পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পেৰিছত এসপ্তাহ আৰু অসম

 

কেতিয়াবা বিদেশ ভ্ৰমণ কৰোতে প্ৰত্যক্ষভাৱে, বা কিতাপ অধ্যয়নৰ দ্বাৰা, কথাছবি উপভোগৰ জৰিয়তে ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰা, বা বিদেশ ভ্ৰমণকাৰী নাইবা বিদেশত স্থায়ী বা অস্থায়ীভাৱে বসবাস কৰা বন্ধুবৰ্গৰ লগত আলোচনাত, যেতিয়া সাহিত্য, সংস্কৃতি, বিজ্ঞান, অৰ্থনীতি, ৰাজনীতি, কৃষি, উদ্যোগ,পশুপালন, বাণিজ্য, যোগাযোগ, যাতায়াত, পৰিবহণ আদি মানৱ সভ্যতাৰ সকলো ক্ষেত্ৰতে পশ্চিমীয়া উন্নত দেশসমূহৰ অকল্পনীয় উৎকৰ্ষৰ বিষয়ে অবগত হওঁ, বা সেইবোৰ দেখিবলৈ পাওঁ, তেতিয়া আমাৰ বিস্ময়াভিভূত হোৱাৰ আন কোনো বিকল্প নাথাকে। সেই বিস্ময় বহুগুণে বৰ্ধিত হয়, যেতিয়া দেখিবলৈ পাওঁ যে, সেই সুউন্নত সভ্যতা গঢ়ি তোলা, বা তাক মজবুত কৰি ৰখা, বা তাক বিকশিত কৰি তোলা সেই সুউন্নত জাতিসমূহৰ সদস্যসকলো আমাৰ দৰে একেই সুখ-দুখ, আবেগ-অনুভূতি, হিংসা-দ্বেষ আদিৰ বশৱৰ্তী একেই মানুহ। এনে ক্ষেত্ৰত, এনে কি যাদুৰ বলত সেই জাতিসমূহে মাত্ৰ কেইশমান বছৰৰ ভিতৰতে সেই বিস্ময়কৰভাৱে উৎকৃষ্ট সভ্যতা গঢ়ি তুলিবলৈ সক্ষম হ’ল, সি সঁচাকৈয়ে এক গভীৰ অধ্যয়নৰ বিষয়! অৱশ্যে এই বিষয়ে প্ৰচুৰ গৱেষণা তথা আলোচনা হৈছে যদিও বিশ্ববিশ্ৰুত সাহিত্যিক-দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে সামগ্ৰিকভাৱে আধুনিক মানৱ সভ্যতাৰ আৰম্ভণিৰ ক্ষেত্ৰত কোৱাৰ দৰে ময়ো ভাবো যে, প্ৰায় ষোড়শ শতিকাৰ পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী কেইশ বছৰমানৰ ভিতৰতে প্ৰধানকৈ ইউৰোপৰ বিজ্ঞান, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য, সংগীত আদি কিছুমান বিষয়ত যদি যথেষ্ট সংখ্যক অসীম প্ৰতিভাধৰ কৰ্মী তথা চিন্তাবিদৰ সমসাময়িকভাৱে আৱিৰ্ভাব নহ’লহেঁতেন, তেন্তে এই দেশসমূহে আন দেশসমূহৰ তুলনাত এনে এক অতি উৎকৃষ্ট সভ্যতা গঢ়ি তুলিব নোৱাৰিলেহেঁতেন। অৱশ্যে কি অদ্ভুত কাৰণ বা কাৰণসমূহৰ বাবেনো মাত্ৰ কেইশমান বছৰৰ ভিতৰতে মুখ্যতঃ ইউৰোপতহে এনে যথেষ্ট সংখ্যক সেই প্ৰতিভাশালী মহাপুৰুষসকলৰ জন্ম হৈছিল, সেয়াও হয়তো এক সুকীয়া অধ্যয়নৰ বিষয়।