পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


ঘাঁহনি, বোধহয় পামখনৰে অংশ। ফ্ৰান্সৰ সেউজ সৌন্দৰ্য উপভোগ কৰি কিছু আগবাঢ়ি গ’লো। ভোকলগা যেন অনুভৱ হোৱাত তিনিও আলিবাটৰ কাষতে বহি প্ৰত্যেকৰে মোনাবোৰ খুচৰিলো। আপেল, সুমথিৰা টেঙা, কল, মুৰি, চিৰাভজা, পাওৰুটি, মাখন, জলকীয়াৰ মিশ্ৰণৰ এক অদ্ভুত জলপান আমি সকলোৱে গ্ৰহণ কৰিলো, পেলনীয়া কাগজ, কলৰ বাকলি আদি ক'ত পেলাম বুলি ভাবি থাকোতেই দেখিলো ৰাস্তাৰ কাষত সুন্দৰ ডাষ্টবিন, কাষত বহিবৰ বাবে কংক্ৰিটৰ বেঞ্চ।এই জনপ্ৰাণীহীন অঞ্চলতো সুন্দৰ ব্যৱস্থা। এনে লাগিছে যেন ফ্ৰান্সৰ প্ৰতি ইঞ্চি মাটিতেই ফৰাছীবাসীৰ চকু আছে। কিছু আগবাঢ়ি যাওঁতেই ঘাঁহনিখনত দহজনীমান গাইগৰু দেখিলো। গৰুবোৰ বেছ উন্নত জাতৰ। গাখীৰ যে এবাৰত বিশ-পঁচিশ লিটাৰমান দিব তাক ওহাৰখন চায়েই ক'ব পাৰি। অসমত তেনে গৰু ব্যাপকভাৱে দেখা নাই, ক'ৰবাত দুই-এটাহে দেখিছো। তদুপৰি এই গাইকেইজনীৰ প্ৰতিজনীৰে কাণত চিনাক্ত কৰিবৰ বাবে টিকট মাৰি থোৱা আছে—কথাটো আমোদজনক! অৱশ্যে পৰমাৰ আচৰিত নহ'ল। ভাৰতবৰ্ষৰ গুজৰাত ৰাজ্যৰ গাখীৰৰ অঞ্চলৰ বাসিন্দা হিচাপে পৰমাৰে ক'লে যে, গুজৰাটত আজিকালি প্ৰায় সকলোৱে এনে ধৰণৰ পাম পদ্ধতিৰে একেই ধৰণৰ গাইগৰু পালন কৰে। চিনাক্তকৰণৰ বাবে তাতো গৰুৰ কাণত টিকট লগোৱা ব্যৱস্থা আছে। অৰ্থাৎ, যিটো বুজিলো, ঘাঁহকে আদি কৰি গৰুৰ খাদ্য উৎপাদনৰ বাবে আৰু গৰু পালন কৰাৰ বাবে উপযুক্ত প্ৰাকৃতিক পৰিবেশ থকা সত্ত্বেও বুৰ্বকৰ দৰে আমি অসমবাসীয়েহে এই ক্ষেত্ৰত একো আগবাঢ়িব পৰা নাই!

 পাহাৰৰ সেউজী শোভা চাই আমি আৰু কিছু আগবাঢ়ি গ'লো। আমাৰ বাওঁহাতে পামখনৰ প্ৰবেশপথ। লোহাৰ দুৱাৰখন খোলা আছে। এনেতে পামখনৰ দুগৰাকীমান কৰ্মচাৰীয়ে দুডাল ফিটাৰে ৰাস্তা দুটা বন্ধ কৰি থ’লে। গাড়ীবোৰ ৰৈ গ’ল। ক্ষন্তেক পাচতে সোঁফালৰ ঘাঁহনিৰ পৰা প্ৰায় এশজনীমান গাই গৰু ৰাস্তা পাৰ কৰি পামৰ প্ৰবেশ পথেৰে সুমুৱাই দিলে। পিচে পিচে আমিও সোমাই গ'লো। পামখন সিমান ডাঙৰ বা অতি উন্নতও নহয়। মজিয়াখন পকা যদিও গৰুবোৰ সিমান এটা পৰিষ্কাৰ হৈ থাকিবলৈ দিয়া নাই। ইয়াত প্ৰায় এশমান অতি উন্নত জাতৰ গৰু আছে। ভিতৰত কেইবাজনো কৰ্মচাৰীয়ে বিভিন্ন কাম কৰি আছে। পামখনৰ ভিতৰত আমি ঘূৰি-পকি বিভিন্ন বস্তু চাবলৈ ধৰিলো; আমিও কাকো একো সোধা নাই, আমাকে কোনেও একো সোধা নাই। ভাষাতযে সমস্যা হ'ব তেওঁলোকেও নিশ্চয় বুজি পাইছে। গৰুবোৰ

এটা দীঘলীয়া টিনৰ চালৰ ঘৰত ৰখা হৈছে। ঘাঁহ আৰু দানা দিয়াৰ সুব্যৱস্থা আছে। পামখনত ঘাঁহ, খেৰ আদিকটাৰ বাবে বিভিন্ন উন্নত যন্ত্ৰপাতিও দেখিলো। কাষৰ এটা

৩৯