পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


এনে নৃত্যৰ প্ৰদৰ্শনৰ ব্যৱস্থা থাকে। মানচিত্ৰৰ পৰা গম পালো যে মৌলি ৰৌজ নৈশ ক্লাবটো বুল ভাৰ দু ক্লিশ্যি নামৰ আলিবাটটোত অৱস্থিত। নৈশ আহাৰৰ সতে কেবাৰে নৃত্য উপভোগৰ বাবে টিকটৰ হাৰ ১২৫ ইউৰোৰ পৰা ৮০ ইউৰোলৈকে। সন্ধিয়া টিকটৰ হাৰ বেছি, ৰাতিলৈকে কম। অৱশ্যে আমাৰ কাৰোৱেই কেবাৰে নৃত্য চোৱাৰ কথা নাই। পৰমাৰ আৰু কুমাৰৰ কোঠাৰ পৰা ওলাই লুক্সাঁবুৰ্গ ষ্টেচন পালো। RER-Bৰে আহি গাখ দু নৰ ষ্টেচন পালো। তাৰপৰা ভিতৰে ভিতৰে আধা কিলোমিটাৰমান খোজকাঢ়ি লা চেপেল নামৰ আন এটা ষ্টেচন পালো। তাৰ পৰা M-2ৰে আহি প্লাচ দু ক্লিশ্যি ষ্টেচনত নামিলো। ৰাতি, মানে সন্ধিয়া ৯ মান বাজিছে। লাহে লাহে আন্ধাৰো নামি আহিছে। ঠাইখন কেইবাটাও বাটৰ সংগমস্থল। বহু সময় বুলভাৰ দু ক্লিশ্যি ৰাস্তাটো উলিযাব পৰা নাছিলো। দুজনমানক সুধিলো যদিও আমাৰ কথা বুজি পোৱা যেন নালাগিল। ইয়াৰ বেছিভাগ লোকেই ভালদৰে ইংৰাজী বুজি নাপায়। অৱশ্যে যিটো দেখিছো, ইয়াত থকা নিগ্ৰো লোকসকলৰ বেছিভাগেই ইংৰাজী কিছু বুজি পায়। শেষত এজনে ষ্টেচনত থকা মানচিত্ৰখন চাবলৈ ক’লে। সেইখন কিছু সময় চাইহে আচল ৰাস্তাটো ধৰিব পাৰিলো। বুলভাৰ দু ক্লিশ্যিৰে অলপ আগবাঢ়ি যাওতেই দেখিলো–বিজুলী–বাতিৰ বাহাৰ! চৌদিশে যেন আলোকৰ মেলাহে পাতি থৈছে। গোটেই ৰাস্তাটোৰ দুয়োকাষে বিভিন্ন ধৰণৰ নৈশ ক্লাব। বিভিন্ন ধৰণৰ আলোকসজ্জাৰে জকমকাই আছে। আমি পোনতেই মৌলি ৰৌজ বিচাৰি ওলালো। কিছুদূৰ আগবঢ়াৰ পাচতে মানুহৰ ভিৰেই আমাক মৌলি ৰৌজৰ অৱস্থান দেখুৱাই দিলে। মৌলি ৰৌজৰ প্ৰৱেশ পথত মানুহৰ দীঘলীয়া শাৰী, বিভিন্ন দেশৰ বিভিন্ন মানুহ। ল'ৰা-ছোৱালী, ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা সকলো বয়সৰ লোক দেখিলো। কেবাৰে নৃত্যৰ আকৰ্ষণ কিয় ইমান বেছি বুজি নাপালো, কোনোবা দিনা উপভোগ কৰিব পাৰিলে হয়তো অনুধাৱন কৰিব পাৰিম। কিছু সময় মানুহৰ ভিৰ চাই বুলভাৰ দু ক্লিশ্যিৰে আগবাঢ়ি গ'লো। যিটো দেখিলো আলিবাটৰ দুয়োকাষে যৌনতাৰ বাহাৰ, যৌনতাৰ বিপণী! যৌনতা ইয়াত যেন এক পণ্যহে। যৌনতা বিভিন্ন ধৰণে উপভোগ কৰিব পৰা বিভিন্ন সা-সুবিধা! ৰাস্তাৰ দুয়োকাষে ব্লু ফিল্মৰ ভিডিঅ’ কেছেট, চিডি, যৌনসৰ্বস্ব কিতাপ, আলোচনী আদিৰ বিপণী, ব্লু ফিল্ম মুকলিভাৱে চাব পৰা ভিডিঅ’ পাৰ্লাৰ বা কথাছবি গৃহ, যৌন সৰ্বস্ব সাজ-পোছাক, সা সঁজুলি আদিৰ বিপণী, কিছু

দূৰৰ পৰা সঁচাসঁচি যৌনকাৰ্য দৰ্শন কৰিব পৰা ‘পীপ শ্বো’ গৃহ ইত্যাদি। গোটেই পৰিবেশটো আমাৰ বাবে হাস্যকৰ আৰু আচহুৱা যেন লাগিল। পদপথেৰে আগবাঢ়ি যোৱাৰ লগে লগে বিশেষকৈ বিভিন্ন পীপ শ্ব’গৃহৰ কৰ্মচাৰীসকলে আমাক তেওঁলোকৰ

৩৩