পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

পূৰ্বে জাৰ্মানীত কেইমাহমান থাকি গৱেষণা কৰি অহাৰ বাহিৰে বিদেশ ভ্ৰমণো কৰা নাছিলো। গতিকে সন্মিলনখনিলৈ যাবৰ বাবে অন্ততঃ পঞ্চাশ শতাংশ ভ্ৰমণ বানচ চৰকাৰৰ পৰা পাম বুলি নিশ্চিত আছিলো। সাধাৰণতে এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনসমূহত অংশ গ্ৰহণ কৰিবৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক প্ৰতি তিনি বছৰত এবাৰকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে, ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, আদিৰপৰা পঞ্চাশ শতাংশ ভ্ৰমণ বানচ যোগান ধৰাৰ ব্যৱস্থা আছে। দ্বিতীয় অৱস্থা উন্নত হ’লে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহে নিজাকৈয়ে বাকী পঞ্চাশ শতাংশ ভ্ৰমণ বানচ যোগান ধৰিব পাৰে। সেই হিচাপে সন্মিলনখনিত অংশগ্ৰহণৰ বাবে আৰু তাত গৱেষণাপত্ৰ পাঠ কৰাৰ বাবে সমিতিলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিলো। গৱেষণাপত্ৰ খুব নিম্নমানৰ নহ’লে এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণৰ বাবে সাধাৰণতে আমন্ত্ৰণ পোৱা যায়। কিন্তু পশ্চিমৰ উন্নত দেশসমূহত অনুষ্ঠিত হোৱা বেছিভাগ আন্তৰ্জাতিক সন্মিলনৰ ক্ষেত্ৰতে দেখিছো যে, আয়োজকসকলে সন্মিলনৰ মাজৰ চাহ-কফিৰ বাহিৰে বিনা পইচাৰে থকা-খোৱাৰ ব্যৱস্থা সাধাৰণতে নকৰে। তদুপৰি সাধাৰণতে পঞ্জীয়ন মাচুলো ৰেহাই দিয়াৰ ব্যৱস্থা নাই। যদিও সেই দেশসমূহৰ বাসিন্দাসকলৰ বাবে এই খৰচ বা মাচুল ব্যক্তিগতভাৱে বহন কৰিবপৰা ধৰণৰ হয়, তথাপি ডলাৰ, পাউণ্ড, ইউৰো আদি বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ মুদ্ৰা বিনিময় মূল্য বহুখিনি হোৱা বাবে এই ধন কেইবাহাজাৰো হৈ পৰে আৰু ব্যক্তিগতভাৱে বহন কৰিবলৈও কিছু অসুবিধাজনক হৈ পৰে। পৰিস্থিতি সাপেক্ষে এনেবোৰ খৰচো চৰকাৰীভাৱে লাভ কৰাৰ ব্যৱস্থা আছে যদিও এই ক্ষেত্ৰত নিয়ম কিছু কঠিন। কিন্তু পেৰিছৰ এই সন্মিলনখনলৈ অনুদান আগবঢ়োৱা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম আছিল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞনিক আৰু সাংস্কৃতিক সংগঠন— ইউনেস্কো। ফলত ইয়াত প্ৰধানকৈ উন্নয়নশীল দেশসমূহৰ অংশগ্ৰহণকাৰীসকলৰ বাবে পঞ্জীয়ন মাচুল আৰু থকা-খোৱাৰ খৰচৰ জোৰা মাৰিব পৰাকৈ কিছুসংখ্যক অনুদানৰ ব্যৱস্থা আছিল। অৱশ্যে তাৰ বাবে বেলেগে আবেদনপত্ৰ প্ৰেৰণ কৰিব লগা হ’ল। কেইবাখনো চিঠি, ফেক্স আৰু ই-মেইলৰ আদান-প্ৰদানৰ পাচত এনে এটা অনুদান পাবলৈ সক্ষম হ’লো। এই অনুদান আছিল— ২০০ ইউৰোৰ পঞ্জীয়ন মাচুল ৰেহাই, সন্মিলনৰ সপ্তাহটোৰ বাবে ছাত্ৰাবাসত থকাৰ ব্যৱস্থা, বিনামূলীয়া ৰাতিপুৱাৰ জলপান আৰু নগদ ১৫০ ইউৰো। আনহাতে আমাৰ বিশ্ববিদ্যালয়েও পঞ্চাশ শতাংশ ভ্ৰমণ বানচ দিবলৈ মান্তি হৈছিল। গতিকে বাকী পঞ্চাশ শতাংশ ভ্ৰমণ বানচ চৰকাৰৰ পৰা

নাপালেও পেৰিছলৈ যামেই বুলি সিদ্ধান্ত লৈ বিমানৰ টিকট আৰু ফ্ৰান্সৰ ভিছাৰ বাবে