পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


ৰেলগাড়ীৰ ভিতৰতে থকা দেখিছিলো। নিয়মমতে ইয়াতো তেনে যন্ত্ৰ থাকিব লাগে। অলপ বিচাৰোতে ষ্টেচনৰ বাৰাণ্ডাত এনে এটা যন্ত্ৰ দেখা পালো। টিকটটোত তাৰিখৰ চাব মাৰি ল'লো। আমাৰ সন্মুখত এখন ৰে’ল ৰৈ আছে। ক্ষন্তেক পাচতে সেইখনে যাত্ৰা কৰিব লাগে। ইলেকট্ৰনিক ফলকতো চিটে য়ুনিভাৰ্ছেটে’ৰ ষ্টেচনত গাড়ীখন ৰ’ব বুলিয়েই ওলাই আছে। আমি এটা দবাত উঠি বহিলো। মানুহ পিচে নাই। গাড়ীখন নাযাব নেকি সন্দেহ হোৱাত এজন আমাৰ ফালে খোজকাঢ়ি অহা মানুহক সুধিলো— গাড়ীখন পেৰিছলৈ যাবনে নাযায়। ভাষা বুজি নোপোৱাত তেওঁ অংগিভংগী কৰি আমাক কিবাকিবি বুজাবলৈ চেষ্টা কৰিলে। মই একো ধৰিব নোৱাৰিলো। শেষত পৰমাৰে ঘটনাটো ধৰিব পাৰিলে। দৰাচলতে ৰে’লখন পেৰিছলৈ যাব যদিও শেষৰফালে দুটামান দবা মাজতে কাটি ৰাখিব। গতিকে আমি সমুখৰ দবাত গৈ উঠিলো। তাত অৱশ্যে বহু মানুহ বহি আছিল। আবেলিৰ শোভা চাই চাই আমি অহা বাটেৰে পেৰিছ মহানগৰীৰ বুকুলৈ ঘূৰি আহিলো। সিং আৰু মই আমাৰ চিটে য়ুনিভাৰ্ছেটে’ৰ ষ্টেচনত নামি পৰিলো। কুমাৰ আৰু পৰমাৰ লুক্সাঁ‌বুৰ্গত নামিব। বন্দৱস্ত হ’ল— আমি আমাৰ কোঠাতে কিছু জিৰাই লুক্সাঁ‌বুৰ্গ উদ্যানলৈ যাম আৰু তাতেই কুমাৰ আৰু পৰমাৰক লগ পাম। সেই অনুসৰি কিছু জিৰাই আমি RER-Bৰে লুক্সাঁ‌বুৰ্গ গ’লো আৰু লুক্সাঁ‌বুৰ্গ উদ্যানৰ ভিতৰত প্ৰবেশ কৰিলো। দুৱাৰমুখতে কুমাৰ আৰু পৰমাৰক লগ পালো। আটাইকেইজনে ভিতৰত কিছু উদ্দেশ্যহীনভাৱে ঘূৰিলো। উদ্যানখন খুব এটা ডাঙৰ নহয় যদিও সুন্দৰ। ভিতৰত এটা ডাঙৰ পাৰবন্ধা পুখুৰী আছে। অৱশ্যে পুখুৰী বুলি কোৱাতকৈ পকী পাৰবন্ধা চৌবাচ্চা বুলি কোৱাহে যুগুত হ’ব, কাৰণ পকী পাৰবোৰ আৰু জলপৃষ্ঠ মাটিতকৈ ওপৰত আছে। পানীত কিছু পদুমজাতীয় ফুল, আৰু ৰাজহাঁহ আৰু পাতিহাঁহ কিছুমান চৰি আছে। পেৰিছৰ বেছিভাগ উদ্যানতে দেখিছো, ডাঙৰ গছেই হওক বা ঘাঁহনিয়েই হওক সকলোবোৰ অতি সুপৰিকল্পিত। ফুলৰ ৰংবোৰৰ বেছ ডাঠ আৰু বিচিত্ৰ। উদ্যানত ফৰাচীৰ বাহিৰেও আন দেশৰ মানুহো আছে। ফুৰি থাকোতেই ৰাতি, অৰ্থাৎ সন্ধিয়া ৯ বাজিল। ৯ বজাত উদ্যান বন্ধ। মানুহবোৰ ওলাই আহিল, আমিও ওলাই আহিলো৷ ইতিমধ্যে আন্ধাৰ হৈ আহিছে। বিভিন্ন ধৰণৰ বিজুলীবাতিৰে ঠাইখন ৰঙীন হৈ উঠিছে। আজিয়েই পেৰিছত শেষ ৰাতি। আমি এনেয়ে অঞ্চলটোত ঘূৰি-পকি উপহাৰ দিবৰ বাবে সৰু-সুৰা বস্তু কিনিলো। চৌদিশে দৃষ্টিপাত কৰি অনুভৱ কৰিবলৈ চেষ্টা কৰিলো ইউৰোপৰ এক অত্যুন্নত জাতিৰ এক ঐতিহ্যমণ্ডিত মহানগৰৰ প্ৰাণপ্ৰবাহ! এক বুজাব নোৱৰা গধুৰ

কিন্তু ভাললগা স্মৃতি বুকুত লৈ পুনৰ RER-Bৰে বিশ্ববিদ্যালয়ৰ আমাৰ বাসস্থানলৈ

৪১