৃহত আমাৰ মূল অনুষ্ঠানসমূহ অনুষ্ঠিত হৈছিল সেইটোও বেছ ডাঙৰ— প্ৰায় দুহেজাৰ মানুহ বহিব পৰা। প্ৰতিখন আসনৰ সমুখত মাইক্ৰ’ফোন আৰু হেডফোন আছে আৰু প্ৰতিটোৱেই কাৰ্যক্ষম অৱস্থাত আছে। তদুপৰি প্ৰেক্ষাগৃহটোৰ ধ্বনি আৰু আলোক নিয়ন্ত্ৰণৰ বাবে বিভিন্ন যন্ত্ৰপাতি আৰু কৰ্মচাৰী আছে। অসমৰ প্ৰেক্ষাগৃহ হ’লে এইবোৰ সাধাৰণতে হয় সম্পূৰ্ণৰূপে অথবা আংশিকৰূপে কৰ্মক্ষম অৱস্থাত নথকাটোৱেই স্বাভাৱিক হ’লহেঁতেন। কাৰ্যালয়টোৰ ভিতৰতে বেংক, ডাকঘৰ, কাফেটেৰিয়া, কিতাপৰ দোকান, বিমান, ৰে’ল আদিৰ টিকট ক্ৰয়ৰ সুবিধা, টেলিফোনৰ সুবিধা আদি থকাৰ উপৰি ইয়াত ৰাষ্ট্ৰসংঘৰ এটি সংগ্ৰহালয়ো আছে।

 ৰাতিপুৱা ৯ বজাত আমাৰ সন্মিলনৰ প্ৰথম অধিবেশন আৰম্ভ হ’ল। সন্মিলন মুকলি কৰিলে ফ্ৰান্সৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকী হ’ল এগৰাকী ভদ্ৰমহিলা আৰু তেওঁ ফৰাছী ভাষাত ২০ মিনিটমান বক্তৃতা দিলে। অৱশ্যে লগে লগে তেওঁৰ বক্তৃতা আমাৰ সন্মিলনৰ সচিব অধ্যাপক আয়গলনিটজাৰে ইংৰাজীলৈ অনুবাদো কৰি দিলে। বক্তৃতা অৱশ্যে গতানুগতিক আৰু চমু। এই আন্তৰ্জাতিক সন্মিলনখন পেৰিছত অনুষ্ঠিত কৰাৰ বাবে তেওঁ আয়োজকসকলৰ শলাগ ল’লে। পিচে মন্ত্ৰীগৰাকীৰ লগত কোনো আৰক্ষী বা নিৰাপত্তাৰক্ষী নেদেখিলো, বা কোনো সচিব পৰ্যায়ৰ লোকো নেদেখিলো। আনকি বাহিৰতো কোনো নিৰাপত্তাৰক্ষী নাছিল। অৱশ্যে কিছুমান যান্ত্ৰিক নিৰাপত্তা ব্যৱস্থা থাকিবও পাৰে। ইয়াৰ পাচত ইউনেস্কোৰ কাৰ্যালয়ৰ সচিবগৰাকীয়ে ইউনেস্কোৰ ভূমিকাৰ বিষয়ে চমুকৈ ক’লে। শেষত অধ্যাপক আয়গলনিটজাৰে শলাগৰ শৰাই আগবঢ়ালে। এই উদ্বোধনী অনুষ্ঠান যথেষ্ট চমু আৰু একেবাৰে আড়ম্বৰহীন আছিল। এই অনুষ্ঠানৰ পাচতে সন্মিলনৰ প্ৰকৃত বিষয়বস্তুৰ ওপৰত বিভিন্ন বক্তৃতাসমূহ আৰম্ভ হ’ল। ইয়াৰে দুটামান আৱশ্যকীয় বক্তৃতা শুনি পৰমাৰ আৰু কুমাৰৰ লগত উদ্দেশ্যহীনভাৱে বাহিৰলৈ ওলালো। ইতিমধ্যে আমাৰ লগ লাগিল ড॰ ৰাজেন্দ্ৰ সিং। তেওঁ আগ্ৰাৰ এখন কলেজৰ প্ৰবক্তা। ওলায়েই দেখিলো কিছুদূৰৈত ইফেল স্তম্ভৰ ওপৰৰ অংশ। ইমান দিনে শুনি থকা বা আলোকচিত্ৰত দেখি থকা ইফেল স্বম্ভ চকুৰ সমুখত— সপোন যেন লাগিল! চাৰিওজনে সেইপিনে [ ১৭ ] খোজকাঢ়ি আগবাঢ়িলো। পৰিষ্কাৰ, বহল আলিবাট, ভৰ দুপৰীয়াও যেন নিৰ্জন! গাড়ী-মটৰ খুব এটা বেছি নেদেখিলো, খোজকঢ়া মানুহো বেছি নাই। দোকান-পোহাৰো কেৱল আলিবাটৰ সংগমস্থলবোৰতহে বেছি। বেছিভাগ দোকানৰে বেলেগকৈ ডাঙৰ ডাঙৰ নাম ফলক নাই— হয় বেৰত সৰুকৈ লেখি থৈছে বা লগাই থৈছে, অথবা সমুখৰ আয়নাৰ দুৱাৰখনতে লেখি থৈছে। বেছিভাগ দোকানৰে দুৱাৰমুখত সাধাৰণতে ৰঙা ৰঙৰ কিছুমান ছাতিৰ দৰে ৰৌদ্ৰ আচ্ছাদক দেখিলো। গোটেই নগৰখনতে এই আচ্ছাদকসমূহে এক সুকীয়া সৌন্দৰ্য প্ৰদান কৰিছে। বিভিন্ন আলিবাটেৰে আধাঘণ্টামান খোজকঢ়াৰ পাচত আমি ইফেল স্তম্ভৰ ওচৰত উপস্থিত হ’লো। ইফেল স্তম্ভ চোৱাৰ বাবে সমগ্ৰ পৃথিৱীৰে বহুতো মানুহ। এখন উদ্যানৰ মাজত অৱস্থিত এই স্তম্ভটোৰ ওচৰলৈ গ’লো, বেছ বিশাল! গোটেই উদ্যানখনতে যেন মানুহৰ মেলাহে বহিছে। চাৰিওফালে কিছুমান সৰু-সুৰা বস্তুৰ দোকান। ইফেল স্তম্ভৰ বিভিন্ন আকাৰৰ আৰ্হি, বিভিন্ন চাবিৰ আঙঠি, সজোৱা বস্তু, দাপোণ, সঁফুৰা কাপোৰ আদি এনেবোৰ দোকানত কিছু কম দামতে পোৱা যায়। প্ৰধানকৈ কিছুমান চীনা, ভাৰতীয়, বাংলাদেশী আৰু পাকিস্তানী মানুহে এনেয়ে হাতত লৈ বিভিন্ন মণিহাৰী সামগ্ৰী বিক্ৰী কৰি থকাও দেখিলো। কেইজনমান ভাৰতীয় লোকৰ লগত হিন্দীতে কথা পাতিলো– পেৰিছতো হিন্দী, ভাল লাগিল। অন্ততঃ এনেদৰে বস্তু বিক্ৰী কৰি এক বুজন পৰিমাণৰ আয় হয় বাবেই জীৱিকাৰ বাবে আইনসংগত বা আইন-বহিৰ্ভূত— যিকোনো উপায়ে তেওঁলোক আহিছে। অৱশ্যে তেওঁলোকে ক’লে যে,— এনেদৰে বস্তু বিক্ৰী কৰাটোও দৰাচলতে বেআইনী। আৰক্ষীৰ তৎপৰতা সম্পৰ্কে প্ৰশ্ন কৰাত ক’লে যে, মাজে মাজে আৰক্ষীয়ে ধৰি নিয়ে যদিও এক বুজন পৰিমাণৰ জৰিমনা কৰি সাধাৰণতে এৰি দিয়ে। আমাৰ দৰে আৰক্ষীয়ে মাৰধৰ কৰা বা পইচা খোৱা ঘটনা তাত তেওঁলোকে কেতিয়াও দেখা নাই বা শুনা নাই বুলি ক’লে। ইতিমধ্যে আৰু কিছু আগবাঢ়ি আমি বাছেৰে ওচৰৰে লুক্সাঁবুৰ্গ ষ্টেচনলৈ আহিলো। পৰমাৰ আৰু কুমাৰৰ আচলতে থকা ঠাই হ’ল ইয়াৰ ওচৰৰে চাঁ জেকুইছ নামৰ আলিবাটৰ ২৭০ নম্বৰ ঘৰটো। এই ঘৰটো দৰাচলতে পেৰিছ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাস। লুক্সাঁবুৰ্গ ষ্টেচনত মানচিত্ৰ চাই লৈ বিভিন্ন ৰাস্তাৰে খোজকাঢ়ি শেষত তেওঁলোকৰ ঘৰটো উলিয়ালো। তাৰ পৰা RER-Bৰে পুনৰ ঘূৰি আহি বিশ্ববিদ্যালয়ৰ আমাৰ থকা ঠাই পালো। সিং আৰু মোৰ থকা ঠাই একেটা ঘৰতে, পাচতহে গ’ম পালো। পৰমাৰ আৰু কুমাৰে তেওঁলোকৰ বস্তুবোৰ ইয়াৰ পৰা লুক্সাঁবুৰ্গলৈ লৈ গ’ল। মই আৰু সিঙে নিজৰ কোঠাত কিছু সময় জিৰালো। এঘণ্টামান পাচত নটইডাম অভিমুখে যাত্ৰা কৰিলো।

[ ১৮ ]  নটইডাম হ’ল এটা পুৰণি ঐতিহ্যমণ্ডিত সুন্দৰ স্থাপত্য আৰ্হিৰ গীৰ্জা। ছিয়েন নদীৰ মাজত অৱস্থিত এই গীৰ্জাটো সাজি উলিওৱা হৈছিল দ্বাদশ শতিকাৰ মাজভাগৰ পৰা চতুৰ্দশ শতিকাৰ মাজভাগৰ ভিতৰত। এই গীৰ্জাটোৰ অৱস্থানক শূন্য ধৰি ফ্ৰান্সৰ আলিবাটৰ দূৰত্বসমূহ নিৰ্দেশ কৰা হয়। চিটে য়ুনিভাৰ্চেটে’ৰৰ পৰা RER-Bৰে আহি চা মিশ্যা ষ্টেচনত নামিলো, দূৰত্ব চাৰি কিলোমিটাৰমান হ’ব। তাৰপৰা খোজকাঢ়ি ছিয়েন নদীৰ এটি সুঁতি পাৰ হৈ নটইডাম পালো। সমগ্ৰ গীৰ্জাটোৱে এক পুৰণি কিন্তু গম্ভীৰ সৌন্দৰ্য প্ৰদান কৰি আছে। আন্ধাৰ হোৱা বাবে ভিতৰত সোমোৱা নহ’ল। সমুখত কিছু ঘূৰাপকা কৰিলো। গীৰ্জাটোৰ সমুখত এখন বেছ ডাঙৰ পকা চোতাল। ঠাইখিনি পেৰিছবাসীৰ সান্ধ্য ভ্ৰমণৰ এক জনপ্ৰিয় স্থান যেন লাগিল। বিভিন্ন চৌখিন পোছাক পৰিহিত পুৰুষ-মহিলা, যুৱক-যুৱতী, ল’ৰা-ছোৱালী সমগ্ৰ অঞ্চলতে অলসভাৱে ঘূৰি ফুৰিছে। নটইডামৰ চৌদিশে ছিয়েন নদীৰ পাৰে পাৰে উজ্জ্বল আলোকশোভিত বিভিন্ন বিপণী। তীব্ৰভাৱে জ্বলি উঠা বিদ্যুৎ বস্তিবোৰৰ আলোক ছিয়েন নদীত বিচ্ছুৰিত হৈ এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। দূৰৈৰ সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আকৌ চোতালখনত কিছুমান দূৰবীক্ষণ যন্ত্ৰও আছে, কিছু পইচা সুমুৱাই দি কেই মিনিটমানৰ বাবে যন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰি। জাৰ্মানীত থকা সময়তো এনে পইচা সুমুৱাই ব্যৱহাৰ কৰিব পৰা দূৰবীক্ষণ বিভিন্ন ঠাইত দেখিছিলো। কেৱল দূৰবীক্ষণ যন্ত্ৰই নহয়, পইচা সুমুৱাই দি শীতল পানীয়, চিগাৰেট, বিস্কুট, চকলেট আদি বিভিন্ন বস্তু কিনিব পৰা বা পইচা সুমুৱাই ৰে’ল-বাছ-ট্ৰামৰ টিকট কিনিব পৰা আদি বিভিন্ন ব্যৱস্থাও পেৰিছত দেখিছো। এনে ব্যৱস্থা জাৰ্মানীতে আছে, আৰু হয়তো ইউৰোপৰ প্ৰায়বোৰ দেশতে আছে। আনকি কিছুবছৰ আগলৈকে পেৰিছ বা জাৰ্মানীৰো প্ৰায়বোৰ ঠাইতে পইচা সুমুৱাই টেলিফোন কৰাটো বহুলভাৱে জনপ্ৰিয় আছিল, কিন্তু এতিয়া কাৰ্ডৰ ব্যৱহাৰ আৰম্ভ হোৱাত মুদ্ৰাৰ ব্যৱহাৰ প্ৰায় লুপ্ত হ’ল। এনেধৰণৰ মুদ্ৰাচালিত যন্ত্ৰৰ ব্যৱহাৰে ইউৰোপৰ জনসাধাৰণক বেছ সা-সুবিধা প্ৰদান কৰিছে। ফলত কম জনসংখ্যাৰ এই দেশসমূহে পৰিচালনা কৰা মানুহৰ অভাৱত এই সেৱাসমূহৰ পৰা বঞ্চিত হ’বলগা হোৱা নাই, আৰু য’তে-ত’তে এই সেৱাসমূহ পাব পৰা হৈছে। আমাৰ দেশতো এনে ধৰণৰ যন্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছে যদিও ইয়াৰ ব্যাপকতা বহুত কম। আৰু আমাৰ সংস্কৃতি এনে যে, যন্ত্ৰসমূহ হয় বেয়া হৈ থকাৰ বা যন্ত্ৰবোৰ ভাঙি জমা হোৱা পইচাসমূহ চোৰে লৈ যোৱাৰ সম্ভাৱনাই অধিক। বিশেষকৈ পইচা দি ‘লোকেল কল’ কৰিব পৰা টেলিফোন বহু ঠাইত আছে যদিও এইবোৰ কাৰ্যক্ষম অৱস্থাত থকা কমেইহে দেখিছো। নটইডামৰ চাৰিওপিনে ঘূৰি-পকি চাই আমি ছিয়েন নদীৰ [ ১৯ ] পাৰে পাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। আমাৰ ব্ৰহ্মপুত্ৰখনৰ তুলনাত ছিয়েনখন কোনো নদী নহয়, আমাৰ পাগলাদিয়া নদীখনৰ সমানহে। অৱশ্যে পেৰিছ মহানগৰীৰ বাবে ছিয়েনখন ইয়াৰ প্ৰাণ, অপৰূপ সৌন্দৰ্যৰ আকৰ। তদুপৰি ইয়াৰ মহানগৰীৰ মাজেৰে পাৰ হোৱা অংশ সুন্দৰভাৱে বন্ধাই ৰখোৱা হৈছে। ফলত নদীখন যেন কিছু কৃত্ৰিম হৈ পৰিছে। ইয়ে নৈখনৰ সৌন্দৰ্য বৃদ্ধি নে হ্ৰাস কৰিছে নিশ্চিত হব নোৱাৰিলো। নদীখনৰ দুয়োপাৰে বহু দূৰলৈ খোজ কাঢ়িব পৰা ব্যৱস্থা আছে। নদীৰ পানীৰ সোঁত কম যদিও পানী অতি পৰিষ্কাৰ, দুয়োপাৰো অতি পৰিষ্কাৰ— সৰু-ডাঙৰ বিভিন্ন সুদৃশ্য ডাষ্টবিন সকলোতে আছে। নদীৰ পাৰত বিভিন্ন পুৰুষ-মহিলা, যুৱক-যুৱতী চিত্ৰকৰে ছবি আঁকি আছে আৰু সেইবোৰ বিক্ৰী কৰি আছে। কেইজনমানে আমাৰ তাত বিক্ৰী কৰিবৰ বাবেও চেষ্টা চলালে। ছবিবোৰ তেল, পানী, পেঞ্চিল, চিয়াহী আদি বিভিন্ন মাধ্যমত অঁকা আৰু বেছিভাগেই অতি উন্নতমানৰ। এই চিত্ৰসমূহত মুখ্যতঃ পেৰিছ মহানগৰীৰ বিভিন্ন সময়ত বিভিন্ন দৃষ্টিকোণৰ পৰা দেখা ভিন ভিন প্ৰাচীন স্থাপত্য, ইয়াৰ বিভিন্ন নৈসৰ্গিক দৃশ্য, ছিয়েন নদীৰ অপৰূপ শোভা, ফ্ৰান্সৰ ঐতিহ্যমণ্ডিত প্ৰখ্যাত ব্যক্তিসকল বা ফ্ৰান্সৰ প্ৰাচীন শিল্পকলা তথা চিত্ৰকলাৰ প্ৰতিলিপি বৰ্ণিত হৈছে। মান অনুসৰি চিত্ৰসমূহৰ দাম বেলেগ বেলেগ। আনকি কেইগৰাকীমানে তেওঁলোকৰ সমুখত কিছুসময় বহিলে কেই ইউৰোমানৰ বিনিময়ত যিকোনো মাধ্যমত আমাৰ পছন্দ অনুসাৰে প্ৰতিকৃতিও আঁকি দিব খুজিলে। অৱশ্যে সময় আৰু ধনৰ অভাৱত তাৰ পৰা চিত্ৰ কিনা বা অঁকোৱা নহ'ল। ৰাতিৰ ছিয়েনৰ সৌন্দৰ্য চাই চাই পাৰে পাৰে আমি বহু দূৰ আগবাঢ়ি গ'লো। আকৌ খোজকাঢ়ি ঘূৰি আহিলো বেলেগ আলিবাটেৰে। পদপথৰ পাৰে পাৰে অসংখ্য ৰেষ্টোৰা, উজ্জ্বল বিদ্যুৎবন্তিৰ আলোকত জলমলাই আছে। একেই ৰঙা বা ৰঙচুৱা ৰৌদ্ৰ নিবাৰক আচ্ছাদকৰ সৌন্দৰ্য! পদপথৰ পাৰে পাৰে বহিবৰ বাবে সৰু সৰু সুদৃশ্য কাপোৰেৰে ঢকা দুজনীয়া বা চাৰিজনীয়া মেজ, সুদৃশ্য চকী। ভিতৰত এখন অভ্যৰ্থনা মেজ, পাচফালে সুদৃশ্য সুৰাৰ বটল আৰু জলমলাই থকা শাৰী শাৰী সুৰাৰ পিয়লা সজাই থোৱা এখন ৰেক। সকলোবোৰ ৰেষ্টোঁৰাৰ একেই গঠন, একেই সৌন্দৰ্য! সকলোতে সান্ধ্য তথা ৰাত্ৰি ভ্ৰমণলৈ অহা দেশী-বিদেশী লোকৰ ভিৰ।ইতিমধ্যে ৰাতি ভালেখিনি হৈছিল। এটা মৃদু ঠাণ্ডা বতাহ ব’বলৈ আৰম্ভ কৰিছিল। তথাপি গৰম চোলাৰ আৱশ্যক নহ’ল। ঠাণ্ডা আমাৰ শৰৎকালৰ সন্ধিয়াৰ দৰে। ভোক বিশেষ লগা নাছিল। দোকানত কিবাকিবি কিনি খালো। অহা ৰাস্তাৰে ঘূৰি গৈ আমাৰ কোঠা পালো। ঘড়ীত তেতিয়া ৰাতি ১২ বাজিছে। [ ২০ ]  ভাগৰ যথেষ্ট লাগিছিল যদিও ভালদৰে গৰম পানীৰে এবাৰ গা ধুই লোৱাত বেছ সতেজতা অনুভৱ কৰিলো। ইতিমধ্যে মোৰ নিত্যসংগী শান্তি নিকেতনৰ সুদৃশ্য ৰঙা মোনাটোত বহুতো পেৰিছ মহানগৰীৰ মানচিত্ৰ গোট খাইছিল, বোধহয় কাৰ্টে অৰেঞ্জ কিনোতে দিছিল। সেইকেইখনত এবাৰ ভালদৰে চকু ফুৰোৱাটো উচিত বুলি ভাবি বিছনাত ভালদৰে বহি সেইকেইখন মেলি ল’লো। মানচিত্ৰ অধ্যয়ন মোৰ এটা চখ বুলিয়েই ক'ব পাৰি আৰু ই বেছ আমোদজনক। যিকোনো নতুন ঠাইলৈ গ'লেই সদায় তাৰ কেইখনমান মানচিত্ৰ সংগ্ৰহ কৰিবলৈ যত্ন কৰো। মানচিত্ৰৰ ব্যৱহাৰে নতুন ঠাইত বঢ়িয়া কাম দিয়ে। ইয়াৰ পৰা ঠাইখনৰ দৰ্শনীয় স্থানসমূহৰ অৱস্থান সম্পৰ্কেও এটা ধাৰণা ল’ব পৰা যায় আৰু আলিবাটৰ লোকক বেছি নোসোধাকৈয়েই আত্মবিশ্বাসেৰে ঠাইখনত ঘূৰি ফুৰিব পাৰি। জাৰ্মানী বা পেৰিছ—দুয়ো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ মানচিত্ৰৰ ব্যাপক প্ৰয়োগ দেখিছো আৰু ইয়াত প্ৰত্যেকেই কোনো ঠাইৰ নিৰ্দেশনা দিবলৈ হ'লেই তৎক্ষণাৎ এখন মানচিত্ৰ মেলি লয়। হয়তো সমগ্ৰ ইউৰোপতে মানচিত্ৰৰ প্ৰয়োগ অতি ব্যাপক। পেৰিছৰ প্ৰতিটো ৰে’লষ্টেচন, মেট্ৰোৰেল ষ্টেচন, বাছ ষ্টেচন বা বিমান বন্দৰত বিভিন্ন ধৰণৰ মানচিত্ৰ দেখিছো। এইবোৰৰ বেছিভাগতে অন্ততঃ তিনিখন মানচিত্ৰ আছেই—এখন পেৰিছ মহানগৰীৰ, এখন পেৰিছ মহানগৰী অৱস্থিত হোৱা ৰাজ্য—ইলে দা ফ্ৰান্সৰ, আৰু আনখন সেই অঞ্চলৰ বিস্তৃত মানচিত্ৰ। আৰু সকলোবোৰ মানচিত্ৰ একেধৰণে ছপা কৰা আৰু ভালদৰে সজাই ৰখা। কোনো কোনো ঠাইত সজাই ৰখা একোখন মানচিত্ৰৰ তলত থকা লক্ষ্যস্থানৰ নামসমূহৰ নিৰ্দিষ্ট চাবি টিপি দিলে মানচিত্ৰখনত লক্ষ্যস্থানলৈ গোটেই পথটো বন্তিৰে উজলি উঠি পথটো নিৰ্দেশ কৰে। তদুপৰি জপাই ৰাখিব পৰা বিভিন্ন উদ্দেশ্যত ছপোৱা ভিন ভিন ধৰণৰ মানচিত্ৰ ৰেল বা বাছ ষ্টেচন, বেংক, ডাকঘৰ, আন কাৰ্যালয়, বিভিন্ন বিপণী, পৰ্যটন বিভাগৰ কাৰ্যালয় আদি সকলোতে হয় কিনিবলৈ বা এনেয়ে পোৱা যায়। দৈনন্দিন জীৱনযাত্ৰাত উন্নত মানচিত্ৰৰ ব্যাপক প্ৰয়োগে মানুহক বহু বেছি দ্ৰুতগামী কৰি তুলিব পাৰে আৰু সময়ৰো ব্যাপক প্ৰয়োগ সভ্যতাৰ এক মাপকাঠী বুলি ধৰিব পাৰি আৰু এনে অৰ্থতো ইউৰোপ আমাতকৈ বহু বেছি সভ্য!

