পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


ৰোধ কৰিব পাৰে। আমাৰ দৰে একেই জনসংখ্যাৰ হেঁচাৰে ভাৰাক্ৰান্ত আমাৰেই প্ৰতিবেশী চীনদেশ এই বিষয়ত এক দৃষ্টান্ত। এই ক্ষেত্ৰত ধৰ্মীয়, ভাষিক বা সাম্প্ৰদায়িক সকলো ধাৰণাৰ ঊৰ্ধ্বত থাকি দেশৰ শিক্ষিত অংশই বিশেষ ভূমিকা পালন কৰিব লাগিব আৰু এক সুস্থ তথা উন্নত পৰিপাৰ্শ্বিকতা প্ৰাপ্তিৰ স্বাৰ্থত এই সামাজিক কামবোৰৰ বাবেও প্ৰত্যেকেই নিজৰ সময়ৰ পৰা সমাজক কিছু সময় দিবই লাগিব।

 এনেদৰে প্ৰায় এঘণ্টামান যোৱাৰ পাচত প্ৰায় কুৰিটামান ষ্টেচন পাৰ হৈ অৱশেষত আমি চাঁ ৰেমি— লে শ্যেভৰুজ ষ্টেচন পালো৷ ই হ'ল সেইটো ৰে'লপথৰ শেষ ষ্টেচন। শুকান, নিৰ্জন আৰু মুকলি ষ্টেচনটো বেছ আৰামদায়ক যেন লাগিল। ৰেলৰ সময় তালিকাখন চাই দেখিলো ৰাতি ৮ বজালৈ পেৰিছলৈ ঘূৰি যাবলৈ ৰে’ল আছে। গতিকে ইচ্ছা কৰিলে কেইবা ঘণ্টাও ইয়াত কটাব পৰা যাব। ষ্টেচনৰ পৰা ওলাই আহিয়েই বঢ়িয়া লাগিল। প্ৰবেশ পথৰ দুয়োকাষে দীঘলীয়া পকী-টাবত সুন্দৰ ফুল। ডাঙৰ ফুলনি কৰিবৰ বাবে ঠাইৰ অভাৱৰ বাবে তেনেকৈয়ে সুন্দৰ ফুলনি পাতিছে। অৱশ্যে পেৰিছৰ য’তে-ত’তে এনে ধৰণৰ ফুলনি দেখিছো। মানুহৰ ঘৰৰ খিৰিকী মুখত, দুৱাৰমুখত, আলিবাটত, গীৰ্জাৰ সমুখত, গাড়ীৰখা ঠাইত, বিপণীসমূহত সকলোতে এনেদৰে সৰু-ডাঙৰ টাবত বিভিন্ন উজ্জ্বলৰঙৰ ফুল জকমকাই ফুলি থকা দেখিছো। ষ্টেচনৰ পৰা ওলায়েই সন্মুখত এখন সৰু বিপণী। সৰু যদিও বিপণীখন বিভিন্ন বস্তুৰে ঠাহ খাই আছিল। আমি পানী আৰু ফলমূল কিছু ল’লো। তাৰ পাচত তিনিওজনে উদ্দেশ্যবিহীনভাৱে এফালে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। ষ্টেচনৰ ওচৰত এই বিপণীখনৰ বাহিৰে একো নাই। কিছুসময়ৰ পাচত আমি এটি তিনিআলি পালো। আমাৰ সোঁফালে মূল আলিবাটটো গৈছে অদূৰৰ এখন গাঁৱলৈ— গাঁৱৰ উজ্জ্বল ৰঙা চাল আৰু মাখনৰঙী বেৰৰ ঘৰবোৰ জিলিকি আছে! পটভূমিত এখন ঘন সেউজ দীঘলীয়া নাতিউচ্চ পাহাৰ। সমগ্ৰ দৃশ্যটো সুনিপুণ শিল্পীয়ে আঁকা এখন অপূৰ্ব চিত্ৰৰ দৰে। এটি সৰু ৰাস্তা আমাৰ সন্মুখলৈ আগবাঢ়ি গৈছে। এখন কাঠৰ ফলিত কিবা এখন পামৰ পিনে বুলি লেখা আছে। পৰমাৰ ইচ্ছা অনুসৰি আমি পামখনৰ পিনে আগবাঢ়িলো। আমি আগবঢ়া ৰাস্তা আচলতে সমান্তৰালভাৱে দুটা এটা মটৰগাড়ীৰ বাবে আৰু আনটো চাইকেল আৰু পদচাৰীৰ বাবে। এনে ব্যৱস্থা মই

ডৰ্টমুণ্ডৰ উপকণ্ঠ অঞ্চল বা জাৰ্মানীৰ গ্ৰামাঞ্চলতো দেখিছো। হয়তো ই সমগ্ৰ ইউৰোপৰে ব্যৱস্থা। গ্ৰামাঞ্চলৰ ভিতৰৰ আলিবাটসমূহত যত পদপথ দিয়াৰ ব্যৱস্থা নাই, তাত এনেদৰে পদচাৰী আৰু চাইকেল আৰোহীৰ বাবে সৰু সমান্তৰাল আলিবাটৰ ব্যৱস্থা কৰা হয়। আমিও এই পদপথেৰে আগবাঢ়িলো। এফালে ঘন সেউজ বননি, আনফালে

৩৮