পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


এটা আয়তৰ তিনিটা বাহুত আছে। চতুৰ্থ বাহু থকা ঠাইত এখন বিশাল চোতাল আৰু উদ্যান। সমুখত চাৰিওফালে পাৰ বান্ধি ৰখা এটা তৰাং পুখুৰী, কিছুমান আমাৰ ইয়াৰ পাতিহাঁহৰ দৰে হাঁহ চৰি আছে। অট্টালিকাকেইটা অৱশ্যে বেছি কাৰুকাৰ্যখচিত নহয়। চোতালৰ মাজভাগত হয় আইনা বা স্বচ্ছ প্লাষ্টিকেৰে তৈয়াৰী কেইটামান পিৰামিড আকৃতিৰ ঘৰ। দৰাচলতে মূল সংগ্ৰহালয় প্ৰবেশ পথ ভূতলত অৱস্থিত। এটা পিৰামিড ভূতললৈ প্ৰবেশ পথহে। যাবলৈ ইচ্ছা নকৰাত কুমাৰ আৰু সিঙক বাহিৰত থৈ পৰমাৰ আৰু মই পিৰামিডৰ ভিতৰ পালো। গতিশীল চিৰিৰে নামি গৈ ভূগৰ্ভৰ মহলাটো পালো। ভিতৰত এখন বেলেগ পৃথিৱী! বিভিন্ন দেশৰ বিভিন্ন মানুহ ভিতৰৰ বিশাল মজিয়াখনত ভৰি আছে। মাজত আদৰণি কক্ষ। আদৰণি কক্ষত ইংৰাজী, চীনা, জাৰ্মান, ফৰাছী, ইটালীয়, স্পেনিছ, গ্ৰীক আদি বিভিন্ন ভাষাত লুভ সংগ্ৰহালয়ৰ পৰিচয়জ্ঞাপক পুস্তিকা দেখিলো৷ ইংৰাজী ভাষাৰ পুস্তিকা এখন ল’লো। সংগ্ৰহালয় মুকলি থকা সময় ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫-৩০ বজালৈ। সোমবাৰে বেছি সময়লৈ খোলা থাকে। টিকটৰ হাৰ আবেলি ৩ বজাৰ আগতে ৭.৫ ইউৰো আৰু ৩ বজাৰ পাচত ৫ ইউৰো।মূল সংগ্ৰহাললৈ সোমোৱাৰ আগতে বাহিৰৰ ভূগৰ্ভ মহলাত কিতাপ, সজোৱা বস্তু, ভাস্কৰ্যৰ আৰ্হি, ছবি আদি বিভিন্ন বস্তুৰ প্ৰকাণ্ড দোকান আছে। ইয়াৰ উপৰি ৰেষ্টোঁৰা, বস্তু ৰখা কোঠা, শৌচ-প্ৰস্ৰাৱাগাৰ আদি সকলো সা-সুবিধা আছে। ভিতৰত বেছ কিছু সময় ঘূৰিপকি পাচদিনা সংগ্ৰহালয়ৰ ভিতৰত প্ৰবেশ কৰাৰ পৰিকল্পনা লৈ ওলাই আহিলো। চাৰিওজনে ওচৰে-পাজৰে কিছু খোজ কাঢ়িলো। সংগ্ৰহালয়ৰ সমুখতো কিছুমান ভাৰতীয় লোকে বিভিন্ন খেলনা, সজোৱা বস্তু, উপহাৰ দিয়া সামগ্ৰী আদি বিক্ৰী কৰি আছিল। তেওঁলোকেও এই ব্যৱসায় বেছ লাভজনক বুলিয়েই ক’লে। অৱশ্যে তেওঁলোকেও আৰু ক’লে যে, এনেদৰে বস্তু বিক্ৰী কৰা বেআইনী। পেৰিছৰ আলিবাটৰ দাঁতিয়ে দাঁতিয়ে, য’তে-ত’তে সৰু–বৰ বিভিন্ন উদ্যান। প্ৰতিখন উদ্যানতে সেই সময়ত উজ্জ্বল ৰঙৰ বিভিন্ন ফুল ফুলি আছিল। উদ্যানসমূহ বেছ ভালদৰে প্ৰতিপাল কৰি ৰখা হৈছে আৰু এইবোৰত ফুলৰ লগতে বহু ডাঙৰ ডাঙৰ গছো আছে। বাহিৰৰ সা-সুবিধাও আছে। সন্ধিয়া ৯ মান বাজিল। বহুসময় ঘূৰি পৰি ভাগৰো লাগিল, আৰু চাৰিওজনে মেট্ৰোৰে’লেৰে নিজ নিজ বাসস্থানসমূহলৈ ঘূৰি আহিলো। ৰাতি লুভ সংগ্ৰহালয়ৰ পুস্তিকাখন কিছু পঢ়িলো আৰু অতি সোনকালে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

  পিচদিনা গতানুগতিকভাৱে সিঙৰ লগত একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। সন্মিলনৰ কেইটামান বক্তৃতা শুনিলো। পৰমাৰ

২৮