 আনহাতে আমাৰ ইয়াত মানচিত্ৰৰ কোনো প্ৰয়োগ নাই বুলিয়েই ক'ব পাৰি। কেৱল কোনোবাই ভূগোল পঢ়িলেহে দেশ,ৰাজ্য, জিলা, মহকুমা আদিৰ মানচিত্ৰ কিছু অধ্যয়ন বা অংকন কৰে।নগৰ, মহানগৰসমূহৰ কোনো উন্নত মানচিত্ৰ পোৱা নাযায়। আনহে নালাগে গুৱাহাটী মহানগৰীৰেই মানচিত্ৰ এখন বিচাৰি পোৱাটো কঠিন। পৰ্যটন বিভাগে অসমৰ কিছুমান পৰ্যটন মানচিত্ৰ প্ৰকাশ কৰিছে যদিও এইবোৰৰ মান তুলনামূলকভাৱে [ ২১ ] অতি নিম্ন। উন্নত মানচিত্ৰ একোখনে মানুহৰ দৈনন্দিন ঘূৰাপকা কিমান সুবিধা আৰু দ্ৰুততা দিব পাৰে সেয়া কেৱল ব্যাপক প্ৰয়োগকাৰীয়েহে অনুভৱ কৰিব পাৰে। পৰ্যটনকাৰীসকলৰ বাবে ই একেবাৰেই অপৰিহাৰ্য। এনে ক্ষেত্ৰত অসমৰ মহানগৰকেইখন, পৰ্যটন কেন্দ্ৰসমূহৰ, ৰে'ল-বাছ-বিমান পথসমূহৰ, আৰু সমগ্ৰ অসমখনৰে সকলো অঞ্চলৰ বিস্তৃত মানচিত্ৰ থকাটো বা প্ৰস্তুত কৰাটো, আৰু এইবোৰৰ ব্যাপক ব্যৱহাৰ আৰম্ভ কৰাটো সংশ্লিষ্ট সকলোৰে বাবে অতি আৱশ্যকীয়। ইচ্ছা তথা উৎসাহ হ'লে, এইবোৰ প্ৰস্তুত বা প্ৰয়োগ কৰা একো টান কাম নহয়, আৰু তাৰ বাবে অত্যুন্নত প্ৰযুক্তি বা বেছি ধনৰ প্ৰয়োজন নাই, প্ৰয়োজন মনৰহে।

 পেৰিছৰ সুদৃশ্য বৃহৎ মানচিত্ৰখনত চকু ফুৰাই পেৰিছৰ বিভিন্ন দৰ্শনীয় স্থানৰ অৱস্থান, ৰাস্তা-ঘাট সম্পৰ্কে এক সুন্দৰ ধাৰণা হ’ল। অনুভৱ হ’ল এইখন বোধহয় বিশ্বৰ ভিতৰতে সবাতোকৈ সহজ মহানগৰ। পেছিকে কেন্দ্ৰ কৰি সমগ্ৰ ইলে দা-ফ্ৰান্স কিছুমান জ’নত বিভক্ত। সমগ্ৰ পেৰিছকে মহানগৰীখন হ’ল ১ নম্বৰ জ’ন। ইয়াৰ চাৰিওফালে ২ নম্বৰ জ’ন। তাৰ চাৰিওফালে ৩ নম্বৰ জন ইত্যাদি। কাৰ্টে অৰেঞ্জ বা আন ৰে’ল-বাছ- মেট্ৰোৰে'লৰ টিকটসমূহ বেলেগ বেলেগ জ’নত প্ৰযোজ্য হোৱাকৈ কিনিবলৈ পোৱা যায়। পেৰিছ মহানগৰীখন প্ৰায় ডিম্বাকৃতিৰ, বা প্ৰায় বৃত্তাকৃতিৰ বুলিও ক’ব পৰা যায়। নট ই ডামক কেন্দ্ৰ কৰি ইয়াৰ গড় ব্যাসাৰ্ধ হ’ব প্ৰায় ৬ কিলোমিটাৰ। ইয়াৰ মাজেৰে ইয়াৰ প্ৰাণপ্ৰৱাহৰ দৰে প্ৰৱাহিত হৈছে ছিয়েন নদী। পেৰিছ মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰিবহণ ব্যৱস্থা অতি উন্নত তথা ব্যাপক। বাছ মেট্ৰোৰে’ল আৰু আঞ্চলিক ৰে'ল— RERৰ উপৰি দূৰ অঞ্চললৈ যাবৰ বাবে আছে ফ্ৰান্সৰ মুখ্য ৰে'ল—SNCF, দ্ৰুতগামী য়ুৰোৰে’ল—য়ুৰোষ্টাৰ আৰু চুম্বকীয় ৰে'ল TGV। মহানগৰৰ ভিতৰত ৰেলপথসমূহ সাধাৰণতে ভূগৰ্ভস্থ। পেৰিছৰ বহিপৃষ্ঠ বিভিন্ন আলিবাটে মকৰাৰ জালৰ দৰে বেঢ়ি আছে আৰু প্ৰায় সকলোবোৰ মুখ্য আলিবাটেৰে বাছ চলাচলৰ ব্যৱস্থা আছে। কিন্তু ৰে'লৰ তুলনাত ইয়াৰ গতিবেগ কম। গতিকে গৰিষ্ঠসংখ্যক লোকে ইয়াত মেট্ৰোৰে’লহে ব্যৱহাৰ কৰে। পেৰিছ মহানগৰ আৰু ইয়াৰ উপকণ্ঠ সংযোগী মুঠতে ১৪টা মেট্ৰো ৰে'লপথ আছে। প্ৰতিটো ৰে'লপথ দুটা ষ্টেচনৰ মাজত অৱস্থিত। এইবোৰক আমি M-1, M-2, M-3 আদিৰে অভিহিত কৰিছো। অৱশ্যে মেট্ৰোৰে’লপথসমূহৰ জংচনো বহু আছে। পেৰিছৰ উপকণ্ঠ অঞ্চলত দ্ৰুতগামী যাতায়াতৰ বাবে আছে আঞ্চলিক ৰেল RER, RER-A, RER-B আদি এই ৰে'লপথ আছে মুঠতে ৫ টা। দুইমূৰে থকা দুটা ষ্টেচনৰ মাজত অৱস্থিত RER ৰেলপথত ষ্টেচনৰ সংখ্যা কম আৰু এই ৰে’লসমূহ দ্ৰুতভাৱে যাতায়াত কৰে। ইয়াৰ [ ২২ ] উপৰি মহানগৰীৰ ভিতৰত থকা ৫ টা ৰে’ল ষ্টেচনৰ পৰা ফ্ৰান্সৰ মূল ৰে’লপথৰ ৰে’ল SNCF আৰু অতি দ্ৰুতগামী য়ুৰোৰে’ল—য়ুৰোষ্টাৰ আৰু চুম্বকীয় ৰে’ল— TGV সমূহ চলাচল কৰে। এইবোৰ সাধাৰণতে ফ্ৰান্সৰ আন ঠাইলৈ বা ইউৰোপৰ আন দেশসমূহলৈ যাবলৈ ব্যৱহাৰ কৰা হয়। মানচিত্ৰখন চাই বুজিলো যে, পেৰিছৰ ভিতৰত ঘূৰিবলৈ আটাইতকৈ সুবিধাজনক ব্যৱস্থা হ'ল মেট্ৰোৰে’ল, আৰু ইয়াৰ দ্বাৰা পেৰিছৰ যিকোনো এখন স্থানৰ পৰা যিকোনো এখন স্থানলৈ যাবলৈ আধা ঘণ্টাতকৈ বেছি সময় নালাগিব লাগে। তদুপৰি মানচিত্ৰখনত মহানগৰীৰ মুখ্য দৰ্শনীয় স্থানসমূহ স্পষ্টভাৱে অংকিত কৰি দিয়াৰ উপৰি এইবোৰৰ সম্পৰ্কে চমু ব্যাখ্যাও দিয়া আছে। ইয়াৰ নটইডাম গীৰ্জাৰ উপৰি আন কিছুমান দৰ্শনীয় স্থান হ’ল—লুভ সংগ্ৰহালয়, ইফেলস্তম্ভ, আৰ্ক দু ত্ৰিয়মফ তোৰণ, আৰজে মেটিয়ে টেকনিকছ সংগ্ৰহালয়, ফ্ৰান্সৰ জাতীয় পুথিভঁৰাল, বোৱা দু ভেঁচ বননি, বোৱা দুব’লন বননি, চঁ‌ত্ৰ জৰ্জ পপিডুকলা সংগ্ৰহালয়, চিমেটিয়ে দু পেৰ লাশ্যেজ কবৰস্থান, চিয়ে দু চিয়ঁ‌চ বিজ্ঞান সংগ্ৰহালয়, চিটে দু লা মিউজিক আমোদ উদ্যান, পুৰণি হোটেল ওটেল দু ভিল লেজাঁ‌ভালিছ সংগ্ৰহালয়, অস্ত্ৰ সংগ্ৰহালয়, ডা অৰছে সংগ্ৰহালয়, বাষ্টি ঈ জাতীয় অপেৰাগৃহ, গাৰ্নিয়ে জাতীয় অপেৰা গৃহ, বাগাটেল উদ্যান, অঁদ্ৰে চিত্ৰআঁ উদ্যান, পুষ্প উদ্যান, পালাই দু কংগ্ৰেছ প্ৰদৰ্শনী গৃহ, চাৰ্জে ব্যুৰ দুমমা বাছিলিক, লা প্লেন ষ্টেডিয়াম, মঁপাৰ নাছ স্তম্ভ ইত্যাদি। মানচিত্ৰখনৰ অধ্যয়নৰ পৰা পেৰিছখন এবাৰ ভ্ৰমণ কৰা যেন অনুভৱ কৰিলো। ইতিমধ্যে ৰাতি বহু গভীৰ হৈছিল। টোপনিয়ে ভালদৰে হেঁচি ধৰিছিল আৰু পেৰিছ মহানগৰীত দ্বিতীয় ৰাতিৰবাবে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

 গতানুগতিকভাৱে বিশ্ববিদ্যালয়ৰ পৰা একৰ্ড হোটেললৈ গৈ ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰিলো। হোটেলতে পৰমাৰ আৰু কুমাৰক লগ পালো। আগৰ পৰিকল্পনা অনুযায়ী চাৰিওজনে ইফেল স্তম্ভ দৰ্শনৰ বাবে খোজ ল’লো৷ পৰিষ্কাৰ পদপথেৰে খোজকাঢ়ি কেবাবাৰো পকী আলিবাট পাৰ হৈ প্ৰকাণ্ড উদ্যানখনত উপস্থিত হ’লো। আগদিনা অহাবাবে বাট চিনাত কোনো অসুবিধা নহ’ল। অৱশ্যে পেৰিছৰ প্ৰায় সকলো অঞ্চলৰপৰা দেখা পোৱা এই স্তম্ভটোৰ ওচৰলৈ যোৱাটো একেবাৰে সহজ—যিপিনে দেখা যায়, সেইপিনে গৈ থাকিলেই হ’ল। ১৮৮৯ খ্ৰীষ্টাব্দত পেৰিছত অনুষ্ঠিত বিশ্ব প্ৰদৰ্শনী উপলক্ষ্যে লো-তীখাৰে সাজি উলিওৱা ৩০০ মিটাৰ ওখ স্তম্ভটো সেইসময়ত বিশ্বৰ সৰ্বোচ্চ স্থাপত্য আছিল। আলেকজেণ্ডাৰ গুষ্টাভ ইফেলে সাজি উলিওৱা এই স্তম্ভ পেৰিছৰ এক গৌৰৱৰ চিহ্ন আৰু সমগ্ৰ ফ্ৰান্স তথা ইউৰোপৰ গৰ্বৰ বস্তু। তিনি মহলীয়া এই স্তম্ভৰ একেবাৰে ওপৰ মহলাৰ পৰা পেৰিছ আৰু ফ্ৰান্সৰ প্ৰায় ৭০ [ ২৩ ] কিলোমিটাৰ ব্যাসাৰ্ধৰ এক বৃহৎ অঞ্চলৰ দৃশ্যাৱলী উপভোগ কৰিব পৰা যায়। প্ৰথম দুমহলা লিফটেৰে উঠিব পাৰি বা খোজকাঢ়িও উঠিব পাৰি। দুমহলাৰ পৰা বেলেগ এখন লিফটেৰে একেবাৰে তিনি মহলালৈ উঠিব পাৰি। টিকটৰ হাৰ হ’ল দুমহলালৈ খোজকাঢ়ি ৩ ইউৰো, লিফটেৰে ৬ ইউৰো। দুমহলাৰ পৰা একেবাৰে ওপৰলৈ পুনৰ ৩ ইউৰো। কুমাৰে স্তম্ভটোৰ ওপৰলৈ উঠিবলৈ ইচ্ছা নকৰিলে। পৰমাৰ দুতলালৈ খোজকাঢ়ি গ'ল। সিং আৰু মই প্ৰথমে দুতলালৈ লিফটেৰে গ'লো। বেলেগ লিফট সংগ্ৰহালয়ৰ দৰে বিভিন্ন বস্তু সজাই থোৱা আছে। লগতে ইফেল স্তম্ভৰ গঠন, ইয়াৰ ইতিহাস আদি সম্পৰ্কে বিভিন্ন তথ্য সন্নিবিষ্ট আলোকচিত্ৰ আদিও সজোৱা আছে। অৱশ্যে সময়ৰ অভাৱত সেইবোৰ খুব ভালদৰে চোৱা নহ’ল। একেবাৰে ওপৰৰ পৰা সমগ্ৰ পেৰিছ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অপূৰ্ব দৃশ্যাৱলী দেখিলো। সুদূৰ ভাৰতবৰ্ষৰ একেবাৰে পূৰ্বপ্ৰান্তৰ অসমৰ অতি ভিতৰুৱা গাঁও নপামৰ পৰা আহি বিশ্বৰ অন্যতম ঐতিহ্যমণ্ডিত পেৰিছ মহানগৰীৰ অতি বিখ্যাত স্থাপত্য ইফেল স্তম্ভৰ ওপৰৰ পৰা দৃশ্যাৱলী উপভোগ কৰিব পৰাটো খুব আচৰিত যেন লাগিল! আধাঘণ্টামান তাত কটাই বহুতো আলোকচিত্ৰ গ্ৰহণ কৰি দুয়ো নামি আহি তলত বেঞ্চত বহি থকা কুমাৰৰ ওচৰলৈ আহিলো। ইতিমধ্যে পৰমাৰো আহি পাইছিল। আপেল, কমলা, পাওৰুটি, জেলী, কল আদিৰে দুপৰীয়া বা আবেলিৰ আহাৰ কৰা হ'ল।

 ঠিক ইফেল স্তম্ভৰ দৰে ঐতিহ্যমণ্ডিত নহ'লেও আধুনিক যুগত সজা এনে ধৰণৰ বহু স্তম্ভ ইউৰোপ বা আমেৰিকাৰ উন্নত দেশসমূহত আছে। জাৰ্মানীত থকা কালত ডৰ্টমুণ্ড নগৰত থকা এনে স্তম্ভৰ ওপৰলৈকো গৈছো। এনে বহুবোৰ স্তম্ভ বহুমুখী কামত ব্যৱহাৰ কৰা হয়। কিছুমানৰ ওপৰত টিভি, ৰেডিঅ’ বা মাইক্ৰৱেভ এন্টেনা থাকে। কেতিয়াবা ওপৰত ঘূৰ্ণীয়মান ৰেষ্টোৰা বা আলোকগৃহ থকাও দেখা যায়। তদুপৰি এইবোৰৰ ওপৰলৈ যাবৰ বাবে টিকট কটাৰ ব্যৱস্থা কৰি চৰকাৰ বা ইয়াৰ মালিকীস্বত্ব থকা প্ৰতিষ্ঠানসমূহে বেছ আয় কৰাও দেখা যায়। ইফেল স্তম্ভয়ো প্ৰতিদিনে সমগ্ৰ বিশ্বৰে অসংখ্য দৰ্শনাৰ্থীৰ পৰা বুজন পৰিমাণৰ অৰ্থ আয় কৰা দেখিলো। আমাৰ অসমৰে অন্ততঃ গুৱাহাটীৰ টিভি এন্টেনা থকা স্তম্ভটো এনে বহুমুখী আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু তাৰ বাবে কিছু চিন্তা আৰু তাক কাৰ্যকৰী কৰাৰ বাবে উৎসাহৰ প্ৰয়োজন। এনে উৎসাহ অসমবাসীৰ আছেনে?

