পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

কিলোমিটাৰ ব্যাসাৰ্ধৰ এক বৃহৎ অঞ্চলৰ দৃশ্যাৱলী উপভোগ কৰিব পৰা যায়। প্ৰথম দুমহলা লিফটেৰে উঠিব পাৰি বা খোজকাঢ়িও উঠিব পাৰি। দুমহলাৰ পৰা বেলেগ এখন লিফটেৰে একেবাৰে তিনি মহলালৈ উঠিব পাৰি। টিকটৰ হাৰ হ’ল দুমহলালৈ খোজকাঢ়ি ৩ ইউৰো, লিফটেৰে ৬ ইউৰো। দুমহলাৰ পৰা একেবাৰে ওপৰলৈ পুনৰ ৩ ইউৰো। কুমাৰে স্তম্ভটোৰ ওপৰলৈ উঠিবলৈ ইচ্ছা নকৰিলে। পৰমাৰ দুতলালৈ খোজকাঢ়ি গ'ল। সিং আৰু মই প্ৰথমে দুতলালৈ লিফটেৰে গ'লো। বেলেগ লিফট সংগ্ৰহালয়ৰ দৰে বিভিন্ন বস্তু সজাই থোৱা আছে। লগতে ইফেল স্তম্ভৰ গঠন, ইয়াৰ ইতিহাস আদি সম্পৰ্কে বিভিন্ন তথ্য সন্নিবিষ্ট আলোকচিত্ৰ আদিও সজোৱা আছে। অৱশ্যে সময়ৰ অভাৱত সেইবোৰ খুব ভালদৰে চোৱা নহ’ল। একেবাৰে ওপৰৰ পৰা সমগ্ৰ পেৰিছ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অপূৰ্ব দৃশ্যাৱলী দেখিলো। সুদূৰ ভাৰতবৰ্ষৰ একেবাৰে পূৰ্বপ্ৰান্তৰ অসমৰ অতি ভিতৰুৱা গাঁও নপামৰ পৰা আহি বিশ্বৰ অন্যতম ঐতিহ্যমণ্ডিত পেৰিছ মহানগৰীৰ অতি বিখ্যাত স্থাপত্য ইফেল স্তম্ভৰ ওপৰৰ পৰা দৃশ্যাৱলী উপভোগ কৰিব পৰাটো খুব আচৰিত যেন লাগিল! আধাঘণ্টামান তাত কটাই বহুতো আলোকচিত্ৰ গ্ৰহণ কৰি দুয়ো নামি আহি তলত বেঞ্চত বহি থকা কুমাৰৰ ওচৰলৈ আহিলো। ইতিমধ্যে পৰমাৰো আহি পাইছিল। আপেল, কমলা, পাওৰুটি, জেলী, কল আদিৰে দুপৰীয়া বা আবেলিৰ আহাৰ কৰা হ'ল।

 ঠিক ইফেল স্তম্ভৰ দৰে ঐতিহ্যমণ্ডিত নহ'লেও আধুনিক যুগত সজা এনে ধৰণৰ বহু স্তম্ভ ইউৰোপ বা আমেৰিকাৰ উন্নত দেশসমূহত আছে। জাৰ্মানীত থকা কালত ডৰ্টমুণ্ড নগৰত থকা এনে স্তম্ভৰ ওপৰলৈকো গৈছো। এনে বহুবোৰ স্তম্ভ বহুমুখী কামত ব্যৱহাৰ কৰা হয়। কিছুমানৰ ওপৰত টিভি, ৰেডিঅ’ বা মাইক্ৰৱেভ এন্টেনা থাকে। কেতিয়াবা ওপৰত ঘূৰ্ণীয়মান ৰেষ্টোৰা বা আলোকগৃহ থকাও দেখা যায়। তদুপৰি এইবোৰৰ ওপৰলৈ যাবৰ বাবে টিকট কটাৰ ব্যৱস্থা কৰি চৰকাৰ বা ইয়াৰ মালিকীস্বত্ব থকা প্ৰতিষ্ঠানসমূহে বেছ আয় কৰাও দেখা যায়। ইফেল স্তম্ভয়ো প্ৰতিদিনে সমগ্ৰ বিশ্বৰে অসংখ্য দৰ্শনাৰ্থীৰ পৰা বুজন পৰিমাণৰ অৰ্থ আয় কৰা দেখিলো। আমাৰ অসমৰে অন্ততঃ গুৱাহাটীৰ টিভি এন্টেনা থকা স্তম্ভটো এনে বহুমুখী আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু তাৰ বাবে কিছু চিন্তা আৰু তাক কাৰ্যকৰী কৰাৰ বাবে উৎসাহৰ প্ৰয়োজন। এনে উৎসাহ অসমবাসীৰ আছেনে?

 ইফেল স্তম্ভৰ দৰ্শন শেষ কৰি পুনৰ ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। কেইটামান মোৰ বিষয়ৰ বক্তৃতা শুনিলো। আবেলি ৬-৩০ বজাত ঘৰলৈ টেলিফোন কৰিলো—

ভাৰতত তেতিয়া নিশা ১০ বাজিছে। ফ্ৰান্স আৰু ভাৰতৰ সময়ৰ পাৰ্থক্য চাৰে তিনি

২৩