পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আগকথা

 

প্ৰায় প্ৰতিজন মানুহৰ দেশ ভ্ৰমণৰ হাবিয়াহ থাকে কিন্তু সকলোৱে পৃথিৱীৰ সকলো ঠাইলৈ যাব নোৱাৰে। সেই কাৰণে নিজে সশৰীৰে যাব নোৱাৰিলেও মানুহে বিকল্প হিচাপে সুলিখিত ভ্ৰমণকাহিনী পাঠ কৰি ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰে। এখন ভ্ৰমণ কাহিনীৰ উৎকৰ্ষ নিৰ্ভৰ কৰে লেখকৰ নিৰীক্ষণ ক্ষমতাৰ ওপৰত। কোনোবা ঠাইৰ কেইখনমান ইতিহাসপ্ৰসিদ্ধ স্থান দৰ্শন কৰি তাৰেই বৰ্ণনা দিলে ভ্ৰমণকাহিনী অসম্পূৰ্ণ হৈ থাকে। বৰ্ণনাত ভ্ৰমণ কৰা দেশখনৰ মানুহৰ কথাও থাকিব লাগে। অৰ্থাৎ তাৰ মানুহৰ স্বভাৱ-চৰিত্ৰ, আচাৰ-আচৰণৰ কথাও থাকিব লাগে।

 ড॰ জয়ন্ত কুমাৰ শৰ্মাই কেইদিনমান পেৰিছত থাকি তাৰ বহু কথাই লক্ষ্য কৰিছে মানুহৰ নিয়মানুবৰ্তিতা, কৰ্মদক্ষতা, সৌন্দৰ্যবোধ, নাগৰিক দায়িত্ববোধ, ইত্যাদি,ইত্যাদি। উদাহৰণ স্বৰূপে তেওঁ ইফেল টাৱাৰৰ ওচৰে-পাজৰে বহু ভাৰত, পাকিস্তান, চীন আৰু আফ্ৰিকাৰ মানুহক ফেৰীৱালা হিচাপে বস্তু বিক্ৰী কৰি থকা দেখিছে। তেওঁ তাৰে ভাৰতীয় মানুহ এজনক সুধি গম পালে যে এনেকৈ বস্তু বিক্ৰী কৰাটো আচলতে বে-আইনী কাম। মাজে মাজে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোক জৰিমনাও ভৰিবলগীয়া হয় কিন্তু আৰক্ষীয়ে কেতিয়াও মাৰ-ধৰ নকৰে বা ডাবি ধমকি দি পইচা আদায় নকৰে। এইটো এটা সৰু কথা কিন্তু এইটোৱে তাৰ আৰক্ষী প্ৰশাসনৰ চৰিত্ৰ সম্বন্ধে এটা ধাৰণা দিয়ে।

 তেনেকৈ বাটপথ দোকান ৰেস্তোঁৰা সকলোতে আছে ফুলৰ প্ৰাচুৰ্য। মানুহৰ সৌন্দৰ্যবোধৰ পৰিচায়ক। ড॰ শৰ্মাই গাঁও চোৱাৰ মানসেৰে পেৰিছৰ উপকণ্ঠৰ এখন গাঁৱলৈ গৈছিল। ছবিৰ দৰে গাঁও। গছ-গছনি আৰু উজ্জ্বল ৰঙৰ ফুলৰ সমাৰোহ। ধুনীয়া মসৃণ ৰাস্তা, তাতো ৰাস্তাৰ দাঁতিত ডাষ্টবিন।

 ড॰ শৰ্মাই ভাৰতৰ লগত, বিশেষকৈ অসমৰ লগত, এই বিসদৃশ পাৰ্থক্যৰ কাৰণ বিশ্লেষণ কৰাৰ চেষ্টাও কৰিছে।

 আকাৰত সৰু হ’লেও ড॰ শৰ্মাৰ ‘পেৰিছত এসপ্তাহ আৰু অসম’ ভ্ৰমণকাহিনী এখন পাঠযোগ্য কিতাপ বুলি মই ভাবো।

 
২৭-০২-২০০৬