 ইফেল স্তম্ভৰ দৰ্শন শেষ কৰি পুনৰ ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। কেইটামান মোৰ বিষয়ৰ বক্তৃতা শুনিলো। আবেলি ৬-৩০ বজাত ঘৰলৈ টেলিফোন কৰিলো— ভাৰতত তেতিয়া নিশা ১০ বাজিছে। ফ্ৰান্স আৰু ভাৰতৰ সময়ৰ পাৰ্থক্য চাৰে তিনি [ ২৬ ] ঘণ্টা। এইবাৰ আমি ‘চাৰিসিদ্ধ’ই পুনৰ ওলালো পেৰিছৰ পৰ্যটন বিভাগৰ কাৰ্যালয় বিচাৰি। শ্যাৰ্ল দি গোল—এতোৱাল ৰে’ল ষ্টেচনৰ কাষত পৰ্যটন বিভাগৰ কাৰ্যালয় অৱস্থিত। মানচিত্ৰৰ পৰা গম পালো যে, M-6ৰ এটা মূৰৰ আস্থান হ’ল এই ষ্টেচনটো। গতিকে কামব্ৰন ষ্টেচনৰ পৰা M-6ৰে গৈ শ্যাৰ্ল দি গোল—এতোৱাল ষ্টেচন পালো। ওচৰতে আছিল যদিও বহু ৰাস্তাৰ সংগমস্থলী হোৱা বাবে পৰ্যটন বিভাগৰ কাৰ্যালয় বিচাৰি উলিওৱাত যথেষ্ট কষ্ট হ’ল। আমি উপস্থিত হোৱা সময়ত কাৰ্যালয় বন্ধ হ’বৰ সময় হৈছে, কৰ্মচাৰীবোৰ যাবৰ বাবে বেছ ব্যস্ত! কাৰবাৰটো আমাৰ চৰকাৰী কাৰ্যালয়ৰ দৰেই লাগিল। ইয়াত বিনামূলীয়াকৈ বিতৰণ কৰা পেৰিছ তথা ফ্ৰান্সৰ বিভিন্ন ধৰণৰ মানচিত্ৰ আৰু পুস্তিকা আছিল। মই কেইখনমান ল’লো। পৰমাৰে ফ্ৰান্সৰ কৃষিপাম আৰু খেতিপথাৰ সম্পৰ্কীয় তথ্য অনুসন্ধান কৰিলে যদিও ইয়াৰ কৰ্মচাৰীবোৰ এই সম্পৰ্কে বেছি অবগত নহয় যেন অনুভৱ হ’ল। তেওঁলোকৰ মতে মুখ্য চাবলগা বস্তুসমূহ পেৰিছ মহানগৰীৰ ভিতৰতে আছে। কাৰ্যালয়ৰ বাহিৰতে কেবাটাও আলিবাটৰ সংগমস্থলটোতে আছে আৰ্ক-দু ত্ৰিয়মফ তোৰণ। দেখাত আমাৰ নতুন দিল্লীৰ ইণ্ডিয়া গেট বা মুম্বাইৰ গেটৱে অব ইণ্ডিয়াৰ দৰে এই তোৰণখন সজা হৈছিল ঊনবিংশ শতিকাৰ আৰম্ভণিতে আৰু ই সেই সময়ৰ ফৰাছী স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। বিশাল আকাৰৰ এই তোৰণৰ পৃষ্ঠভাগত বিভিন্ন সুন্দৰ প্ৰকাণ্ড ভাস্কৰ্যও সংযোজিত কৰা হৈছে। ইতিমধ্যে সন্ধিয়া ৯ মান বাজিল, আকাশত তেতিয়াও সূৰ্য! ভাগৰ লগাত চাৰিওজনে ওভতনি যাত্ৰা কৰি আমাৰ নিজ নিজ বাসস্থান পালো। সিদিনাৰ বাবে ৰাতি ওলাই যোৱাৰ পৰিকল্পনা পৰিত্যাগ কৰি বিছনাত পৰিলো।

 গতানুগতিকভাৱে ৰাতিপুৱা সিঙৰ লগত একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয় গলো৷ মোৰ বাবে আৱশ্যকীয় বক্তৃতা থকাত প্ৰায় সমগ্ৰ আগবেলাটো সন্মিলনত উপস্থিত থাকিলো। পাচবেলা আগৰ দৰে চাৰিওজনে খোজকাঢ়ি ফুৰিবলৈ ওলালো। ইউনেস্কোৰ কাৰ্যালয়ৰ পৰা উত্তৰলৈ খোজকাঢ়ি গৈ আমি পালো লেজাঁভালিদ। ই পেৰিছ মহানগৰীৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। ইয়াৰ ভিতৰত এটি সামগ্ৰিক সংগ্ৰহালয় আৰু এটি সুন্দৰ গীৰ্জা আছে। গীৰ্জাটোৰ ওপৰ অংশ সোণালী ৰঙেৰে তিৰবিৰাই আছে। গীৰ্জাৰ ভিতৰত প্ৰথম নাপালেয়ঁৰ সমাধি আছে। লেজাঁভালিদৰ পৰা ওলাই আমি ক্ৰমে উত্তৰলৈ ছিয়েন নদীৰ পাৰলৈ আগবাঢ়ি গ’লো। প্ৰশস্ত ৰাজপথ, গাড়ীৰ সংখ্যা কিন্তু খুব বেছি নহয়। দুয়োফালে দুশাৰী প্ৰকাণ্ড ওখ ওখ স্তম্ভ—ওপৰত জিকমিক কৰি থকা সোণালী ৰঙেৰে বোলোৱা অপৰূপ ভাস্কৰ্য! ভাস্কৰ্যসমূহ গ্ৰীক দেৱ-দেৱীৰ মূৰ্তি যেন লাগিল। ছিয়েন নদীৰ পাৰ [ ২৭ ] পালো, এখন দলঙেৰে পাৰ হৈ সিটো পাৰ পালো। ছিয়েন নদীৰ ওপৰত বহুকেইখন দলং আছে। কিছুমান আধুনিক, কোনো কাৰুকাৰ্য নাই। কিন্তু বেছিভাগেই প্ৰাচীন, বেছ কাৰুকাৰ্যখচিত। দলঙৰ গাত, খুটাত বিভিন্ন ভাস্কৰ্য! সিঙে নাৱত উঠি এপাক ঘূৰিবলৈ খুব মন কৰিলে। বিশাল ব্ৰহ্মপুত্ৰ নদীৰ দেশৰ মানুহ হিচাপে ছিয়েন নদীয়ে অৱশ্যে মোৰ বাবে কোনো আকৰ্ষণীয়তা কঢ়িয়াই আনিব নোৱাৰিলে। তথাপি গোটেই ব্যৱস্থাটো চাবৰ বাবে চাৰিওজন এখন নাৱত উঠি বহিলো। নাওখনে ছিয়েন নদীৰ পেৰিছ মহানগৰীৰ মাজেৰে যোৱা অংশটোত এপাক মাৰি ১২টা মান ঘাট স্পৰ্শ কৰি পুনৰ আৰম্ভণিৰ স্থানলৈকে ঘূৰি আহে। এপাক উঠাৰ বাবে টিকটৰ দাম প্ৰায় ১০ ইউৰো। কাৰ্টে অৰেঞ্জ থকা বাবে আমাৰ প্ৰত্যেকৰে টিকটৰ দাম হ’ল ৭ ইউৰোকৈ। ইয়াৰ ঘাটবোৰ এনেদৰে সজোৱা হৈছে যাতে প্ৰায় প্ৰতিটো ঘাটৰ কাষতে একোটা দৰ্শনীয় বস্তু আছে। ছিয়েন নদীত বেলেগ বেলেগ সময়ত চলা বেলেগ বেলেগ নাৱত দেখিলো। ৰাতি চলাচল কৰা কিছুমান নাৱতে আকৌ গৈ থাকোতে উজ্জ্বল আলোকেৰে বিভিন্ন দৰ্শনীয় বস্তু আলোকিত কৰিও যায়। ছিয়েন নদীৰ পাৰৰ পৰা সমগ্ৰ পেৰিছ মহানগৰীৰ সৌন্দৰ্য চাই চাই আমি বিভিন্ন ঘাট স্পৰ্শ কৰি শেষত লুভ সংগ্ৰহালয়ৰ ঘাটটোত নামি পৰিলো। এই নৌকা যাত্ৰাই যেনেদৰে বিশ্বৰ এক ঐতিহ্যমণ্ডিত মহানগৰীৰ সৌন্দৰ্য থাউকতে উপভোগ কৰাৰ আনন্দ প্ৰদান কৰিলে, তেনেদৰে আমাৰ অসমবাসীৰ অকৰ্মণ্যতাৰ অনুভৱে বেদনাও প্ৰদান কৰিলে। অসমৰ আন অঞ্চলৰ কথা বাদ দিলেও গুৱাহাটী মহানগৰীৰ চৌদিশে ব্ৰহ্মপুত্ৰ নদীৰপৰা দৰ্শন কৰিব পৰা অসংখ্য সৌন্দৰ্যময় বস্তু আছে। ৰাতিপুৱাই হওক, আবেলিয়েই হওক, বা ৰূপালী জোনাক ৰাতিয়েই হওক, সমগ্ৰ ব্ৰহ্মপুত্ৰই যেন এক অতুলনীয় সৌন্দৰ্যৰ আকৰ। উপযুক্ত প্ৰচাৰ আৰু উন্নত সা-সুবিধাযুক্ত নাৱৰ ব্যৱহাৰেৰে এই ব্ৰহ্মপুত্ৰ বিহাৰ ব্যৱস্থাটোকে অতি আকৰ্ষণীয় কৰি তুলিব পাৰি আৰু তাৰ পৰা চৰকাৰ বা কোনো অনুমোদিত অনুষ্ঠানে এক বৃহৎ পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰাৰ এক সম্ভাৱনীয়তা গঢ়ি তুলিব পাৰি। যোৱা কেইবছৰমানৰ ভিতৰত এনে ধৰণৰ সৰু-সুৰা নৌকাবিহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও বিশাল ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাৰ তুলনাত এনেবোৰ ব্যৱস্থা একেবাৰেই নগণ্য। সঁচা কথা ক'বলৈ গ’লে কেবল আমাৰ কৰ্মোদ্যমহীনতা, দূৰদৃষ্টিহীনতা আৰু চিন্তাৰ অভাৱেই আজি এই বৃহৎ সম্ভাৱনীয়তাক সুপ্ত কৰি ৰাখিছে।

 লুভ সংগ্ৰহালয়ৰ ওচৰ পাই বাকীকেইজনে সোমাবলৈ ইচ্ছা কৰা নাছিল যদিও এই বিশ্ববিখ্যাত সংগ্ৰহালয়ৰ ইমান ওচৰ পাই এবাৰ নোসোমাৱাকৈ যাবৰ মন নগ’ল। গোটেই সংগ্ৰহালয়টো অতি বিশাল। তিনিটা বিশাল দীঘলীয়া দুমহলীয়া অট্টালিকা [ ২৮ ] এটা আয়তৰ তিনিটা বাহুত আছে। চতুৰ্থ বাহু থকা ঠাইত এখন বিশাল চোতাল আৰু উদ্যান। সমুখত চাৰিওফালে পাৰ বান্ধি ৰখা এটা তৰাং পুখুৰী, কিছুমান আমাৰ ইয়াৰ পাতিহাঁহৰ দৰে হাঁহ চৰি আছে। অট্টালিকাকেইটা অৱশ্যে বেছি কাৰুকাৰ্যখচিত নহয়। চোতালৰ মাজভাগত হয় আইনা বা স্বচ্ছ প্লাষ্টিকেৰে তৈয়াৰী কেইটামান পিৰামিড আকৃতিৰ ঘৰ। দৰাচলতে মূল সংগ্ৰহালয় প্ৰবেশ পথ ভূতলত অৱস্থিত। এটা পিৰামিড ভূতললৈ প্ৰবেশ পথহে। যাবলৈ ইচ্ছা নকৰাত কুমাৰ আৰু সিঙক বাহিৰত থৈ পৰমাৰ আৰু মই পিৰামিডৰ ভিতৰ পালো। গতিশীল চিৰিৰে নামি গৈ ভূগৰ্ভৰ মহলাটো পালো। ভিতৰত এখন বেলেগ পৃথিৱী! বিভিন্ন দেশৰ বিভিন্ন মানুহ ভিতৰৰ বিশাল মজিয়াখনত ভৰি আছে। মাজত আদৰণি কক্ষ। আদৰণি কক্ষত ইংৰাজী, চীনা, জাৰ্মান, ফৰাছী, ইটালীয়, স্পেনিছ, গ্ৰীক আদি বিভিন্ন ভাষাত লুভ সংগ্ৰহালয়ৰ পৰিচয়জ্ঞাপক পুস্তিকা দেখিলো৷ ইংৰাজী ভাষাৰ পুস্তিকা এখন ল’লো। সংগ্ৰহালয় মুকলি থকা সময় ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫-৩০ বজালৈ। সোমবাৰে বেছি সময়লৈ খোলা থাকে। টিকটৰ হাৰ আবেলি ৩ বজাৰ আগতে ৭.৫ ইউৰো আৰু ৩ বজাৰ পাচত ৫ ইউৰো।মূল সংগ্ৰহাললৈ সোমোৱাৰ আগতে বাহিৰৰ ভূগৰ্ভ মহলাত কিতাপ, সজোৱা বস্তু, ভাস্কৰ্যৰ আৰ্হি, ছবি আদি বিভিন্ন বস্তুৰ প্ৰকাণ্ড দোকান আছে। ইয়াৰ উপৰি ৰেষ্টোঁৰা, বস্তু ৰখা কোঠা, শৌচ-প্ৰস্ৰাৱাগাৰ আদি সকলো সা-সুবিধা আছে। ভিতৰত বেছ কিছু সময় ঘূৰিপকি পাচদিনা সংগ্ৰহালয়ৰ ভিতৰত প্ৰবেশ কৰাৰ পৰিকল্পনা লৈ ওলাই আহিলো। চাৰিওজনে ওচৰে-পাজৰে কিছু খোজ কাঢ়িলো। সংগ্ৰহালয়ৰ সমুখতো কিছুমান ভাৰতীয় লোকে বিভিন্ন খেলনা, সজোৱা বস্তু, উপহাৰ দিয়া সামগ্ৰী আদি বিক্ৰী কৰি আছিল। তেওঁলোকেও এই ব্যৱসায় বেছ লাভজনক বুলিয়েই ক’লে। অৱশ্যে তেওঁলোকেও আৰু ক’লে যে, এনেদৰে বস্তু বিক্ৰী কৰা বেআইনী। পেৰিছৰ আলিবাটৰ দাঁতিয়ে দাঁতিয়ে, য’তে-ত’তে সৰু–বৰ বিভিন্ন উদ্যান। প্ৰতিখন উদ্যানতে সেই সময়ত উজ্জ্বল ৰঙৰ বিভিন্ন ফুল ফুলি আছিল। উদ্যানসমূহ বেছ ভালদৰে প্ৰতিপাল কৰি ৰখা হৈছে আৰু এইবোৰত ফুলৰ লগতে বহু ডাঙৰ ডাঙৰ গছো আছে। বাহিৰৰ সা-সুবিধাও আছে। সন্ধিয়া ৯ মান বাজিল। বহুসময় ঘূৰি পৰি ভাগৰো লাগিল, আৰু চাৰিওজনে মেট্ৰোৰে’লেৰে নিজ নিজ বাসস্থানসমূহলৈ ঘূৰি আহিলো। ৰাতি লুভ সংগ্ৰহালয়ৰ পুস্তিকাখন কিছু পঢ়িলো আৰু অতি সোনকালে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

