পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

হোৱা সময়ৰে পৰা এই পাৰ্থক্যসমূহ যথাসম্ভৱ সুক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু অনুধাবন কৰিবলৈ যত্ন কৰিছিলো। এই ক্ষেত্ৰত, মোৰ বিচাৰত সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল জনসংখ্যা। আমাৰ দেশৰ মুখ্যতঃ অশিক্ষিত, সাংস্কৃতিকভাৱে দুৰ্বল, অনুন্নত জীৱনধাৰাত অভ্যস্ত ভয়াবহভাৱে বেছি জনসংখ্যা তথা ইয়াৰ অপ্ৰতিৰোধ বৃদ্ধিৰ বিপৰীতে ইউৰোপৰ জনসাধাৰণ সাধাৰণতে শিক্ষিত, সংস্কৃতিবান, উন্নত জীৱন- ধাৰাৰ, জনসংখ্যাও তুলনামূলকভাৱে অতি কম আৰু প্ৰায় স্থিৰ। মই অধ্যয়ন কৰা কেইবাখনো বিশ্বকোষৰ ভাৰতবৰ্ষৰ বিষয়ে ৰচনাৰ বক্তব্য হ’ল যে, প্ৰধানকৈ স্বৰাজোত্তৰ কালত ভাৰতবৰ্ষই বহুতো ক্ষেত্ৰত প্ৰচুৰ উন্নতি সাধন কৰিছে যদিও অকল্পনীয় জনসংখ্যা আৰু ইয়াৰ অপ্ৰতিৰোধ্য বৃদ্ধিৰ বাবেই এই জনসেৱামূলক আঁচনিসমূহ হয় ব্যৰ্থ হৈছে অথবা এইবোৰ যথোচিতভাৱে জনসাধাৰণৰ হিত সাধন কৰিব পৰা নাই। মহানগৰসমূহত পাতল জনসংখ্যা, অতি পাতলভাৱে বিস্তৃত সৰু সৰু কিন্তু উন্নত জনপদসমূহ, জনবসতিহীন বিস্তৃত বননি, ঘাঁহনি অথবা ডাঠ সেউজীয়া পাহাৰ বা শুকুলা বৰফাবৃত পৰ্বতমালা আদিয়ে ইউৰোপৰ বেছিভাগ দেশকেই ছবিৰ দৰে সুন্দৰ কৰি ৰাখিছে। মই পতিয়ন গৈছো যে, কম তথা স্থিৰ জনসংখ্যা, তথা উন্নত জনসাধাৰণ হ'ল সভ্যতাৰ এক অন্যতম লক্ষণ। শিক্ষাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ যদিও জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ এক অন্যতম উপায়, তথাপি ই একমাত্ৰ উপায় হব নোৱাৰে। ইয়াৰ বাবে চৰকাৰৰ কঠোৰ জনসংখ্যা নীতিৰ প্ৰয়োজন। বৰ্তমান ভাৰতৰ অৱস্থালৈ চাই এক দম্পতী এক সন্তান নীতি কঠোৰভাৱে পালন কৰা উচিত বুলি ভাবো। চুবুৰীয়া চীন দেশে যদি এনে নীতি কঠোৰভাৱে মানি জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় শূন্য কৰিব পাৰে, আমি নোৱৰাৰ কোনো কাৰণ নাই। অৱশ্যে আমাৰ দৰে আন্তৰ্জাতিক সীমান্তৰ নিকটৱৰ্তী ৰাজ্যসমূহে এই ক্ষেত্ৰত অতিৰিক্তভাৱে বিদেশী নাগৰিকৰ অনুপ্ৰৱেশকো যথোচিত গুৰত্ব প্ৰদান কৰিব লাগিব।

 দ্বিতীয়তে, মোৰ চকুত পৰা বিষয় হ’ল ইউৰোপত উৎপাদিত সকলো বস্তুৰে মান। পেৰিছৰ বিমানবন্দৰত নমাৰে পৰা মই চকুত পৰা সকলো সামগ্ৰীৰে মান যথাসম্ভৱ লক্ষ্য কৰি গৈছিলো আৰু সকলো সময়তে মনতে আমাৰ দেশৰ তেনে সামগ্ৰীৰ মানৰ লগত তুলনা কৰিবলৈ চেষ্টা কৰিছিলো। আৰু প্ৰায় প্ৰতিটো ক্ষেত্ৰত ইউৰোপৰ সামগ্ৰীসমূহৰ মান বহু ওপৰৰ বুলি অনুভৱ কৰিছিলো। ফ্ৰান্সৰ তুলনাত জাৰ্মানীত যন্ত্ৰপাতি প্ৰয়োগ কিছু বেছি যেন অনুভৱ হৈছিল তাৰ ফলত তাত এনে অনুভৱ বেছিকৈ হৈছিল। আগতে বিভিন্নজনে কোৱা আৰু আলোচনা কৰাৰ পৰা

ধাৰণা হৈছিল যে, পাশ্চাত্যৰ উন্নত দেশসমূহত যান্ত্ৰিক সেৱাসমূহ সুকলমে চলি

৪৪