পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

কাৰ্যালয়তে কাটিব পাৰি, প্ৰায় ২৫০ ইউৰো পৰিল। আমি আলোচনা কৰিলো, কাৰবাৰটো লাভজনক নহ’ল। তাতকৈ দিল্লী বা মুম্বাইৰ পৰাই পেৰিছ হৈ লণ্ডনলৈ টিকট কাটিলেই লাভ হ’লহেঁতেন বোধহয়। পিচে এতিয়া আৰু উপায় নাই। অৱশ্যে পৰমাৰ আমাৰ লগত ঘূৰি যাব। গতিকে পৰমাৰৰ টিকটটোত ৰিকনফাৰ্মড কৰিব লাগিব। গতিকে পুনৰ বিভিন্ন মেট্ৰোৰে’ল বগাই পুনৰ ৰু দু কলনিজ পালো। পৰমাৰৰ টিকটটোও ৰিকনফাৰ্মড কৰিলো। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা ওলাই আহোতে বাহিৰত এখন সৰু গ্ৰাম্য বজাৰ দেখিলো। ভিতৰত সোমাই দেখিলো সেইখন এখন ঘৰুৱা হাট। বিভিন্ন পৰিয়ালে তেওঁলোকৰ বিভিন্ন পুৰণি বস্তু বিক্ৰী কৰিবলৈ আহিছে। বিভিন্ন চকুত লগা পুৰণি ছবি, মুদ্ৰা, বাচন, পুতলা, ফুলদানি, সঁফুৰা, ডাক টিকট, খেলনা, কিতাপ, আলোচনী, ঘড়ী, বটল, গহনা, সাজ-পোছাক, আচবাব, বাকচ ইত্যাদি ইত্যাদি অসংখ্য বস্তুৰ বিচিত্ৰ সমাহাৰ! বস্তুবোৰ পুৰণি যদিও বেছ সুন্দৰ আৰু মানসম্পন্ন, বস্তুবোৰ ৰাখিছেও সুন্দৰকৈ। বস্তুবোৰৰ দাম কিন্তু কম নহয়। তথাপি মানুহে কিনি নিছে। হয়তো পেৰিছবাসীৰ পুৰণি বস্তু সংগ্ৰহ কৰা আৰু সজোৱাৰ এটি চখো আছে। এই হাটখন আৰু ইয়াত প্ৰদৰ্শিত বস্তুসমূহে ফৰাছীসকলৰ সভ্যতাৰ এটি জিলিঙনি দাঙি ধৰা বুলি ক'ব পাৰি। অৱশ্যে আমাৰ একো বস্তু কিনা নহ’ল। তাৰপৰা M-3ৰে অপেৰা ষ্টেচনলৈ আহিলো। তাৰ পৰা M-7ৰে আহি পালাই ৰয়েল— মিউজে দু লুভ ষ্টেচনত নামিলো। ষ্টেচনৰ পৰা ওলায়েই সমুখত বিশ্ববিখ্যাত লুভ সংগ্ৰহালয়।

 লুভ বিশ্বৰ অন্যতম বৃহৎ আৰু বিখ্যাত কলা সংগ্ৰহালয়। ষোড়শ শতিকাত মাজভাগৰ ফ্ৰান্সৰ ৰজা প্ৰথম ফ্ৰান্সিছে আৰম্ভ কৰা এই সংগ্ৰহালয়টোৱে পৰৱৰ্তী সময়ত অসংখ্য মূল্যবান সংগ্ৰহ আহৰণ কৰি বিশ্ববিখ্যাত হৈ উঠে। সমগ্ৰ সপ্তদশ শতিকাজুৰি ইউৰোপত ফৰাচীসকলে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংগ্ৰহৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। প্ৰধানকৈ ফৰাছী, ইটালীয় আৰু গ্ৰীক সংগ্ৰহ থকা এই সংগ্ৰহালয়ত ইজিপ্তীয় সংগ্ৰহ আৰম্ভ কৰে প্ৰথম নাপালেয়ঁই। ঊনবিংশ শতিকাৰ মাজভাগত তৃতীয় নাপালেয়ঁৰ ৰাজত্বকালত লুভ সংগ্ৰহালয়ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠে আৰু ইয়াৰ সংগ্ৰহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পায়। কুৰি শতিকাৰ শেষৰ পিনে ফৰাছী চৰকাৰে ইয়াৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ এক বৃহৎ কাৰ্যসূচী হাতত লয় আৰুই বিশ্বৰ ভিতৰতে এক বৃহৎ তথা আধুনিক সংগ্ৰহালয় হৈ পৰে। লিওনাৰ্ডো ডা ভিন্সিৰ অতি বিখ্যাত চিত্ৰ ‘মনালিছা’ৰ উপৰি আন বহুতো বিশ্ববিখ্যাত চিত্ৰ আৰু ভাস্কৰ্য লুভত আছে। সেইবোৰ বৰ্তমান মুঠতে ৭টা ভাগত ভাগ কৰি ৰখা হৈছে।

৩০