  পিচদিনা গতানুগতিকভাৱে সিঙৰ লগত একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। সন্মিলনৰ কেইটামান বক্তৃতা শুনিলো। পৰমাৰ [ ২৯ ] আৰু কুমাৰক লগ পোৱা নাই। গতিকে সিঙৰ লগত এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় বিচাৰি ওলালো। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনা দিল্লীতেই লৈ থৈছিলো—৫ নম্বৰ ৰু দু কলনিজ, পেৰিছ-২। সন্মিলনৰ অভ্যৰ্থনা কক্ষত সুধি গম পালো যে, ঠাইখিনি M-3ৰ বুৰ্চ ষ্টেচনৰ ওচৰত অৱস্থিত। কিন্তু M-3ৰ ষ্টেচন ইউনেস্কোৰ কাৰ্যালয়ৰ ওচৰত নাই। গতিকে M-6, M-1 আৰু M-4ৰে বগাই গৈ শেষত M-3ত উঠিলো। কিন্তু ৰে’লখনৰ দুৱাৰমুখতে থকা ৰে’লপথ নিৰ্দেশক চিত্ৰটোৰ পৰা গাম পালো যে, মেৰামতি চলি থকা বাবে বুৰ্চ ষ্টেচন বন্ধ। গতিকে দুয়ো কাঁত ছেপ্তেম্ব নামৰ ষ্টেচনটোত নামি পৰিলো। আচৰিতভাৱে বুৰ্চ ষ্টেচনটো যে মেৰামতিৰ বাবে বন্ধ, সেই কথা স্পষ্টকৈ লেখি ৰখাৰ উপৰি, বুৰ্চ ষ্টেচনত পাব পৰা সকলো সা-সুবিধা, তথ্য, মানচিত্ৰ আদি এইটো ষ্টেচনতে ৰখা হৈছে। M-3ৰ প্ৰতিখন ৰে’লৰ প্ৰতিটো দবাতে এই কথা লেখা আছে। পেৰিছবাসী তথা মহানগৰ কৰ্তৃপক্ষৰ দূৰদৃষ্টি আৰু সূক্ষ্মচিন্তা তবধ মানিবলগীয়া! এনে ধৰণৰ কামৰ বাবে কোনো ধন বা প্ৰযুক্তি নালাগে, লাগে মাথো চিন্তা কৰাৰ ক্ষমতা আৰু সামান্য দেশপ্ৰেম! আমি উপস্থিত হোৱা কাঁড ছেপ্তেম্ব ষ্টেচনত মানচিত্ৰ চাই আমি ৰু দু কলনিজ আলিবাটটো বিচাৰি উলিয়ালো। সেই হিচাপে গৈ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় পালো। সিং আৰু মোৰ ওভতনি যাত্ৰাৰ টিকট ৰিকনফাৰ্মড কৰিলো। দুপৰীয়া মোৰ গৱেষণাপত্ৰৰ পোষ্টাৰ প্ৰদৰ্শন কাৰ্যসূচী থকা বাবে পুনৰ লৰালৰিকৈ উভতি আহি ইউনেস্কোৰ কাৰ্যালয় পালো৷ ঘূৰি আহি পৰমাৰ আৰু কুমাৰক লগ পালো। এনে ধৰণৰ বৃহৎ আন্তৰ্জাতিক সন্মিলনসমূহত অংশ গ্ৰহণকাৰীৰ সংখ্যা অতি বেছি হোৱা বাবে, বেছিভাগ অংশগ্ৰহণকাৰীয়ে গৱেষণাপত্ৰসমূহ পোষ্টাৰ আকাৰে প্ৰদৰ্শন কৰিব লগা হয়। মৌখিক বক্তৃতাৰ বাবে অতি কম সংখ্যক জ্যেষ্ঠ বিজ্ঞানীয়েহে সুবিধা পায়। অৱশ্যে ইয়ে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে। নিৰ্দিষ্ট ঠাইত আমাৰ চাৰিওজনৰ পোষ্টাৰসমূহ লগালো। নিয়ম অনুযায়ী পোষ্টাৰবোৰৰ কাষত এঘণ্টামান থিয় হৈ থাকিব লাগে আৰু কোনোবাই কিবা সুধিলে উত্তৰ দিব লাগে। প্ৰায় দুঘণ্টামান তাত থাকি আমি আজৰি হ’লো। বিভিন্নজনে আমাৰ পোষ্টাৰসমূহ চালে, আমিও বিভিন্নজনৰ পোষ্টাৰসমূহ চালো। পদাৰ্থবিজ্ঞানৰ কিমান যে বিচিত্ৰ বিষয়ৰ ওপৰত বিশ্বৰ বিভিন্ন প্ৰান্ত মানুহে বেলেগ বেলেগ ধৰণে অধ্যয়ন কৰি আছে—তাক ভাবিলে বিস্ময় মানিব লাগে! এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনবোৰত এই কথা বেছিকৈ উপলব্ধি কৰিব পাৰি।

 কুমাৰৰ পৰিকল্পনা হ’ল পেৰিছৰ পৰা লণ্ডনলৈ যোৱা। গতিকে তেওঁ আন্তৰ্দেশীয় ৰে’ল য়ুৰোষ্টাৰৰ পেৰিছৰ পৰা লণ্ডনলৈ এটা টিকট কিনিলে। টিকট ইউনেস্কোৰ [ ৩০ ] কাৰ্যালয়তে কাটিব পাৰি, প্ৰায় ২৫০ ইউৰো পৰিল। আমি আলোচনা কৰিলো, কাৰবাৰটো লাভজনক নহ’ল। তাতকৈ দিল্লী বা মুম্বাইৰ পৰাই পেৰিছ হৈ লণ্ডনলৈ টিকট কাটিলেই লাভ হ’লহেঁতেন বোধহয়। পিচে এতিয়া আৰু উপায় নাই। অৱশ্যে পৰমাৰ আমাৰ লগত ঘূৰি যাব। গতিকে পৰমাৰৰ টিকটটোত ৰিকনফাৰ্মড কৰিব লাগিব। গতিকে পুনৰ বিভিন্ন মেট্ৰোৰে’ল বগাই পুনৰ ৰু দু কলনিজ পালো। পৰমাৰৰ টিকটটোও ৰিকনফাৰ্মড কৰিলো। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা ওলাই আহোতে বাহিৰত এখন সৰু গ্ৰাম্য বজাৰ দেখিলো। ভিতৰত সোমাই দেখিলো সেইখন এখন ঘৰুৱা হাট। বিভিন্ন পৰিয়ালে তেওঁলোকৰ বিভিন্ন পুৰণি বস্তু বিক্ৰী কৰিবলৈ আহিছে। বিভিন্ন চকুত লগা পুৰণি ছবি, মুদ্ৰা, বাচন, পুতলা, ফুলদানি, সঁফুৰা, ডাক টিকট, খেলনা, কিতাপ, আলোচনী, ঘড়ী, বটল, গহনা, সাজ-পোছাক, আচবাব, বাকচ ইত্যাদি ইত্যাদি অসংখ্য বস্তুৰ বিচিত্ৰ সমাহাৰ! বস্তুবোৰ পুৰণি যদিও বেছ সুন্দৰ আৰু মানসম্পন্ন, বস্তুবোৰ ৰাখিছেও সুন্দৰকৈ। বস্তুবোৰৰ দাম কিন্তু কম নহয়। তথাপি মানুহে কিনি নিছে। হয়তো পেৰিছবাসীৰ পুৰণি বস্তু সংগ্ৰহ কৰা আৰু সজোৱাৰ এটি চখো আছে। এই হাটখন আৰু ইয়াত প্ৰদৰ্শিত বস্তুসমূহে ফৰাছীসকলৰ সভ্যতাৰ এটি জিলিঙনি দাঙি ধৰা বুলি ক'ব পাৰি। অৱশ্যে আমাৰ একো বস্তু কিনা নহ’ল। তাৰপৰা M-3ৰে অপেৰা ষ্টেচনলৈ আহিলো। তাৰ পৰা M-7ৰে আহি পালাই ৰয়েল— মিউজে দু লুভ ষ্টেচনত নামিলো। ষ্টেচনৰ পৰা ওলায়েই সমুখত বিশ্ববিখ্যাত লুভ সংগ্ৰহালয়।

 লুভ বিশ্বৰ অন্যতম বৃহৎ আৰু বিখ্যাত কলা সংগ্ৰহালয়। ষোড়শ শতিকাত মাজভাগৰ ফ্ৰান্সৰ ৰজা প্ৰথম ফ্ৰান্সিছে আৰম্ভ কৰা এই সংগ্ৰহালয়টোৱে পৰৱৰ্তী সময়ত অসংখ্য মূল্যবান সংগ্ৰহ আহৰণ কৰি বিশ্ববিখ্যাত হৈ উঠে। সমগ্ৰ সপ্তদশ শতিকাজুৰি ইউৰোপত ফৰাচীসকলে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংগ্ৰহৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। প্ৰধানকৈ ফৰাছী, ইটালীয় আৰু গ্ৰীক সংগ্ৰহ থকা এই সংগ্ৰহালয়ত ইজিপ্তীয় সংগ্ৰহ আৰম্ভ কৰে প্ৰথম নাপালেয়ঁই। ঊনবিংশ শতিকাৰ মাজভাগত তৃতীয় নাপালেয়ঁৰ ৰাজত্বকালত লুভ সংগ্ৰহালয়ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠে আৰু ইয়াৰ সংগ্ৰহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পায়। কুৰি শতিকাৰ শেষৰ পিনে ফৰাছী চৰকাৰে ইয়াৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ এক বৃহৎ কাৰ্যসূচী হাতত লয় আৰুই বিশ্বৰ ভিতৰতে এক বৃহৎ তথা আধুনিক সংগ্ৰহালয় হৈ পৰে। লিওনাৰ্ডো ডা ভিন্সিৰ অতি বিখ্যাত চিত্ৰ ‘মনালিছা’ৰ উপৰি আন বহুতো বিশ্ববিখ্যাত চিত্ৰ আৰু ভাস্কৰ্য লুভত আছে। সেইবোৰ বৰ্তমান মুঠতে ৭টা ভাগত ভাগ কৰি ৰখা হৈছে।

[ ৩১ ]  সংগ্ৰহালয়ৰ ব্যৱস্থা আমাৰ জনা আছিলেই। গতিকে আমি চাৰিওজনে প্ৰথমে ভূগৰ্ভৰ মহলাটোলৈ সোমাই গৈ টিকট কাটি ল'লো। ৩-৩০ মান বজাতহে সোমাব পাৰিলো বাবে দুঘণ্টাহে সময় পাম। গতিকে মোৰ প্ৰথম ইচ্ছা হ’ল ‘মনালিছা’খন চোৱা। যিফালে মনালিছা আছে সেইফালেই আগবাঢ়িলো। বেছি আকৰ্ষণীয় বাবে মনালিছা থকা কোঠাটোলৈ পথ নিৰ্দেশ কৰা আছে। কিন্তু ছবিখন ৰাখিছে এটা অট্টালিকাৰ একেবাৰে মূৰৰ এটা কোঠাত। বিভিন্ন আকৰ্ষণীয় চিত্ৰসমূহৰ মাজে মাজে গৈ অৱশেষত আমি নিৰ্দিষ্ট কোঠাটো পালো। এটা ডাঙৰ উকা কোঠাত কেৱল ‘মনালিছা’ ছবিখনেই ৰখা হৈছে। পিচে আন ছবিবোৰৰ তুলনাত এইখন সৰু বুলিয়েই ক’ব লাগিব—বহল ৩ ফুটমান আৰু ওখ ৪ ফুটমান হ’ব। বিশ্বৰ সবাতোকৈ বিখ্যাত ছবিখনৰ দৰ্শনে মোৰ মনত এক বিস্ময় আৰু আবেগমন্থিত ভাল লগা অনুভূতিৰ সৃষ্টি কৰিছিল। ভিৰৰ মাজতে ইয়াৰ এখন আলোকচিত্ৰ গ্ৰহণ কৰি ওলাই আহিলো। প্ৰথমে সোমালো আমি ইটালীয় চিত্ৰকলাৰ সংগ্ৰহৰ মাজত। গ্ৰীক আৰু ৰোমান দেৱ-দেৱীৰ কাহিনীয়েই বেছিভাগ চিত্ৰৰ উপজীব্য। বাইবেলৰ কাহিনীও আছে। বেছিভাগ চিত্ৰই অতি প্ৰকাণ্ড আৰু অত্যন্ত উৎকৃষ্টমানৰ। তাৰ পৰা সোমালো ফৰাছী চিত্ৰকলাৰ সংগ্ৰহত। এইবোৰ তুলনামূলকভাৱে আধুনিক যেন অনুভৱ হ’ল। তাৰ পৰা আহিলো গ্ৰীক ভাস্কৰ্যৰ সংগ্ৰহলৈ। এইবাৰো অতি বাস্তৱসন্মত আৰু সুন্দৰ। এনে কালজয়ী ভাস্কৰ্য গঢ়িবলৈ যে অসীম প্ৰতিভাৰ প্ৰয়োজন, সেয়া সহজেই অনুমেয়। ইয়াৰ উপৰি প্ৰাচীন ইজিপ্ত তথা আন কিছুমান দেশৰ খুচুৰা সংগ্ৰহসমূহৰ সৌন্দৰ্য উপভোগ কৰি থাকোতে সংগ্ৰহালয় সেইদিনাৰ বাবে বন্ধ হ’বৰ হ’ল। অৱশেষত অনিচ্ছা সত্ত্বেও এক মনোৰম অভিজ্ঞতা বুকুত বান্ধি লুভ সংগ্ৰহালয়ৰ পৰা ওলাই আহিলো। মনত পৰিল অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কথা। অৱশ্যে অসমৰ আন বহুতো বস্তুৰ তুলনাত এই সংগ্ৰহালয়ৰ অৱস্থা উন্নত বুলিয়েই ক’ব লাগিব। সংগ্ৰহৰ সংখ্যাও বেয়া নহয়। কিন্তু বাহিৰত থকা বস্তুসমূহ ভালদৰে ৰখা হোৱা নাই। তদুপৰি দৰ্শকৰ সংখ্যা কম, টিকটৰ হাৰো কম।মই ভাবো, উপযুক্ত প্ৰচাৰ আৰু সামান্য অধিক যত্নেৰে এই সংগ্ৰহালয়টো দৈহিক আৰু আৰ্থিকভাৱে বহু বেছি উন্নত কৰি তুলিব পাৰি। জয়পুৰ, মুম্বাই আৰু কলিকতাৰ প্ৰায় একে ধৰণৰ সংগ্ৰহালয়ে বহু বেছি দৰ্শকক আকৰ্ষণ কৰি আৰ্থিক অৱস্থা বেছ টনকিয়াল কৰি ৰখা বিভিন্ন সময়ত নিজেই দেখিছো।

 লুভৰ পৰা চাৰিওজনে লুক্সাঁবুৰ্গ আহিলো। ইয়াত এখন ডাঙৰ সুন্দৰ উদ্যান আছে যদিও সোমোৱা নহ’ল। কিছুমান উপহাৰ সামগ্ৰী কিনিবৰ বাবে বিভিন্ন বিপণীত সোমালো৷ পেৰিছত বৃহৎ বিপণীৰ সলনি বেছিভাগ সৰু সৰু বিপণীয়েই দেখিছো। [ ৩২ ] জাৰ্মানীৰ ডৰ্টমুণ্ড চহৰত অৱশ্যে যথেষ্ট সংখ্যক বৃহৎ বিপণী থকা যেন অনুমান হৈছিল। বিশেষকৈ তাত ক’প বুলি এবিধ বৃহৎ বিপণী বহু ঠাইত দেখিছিলো। পেৰিছত অৱশ্যে সৰু সৰু বিপণীসমূহো বেছ সজাই পৰাই ৰখা দেখিছো। আমি ঘূৰি ফুৰোতে এবাৰ এখন ডাঙৰ বিপণী দেখিলো। খাদ্য, প্ৰসাধন সামগ্ৰী, কিতাপ, আলোচনী, সজোৱা বস্তু, ইলেকট্ৰনিক বস্তু, কাপোৰ আদি দৈনন্দিন লগা সকলো বস্তুৱেই আছে। মই কিছু খাদ্যসামগ্ৰী আৰু ঘৰৰ বাবে কেইটামান আঁতৰৰ বটল কিনিলো। সিং, পৰমাৰ আৰু কুমাৰেও কিবাকিবি কিনিলে। পৰমাৰ আৰু কুমাৰৰ থকা ঠাই তাৰপৰা একেবাৰে ওচৰত, খোজকাঢ়ি যাব পাৰি। সিং আৰু মই তেওঁলোকক লুক্সাঁবুৰ্গত এৰি RER-Bৰে বিশ্ববিদ্যালয়লৈ ঘূৰি আহিলো। অত্যধিক ভাগৰ লাগিছে, বেলেগ কথা চিন্তা নকৰাকৈ নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

