পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

ইত্যাদি। সকলোবোৰ বস্তুৱেই অতি উন্নতমানৰ আৰু বেছিভাগ বস্তুৱেই পেকেটত থাকে। দুপৰীয়া আৰু ৰাতিৰ আহাৰ কেতিয়া, ক’ত, কি হয় ঠিক নাই বুলি ভাবি সন্মিলনৰ আয়োজকসকলৰ জহতে বেছ ভালদৰে যিমান পাৰি ৰাতিপুৱাৰ জলপান খাই ল’লো। তাৰ পৰা খোজকাঢ়ি গৈ ইউনেস্কোৰ কাৰ্যালয় পালো। দহ তলামানৰ কাৰ্যালয়ৰ প্ৰকাণ্ড ঘৰটো সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত। যিটো প্ৰেক্ষাগৃহত আমাৰ মূল অনুষ্ঠানসমূহ অনুষ্ঠিত হৈছিল সেইটোও বেছ ডাঙৰ— প্ৰায় দুহেজাৰ মানুহ বহিব পৰা। প্ৰতিখন আসনৰ সমুখত মাইক্ৰ’ফোন আৰু হেডফোন আছে আৰু প্ৰতিটোৱেই কাৰ্যক্ষম অৱস্থাত আছে। তদুপৰি প্ৰেক্ষাগৃহটোৰ ধ্বনি আৰু আলোক নিয়ন্ত্ৰণৰ বাবে বিভিন্ন যন্ত্ৰপাতি আৰু কৰ্মচাৰী আছে। অসমৰ প্ৰেক্ষাগৃহ হ’লে এইবোৰ সাধাৰণতে হয় সম্পূৰ্ণৰূপে অথবা আংশিকৰূপে কৰ্মক্ষম অৱস্থাত নথকাটোৱেই স্বাভাৱিক হ’লহেঁতেন। কাৰ্যালয়টোৰ ভিতৰতে বেংক, ডাকঘৰ, কাফেটেৰিয়া, কিতাপৰ দোকান, বিমান, ৰে’ল আদিৰ টিকট ক্ৰয়ৰ সুবিধা, টেলিফোনৰ সুবিধা আদি থকাৰ উপৰি ইয়াত ৰাষ্ট্ৰসংঘৰ এটি সংগ্ৰহালয়ো আছে।

 ৰাতিপুৱা ৯ বজাত আমাৰ সন্মিলনৰ প্ৰথম অধিবেশন আৰম্ভ হ’ল। সন্মিলন মুকলি কৰিলে ফ্ৰান্সৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকী হ’ল এগৰাকী ভদ্ৰমহিলা আৰু তেওঁ ফৰাছী ভাষাত ২০ মিনিটমান বক্তৃতা দিলে। অৱশ্যে লগে লগে তেওঁৰ বক্তৃতা আমাৰ সন্মিলনৰ সচিব অধ্যাপক আয়গলনিটজাৰে ইংৰাজীলৈ অনুবাদো কৰি দিলে। বক্তৃতা অৱশ্যে গতানুগতিক আৰু চমু। এই আন্তৰ্জাতিক সন্মিলনখন পেৰিছত অনুষ্ঠিত কৰাৰ বাবে তেওঁ আয়োজকসকলৰ শলাগ ল’লে। পিচে মন্ত্ৰীগৰাকীৰ লগত কোনো আৰক্ষী বা নিৰাপত্তাৰক্ষী নেদেখিলো, বা কোনো সচিব পৰ্যায়ৰ লোকো নেদেখিলো। আনকি বাহিৰতো কোনো নিৰাপত্তাৰক্ষী নাছিল। অৱশ্যে কিছুমান যান্ত্ৰিক নিৰাপত্তা ব্যৱস্থা থাকিবও পাৰে। ইয়াৰ পাচত ইউনেস্কোৰ কাৰ্যালয়ৰ সচিবগৰাকীয়ে ইউনেস্কোৰ ভূমিকাৰ বিষয়ে চমুকৈ ক’লে। শেষত অধ্যাপক আয়গলনিটজাৰে শলাগৰ শৰাই আগবঢ়ালে। এই উদ্বোধনী অনুষ্ঠান যথেষ্ট চমু আৰু একেবাৰে আড়ম্বৰহীন আছিল। এই অনুষ্ঠানৰ পাচতে সন্মিলনৰ প্ৰকৃত বিষয়বস্তুৰ ওপৰত বিভিন্ন বক্তৃতাসমূহ আৰম্ভ হ’ল। ইয়াৰে দুটামান আৱশ্যকীয় বক্তৃতা শুনি পৰমাৰ আৰু কুমাৰৰ লগত উদ্দেশ্যহীনভাৱে বাহিৰলৈ ওলালো। ইতিমধ্যে আমাৰ লগ লাগিল ড॰ ৰাজেন্দ্ৰ সিং। তেওঁ আগ্ৰাৰ এখন কলেজৰ প্ৰবক্তা। ওলায়েই দেখিলো কিছুদূৰৈত ইফেল স্তম্ভৰ ওপৰৰ অংশ। ইমান দিনে শুনি থকা বা আলোকচিত্ৰত দেখি

থকা ইফেল স্বম্ভ চকুৰ সমুখত— সপোন যেন লাগিল! চাৰিওজনে সেইপিনে

১৬