পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

পাৰ হৈ ওপৰলৈ উঠিল। চৌদিশে কমোৱা তুলাৰ দৰে বিভিন্ন আকৃতি আৰু আকাৰৰ মেঘৰ বাহিৰে একো নেদেখা হ’লো। অৱশ্যে বিমানৰ পৰা দেখা পোৱা উজ্জ্বল ৰাতিপুৱাৰ ৰ’দজাকত বগা পোহৰ বিচ্ছুৰিত কৰি জিকমিকাই থকা অসীম দিগন্তবিয়পা বায়ুসাগৰত উতলি থকাৰ দৰে লগা মেঘবোৰৰো এক অপৰূপ সৌন্দৰ্য আছে। বিমানৰ ভিতৰত কৰা ঘোষণা অনুসৰি দিল্লীৰ পৰা পেৰিছলৈ প্ৰায় দহ হাজাৰ কিলোমিটাৰ পথ ‘শিৱাজী’য়ে অতিক্ৰম কৰিব প্ৰায় নঘণ্টা সময়ত। মেঘবোৰ চাই আমনি লাগিল। বিমানৰ ভিতৰত বিভিন্ন সময়ত খোৱা বস্তুও আহি থাকিল। ভালদৰে খালো আৰু এপাক শুই ল’লো। মাজে মাজে বিমানৰ ভিতৰত দিয়া আলোচনীবোৰৰ পাত লুটিয়ালো, অসমৰ পৰ্যটনৰ ওপৰত লেখা প্ৰবন্ধ এটা পঢ়িলো। মাজে মাজে পঢ়িলো ন’বেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী ৰিছাৰ্ড ফেইনমেনৰ আমোদজনক আত্মজীৱনী ‘ছিয়ৰলি য়ু আৰ জ’কিং মিষ্টাৰ ফেইনমেন।’ সমুখৰ এখন সৰু পৰ্দাত কিবা-কিবি পাতল ধৰণৰ হাস্যৰসাত্মক কথাছবি দেখুৱাই আছে, চাবলৈ মন যোবা নাই। ইয়াৰ আগৰবাৰত জাৰ্মানী যাত্ৰাৰ সময়ত প্ৰথম বিমান তথা বিদেশ যাত্ৰা হিচাপে বেছ অস্বস্তি অনুভৱ কৰিছিলো আৰু সকলো কথা ভাগ্যৰ ওপৰত এৰি দিব লগা হৈছিল। এইবাৰ পিচে বহুখিনি অভিজ্ঞতাৰে পৰিপক্ক হৈ বেছ আত্মবিশ্বাসেৰে যাত্ৰাটো উপভোগ কৰি আহিব পাৰিছো।

 হঠাতে দেখিলো আকাশ মুকলি, মেঘ প্ৰায় নাই। মোৰ আসন আছিল মাজত, খিৰিকীৰে ভালদৰে বাহিৰখন দেখা নাযায়। অলপ উঠি গৈ খিৰিকীৰে ভুমুকিয়াই বাহিৰলৈ চালো; পৰিষ্কাৰ আকাশ, ভূপৃষ্ঠ স্পষ্টভাৱে দৃষ্টিগোচৰ হ’ল। সমগ্ৰ দৃশ্যপট জুৰি চাপৰ, ঢৌ-খেলোৱা, মামৰৰঙী, শুকান, বালিময় ভূপৃষ্ঠ। খিৰিকীৰ কাষৰ যাত্ৰীজনেও তললৈ চালে— মন্তব্য কৰিলে, বোধহয় মৰুভূমি; ইৰাণ, ইৰাক বা আৰবৰাষ্ট্ৰ হ’ব পাৰে। ময়ো তেওঁক সমৰ্থন জনালো। হঠাতে দেখা গ’ল এক বিশাল গভীৰ নীলা হ্ৰদ। কি হ্ৰদ নাজানিলো, কাস্পিয়ান হ্ৰদ বা কৃষ্ণসাগৰ হ’ব পাৰে। মোৰ ঘড়ীত আবেলি ৫ বাজি গৈছে। সেই সময়ত আমি উৰি আছো বহু তলেৰে। বিভিন্ন ৰঙৰ আয়তাকাৰ কাপোৰ জোৰা দি তৈয়াৰ কৰা দলিচাৰ দৰে সেউজীয়া-হালধীয়া-মুগাৰঙী পথাৰবোৰ দৃষ্টিগোচৰ হ’ল। পথাৰবোৰৰ মাজে মাজে আগতে ছবিত দেখাৰ দৰে ৰঙা ছাল আৰু বগা বা মাখনৰঙী বেৰৰ দুই-তিনিমহলীয়া সৰু সৰু ঘৰৰ কেইটামান থূপ। অৱশেষত ইউৰোপ আহি পালো। বিমানত ঘোষণা— আৰু কিছুসময়ৰ পাচতে আমি পেৰিছৰ CDG বিমান বন্দৰত অৱতৰণ কৰিম। বিমান আৰু তললৈ নামিল।

বিস্তীৰ্ণ পথাৰৰ মাজত দুই-এটা আলিবাট চকুত পৰিল। দুই-এখন গাড়ী তীব্ৰভাৱে

১১