 পিচদিনাও গতানুগতিকভাৱে সিঙৰ লগত ওলাই গৈ একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খালো। এইকেইদিন কত কি খাইছো হিচাপ নাই! ভাত বা ভাতসদৃশ বস্তু দেখাও নাই, বিচাৰিও ফুৰা নাই। প্ৰচুৰ খাইছো কল, আপেল, গাখীৰ, সুমথিৰা টেঙা, পাওৰুটি, মাখন, জেলী, চকলেট আৰু নাম নজনা কিবাকিবি! একো দুৰ্বল অনুভৱ কৰা নাই। খোৱাৰ সময়ৰৰ ঠিক নাই— ভোক লাগিলেই খাইছো, ভোক গুচিলেই খাব এৰিছো! পানী আৰু ফলমূল মোৰ নিত্যসংগী শান্তিনিকেতনৰ ৰঙা মোনাটোত সদায় আছেই। মাজতে সিঙে ভাৰতীয় ৰেষ্টোঁৰা বিচাৰি যাব ওলাইছিল। পিচে আমি বাকীকেইজনে কথাটোত সিমান উৎসাহ নিদিলো। একৰ্ড হোটেলৰ পৰা ইউনেস্কোৰ কাৰ্যালয়লৈ গলো। সম্পূৰ্ণ আগবেলাটো সন্মিলনত উপস্থিত থাকিলো। তাৰপৰা ওলাই চাৰিওজনে পুনৰ ইফেল স্তম্ভৰ ওচৰলৈ গ’লো।সকলোৱে মুখ্যতঃ বন্ধু-বান্ধৱীক উপহাৰ দিবৰ বাবে সৰু-সুৰা বস্তু কিনিলো। ঘূৰি আহি সিং আৰু মই বিশ্ববিদ্যালয়লৈ আহিলো, পৰমাৰ আৰু কুমাৰ লুক্সাঁবুৰ্গলৈ গ'ল। বন্দৱস্ত হ’ল, ৰাতি নিশাৰ পেৰিছ চাবৰ বাবে ওলাম। নিজৰ কোঠালৈ আহি অলপ শুই ল’লো। আবেলি ৬মান বজাত উঠি সাজু হ’লো। সিঙৰ লগত ওলাই RER-Bৰে লুক্সাঁবুৰ্গলৈ আহিলো। খোজকাঢ়ি গৈ পৰমাৰহঁতৰ কোঠা পালো। চিৰা, মুৰি, ভুজিয়া, কল, আপেল, পাওৰুটি, মাখন, জেলী, আচাৰ, কেঁচা জলকীয়া, বিলাহী, তিয়হ আদিৰ সংমিশ্ৰণেৰে এক অদ্ভুত খাদ্য গ্ৰহণ কৰিলো। নিশাৰ পেৰিছৰ বাবে নিৰ্বাচন কৰিলো মৌলি ৰৌজ নামৰ বিশ্ববিখ্যাত নৈশ ক্লাব থকা অঞ্চলটো। পেৰিছৰ প্ৰায় সকলোবোৰ পৰ্যটন পুস্তিকাতে এই নৈশ ক্লাবটো আৰু ইয়াত প্ৰদৰ্শিত কেবাৰে নৃত্যৰ প্ৰচুৰ বিজ্ঞাপন আছে। কেবাৰে হ’ল এক প্ৰকাৰ অৰ্ধ উলংগ যৌন আবেদনময় নৃত্য আৰু প্ৰায়বোৰ অভিজাত নৈশ ক্লাবতে [ ৩৩ ] এনে নৃত্যৰ প্ৰদৰ্শনৰ ব্যৱস্থা থাকে। মানচিত্ৰৰ পৰা গম পালো যে মৌলি ৰৌজ নৈশ ক্লাবটো বুল ভাৰ দু ক্লিশ্যি নামৰ আলিবাটটোত অৱস্থিত। নৈশ আহাৰৰ সতে কেবাৰে নৃত্য উপভোগৰ বাবে টিকটৰ হাৰ ১২৫ ইউৰোৰ পৰা ৮০ ইউৰোলৈকে। সন্ধিয়া টিকটৰ হাৰ বেছি, ৰাতিলৈকে কম। অৱশ্যে আমাৰ কাৰোৱেই কেবাৰে নৃত্য চোৱাৰ কথা নাই। পৰমাৰ আৰু কুমাৰৰ কোঠাৰ পৰা ওলাই লুক্সাঁবুৰ্গ ষ্টেচন পালো। RER-Bৰে আহি গাখ দু নৰ ষ্টেচন পালো। তাৰপৰা ভিতৰে ভিতৰে আধা কিলোমিটাৰমান খোজকাঢ়ি লা চেপেল নামৰ আন এটা ষ্টেচন পালো। তাৰ পৰা M-2ৰে আহি প্লাচ দু ক্লিশ্যি ষ্টেচনত নামিলো। ৰাতি, মানে সন্ধিয়া ৯ মান বাজিছে। লাহে লাহে আন্ধাৰো নামি আহিছে। ঠাইখন কেইবাটাও বাটৰ সংগমস্থল। বহু সময় বুলভাৰ দু ক্লিশ্যি ৰাস্তাটো উলিযাব পৰা নাছিলো। দুজনমানক সুধিলো যদিও আমাৰ কথা বুজি পোৱা যেন নালাগিল। ইয়াৰ বেছিভাগ লোকেই ভালদৰে ইংৰাজী বুজি নাপায়। অৱশ্যে যিটো দেখিছো, ইয়াত থকা নিগ্ৰো লোকসকলৰ বেছিভাগেই ইংৰাজী কিছু বুজি পায়। শেষত এজনে ষ্টেচনত থকা মানচিত্ৰখন চাবলৈ ক’লে। সেইখন কিছু সময় চাইহে আচল ৰাস্তাটো ধৰিব পাৰিলো। বুলভাৰ দু ক্লিশ্যিৰে অলপ আগবাঢ়ি যাওতেই দেখিলো–বিজুলী–বাতিৰ বাহাৰ! চৌদিশে যেন আলোকৰ মেলাহে পাতি থৈছে। গোটেই ৰাস্তাটোৰ দুয়োকাষে বিভিন্ন ধৰণৰ নৈশ ক্লাব। বিভিন্ন ধৰণৰ আলোকসজ্জাৰে জকমকাই আছে। আমি পোনতেই মৌলি ৰৌজ বিচাৰি ওলালো। কিছুদূৰ আগবঢ়াৰ পাচতে মানুহৰ ভিৰেই আমাক মৌলি ৰৌজৰ অৱস্থান দেখুৱাই দিলে। মৌলি ৰৌজৰ প্ৰৱেশ পথত মানুহৰ দীঘলীয়া শাৰী, বিভিন্ন দেশৰ বিভিন্ন মানুহ। ল'ৰা-ছোৱালী, ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোক দেখিলো। কেবাৰে নৃত্যৰ আকৰ্ষণ কিয় ইমান বেছি বুজি নাপালো, কোনোবা দিনা উপভোগ কৰিব পাৰিলে হয়তো অনুধাৱন কৰিব পাৰিম। কিছু সময় মানুহৰ ভিৰ চাই বুলভাৰ দু ক্লিশ্যিৰে আগবাঢ়ি গ'লো। যিটো দেখিলো আলিবাটৰ দুয়োকাষে যৌনতাৰ বাহাৰ, যৌনতাৰ বিপণী! যৌনতা ইয়াত যেন এক পণ্যহে। যৌনতা বিভিন্ন ধৰণে উপভোগ কৰিব পৰা বিভিন্ন সা-সুবিধা! ৰাস্তাৰ দুয়োকাষে ব্লু ফিল্মৰ ভিডিঅ’ কেছেট, চিডি, যৌনসৰ্বস্ব কিতাপ, আলোচনী আদিৰ বিপণী, ব্লু ফিল্ম মুকলিভাৱে চাব পৰা ভিডিঅ’ পাৰ্লাৰ বা কথাছবি গৃহ, যৌন সৰ্বস্ব সাজ-পোছাক, সা সঁজুলি আদিৰ বিপণী, কিছু দূৰৰ পৰা সঁচাসঁচি যৌনকাৰ্য দৰ্শন কৰিব পৰা ‘পীপ শ্বো’ গৃহ ইত্যাদি। গোটেই পৰিবেশটো আমাৰ বাবে হাস্যকৰ আৰু আচহুৱা যেন লাগিল। পদপথেৰে আগবাঢ়ি যোৱাৰ লগে লগে বিশেষকৈ বিভিন্ন পীপ শ্ব’গৃহৰ কৰ্মচাৰীসকলে আমাক তেওঁলোকৰ [ ৩৪ ] প্ৰদৰ্শন উপভোগ কৰাবলৈ জোৰ কৰিবলৈ ধৰিলে। কিছুমানে ২০ ইউৰোৰ টিকট ১০ ইউৰোতেই দিবলৈ ওলাল। এটা গাভৰুৰ দলে আকৌ নিজকে অপেশাদাৰী যৌন ক্লাব বুলি ঘোষণা কৰিলে আৰু ৫ ইউৰোৰ বিনিময়তে তেওঁলোকৰ ক্লাবৰ চেক্স শ্ব’ চাবলৈ জোৰ কৰিলে। আমাৰ এজনে মাজতে এই প্ৰদৰ্শন উপভোগ কৰিবলৈ মন কৰিছিল যদিও আমি বাকীবোৰে তেওঁক বাধা দি লৈ আহিলো। অৱশ্যে ক্লাবসমূহৰ কৰ্মচাৰীসকলে আমাক তেওঁলোকৰ প্ৰদৰ্শন চাবলৈ জোৰ কৰিছিল যদিও কোনো টনা-আঁজোৰা বা অভদ্ৰামি কৰা নাছিল আৰু আমি তাত ভয় খাব লগা বা অস্বস্তি পাব লগা কোনো পৰিস্থিতি হোৱা নাছিল। গোটেই পৰিবেশটো বেছ মুকলিমূৰীয়া আছিল আৰু আমাৰ মেলা উপভোগ কৰা যেনহে লাগিছিল। এনে ধৰণৰ মুক্ত যৌনতা উচিত নে অনুচিত সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ থাকিলেও, পেৰিছ মহানগৰীয়ে ইয়াৰ এই নৈশ ক্লাব তথা কেবাৰে নৃত্য বা যৌনতাৰ বিপণীসমূহৰ জৰিয়তে দেশী- বিদেশী অসংখ্য পৰ্যটকৰ পৰাযে প্ৰতিদিনে বেছ আয় কৰিছে তাতো কোনো সন্দেহ নাই। কিন্তু আমি ক’ব নোৱাৰো যে, পেৰিছৰ দৰে আমাৰ গুৱাহাটী মহানগৰীতো নৈশ ক্লাবসমূহ গঢ়ি উঠক, কেবাৰে নৃত্যৰ প্ৰচলন হওক বা যৌনতাৰ বিপণীসমূহ আৰম্ভ হওক। এনেবোৰ উত্তেজনা তথা মাদকতাপূৰ্ণ সামগ্ৰী একোখন সমাজৰ সুস্থ বিকাশত বাধা হৈ নপৰিবলৈ হ’লে সমাজখন শিক্ষা, সংস্কৃতি আৰু সভ্যতাৰ এটা স্তৰ পাব লাগিব আৰু আমাৰ সমাজখন সামগ্ৰিকভাৱে তেনে স্তৰত উপনীত হোৱা বুলি অনুভৱ কৰাটো কঠিন। প্ৰায় সমগ্ৰ ইউৰোপতে কেৱল প্ৰদৰ্শনমূলক যৌনতাহে যে কম-বেছি পৰিমাণে ব্যাপক এনে নহয়, সমগ্ৰ ইউৰোপৰ সমাজসমূহৰে যৌন জীৱন বহুখিনি মুক্ত। দুয়োপক্ষৰ সন্মতি সাপেক্ষে অবাধ দৈহিক সম্পৰ্ক, প্ৰাক বিবাহকালীন যৌন জীৱন, অবৈবাহিক দাম্পত্য জীৱনতাৰ স্বাভাৱিক জীৱনযাত্ৰাৰ অংগ বুলিয়েই ক’ব পাৰি। অৱশ্যে ইউৰোপৰ দৰে উন্নত দেশৰ অঞ্চলত প্ৰচলিত কাৰণেই যে এনেবোৰ কাৰ্য ভাল বা শুদ্ধ, তেনে কথা ক’ব নোৱাৰি। কাৰণ, এনেবোৰ ব্যৱস্থাই সেই দেশসমূহত আন কিছুমান সমস্যাৰো সৃষ্টি নকৰাকৈ থকা নাই। কিন্তু এনেবোৰ দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক বা সামাজিক কাঠামো ইমান সুদৃঢ় যে এনেবোৰ কথাই তেওঁলোকৰ সামগ্ৰিক সভ্যতাৰ বিকাশত খুব এটা বেছি প্ৰভাৱ পেলাব পৰা নাই। অৱশ্যে আধুনিক জীৱনৰ বিকাশৰ লগত সংগতি ৰাখি আমাৰ দেশতো যৌন জীৱন সম্পৰ্কীয় ধ্যান-ধাৰণাৰ হয়তো পৰিৱৰ্তন আৱশ্যক হ'ব পাৰে। কিন্তু এই পৰিৱৰ্তন হ’ব লাগিব আমাৰ ঐতিহ্য তথা পৰম্পৰাৰ লগত খাপখোৱা ধৰণৰ, যাতে ই আমাৰ

সামাজিক ভিত্তি আৰু কাঠামোত অসহনীয় আঘাত প্ৰদান কৰিব নোৱাৰে।

[ ৩৫ ]  ইতিমধ্যে ৰাতি ১২ মান বাজিল। আনহাতে ৰাতি ১২-৩০ মান বজাৰ পৰা মেট্ৰোৰে’লবোৰ বন্ধ হৈ পৰে। গতিকে আমি উভতি যাবৰ বাবে খৰধৰ কৰিলো। অহা বাটেৰে ঘূৰি গৈ প্লাচ দু ক্লিশ্যিৰ পৰা M-2 ৰে লা চেপেল ষ্টেচনলৈ আহিলো। ভিতৰে ভিতৰে খোজকাঢ়ি গাখ দু নৰ ষ্টেচন পালো। তাৰ পৰা RER-Bৰে আমি আহিব লাগে। কিন্তু এটা বিপদ হ’ লঃ যিখন প্লেটফৰ্মৰ পৰা RER-B আহিব লাগে তালৈ যোৱাৰ কোনো উপায় নাই। ইফালে প্ৰকাণ্ড ষ্টেচনটো নিৰ্জন হৈ পৰিছে। শেষত যেনিবা এজনে ক'লে যে দৰাচলতে কিবা মেৰামতি চলি থকা বাবে বেলেগ এখন প্লেটফৰ্মতহে নিৰ্দিষ্ট ৰে'লখন আহিব। এনে ধৰণৰ কথা পেৰিছত আগতেই স্পষ্টভাৱে লেখি নৰখা কথাটো এই প্ৰথম দেখিলো। অৱশ্যে গোটেই কাৰবাৰটো তৎকালীন হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। অৱশ্যে বেছ কিছুসময় ৰোৱাৰ পাচত ৰে'ল আহিল। কিন্তু এইখন দঁফ্ৰে ৰুশ্যৰোলৈকেহে যাব। কিন্তু উপায় নাই, তাতেই উঠিলো৷ ৰে’লত মানুহ প্ৰায় নাই। পৰমাৰ আৰু কুমাৰ লুক্সাঁবুৰ্গত নামি গ'ল। সিং আৰু মই দঁফ্ৰে ৰুশ্যেৰোত নামিলো। ইয়াৰপৰা M-4 বিশ্ববিদ্যালয়ৰ পৰা ১ কিলোমিটাৰ দূৰৰ পথ দৰ্লেয়ঁ ষ্টেচনলৈ যায়। ৰে'ল নাপালে কিছু খোজকাঢ়িব লাগিব। তথাপি M-4 ধৰিবলৈ এটা চেষ্টা দিলো। ভাগ্যক্ৰমে হঠাৎ এখন M–4 আহিল —জনশূন্য। লগে লগে আমি উঠিলো আৰু পখদৰ্শেয়ঁত নামিলো। নিৰ্জন নিস্তব্ধ সেমেকা শীতল ৰাতি পেৰিছত জনশূন্য আলিবাটেৰে খোজকাঢ়ি অৱশেষত ৰাতি ১মান বজাত নিজৰ কোঠা পালো। কোনো কথা চিন্তা নকৰি তৎক্ষণাৎ বিছনাত পৰিলো আৰু লগে লগে টোপনিয়ে মোক সাবটি ল’লে।

 পিচদিনা উঠোতে কিছু দেৰি হ’ল। তথাপি যিমান পাৰি সোনকালে ওলাই গতানুগতিকভাৱে সিঙৰ লগত একৰ্ড হোটেলত ভালদৰে ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। এই কেইদিনত ফ্ৰান্সত বিভিন্ন ধৰণৰ আধুনিক মগনীয়া প্ৰত্যক্ষ কৰিছো। আমি সদায় দঁফ্ৰে ৰুশ্যেৰোত ৰে’ল সলাওতে এজন মগনীয়া প্ৰত্যক্ষ কৰিছো। বেছ ভাল কাপোৰ পিন্ধি প্লেটফৰ্মৰ দুৱাৰমুখত এটা ক্লেৰিনেট বজাই থাকে। বাকী সংগীত এটা টেপ ৰেকৰ্ডাৰৰ পৰা চাউণ্ড বক্সত বাজি থাকে। সমুখৰ এটা পাত্ৰত মানুহবোৰে খুচুৰা পইচা দলিয়াই দি যায়। মেট্ৰোৰে'ল বা RERত একৰ্ডিয়ান বজাই গান গাই থকা ডেকা মগনীয়াও দেখিছো। প্ৰত্যক্ষভাৱে পইচা নিবিচাৰে, কিন্তু দিলে লয়। কিছুমান আকৌ ধৰ্মীয় আশীৰ্বাদ দি পইচা বিচৰা বৃদ্ধাও দেখিছো। আন কিছুমান আকৌ যুৱতীয়ে ক'লা কাপোৰ পিন্ধি সমুখত ‘দয়া কৰা’ বুলি ফলক লগাই আঁঠুকাঢ়ি বহি পইচাৰ বাবে ৰৈ থকাও দেখিছো। জাৰ্মানীতে আলিবাটত ছবি আঁকি, [ ৩৬ ] গান গাই পইচা বিচৰা মগনীয়া দেখিছো। অৱশ্যে সকলোবোৰ মগনীয়াৰৰে আৰ্থিক অৱস্থা ভাল যেনেই দেখিছো। সন্মিলনৰ শেষ দিন। সামৰণিৰ বক্তৃতাত আছিল ন’বেল বঁটা বিজেতা পি.ডব্লিউ.এ. এণ্ডাৰছন আৰু চি.এন.য়াঙৰ বক্তৃতা। এণ্ডাৰছনৰ বিষয় আছিল ‘ঘনীভূত অৱস্থাৰ পদাৰ্থৰ জটিলতা’ আৰু য়াঙৰ বিষয় আছিল ‘তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ তিনিটা মাইলৰ খুঁটি’। এণ্ডাৰছনৰ মতে ঘনীভূত পদাৰ্থ সম্পৰ্কে আমাৰ জ্ঞান যিমানে বাঢ়িছে সিমানেই ইয়াৰ জটিলৰ পৰা জটিলতৰ ৰূপ দৃষ্টিগোচৰ হৈছে। এই জটিল পৰিঘটনাসমূহৰ ব্যাখ্যাৰ বাবে অধিক কঠিন তথা জটিল তত্ত্বৰ প্ৰয়োগ প্ৰয়োজনীয় হৈ পৰিছে। ভৱিষ্যতে ঘনীভূত অৱস্থাৰ পদাৰ্থৰ অধিক জটিলতাৰ পৰিঘটনা আৱিষ্কৃত হব পাৰে, কিন্তু তেওঁ আশা কৰে যে তাত্ত্বিক পদাৰ্থবিজ্ঞান এইবোৰৰ সঠিক ব্যাখ্যাৰ ক্ষেত্ৰতো সফলকাম হ’ব। আনহাতে য়াঙে কোৱাণ্টীকৰণ, সমমিতি আৰু দশা—এই তিনিটা বিষয়ক তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ তিনিটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। তেওঁৰ মতে, পদাৰ্থবিজ্ঞানৰ এই তিনিটা অভিনৱ ধাৰণাৰ অবিহনে আজি আধুনিক পদাৰ্থবিজ্ঞান, অথবা প্ৰকাৰান্তৰে আধুনিক বিজ্ঞানৰ প্ৰায় সকলোেবোৰ আলোচনাই অৰ্থহীন হৈ পৰিব। অৱশ্যে তেওঁ কয় যে, ‘কোৱাণ্টীকৰণ’ আৰু ‘সমমিতি’ এই ধাৰণা দুটাই যথোচিত গুৰুত্ব পালেও ‘দশা’ ধাৰণাটোৰ ওপৰত উপযুক্ত গুৰুত্ব দিয়া হোৱা নাই। পদাৰ্থবিজ্ঞানৰ দুগৰাকী পুৰোধা ব্যক্তিৰ এই বক্তৃতা দুটা অত্যন্ত মনোগ্ৰাহী আৰু জ্ঞানোদ্দীপ্ত আছিল আৰু ইয়ে আমাক গভীৰ তৃপ্তি প্ৰদান কৰিছিল। য়াঙৰ সেই অপূৰ্ব বক্তৃতাৰ জৰিয়তে আমাৰ সন্মিলনৰো সামৰণি পৰিল। আমাৰ মনত থাকি গ'ল মাথোন এখন অতি বৃহৎ সঁচা অৰ্থত আন্তৰ্জাতিক সন্মিলনৰ অভিজ্ঞতাৰ অমিয়া জোকাৰ।

