পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


 সংগ্ৰহালয়ৰ ব্যৱস্থা আমাৰ জনা আছিলেই। গতিকে আমি চাৰিওজনে প্ৰথমে ভূগৰ্ভৰ মহলাটোলৈ সোমাই গৈ টিকট কাটি ল'লো। ৩-৩০ মান বজাতহে সোমাব পাৰিলো বাবে দুঘণ্টাহে সময় পাম। গতিকে মোৰ প্ৰথম ইচ্ছা হ’ল ‘মনালিছা’খন চোৱা। যিফালে মনালিছা আছে সেইফালেই আগবাঢ়িলো। বেছি আকৰ্ষণীয় বাবে মনালিছা থকা কোঠাটোলৈ পথ নিৰ্দেশ কৰা আছে। কিন্তু ছবিখন ৰাখিছে এটা অট্টালিকাৰ একেবাৰে মূৰৰ এটা কোঠাত। বিভিন্ন আকৰ্ষণীয় চিত্ৰসমূহৰ মাজে মাজে গৈ অৱশেষত আমি নিৰ্দিষ্ট কোঠাটো পালো। এটা ডাঙৰ উকা কোঠাত কেৱল ‘মনালিছা’ ছবিখনেই ৰখা হৈছে। পিচে আন ছবিবোৰৰ তুলনাত এইখন সৰু বুলিয়েই ক’ব লাগিব—বহল ৩ ফুটমান আৰু ওখ ৪ ফুটমান হ’ব। বিশ্বৰ সবাতোকৈ বিখ্যাত ছবিখনৰ দৰ্শনে মোৰ মনত এক বিস্ময় আৰু আবেগমন্থিত ভাল লগা অনুভূতিৰ সৃষ্টি কৰিছিল। ভিৰৰ মাজতে ইয়াৰ এখন আলোকচিত্ৰ গ্ৰহণ কৰি ওলাই আহিলো। প্ৰথমে সোমালো আমি ইটালীয় চিত্ৰকলাৰ সংগ্ৰহৰ মাজত। গ্ৰীক আৰু ৰোমান দেৱ-দেৱীৰ কাহিনীয়েই বেছিভাগ চিত্ৰৰ উপজীব্য। বাইবেলৰ কাহিনীও আছে। বেছিভাগ চিত্ৰই অতি প্ৰকাণ্ড আৰু অত্যন্ত উৎকৃষ্টমানৰ। তাৰ পৰা সোমালো ফৰাছী চিত্ৰকলাৰ সংগ্ৰহত। এইবোৰ তুলনামূলকভাৱে আধুনিক যেন অনুভৱ হ’ল। তাৰ পৰা আহিলো গ্ৰীক ভাস্কৰ্যৰ সংগ্ৰহলৈ। এইবাৰো অতি বাস্তৱসন্মত আৰু সুন্দৰ। এনে কালজয়ী ভাস্কৰ্য গঢ়িবলৈ যে অসীম প্ৰতিভাৰ প্ৰয়োজন, সেয়া সহজেই অনুমেয়। ইয়াৰ উপৰি প্ৰাচীন ইজিপ্ত তথা আন কিছুমান দেশৰ খুচুৰা সংগ্ৰহসমূহৰ সৌন্দৰ্য উপভোগ কৰি থাকোতে সংগ্ৰহালয় সেইদিনাৰ বাবে বন্ধ হ’বৰ হ’ল। অৱশেষত অনিচ্ছা সত্ত্বেও এক মনোৰম অভিজ্ঞতা বুকুত বান্ধি লুভ সংগ্ৰহালয়ৰ পৰা ওলাই আহিলো। মনত পৰিল অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কথা। অৱশ্যে অসমৰ আন বহুতো বস্তুৰ তুলনাত এই সংগ্ৰহালয়ৰ অৱস্থা উন্নত বুলিয়েই ক’ব লাগিব। সংগ্ৰহৰ সংখ্যাও বেয়া নহয়। কিন্তু বাহিৰত থকা বস্তুসমূহ ভালদৰে ৰখা হোৱা নাই। তদুপৰি দৰ্শকৰ সংখ্যা কম, টিকটৰ হাৰো কম।মই ভাবো, উপযুক্ত প্ৰচাৰ আৰু সামান্য অধিক যত্নেৰে এই সংগ্ৰহালয়টো দৈহিক আৰু আৰ্থিকভাৱে বহু বেছি উন্নত কৰি তুলিব পাৰি। জয়পুৰ, মুম্বাই আৰু কলিকতাৰ প্ৰায় একে ধৰণৰ সংগ্ৰহালয়ে বহু বেছি দৰ্শকক আকৰ্ষণ কৰি আৰ্থিক অৱস্থা বেছ টনকিয়াল কৰি ৰখা বিভিন্ন সময়ত নিজেই দেখিছো।

 লুভৰ পৰা চাৰিওজনে লুক্সাঁবুৰ্গ আহিলো। ইয়াত এখন ডাঙৰ সুন্দৰ উদ্যান আছে যদিও সোমোৱা নহ’ল। কিছুমান উপহাৰ সামগ্ৰী কিনিবৰ বাবে বিভিন্ন বিপণীত সোমালো৷ পেৰিছত বৃহৎ বিপণীৰ সলনি বেছিভাগ সৰু সৰু বিপণীয়েই দেখিছো।

৩১