পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

পোনে পেৰিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়লৈ যাব লাগিছিল যদিও পৰমাৰ আৰু কুমাৰৰ থকা ঠাই ঠিক নোহোৱাত ইউনেস্কোৰ কাৰ্যালয়লৈ যাব লগা হ’ল। চাঁ মিশ্যেলৰ ফা ১০ নম্বৰ মেট্ৰোৰে’ল M-10ৰে আহি ছেগুৰ ষ্টেচনত নামিলো। তাৰপৰা ওলাই মোৰ বিশ্বকোষ আৰু ইণ্টাৰনেটৰ পৰা লোৱা পেৰিছৰ সৰু মানচিত্ৰবোৰত চাই ইউনেস্কোৰ কাৰ্যালয় পালো। ইয়াতেই কাইলৈৰ পৰা আমাৰ সন্মিলন আৰম্ভ হ’ব। কাৰ্যালয়ত সন্মিলনৰ কেইবাজনো কৰ্মকৰ্তা আছিল। আমাৰ নাম পঞ্জীয়ন কৰি ৰাতিপুৱাৰ জলপানৰ বাবে কুপন ল’লো। ৰাতিপুৱাৰ জলপান ইয়াৰ ওচৰতে একৰ্ড হোটেলত খাব লাগিব। পৰমাৰ আৰু কুমাৰক সাময়িকভাৱে মোৰ থকা ঠাইৰ কাষতে আন এটি ছাত্ৰাবাসত থাকিবলৈ দিয়া হ’ল, কাইলৈ তেওঁলোকৰ থকা ঠাই ঠিক হ’ব। ইউনেস্কোৰ কাৰ্যালয়ৰ পৰা ওলাই ওচৰৰে আন এটা মেট্ৰোৰে’লপথ M-6ৰ ষ্টেচন কামব্ৰনলৈ গ’লো। M-6ৰে আহি দঁ ফ্ৰে বুশ্যৰো ষ্টেচন পালো। তাৰ পৰা RER-Bৰে আহি চিটে য়ুনিভাৰ্চেটে’ ষ্টেচন পালো। বাকীখিনি মোৰ ই-মেইলত দিয়াই আছিল। অৱশ্যে কিছু ঘূৰাঘূৰি হ’ল। ই-মেইলত লেখামতেই মোৰ বাসস্থান ফণ্ডাশ্যিঅ ডয়টছ জু লা মিউৰতৰ তদাকৰী কৰ্মচাৰীৰ পৰা চাবি লৈ ৪২৩ নম্বৰ কোঠাটোত সোমাই পৰিলো। আৰু মোৰ পেৰিছ যাত্ৰাৰ এটি পৰ্যায়ৰ তেতিয়াহে অন্ত পৰা যেন লাগিল।

 ৰাতি প্ৰায় ৯ বাজো বাজো— তথাপি আকাশত সূৰ্য! আচৰিত হ’লো। ইয়াৰ আগতে জাৰ্মানীত থকা কালছোৱা শীতকাল আছিল বাবে, ইউৰোপৰ গ্ৰীষ্মকাল সম্পৰ্কে কোনো ধাৰণা নাছিল। ইতিমধ্যে ভোক লাগি আহিছিল। গতিকে মোৰ কোঠাৰ পৰা ওলাই পৰমাহঁতৰ কোঠা পালো। আৰু তিনিও ৰাতিৰ আহাৰ বিচাৰি ওলাই গ’লো।

 দৰাচলতে এই বিশ্ববিদ্যালয়খন পেৰিছ মহানগৰীৰ একেবাৰে দক্ষিণ সীমাত অৱস্থিত বাবে দোকান আদি কম। আনহাতে বিশ্ববিদ্যালয়ৰ কাফেটেৰিয়াও ৯ বজাত বন্ধ হৈ গ’ল। ফলত তিনিও খোজকাঢ়ি বুলভাৰ্ড ঝুৰ্দ্যাৰে পশ্চিমৰ পিনে গৈ থাকিলো। ৯-৩০মান বজাত সূৰ্য অস্ত গ’ল। অলপ অলপ ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰিছিল যদিও চুৱেটাৰ পিন্ধিব লগা হোৱা নাই। দুই কিলোমিটাৰমান খোজকাঢ়ি এটি চাৰিআলিৰ সংযোগস্থল পালো যদিও বেছিভাগ দোকান বন্ধ। এখন সৰু দোকান খোলা আছে। মানুহ এজনে দোছাৰ দৰে বস্তু এটা তৈয়াৰ কৰি বিক্ৰী কৰি আছে। বস্তুটো তৈয়াৰ কৰি গ্ৰাহকৰ পছন্দ অনুসৰি বিভিন্ন বস্তু ভৰাই দিয়ে। বস্তুটো ল’বৰ বাবে বেছ ভিৰ

দেখিলো। দোকানখনত দীঘলীয়া ফৰাছী পাওৰুটিৰ ভিতৰত শাক-পাচলি, গাহৰিৰ

১৩