 পেৰিছৰ অন্তিম পূৰ্ণদিনৰ এই অন্তিম বেলাটো পেৰিছৰ উপকণ্ঠ অঞ্চললৈ যামেই বুলি ঠিক কৰি থৈছিলো।

 কিন্তু ক'লৈ যাম ঠিক কৰা নাছিলো। কুমাৰে পেৰিছৰ পৰা লণ্ডনলৈ যাব আৰু তাৰ পৰাহে ঘৰলৈ ঘূৰিব। গতিকে তেওঁ পোনে পোনে নিজৰ কোঠালৈ যাবলৈহে ইচ্ছা প্ৰকাশ কৰিলে। পৰমাৰৰ ইচ্ছা ফ্ৰান্সৰ খেতিপথাৰ চোৱা। আনহাতে সিঙৰ ইচ্ছা চৌম্বকীয় ৰেল TGVত উঠা। অৱশ্যে ময়ো প্ৰাকৃতিক দৃশ্য উপভোগ কৰাতহে গুৰুত্ব দিলো আৰু ঠিক কৰিলো RER-Bৰ এটা মূৰৰ ষ্টেচন চাঁ ৰেমি— লে শ্যেভৰুজলৈ যাম। অৱশ্যে ই ৫ নম্বৰ জ’নত পৰে। আনহাতে আমাৰ কাৰ্টে অৰেঞ্জ ৩ নম্বৰ জ'নৰ বাবেহে। গতিকে ২টা অতিৰিক্ত জ'নৰ বাবে আমি প্ৰত্যেকেই প্ৰায় ৩ ইউৰোৰ একোটা অতিৰিক্ত টিকট কাটিব লগা হ'ল। তিনিওজনে প্ৰথমে কামব্ৰন [ ৩৭ ] ষ্টেচনৰ পৰা M-6ৰে দ্ৰঁফ্ৰে ৰুশ্যৰো ষ্টেচনলৈ আহিলো। অতিৰিক্ত টিকটবোৰ কাটি ল’লো। কিন্তু টিকট কাটিবৰ সময়ত এটা ঘটনা হ’ল। টিকটসমূহ কাটিবৰ বাবে ২০ ইউৰোৰ এখন নোট দিলো। কিন্তু টিকট দিয়া লোকজনে খুচুৰা আছে যদি দিবলৈ ক’লে। খুচুৰা থকাত তেওঁক খুচুৰা পইচা দি দিলো। কিন্তু ২০ ইউৰোৰ নোটখন ঘূৰাই নিদি তেওঁ ভুলতে বাকচৰ ভিতৰত থৈ দিলে। কিন্তু ভাষাবিভ্ৰাটৰ বাবে কথাটো তেওঁক এতিয়া বুজাব নোৱৰা হ’লো। বহু সময়ৰ চেষ্টাৰ অন্তত তেওঁ যেনিবা কথাটো বুজিলে। কিন্তু তেওঁৰ হিচাপ মিলোৱাটোও সমস্যা হ’ল। ভাবিলো ২০ ইউৰো, মানে প্ৰায় এহেজাৰ টকা এনেয়ে যায় এতিয়া! গতিকে ময়ো লাগি আছো। অৱশেষত বহু হিচাপ-নিকাচ কৰি তেওঁৰ ভুলটো গম পালে আৰু দুখিত বুলি কৈ ২০ ইউৰো ঘূৰাই দিলে। দঁফ্ৰে ৰুশ্যৰোৰ পৰা RER-Bৰে চাঁ ৰেমি—লে শ্যেভৰুজলৈ যাত্ৰা কৰিলো। আচলতে চিটে য়ুনিভাৰ্জেটে'ৰ ষ্টেচনটোৱেই হ’ল এইটো ৰে'লপথৰ বাবে পেৰিছ মহানগৰীৰ শেষ ষ্টেচন। এইটো ষ্টেচন পাৰ হৈ কিছুদূৰ যোৱাৰ লগে লগে মহানগৰীৰ দৃশ্যপট সম্পূৰ্ণ সলনি হৈ পৰিল। কেইবামহলীয়া বৃহৎ ঘৰবোৰৰ ঠাইত বিস্তীৰ্ণ এলেকা জুৰি এমহলীয়া বা দুমহলীয়া থিয় চালৰ পৰিস্কাৰ বগা বা মাখন ৰঙৰ ঘৰসমূহ দেখা গ’ল। লাহে লাহে তেনে ঘৰৰ সংখ্যাও কমি আহিল। ৰেলপথৰ দুয়োকাষে হয় বৃহৎ সেউজ বা সোণালী কৃষিভূমি বা ঘন সেউজ বননি। মালভূমি অঞ্চলৰ মাজে মাজে গৈ থকা ৰেলখন মাজে মাজে মাটিৰ ওপৰেৰে বা কেতিয়াবা সুৰংগৰ ভিতৰেৰে গতি কৰিবলৈ ধৰিলে। মাজে মাজে দেখা গ'ল একে লগে থূপ খাই থকা উজ্জ্বল ৰঙৰ ঘৰবোৰৰ সৈতে কিছুমান গাঁও। ষ্টেচনসমূহ নিৰ্জন, মানুহ প্ৰায় নাই। আলিবাটসমূহত মটৰগাড়ীৰ সংখ্যাও খুব এটা বেছি নেদেখিলো। জাৰ্মানীৰ ডৰ্টমুণ্ড চহৰৰ উপকণ্ঠ অঞ্চলত দৃষ্টিগোচৰ হোৱা মানুহ আৰু মটৰগাড়ীৰ সংখ্যা ইয়াতকৈ কিছু বেছি আছিল। অৱশ্যে সমগ্ৰ ইউৰোপৰে জনসংখ্যা বেছ কম আৰু মহানগৰসমূহক বাদ দি জনবসতিও পাতল। আনকি জাৰ্মানীৰ অভ্যন্তৰত অনাই বনাই ঘূৰি ফুৰোতে কেইবাখনো পুৰণি পৰিত্যক্ত গাঁৱো দেখা পাইছিলো। জনসংখ্যা নিয়ন্ত্ৰণ সভ্যতাৰ এক অন্যতম লক্ষণ। একমাত্ৰ কাৰণ নহয় যদিও আমাৰ পিচপৰা অৰ্থনৈতিক অৱস্থাৰ এক অন্যতম কাৰণ হ'ল অকল্পনীয়ভাৱে ভয়াবহ জনসংখ্যা তথা ইয়াৰ অপ্ৰতিৰোধ্য বৃদ্ধি। এই ভয়ানক জনসংখ্যাৰ বাবেই বহুতো জনকল্যাণকামী কাৰ্যসূচীয়েই সফলতাৰ মুখ দেখা নাপায়। অৱশ্যে চৰকাৰৰ কঠোৰতম জনসংখ্যা নিয়ন্ত্ৰক নীতি তথা কাৰ্যসূচী আৰু ইয়াৰ পূৰ্ণ প্ৰয়োগ, আনুষ্ঠানিক তথা অনানুষ্ঠানিক শিক্ষাৰ ব্যাপক প্ৰসাৰ আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ সচেতনতা বৃদ্ধিয়ে ইয়াক কাৰ্যকৰীভাৱে [ ৩৮ ] ৰোধ কৰিব পাৰে। আমাৰ দৰে একেই জনসংখ্যাৰ হেঁচাৰে ভাৰাক্ৰান্ত আমাৰেই প্ৰতিবেশী চীনদেশ এই বিষয়ত এক দৃষ্টান্ত। এই ক্ষেত্ৰত ধৰ্মীয়, ভাষিক বা সাম্প্ৰদায়িক সকলো ধাৰণাৰ ঊৰ্ধ্বত থাকি দেশৰ শিক্ষিত অংশই বিশেষ ভূমিকা পালন কৰিব লাগিব আৰু এক সুস্থ তথা উন্নত পৰিপাৰ্শ্বিকতা প্ৰাপ্তিৰ স্বাৰ্থত এই সামাজিক কামবোৰৰ বাবেও প্ৰত্যেকেই নিজৰ সময়ৰ পৰা সমাজক কিছু সময় দিবই লাগিব।

 এনেদৰে প্ৰায় এঘণ্টামান যোৱাৰ পাচত প্ৰায় কুৰিটামান ষ্টেচন পাৰ হৈ অৱশেষত আমি চাঁ ৰেমি— লে শ্যেভৰুজ ষ্টেচন পালো৷ ই হ'ল সেইটো ৰে'লপথৰ শেষ ষ্টেচন। শুকান, নিৰ্জন আৰু মুকলি ষ্টেচনটো বেছ আৰামদায়ক যেন লাগিল। ৰেলৰ সময় তালিকাখন চাই দেখিলো ৰাতি ৮ বজালৈ পেৰিছলৈ ঘূৰি যাবলৈ ৰে’ল আছে। গতিকে ইচ্ছা কৰিলে কেইবা ঘণ্টাও ইয়াত কটাব পৰা যাব। ষ্টেচনৰ পৰা ওলাই আহিয়েই বঢ়িয়া লাগিল। প্ৰবেশ পথৰ দুয়োকাষে দীঘলীয়া পকী-টাবত সুন্দৰ ফুল। ডাঙৰ ফুলনি কৰিবৰ বাবে ঠাইৰ অভাৱৰ বাবে তেনেকৈয়ে সুন্দৰ ফুলনি পাতিছে। অৱশ্যে পেৰিছৰ য’তে-ত’তে এনে ধৰণৰ ফুলনি দেখিছো। মানুহৰ ঘৰৰ খিৰিকী মুখত, দুৱাৰমুখত, আলিবাটত, গীৰ্জাৰ সমুখত, গাড়ীৰখা ঠাইত, বিপণীসমূহত সকলোতে এনেদৰে সৰু-ডাঙৰ টাবত বিভিন্ন উজ্জ্বলৰঙৰ ফুল জকমকাই ফুলি থকা দেখিছো। ষ্টেচনৰ পৰা ওলায়েই সন্মুখত এখন সৰু বিপণী। সৰু যদিও বিপণীখন বিভিন্ন বস্তুৰে ঠাহ খাই আছিল। আমি পানী আৰু ফলমূল কিছু ল’লো। তাৰ পাচত তিনিওজনে উদ্দেশ্যবিহীনভাৱে এফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। ষ্টেচনৰ ওচৰত এই বিপণীখনৰ বাহিৰে একো নাই। কিছুসময়ৰ পাচত আমি এটি তিনিআলি পালো। আমাৰ সোঁফালে মূল আলিবাটটো গৈছে অদূৰৰ এখন গাঁৱলৈ— গাঁৱৰ উজ্জ্বল ৰঙা চাল আৰু মাখনৰঙী বেৰৰ ঘৰবোৰ জিলিকি আছে! পটভূমিত এখন ঘন সেউজ দীঘলীয়া নাতিউচ্চ পাহাৰ। সমগ্ৰ দৃশ্যটো সুনিপুণ শিল্পীয়ে আঁকা এখন অপূৰ্ব চিত্ৰৰ দৰে। এটি সৰু ৰাস্তা আমাৰ সন্মুখলৈ আগবাঢ়ি গৈছে। এখন কাঠৰ ফলিত কিবা এখন পামৰ পিনে বুলি লেখা আছে। পৰমাৰ ইচ্ছা অনুসৰি আমি পামখনৰ পিনে আগবাঢ়িলো। আমি আগবঢ়া ৰাস্তা আচলতে সমান্তৰালভাৱে দুটা এটা মটৰগাড়ীৰ বাবে আৰু আনটো চাইকেল আৰু পদচাৰীৰ বাবে। এনে ব্যৱস্থা মই ডৰ্টমুণ্ডৰ উপকণ্ঠ অঞ্চল বা জাৰ্মানীৰ গ্ৰামাঞ্চলতো দেখিছো। হয়তো ই সমগ্ৰ ইউৰোপৰে ব্যৱস্থা। গ্ৰামাঞ্চলৰ ভিতৰৰ আলিবাটসমূহত যত পদপথ দিয়াৰ ব্যৱস্থা নাই, তাত এনেদৰে পদচাৰী আৰু চাইকেল আৰোহীৰ বাবে সৰু সমান্তৰাল আলিবাটৰ ব্যৱস্থা কৰা হয়। আমিও এই পদপথেৰে আগবাঢ়িলো। এফালে ঘন সেউজ বননি, আনফালে [ ৩৯ ] ঘাঁহনি, বোধহয় পামখনৰে অংশ। ফ্ৰান্সৰ সেউজ সৌন্দৰ্য উপভোগ কৰি কিছু আগবাঢ়ি গ’লো। ভোকলগা যেন অনুভৱ হোৱাত তিনিও আলিবাটৰ কাষতে বহি প্ৰত্যেকৰে মোনাবোৰ খুচৰিলো। আপেল, সুমথিৰা টেঙা, কল, মুৰি, চিৰাভজা, পাওৰুটি, মাখন, জলকীয়াৰ মিশ্ৰণৰ এক অদ্ভুত জলপান আমি সকলোৱে গ্ৰহণ কৰিলো, পেলনীয়া কাগজ, কলৰ বাকলি আদি ক'ত পেলাম বুলি ভাবি থাকোতেই দেখিলো ৰাস্তাৰ কাষত সুন্দৰ ডাষ্টবিন, কাষত বহিবৰ বাবে কংক্ৰিটৰ বেঞ্চ।এই জনপ্ৰাণীহীন অঞ্চলতো সুন্দৰ ব্যৱস্থা। এনে লাগিছে যেন ফ্ৰান্সৰ প্ৰতি ইঞ্চি মাটিতেই ফৰাছীবাসীৰ চকু আছে। কিছু আগবাঢ়ি যাওঁতেই ঘাঁহনিখনত দহজনীমান গাইগৰু দেখিলো। গৰুবোৰ বেছ উন্নত জাতৰ। গাখীৰ যে এবাৰত বিশ-পঁচিশ লিটাৰমান দিব তাক ওহাৰখন চায়েই ক'ব পাৰি। অসমত তেনে গৰু ব্যাপকভাৱে দেখা নাই, ক'ৰবাত দুই-এটাহে দেখিছো। তদুপৰি এই গাইকেইজনীৰ প্ৰতিজনীৰে কাণত চিনাক্ত কৰিবৰ বাবে টিকট মাৰি থোৱা আছে—কথাটো আমোদজনক! অৱশ্যে পৰমাৰ আচৰিত নহ'ল। ভাৰতবৰ্ষৰ গুজৰাত ৰাজ্যৰ গাখীৰৰ অঞ্চলৰ বাসিন্দা হিচাপে পৰমাৰে ক'লে যে, গুজৰাটত আজিকালি প্ৰায় সকলোৱে এনে ধৰণৰ পাম পদ্ধতিৰে একেই ধৰণৰ গাইগৰু পালন কৰে। চিনাক্তকৰণৰ বাবে তাতো গৰুৰ কাণত টিকট লগোৱা ব্যৱস্থা আছে। অৰ্থাৎ, যিটো বুজিলো, ঘাঁহকে আদি কৰি গৰুৰ খাদ্য উৎপাদনৰ বাবে আৰু গৰু পালন কৰাৰ বাবে উপযুক্ত প্ৰাকৃতিক পৰিবেশ থকা সত্ত্বেও বুৰ্বকৰ দৰে আমি অসমবাসীয়েহে এই ক্ষেত্ৰত একো আগবাঢ়িব পৰা নাই!

