পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

অহা-যোৱা কৰিছে। অনুভৱ কৰিলো এক শান্ত সমাহিত পৰিবেশ, নিৰ্জনতা! বিমান বন্দৰৰ পাতলীয়া ঘৰবোৰ দেখা পালো আৰু মোৰ ঘড়ীতে প্ৰায় ৬ বজাত আমাৰ বিমানে পেৰিছৰ মাটিত অৱতৰণ কৰিলে। তেতিয়া স্থানীয় সময় প্ৰায় ২ বাজি ৩০ মিনিট। মোৰ কাষৰ খিৰিকীৰ বাসিন্দাজন আছিল ভাৰতীয়। নামিবৰ সময়ত মোৰ ভাব হ’ল— তেওঁ পেৰিছৰ স্থায়ী বাসিন্দা হ’ব পাৰে। কিন্তু তেওঁক সুধি গম পালো যে, তেওঁ ড॰ পৰমাৰ, গুজৰাটৰ মহাবিদ্যালয় এখনৰ প্ৰবক্তা আৰু তেওঁ মই অহা সন্মিলনখনলৈকেই আহিছে। তেওঁৰ লগত তেওঁৰ গৱেষণা নিৰ্দেশক ড॰ কুমাৰো আহিছে। ড॰ কুমাৰ গুজৰাটৰ চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপক। তিনিজন স্বদেশী লগ হোৱাৰ লগে লগে আমাৰ অস্বস্তি আৰু বিৰক্তি নিমিষতে নোহোৱা হৈ পৰিল আৰু পেৰিছত কটাবলগীয়া আগন্তুক সপ্তাহটো বেছ আনন্দেৰে পাৰ হোৱাৰ সম্ভাৱনীয়তা বাঢ়ি আহিল। অৱশেষত আমি বিমানৰ পৰা অৱতৰণ কৰি পেৰিছৰ মাটিত ভৰি দিলো।

 আন্তৰ্জাতিক বিমান বন্দৰ হ’লেও CDGত খুব এটা ব্যস্ততা দেখা নাপালো। এক নিৰ্জন পৰিবেশ যেনহে লাগিল। ইয়াৰ তুলনাত জাৰ্মানীৰ ফ্ৰেংকফুৰ্ট বা ডাছেলডৰ্ফ বহু বেছি ব্যস্ত যেন লাগিছিল। বেগেজ ক্লেইম, ইমিগ্ৰেছন আদি স্তৰ পাৰ হৈ বিমান বন্দৰৰ বাহিৰ হ’লো। কুমাৰে বিমান বন্দৰতে ডলাৰ ভঙাই ইউৰো ল’লে, কমিছন বেছ কিছু ভৰিব লগা হ’ল। দেখিলো দিল্লীত ইউৰো কিনি ভালেই কৰিছো। ইফালে পৰমাৰে ঘৰলৈ ফোন কৰিবলৈ PCO বিচাৰি ফুৰিছো। দুটা বেৰত ওলমি থকা টেলিফোন দেখুৱাই দিলো। জাৰ্মানীৰ অভিজ্ঞতাৰে বুজিছো যে, একোজন মানুহে ৰখি থকা PCOৰ ধাৰণা ইয়াত অচল। তদুপৰি ইয়াত টেলিফোন মানেই ISD কৰিব পৰা, আৰু টেলিফোন ব্যৱহাৰ কৰিবলৈ টেলিফোন কাৰ্ড লাগিব। টেলিফোনত পইচাৰ ব্যৱহাৰ অচল। যিটো কাম যন্ত্ৰৰ সহায়েৰে সহজতে কৰিব পাৰি, সেই ক্ষেত্ৰত আমাৰ ইয়াত PCO বিলাকত এনেয়েই বহু জনশক্তিৰ অপব্যয় হৈ আছে। অৱশ্যে ভাৰতৰো ‘টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান’ত এনে টেলিফোন কাৰ্ডৰ ব্যৱস্থা মই দেখিছো আৰু ই বেছ সুন্দৰভাৱেই কাম কৰি আছে। অৱশ্যে অতি ক্ষুদ্ৰ পৰিসৰৰ মাজৰ এনে ব্যৱস্থাই দেশৰ সামগ্ৰিক অৱস্থাৰ কথা নিৰ্দেশ নকৰে। ফলত বিমান বন্দৰৰ পৰা পৰমাৰৰ টেলিফোন কৰা নহ’ল। বিমান বন্দৰৰ ভিতৰে ভিতৰে গতিশীল চিৰি, গতিশীল পদপথ আদিৰে খোজকাঢ়ি ৰে’ল ষ্টেচন পালো, যেন এখন উচ্চ যান্ত্ৰিক জগততহে প্ৰবেশ কৰিলো! পেৰিছ মহানগৰীৰ ভিতৰলৈ যাবলৈ টিকট

কাটি পোনতে RER-B ৰে’লেৰে চাঁ মিশ্যেল ষ্টেচন পালো। দৰাচলতে মই পোনে

১২