 পাহাৰৰ সেউজী শোভা চাই আমি আৰু কিছু আগবাঢ়ি গ'লো। আমাৰ বাওঁহাতে পামখনৰ প্ৰবেশপথ। লোহাৰ দুৱাৰখন খোলা আছে। এনেতে পামখনৰ দুগৰাকীমান কৰ্মচাৰীয়ে দুডাল ফিটাৰে ৰাস্তা দুটা বন্ধ কৰি থ’লে। গাড়ীবোৰ ৰৈ গ’ল। ক্ষন্তেক পাচতে সোঁফালৰ ঘাঁহনিৰ পৰা প্ৰায় এশজনীমান গাই গৰু ৰাস্তা পাৰ কৰি পামৰ প্ৰবেশ পথেৰে সুমুৱাই দিলে। পিচে পিচে আমিও সোমাই গ'লো। পামখন সিমান ডাঙৰ বা অতি উন্নতও নহয়। মজিয়াখন পকা যদিও গৰুবোৰ সিমান এটা পৰিষ্কাৰ হৈ থাকিবলৈ দিয়া নাই। ইয়াত প্ৰায় এশমান অতি উন্নত জাতৰ গৰু আছে। ভিতৰত কেইবাজনো কৰ্মচাৰীয়ে বিভিন্ন কাম কৰি আছে। পামখনৰ ভিতৰত আমি ঘূৰি-পকি বিভিন্ন বস্তু চাবলৈ ধৰিলো; আমিও কাকো একো সোধা নাই, আমাকে কোনেও একো সোধা নাই। ভাষাতযে সমস্যা হ'ব তেওঁলোকেও নিশ্চয় বুজি পাইছে। গৰুবোৰ এটা দীঘলীয়া টিনৰ চালৰ ঘৰত ৰখা হৈছে। ঘাঁহ আৰু দানা দিয়াৰ সুব্যৱস্থা আছে। পামখনত ঘাঁহ, খেৰ আদিকটাৰ বাবে বিভিন্ন উন্নত যন্ত্ৰপাতিও দেখিলো। কাষৰ এটা [ ৪০ ] ডাঙৰ ঘৰত গাখীৰ পৰিশোধন আৰু পেকেট কৰাৰ বৃহৎ যন্ত্ৰপাতি। এজন লোকেই সেইবোৰ পৰিচালনা কৰি আছে। আধুনিক বজাৰ ব্যৱস্থাৰ লগত খাপ খুৱাবলৈ হ'লে কৃষি আৰু পশুপালনকো আমি উদ্যোগ হিচাপে বিবেচনা কৰিব লাগিব। পৰমাৰৰ মতে গুজৰাটতো গাখীৰৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাৰ বৰ্তমান ব্যাপকভাৱে প্ৰচলন হ'বলৈ ধৰিছে। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমতো অতি তৎপৰতাৰে এনে ব্যৱস্থা আৰম্ভ নকৰিলে বিদেশী বজাৰত বাদেই, দেশীয় বজাৰতে আমাৰ স্থান নিশ্ছিন্ন হৈ যাব। পামখনত বিভিন্ন সঁজাত, বিভিন্ন জাতৰ মেকুৰী, কুকুৰ আৰু শহা ৰখাও দেখিছিলো। আন ব্যক্তিগত ঘৰত ৰখাৰ দৰে ইয়াৰো কেইবাটাও ঘৰৰ খিৰিকীৰ মুখৰ টাবত উজ্জ্বল ৰঙৰ ফুল সজাই ৰখা দেখিছিলো। পামখনৰ পৰা ওলাই আমি কিছুদূৰ আগবাঢ়ি গলো। বাটৰ দুয়োকাষে কিছু আপেলৰ গছ। অৱশ্যে সেইবোৰ খেতি নহয়, এনেয়ে হোৱা যেনহে দেখিলো। কিছু আগবাঢ়ি সোঁফালে গাঁৱলৈ যোৱা ৰাস্তাটোৰে সোমাই গ’লো। গাঁওখন পাহাৰ এখনৰ দাঁতিত অৱস্থিত। ভিতৰত বহুতো সৰু বৰ বাটে পোৱালি মেলিছে। ঘৰবোৰ বেছিভাগ দুমহলীয়া বা এমহলীয়া আৰু ৰঙা থিয় চালৰ। প্ৰতিঘৰে মানুহৰ চোতাল পকী বা ইটা দিয়া, টাবত প্ৰচুৰ ৰঙীন ফুল। চৌদিশ অতি পৰিষ্কাৰ, ডাঙৰ গছবোেৰ অতি সুন্দৰভাৱে ৰাখিছে। প্ৰতিঘৰ মানুহৰে চৌদিশ চকমকাই আছে। ৰাস্তাৰ দুয়োকাষে সৰু, চাপৰ পদপথ। সকলোতে ভূগৰ্ভস্থ নলা আছে। গাঁও যদিও আলিবাটৰ ব্যৱস্থা পেৰিছৰ দৰে একেই ৰাস্তাত পোহৰৰ ব্যৱস্থা, স্বয়ংক্ৰিয় যানবাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা, পদপথ, গাড়ী ৰখাৰ ব্যৱস্থা, ৰাস্তাৰ দাঁতিত বহাৰ ব্যৱস্থা আদি সকলো সুব্যৱস্থা আছে। তদুপৰি ৰাস্তাৰ দাঁতিৰ টাবতো ৰঙীন ফুলৰ বাহাৰ! বেছ কিছুসময় ধৰি আমি বিভিন্ন ৰাস্তাৰে ইফাল-সিফাল ঘূৰি থাকিলো। এখন প্ৰাথমিক বিদ্যালয় পালো—হয়তো শনিবাৰ বাবে বন্ধ। নামফলকৰ পৰা গম পালো যে এই গাঁওখনৰ নাম ইকলি। আলিবাটত বেছি মানুহ বা মটৰগাড়ী লগ পোৱা নাই। এখন মাত্ৰ সৰু বিপণী খোলা দেখা পালো। হয়তো সপ্তাহটোৰ শেষত অৱসৰ বিনোদনলৈ গৈছে। সপ্তাহৰ শেষত সাধাৰণতে ইয়াত শনি, ৰবিবাৰে বিদ্যালয়, কাৰ্যালয় আদি বন্ধ থাকে আৰু মানুহবোৰ প্ৰায়েই ফুৰিবলৈ ওলায়। খোজকাঢ়ি খোজকাঢ়ি আমাৰ বেছ ভাগৰ লাগিল আৰু আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলে। গ্ৰাম্য ফ্ৰান্সৰ সৌন্দৰ্য উপভোগ কৰি পুনৰ চাঁ ৰেমি— লে শ্যেভৰুজ ষ্টেচন পালো। টিকট কিনাই আছিল যদিও যাত্ৰা কৰাৰ আগতে টিকটটো এটা যন্ত্ৰত সুমুৱাই তাৰিখৰ চাব মাৰি ল'ব লাগে। অন্যথা টিকটটো আইনসংগত নহয়। জাৰ্মানীতো একেই ব্যৱস্থা। আমাৰ ইয়াত যেনিবা টিকট বেচোতাজনেই কামটো কৰি দিয়ে। এনে যন্ত্ৰ জাৰ্মানীত [ ৪১ ] ৰেলগাড়ীৰ ভিতৰতে থকা দেখিছিলো। নিয়মমতে ইয়াতো তেনে যন্ত্ৰ থাকিব লাগে। অলপ বিচাৰোতে ষ্টেচনৰ বাৰাণ্ডাত এনে এটা যন্ত্ৰ দেখা পালো। টিকটটোত তাৰিখৰ চাব মাৰি ল'লো। আমাৰ সন্মুখত এখন ৰে’ল ৰৈ আছে। ক্ষন্তেক পাচতে সেইখনে যাত্ৰা কৰিব লাগে। ইলেকট্ৰনিক ফলকতো চিটে য়ুনিভাৰ্ছেটে’ৰ ষ্টেচনত গাড়ীখন ৰ’ব বুলিয়েই ওলাই আছে। আমি এটা দবাত উঠি বহিলো। মানুহ পিচে নাই। গাড়ীখন নাযাব নেকি সন্দেহ হোৱাত এজন আমাৰ ফালে খোজকাঢ়ি অহা মানুহক সুধিলো— গাড়ীখন পেৰিছলৈ যাবনে নাযায়। ভাষা বুজি নোপোৱাত তেওঁ অংগিভংগী কৰি আমাক কিবাকিবি বুজাবলৈ চেষ্টা কৰিলে। মই একো ধৰিব নোৱাৰিলো। শেষত পৰমাৰে ঘটনাটো ধৰিব পাৰিলে। দৰাচলতে ৰে’লখন পেৰিছলৈ যাব যদিও শেষৰফালে দুটামান দবা মাজতে কাটি ৰাখিব। গতিকে আমি সমুখৰ দবাত গৈ উঠিলো। তাত অৱশ্যে বহু মানুহ বহি আছিল। আবেলিৰ শোভা চাই চাই আমি অহা বাটেৰে পেৰিছ মহানগৰীৰ বুকুলৈ ঘূৰি আহিলো। সিং আৰু মই আমাৰ চিটে য়ুনিভাৰ্ছেটে’ৰ ষ্টেচনত নামি পৰিলো। কুমাৰ আৰু পৰমাৰ লুক্সাঁ‌বুৰ্গত নামিব। বন্দৱস্ত হ’ল— আমি আমাৰ কোঠাতে কিছু জিৰাই লুক্সাঁ‌বুৰ্গ উদ্যানলৈ যাম আৰু তাতেই কুমাৰ আৰু পৰমাৰক লগ পাম। সেই অনুসৰি কিছু জিৰাই আমি RER-Bৰে লুক্সাঁ‌বুৰ্গ গ’লো আৰু লুক্সাঁ‌বুৰ্গ উদ্যানৰ ভিতৰত প্ৰবেশ কৰিলো। দুৱাৰমুখতে কুমাৰ আৰু পৰমাৰক লগ পালো। আটাইকেইজনে ভিতৰত কিছু উদ্দেশ্যহীনভাৱে ঘূৰিলো। উদ্যানখন খুব এটা ডাঙৰ নহয় যদিও সুন্দৰ। ভিতৰত এটা ডাঙৰ পাৰবন্ধা পুখুৰী আছে। অৱশ্যে পুখুৰী বুলি কোৱাতকৈ পকী পাৰবন্ধা চৌবাচ্চা বুলি কোৱাহে যুগুত হ’ব, কাৰণ পকী পাৰবোৰ আৰু জলপৃষ্ঠ মাটিতকৈ ওপৰত আছে। পানীত কিছু পদুমজাতীয় ফুল, আৰু ৰাজহাঁহ আৰু পাতিহাঁহ কিছুমান চৰি আছে। পেৰিছৰ বেছিভাগ উদ্যানতে দেখিছো, ডাঙৰ গছেই হওক বা ঘাঁহনিয়েই হওক সকলোবোৰ অতি সুপৰিকল্পিত। ফুলৰ ৰংবোৰৰ বেছ ডাঠ আৰু বিচিত্ৰ। উদ্যানত ফৰাচীৰ বাহিৰেও আন দেশৰ মানুহো আছে। ফুৰি থাকোতেই ৰাতি, অৰ্থাৎ সন্ধিয়া ৯ বাজিল। ৯ বজাত উদ্যান বন্ধ। মানুহবোৰ ওলাই আহিল, আমিও ওলাই আহিলো৷ ইতিমধ্যে আন্ধাৰ হৈ আহিছে। বিভিন্ন ধৰণৰ বিজুলীবাতিৰে ঠাইখন ৰঙীন হৈ উঠিছে। আজিয়েই পেৰিছত শেষ ৰাতি। আমি এনেয়ে অঞ্চলটোত ঘূৰি-পকি উপহাৰ দিবৰ বাবে সৰু-সুৰা বস্তু কিনিলো। চৌদিশে দৃষ্টিপাত কৰি অনুভৱ কৰিবলৈ চেষ্টা কৰিলো ইউৰোপৰ এক অত্যুন্নত জাতিৰ এক ঐতিহ্যমণ্ডিত মহানগৰৰ প্ৰাণপ্ৰবাহ! এক বুজাব নোৱৰা গধুৰ কিন্তু ভাললগা স্মৃতি বুকুত লৈ পুনৰ RER-Bৰে বিশ্ববিদ্যালয়ৰ আমাৰ বাসস্থানলৈ [ ৪২ ] ঘূৰি আহিলো। বন্দৱস্ত হ’ল পিচদিনা আবেলি ৩মান বজাত পৰমাৰক তেওঁৰ কোঠাত লগ ধৰিম। গাখীৰ, পাওৰুটি, মাখন আৰু আপেলেৰে ৰাতিৰ আহাৰ কৰি বিছনাত পৰিলো। দিনটো ইমান ঘূৰি ফুৰাৰ পাচত নিদ্ৰাদেৱীয়ে সোনকালেই আঁকোৱালি ল’লে।

 পিচদিনা ৰাতিপুৱা উঠোতে কিছু দেৰি হ'ল। বস্তু-বাহানিবোৰ ঠিকঠাক কৰি যাত্ৰাৰ বাবে সাজু হ’লো। ওজন কমাবৰ বাবে অদৰকাৰী সকলোবোৰ বস্তু পেলালো। কোঠাটো পৰিষ্কাৰ কৰিলো। আজি একৰ্ড হোটেলৰ সেই প্ৰাচুৰ্যময় ৰাতিপুৱাৰ জলপান নাই! গাখীৰ, আপেল, পাওৰুটিৰেই ৰাতিপুৱাৰ আহাৰ কৰিব লগা হ’ল।তাৰ পাচত সিঙৰ লগত বিশ্ববিদ্যালয় প্ৰাংগণটো কিছু ফুৰিবলৈ ওলালো। ব্যস্ততাৰ বাবে এইটো ভালদৰে চোৱা হোৱা নাই। পিচে দেওবাৰ বাবে সকলোবোৰ বন্ধ। ছাত্ৰ-ছাত্ৰী বেছি নাই। কিছুমানে ভিতৰৰ খেতি পথাৰত ফুটবল খেলি আছে। দুগৰাকীমান শকত বয়সিয়াল মানুহ ভিতৰৰ ৰাস্তাবোৰত দৌৰি আছে। প্ৰায় সকলোবোৰ ঘৰেই বন্ধ। বিৰক্ত হৈ সিং ঘূৰি আহিল। মই বিশ্ববিদ্যালয় প্ৰাংগণৰ পৰা ওলাই বুলভাৰ বুৰ্দাৰে কিছু আগবাঢ়ি গ’লো। কিছু আগবাঢ়ি এখন ষ্টেডিয়াম পালো। বেছ আধুনিক যেন বোধ হ’ল। কংক্ৰিটৰ কাম বেছি নাই। বিভিন্ন লৰচৰ কৰিব পৰা অংশৰেহে এইখন তৈয়াৰী যেন লাগিল। বুলভাৰ ঝুৰ্দ্যাৰ এফালে বিশ্ববিদ্যালয়ৰ প্ৰাংগণ। আনফালে নতুন আৰু পুৰণি ভৱনৰ অপূৰ্ব সংমিশ্ৰণ। বিগত সপ্তাহটো বেছি স্ফূৰ্তিৰে কটোৱা মনোমোহা পেৰিছ মহানগৰ এৰি যাব লগাৰ বেদনা বুকুত লৈ নিজৰ কোঠালৈ ঘূৰি আহিলো।

 আৰু ৰ’বলৈ সময় নাই! সিং আৰু মই দুয়ো বস্তু-বাহানি লৈ চাবি অভ্যৰ্থনা কক্ষত জমা দি RER-Bৰে লুক্সাঁ‌বুৰ্গ আহিলো। ৰে’ল ষ্টেচনতে সিঙক বস্তু-বাহানিৰে সৈতে বহুৱাই থৈ পৰমাৰৰ কোঠালৈ আহিলো। পৰমাৰে বস্তু-বাহানি বান্ধি সাজু হৈয়েই আছিল। পৰমাৰে ৰাতিপুৱা কুমাৰক লণ্ডনলৈ যাবৰ বাবে ৰে’ল ষ্টেচনত বিদায় দি আহিল। দুয়ো ওলাই আহি পৰমাৰৰ চাবি অভ্যৰ্থনা কক্ষত জমা দি লুক্সাঁ‌বুৰ্গ ষ্টেচনলৈ আহিলো। RER-Bৰে আমি তিনিওজনে আহি আবেলি ৪ মান বজাত শ্যাৰ্ল দি গোল বিমানবন্দৰ পালো। বেছ মুকলি পৰিবেশ। জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট বিমান বন্দৰত মানুহৰ বেছ ভিৰ দেখিছিলো আৰু বিমানলৈ যাবৰ বাবে নিৰ্দিষ্ট দুৱাৰখন পাওঁতে কিছু অসুবিধা হৈছিল। পিচে ইয়াত একেখন মজিয়া আৰু ছালৰ তলত সকলোবোৰ মুকলিকৈ থকা বাবে কোনো অসুবিধা নহ’ল। মানুহৰ ভিৰো কম। আন্তৰ্জাতিক বিমানবন্দৰ যদিও আৰক্ষী খুব এটা বেছি নেদেখিলো। বাহ্যিক দৃষ্টিত নিৰাপত্তা ব্যৱস্থাও খুব এটা [ ৪৩ ] কঠিন যেন নালাগিল। বিমানলৈ আগিবাঢ়ি যাওঁতেও আমাক ব্যক্তিগতভাৱে বিশেষ পৰীক্ষা নকৰিলে। অৱশ্যে নিৰাপত্তা পৰীক্ষাৰ বাবে উন্নত অদৃশ্য ব্যৱস্থাও থাকিব পাৰে। আবেলি ৭ মান বজাত আমাৰ বিমান ‘শিৱাজী’য়ে পেৰিছৰ মাটি এৰি ভাৰতবৰ্ষ অভিমুখে নীল আকাশলৈ উৰা মাৰিলে। এক বুজাব নোৱৰা গভীৰ আৱেগসমৃদ্ধ ভাল লগাৰ স্মৃতিৰে পেৰিছ মহানগৰীক বিদায় জনালো।

 বিমানৰ ভিতৰত আমাৰ তিনিওৰে আসন খিৰিকীৰ কাষত। মোৰ সমুখত পৰমাৰ, পৰমাৰ সমুখত সিং। খিৰিকীৰে বাহিৰৰ দৃশ্য চাই যাব পাৰি। বিমান আকাশলৈ উঠাৰ ক্ষন্তেক পাচতে পেৰিছৰ উত্তৰ-পূব অংশৰ বিস্তীৰ্ণ কৃষিপামসমূহ পুনৰ চকুত পৰিল। ছবিৰ দৰে, বিশাল হালধীয়া, সেউজীয়া, মটীয়া, গেৰুৱা আদি বিভিন্ন ৰঙৰ, আয়তাকাৰ, বৰ্গাকাৰ, ট্ৰেপিজিয়ামাকাৰ ইত্যাদি বিভিন্ন আকাৰ আৰু আকৃতিৰ শস্যক্ষেত্ৰসমূহে এক অপূৰ্ব সৌন্দৰ্য প্ৰকাশ কৰিছিল। মাজে মাজে উজ্জ্বল বগা ৰঙৰ বেৰ আৰু ৰঙা ৰঙৰ চালৰ সৰু সৰু পামঘৰ দেখা গৈছিল। সময় যোৱাৰ লগে লগে আন্ধাৰ নামি আহিল, আকাশখনে ক্ৰমে সোণালী, শেঁতা ৰঙা আৰু অৱশেষত কজলা বৰণ ধৰিলে, আৰু কৰবাৰ পৰা এসোপা আন্ধাৰ মেঘ আহি ভূপৃষ্ঠ আবৰি ধৰিলে। ইতিমধ্যে বিমানৰ ভিতৰত ভালদৰে খোৱা-লোৱা চলি আছিল। আমিও ভালদৰে খাই ল’লো আৰু এটা সময়ত টোপনিৰ কোলাত ঢলি পৰিলো। সমগ্ৰ ৰাতি ইউৰোপ আৰু এছিয়াৰ বহুতো দেশ, নদী, পাহাৰ, অৰণ্য, মৰুভূমি অতিক্ৰম কৰি ৰাতিপুৱা ৭-৩০ বজাত এক উজ্জ্বল ৰাতিপুৱা আমাৰ বিমান মোৰ নিজৰ দেশ ভাৰতবৰ্ষৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিলে। পৰমাৰ এইখন বিমানেৰেই মুম্বাইলৈ যাব। পৰমাৰক বিদায় জনাই সিং আৰু মই বিমানৰ পৰা নামিলো। সিং নিজামুদ্দিন ৰে’লষ্টেচনলৈ গ'ল। মই ময়ূৰ আসাম হোটেললৈ ৰাওনা হ’লো। ইয়াৰ পাচৰ কাহিনী অতি চমু। এদিন দিল্লীত কটালো আৰু ডলাৰ, য়ুৰো আদি ভঙাই টকালৈ পৰিৱৰ্তন কৰিলো। পাচদিনা জেট এয়াৰৱেজৰ বিমানেৰে গুৱাহাটীলৈ ৰাওনা। পুনৰ গুৱাহাটীত এদিন ৰাত্ৰিবাস। তাৰ পাচদিনা বাছেৰে তেজপুৰ আৰু তেজপুৰৰ পৰা বিশ্ববিদ্যালয়ৰ বাছেৰে আহি এক উষ্ণ দুপৰীয়া ১-৩০ বজাত নপামত পদাৰ্পণ কৰিলো। লগে লগে মোৰ প্ৰায় দুসপ্তাহজাৰা এইলানি ভ্ৰমণৰ এক ভাগৰুৱা সামৰণি পৰিল।

 ইউৰোপৰ এক অতি উন্নত জাতিৰ দেশ ফ্ৰান্সৰ এক অতি ঐতিহ্যমণ্ডিত মহানগৰ পেৰিছ যাত্ৰাৰ প্ৰাকক্ষণত সিদ্ধান্ত কৰিছিলো যে, এই ভ্ৰমণকালত ইউৰোপৰ উন্নত সভ্যতা আৰু আমাৰ সভ্যতাৰ মুখ্যতঃ পেৰিছ মহানগৰীত প্ৰতিফলিত হোৱা মৌলিক পাৰ্থক্যখিনি কিছু বুজিবলৈ চেষ্টা কৰিম। ইয়াৰ পৰিপ্ৰেক্ষিতত পেৰিছত উপস্থিত [ ৪৪ ] হোৱা সময়ৰে পৰা এই পাৰ্থক্যসমূহ যথাসম্ভৱ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু অনুধাবন কৰিবলৈ যত্ন কৰিছিলো। এই ক্ষেত্ৰত, মোৰ বিচাৰত সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল জনসংখ্যা। আমাৰ দেশৰ মুখ্যতঃ অশিক্ষিত, সাংস্কৃতিকভাৱে দুৰ্বল, অনুন্নত জীৱনধাৰাত অভ্যস্ত ভয়াবহভাৱে বেছি জনসংখ্যা তথা ইয়াৰ অপ্ৰতিৰোধ বৃদ্ধিৰ বিপৰীতে ইউৰোপৰ জনসাধাৰণ সাধাৰণতে শিক্ষিত, সংস্কৃতিবান, উন্নত জীৱন- ধাৰাৰ, জনসংখ্যাও তুলনামূলকভাৱে অতি কম আৰু প্ৰায় স্থিৰ। মই অধ্যয়ন কৰা কেইবাখনো বিশ্বকোষৰ ভাৰতবৰ্ষৰ বিষয়ে ৰচনাৰ বক্তব্য হ’ল যে, প্ৰধানকৈ স্বৰাজোত্তৰ কালত ভাৰতবৰ্ষই বহুতো ক্ষেত্ৰত প্ৰচুৰ উন্নতি সাধন কৰিছে যদিও অকল্পনীয় জনসংখ্যা আৰু ইয়াৰ অপ্ৰতিৰোধ্য বৃদ্ধিৰ বাবেই এই জনসেৱামূলক আঁচনিসমূহ হয় ব্যৰ্থ হৈছে অথবা এইবোৰ যথোচিতভাৱে জনসাধাৰণৰ হিত সাধন কৰিব পৰা নাই। মহানগৰসমূহত পাতল জনসংখ্যা, অতি পাতলভাৱে বিস্তৃত সৰু সৰু কিন্তু উন্নত জনপদসমূহ, জনবসতিহীন বিস্তৃত বননি, ঘাঁহনি অথবা ডাঠ সেউজীয়া পাহাৰ বা শুকুলা বৰফাবৃত পৰ্বতমালা আদিয়ে ইউৰোপৰ বেছিভাগ দেশকেই ছবিৰ দৰে সুন্দৰ কৰি ৰাখিছে। মই পতিয়ন গৈছো যে, কম তথা স্থিৰ জনসংখ্যা, তথা উন্নত জনসাধাৰণ হ'ল সভ্যতাৰ এক অন্যতম লক্ষণ। শিক্ষাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ যদিও জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ এক অন্যতম উপায়, তথাপি ই একমাত্ৰ উপায় হব নোৱাৰে। ইয়াৰ বাবে চৰকাৰৰ কঠোৰ জনসংখ্যা নীতিৰ প্ৰয়োজন। বৰ্তমান ভাৰতৰ অৱস্থালৈ চাই এক দম্পতী এক সন্তান নীতি কঠোৰভাৱে পালন কৰা উচিত বুলি ভাবো। চুবুৰীয়া চীন দেশে যদি এনে নীতি কঠোৰভাৱে মানি জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় শূন্য কৰিব পাৰে, আমি নোৱৰাৰ কোনো কাৰণ নাই। অৱশ্যে আমাৰ দৰে আন্তৰ্জাতিক সীমান্তৰ নিকটৱৰ্তী ৰাজ্যসমূহে এই ক্ষেত্ৰত অতিৰিক্তভাৱে বিদেশী নাগৰিকৰ অনুপ্ৰৱেশকো যথোচিত গুৰত্ব প্ৰদান কৰিব লাগিব।

 দ্বিতীয়তে, মোৰ চকুত পৰা বিষয় হ’ল ইউৰোপত উৎপাদিত সকলো বস্তুৰে মান। পেৰিছৰ বিমানবন্দৰত নমাৰে পৰা মই চকুত পৰা সকলো সামগ্ৰীৰে মান যথাসম্ভৱ লক্ষ্য কৰি গৈছিলো আৰু সকলো সময়তে মনতে আমাৰ দেশৰ তেনে সামগ্ৰীৰ মানৰ লগত তুলনা কৰিবলৈ চেষ্টা কৰিছিলো। আৰু প্ৰায় প্ৰতিটো ক্ষেত্ৰত ইউৰোপৰ সামগ্ৰীসমূহৰ মান বহু ওপৰৰ বুলি অনুভৱ কৰিছিলো। ফ্ৰান্সৰ তুলনাত জাৰ্মানীত যন্ত্ৰপাতি প্ৰয়োগ কিছু বেছি যেন অনুভৱ হৈছিল তাৰ ফলত তাত এনে অনুভৱ বেছিকৈ হৈছিল। আগতে বিভিন্নজনে কোৱা আৰু আলোচনা কৰাৰ পৰা ধাৰণা হৈছিল যে, পাশ্চাত্যৰ উন্নত দেশসমূহত যান্ত্ৰিক সেৱাসমূহ সুকলমে চলি [ ৪৫ ] থকাৰ মুখ্য কাৰণ হ'ল এই যে, এইবোৰৰ ‘মেইনটেনেন্স’ বেছ ভাল। কিন্তু যিটো দেখিলো, দৰাচলতে যন্ত্ৰপাতিসমূহৰ মান ইমান উন্নত আৰু সেইবোৰ ইমান মজবুত, আৰু এইবোৰ ইমান যথাযথভাৱে ব্যৱহাৰ কৰা হয় যে, 'মেইনটেন্স'ৰ বিশেষ প্ৰয়োজন নাথাকে। এই মজবুত অৱস্থা পাবৰ বাবে ইয়াত ধাতৱ যন্ত্ৰপাতিৰ ব্যৱহাৰ বেছি। তদুপৰি মন কৰিছো যে, এই ধাতৱ অংশসমূহ হয় মামৰে ধৰিব নোৱৰা উন্নতমানৰ ধাতুৰে তৈয়াৰী, অথবা এইবোৰ উন্নতমানৰ ৰঙৰ ডাঠ প্ৰলেপেৰে ঢাকি ক্ষয় যাব নোৱৰাকৈ ৰখা হয়। পুৰণি গৃহসমূহকে আদি কৰি পেৰিছত যথেষ্ট সংখ্যক পুৰণি স্থাপত্য তথা আন পুৰণি সা-সামগ্ৰী দেখা যায়। কিন্তু সেইবোৰৰ বেছ মানসম্পন্ন, মজবুত আৰু বেছ ভালদৰে ৰখা হৈছে। আনহাতে যিটো দেখিছো আমাৰ দেশৰ প্ৰায় সকলোবোৰ সা-সামগ্ৰীৰে মান ইউৰোপৰ সা-সামগ্ৰীসমূহৰ তুলনাত বেছ নিম্ন আৰু সেইবোৰ সিমান মজবুতো নহয়। অৱশ্যে আমাৰ দেশত কিছুমান মানসম্পন্ন বস্তু নোহোৱা নহয়, বা এনে সামগ্ৰীৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছে। কিন্তু ইউৰোপৰ দৰে এশ শতাংশ হিচাপত ব্যাপকভাৱে এনেবোৰ সামগ্ৰী আমাৰ সমাজত ব্যৱহাৰ হ’বলৈ হ'লে হয়তো আৰু কেইবা দশকো অপেক্ষা কৰিব লাগিব। আৰু ইয়াৰ বাবে তেনে উন্নত সা-সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰণে হয় কঠোৰ পৰিশ্ৰমৰ জৰিয়তে উন্নত প্ৰযুক্তিৰ সৃষ্টি কৰিব লাগিব, অথবা উপযুক্ত ৰাজনৈতিক নীতিৰ প্ৰয়োগৰ জৰিয়তে বেলেগ দেশৰ পৰা উন্নত প্ৰযুক্তি আহৰণ কৰিব লাগিব। মানসম্পন্ন বস্তুৰ ব্যাপক ব্যৱহাৰ উন্নত সভ্যতাৰ আন এক অন্যতম লক্ষণ।

 তৃতীয়তে, মই লক্ষ্য কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল—পৰিষ্কাৰ-পৰিচ্ছন্নতা। পেৰিছতে হওক বা ইয়াৰ উপকণ্ঠ অঞ্চলতে হওক, বা জাৰ্মানীতে হওক,—সকলোতে সকলো সময়তে আৰু সকলো স্থানতে এক অবিশ্বাস্য ধৰণৰ শৃংখলা আৰু এক তিৰবিৰোৱা ধৰণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখা পাইছিলো। দৰাচলতে সকলো ক্ষেত্ৰতে থকা অদ্ভুত শৃংখলাবদ্ধতাই এই পৰিচ্ছন্নতা চাক্ষুষ দৃষ্টিত বহুগুণে বঢ়াই তুলিছিল। ইউৰোপৰ সকলোবোৰ নগৰ-চহৰতে এইবোৰ ৰাস্তা-ঘাট, উদ্যান, বাছ-ৰে’ল-বিমান আস্থান, ৰাজহুৱা স্থান আদি বেছ পৰিষ্কাৰকৈ ৰাখিবৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হয়। অৱশ্যে পেৰিছৰ সকলোবোৰ ৰে’ল ষ্টেচনৰে ৰে’লপথৰ ওপৰত বহুতো চিগাৰেটৰ টুকুৰা দেখা পাইছিলো। জাৰ্মানীত সকলো ধৰণৰ আবাসিক তথা ৰাজহুৱা অঞ্চলত বিভিন্ন আকৃতি আৰু আকাৰৰ ৰঙীন প্লাষ্টিক আৰু ধাতৱ ডাষ্টবিন দেখিছিলো। টানি নিবৰ সুবিধাৰ বাবে ডাঙৰবোৰত সৰু সৰু চকা লগোৱা থাকে। তদুপৰি ডাষ্টবিনবোৰত জাবৰ-জোথৰসমূহ শ্ৰেণীবিভাগ কৰি প্লাষ্টিক, গ্লাচ,কাগজ আদি বেলেগে বেলেগে [ ৪৬ ] থোৱাৰ ব্যৱস্থা থাকে। পেৰিছ মহানগৰীৰৰ সকলো স্থানতে এনে ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা আছে। তদুপৰি সকলোবোৰ ৰাস্তাৰ কাষে কাষে বা ৰাজহুৱা স্থানত কিছুমান ৩ ফুটমান ওখ ধাতব খুটাৰ লগত একোটা ধাতব ডাঙৰ আঙঠি লগোৱা থাকে আৰু তাত একোখন ৰঙীন ডাঠ পলিথিনৰ ডাঙৰ মোনা ওলোমাই থোৱা থাকে। ই সুন্দৰভাৱে ডাষ্টবিনৰ কাম কৰে আৰু প্ৰতিদিনে সেইবোৰ চাফা কৰা হয়। মহানগৰৰ কথা বাদেই, গাঁৱৰ ভিতৰৰ ৰাস্তা-ঘাট, বা পথাৰৰ মাজৰ ৰাস্তাতো এনে ডাষ্টবিনৰ ব্যৱস্থা আছে, যিয়ে সমগ্ৰ ফ্ৰান্সখনৰ প্ৰতি ইঞ্চি মাটি জাবৰ-জোথৰ মুক্ত কৰি দেশখন ছবিৰ দৰে সুন্দৰ কৰি ৰাখিছে। আমাৰ ঘৰখন অথবা চৌপাশ, বা আমি বাস কৰা নগৰ বা চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে খুব এটা ধনৰ প্ৰয়োজন নাই, প্ৰয়োজন মনৰহে। সভ্যতাৰ অগ্ৰতিৰ লগে লগে মানুহৰ প্ৰয়োজনীয় ব্যৱহাৰ্য বস্তুৰ সংখ্যা অকল্পনীয়ভাৱে বৃদ্ধি পাইছে। ফলত সমগ্ৰ বিশ্বৰে অসংখ্য উদ্যোগত লক্ষ লক্ষ বিধ সামগ্ৰী অহৰহ তৈয়াৰ হ’বই ধৰিছে। লগে লগে এনেবোৰ সামগ্ৰী ব্যৱহাৰ কৰি অপ্ৰয়োজনীয় অংশখিনি পেলাই দিয়াৰ বাবে জাবৰ-জোথৰৰ পৰিমাণো ভয়ানকভাৱে বৃদ্ধি পাইছে। ই সভ্যতাৰেই অংগ। সভ্যতাৰ সা-সামগ্ৰীসমূহ উপভোগ কৰিবলৈ যেনেদৰে আমি শিকিব লাগিব, তেনেদৰে ইয়াৰেই উৎপাদন জাবৰ-জোথৰসমূহ আঁতৰাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষা আমি আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক গ্ৰহণ কৰিব পৰা নাই। ফলত আমাৰ দেশৰ— বিশেষকৈ অসমৰ প্ৰায় প্ৰতিখন নগৰ বা কিছু পৰিমাণে গাঁওসমূহো লাহে লাহে অধিক লেতেৰা হৈ যাবলৈ ধৰিছে। আধুনিক সভ্যতাৰ উৎপাদানসমূহ উপভোগ কৰিবলৈ হয়তো আমি ঠিকেই শিকিছো, কিন্তু তাৰ পৰা উদ্ভব হোৱা জাৱৰ- জোথৰসমূহনো কি কৰিম তাকহে জানিব পৰা নাই। কিন্তু এইবোৰ নোহোৱা কৰাৰ বিভিন্ন পদ্ধতিও বিজ্ঞানে আমাক দিছে। এনে ক্ষেত্ৰত মোৰ বিচাৰত আধুনিক মানৱৰ নাগৰিক জীৱনযাত্ৰা সম্পৰ্কীয় বৰ্তমানলৈকে থকা আইনসমূহ কঠোৰভাৱে বলবৎ কৰিব লাগে আৰু আৱশ্যক অনুযায়ী বেছি কঠোৰ নতুন আইন প্ৰণয়ন কৰিব লাগে। তদুপৰি সৰুৰে পৰা আনুষ্ঠানিক শিক্ষাত নাগৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষা বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। নগৰ-মহানগৰ আদিৰ ক্ষেত্ৰত জাবৰ-জোথৰসমূহ পৰিষ্কাৰ কৰিবৰ বাবে অতিৰিক্ত কৰ আৰোপ কৰাৰো ব্যৱস্থা কৰিব পাৰে। জাৰ্মানীৰ ডৰ্টমুণ্ড নগৰত কিছু বছৰ আগতে এনে কৰ হিচাপে প্ৰতিমাহে প্ৰতিটো পৰিয়ালে প্ৰায় ২০ ডয়ছমাৰ্ক, অৰ্থাৎ প্ৰায় ৪০০ টকামান দিবলগা হৈছিল।

[ ৪৭ ]  এনেদৰে মোৰ চকুত পৰা ইউৰোপ আৰু আমাৰ পাৰ্থক্যসমূহ যদি তালিকাভুক্ত কৰো, তেন্তে হয়তো সি এখন প্ৰায় অসীমভাৱে দীঘল তালিকাত পৰিণত হ'ব। ৰাস্তাঘাট, ৰে'ল তথা পথ যোগাযোগ ব্যৱস্থা, টেলিফোন, বিপণন ব্যৱস্থা, বিদ্যুৎ যোগান, নিৰাপত্তা ব্যৱস্থা, উদ্যোগ, কৃষি, পশুপালন, বাণিজ্য, অৰ্থনীতি, বিজ্ঞান, সমাজসেৱা, সাহিত্য, সংগীত, শিল্পকলা, শৃংখলাবদ্ধতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, ধৰ্মীয় সহিষ্ণুতা, বৈজ্ঞানিক মানসিকতা, অধ্যৱসায় আদি সভ্যতাৰ সকলোবোৰ উপাদানৰ ক্ষেত্ৰত ফ্ৰান্স, জাৰ্মান আৰু হয়তো ইউৰোপৰ প্ৰায় সকলোবোৰ দেশেই ভাৰতবৰ্ষ বা অসমতকৈ বহু বেছি উন্নত। আৰু এই উন্নতিৰ আন বিভিন্ন বিষয়তকৈও মোৰ বিচাৰত সৰ্বাধিক ভূমিকা লৈছে ইউৰোপবাসীৰ অধ্যৱসায়, সততা আৰু অত্যধিক দেশপ্ৰেমে।

 বিশ্বৰ বিভিন্নাঞ্চলৰ তুলনাত অসমখন প্ৰাকৃতিকভাৱে বেছ চহকী বুলিয়েই ক'ব লাগিব। অসমৰ মাজভাগৰ আৰু চাৰিওফালে থকা পাহাৰ-পৰ্বতৰাজি, মাজেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰ, বিভিন্ন অঞ্চলত থকা মূল্যবান গছ-গছনিসহ গভীৰ অৰণ্যাঞ্চল আৰু ইয়াৰ বিৰল জীৱ-জন্তু তথা চৰাই-চিৰিকটি, ইয়াৰ খনিজ তেল আৰু কয়লা আদিয়ে অসমক প্ৰাকৃতিকভাৱে সমৃদ্ধ কৰি তুলিছে, বা হয়তো তুলিছিল। তদুপৰি অসমৰ ঐতিহ্যময় বিচিত্ৰতাপূৰ্ণ ভাষা-সাহিত্য-সংস্কৃতি আদি আছেই। বিভিন্ন জাতি- উপজাতিক সংস্কৃতিৰ সংমিশ্ৰণে এই সংস্কৃতি আৰু বেছি বৰ্ণাঢ্য কৰি তুলিছে। এই সকলোবোৰ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে আধুনিক যুগত আৰু বেছি সম্পদ সৃষ্টি কৰিব পৰা গ'লহেঁতেন আৰু এখন অতি সমৃদ্ধিশালী উন্নত অসম গঢ়ি তুলিব পৰা গ'লহেঁতেন। কিন্তু আমি আজি এই সম্পদ বহুখিনি ধ্বংস কৰিয়েই আছো। ইউৰোপীয় সভ্যতাৰ দৃষ্টিত আমাৰ অসমৰ সম্পদ এক বিৰাট অপচয়ৰ বাহিৰে আন একোৱেই নহয়। তথাপিও, এই অবস্থাতো আমাৰ পৰিৱৰ্তন সম্ভৱ হ'ব পাৰে, আমিও ছবিৰ দৰে সুন্দৰ এখন সমৃদ্ধিশালী অসম গঢ়ি তুলিব পাৰো, যদিহে ইউৰোপবাসীৰ দৰে আমিও আহৰণ কৰিব পাৰো অধ্যৱসায়, সততা আৰু গভীৰ দেশপ্ৰেম।

 (নিবন্ধটোত ব্যৱহৃত বিভিন্ন ফৰাছী শব্দৰ উচ্চাৰণ তথা বানানসমূহ যোগান ধৰি এইটো লেখাত যথেষ্ট সহায় আগবঢ়োৱা বাবে বিশিষ্ট কবি অজিৎ বৰুৱাদেৱৰ ওচৰত লেখক কৃতজ্ঞ)

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।