পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

ডাঙৰ ঘৰত গাখীৰ পৰিশোধন আৰু পেকেট কৰাৰ বৃহৎ যন্ত্ৰপাতি। এজন লোকেই সেইবোৰ পৰিচালনা কৰি আছে। আধুনিক বজাৰ ব্যৱস্থাৰ লগত খাপ খুৱাবলৈ হ'লে কৃষি আৰু পশুপালনকো আমি উদ্যোগ হিচাপে বিবেচনা কৰিব লাগিব। পৰমাৰৰ মতে গুজৰাটতো গাখীৰৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাৰ বৰ্তমান ব্যাপকভাৱে প্ৰচলন হ'বলৈ ধৰিছে। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমতো অতি তৎপৰতাৰে এনে ব্যৱস্থা আৰম্ভ নকৰিলে বিদেশী বজাৰত বাদেই, দেশীয় বজাৰতে আমাৰ স্থান নিশ্ছিন্ন হৈ যাব। পামখনত বিভিন্ন সঁজাত, বিভিন্ন জাতৰ মেকুৰী, কুকুৰ আৰু শহা ৰখাও দেখিছিলো। আন ব্যক্তিগত ঘৰত ৰখাৰ দৰে ইয়াৰো কেইবাটাও ঘৰৰ খিৰিকীৰ মুখৰ টাবত উজ্জ্বল ৰঙৰ ফুল সজাই ৰখা দেখিছিলো। পামখনৰ পৰা ওলাই আমি কিছুদূৰ আগবাঢ়ি গলো। বাটৰ দুয়োকাষে কিছু আপেলৰ গছ। অৱশ্যে সেইবোৰ খেতি নহয়, এনেয়ে হোৱা যেনহে দেখিলো। কিছু আগবাঢ়ি সোঁফালে গাঁৱলৈ যোৱা ৰাস্তাটোৰে সোমাই গ’লো। গাঁওখন পাহাৰ এখনৰ দাঁতিত অৱস্থিত। ভিতৰত বহুতো সৰু বৰ বাটে পোৱালি মেলিছে। ঘৰবোৰ বেছিভাগ দুমহলীয়া বা এমহলীয়া আৰু ৰঙা থিয় চালৰ। প্ৰতিঘৰে মানুহৰ চোতাল পকী বা ইটা দিয়া, টাবত প্ৰচুৰ ৰঙীন ফুল। চৌদিশ অতি পৰিষ্কাৰ, ডাঙৰ গছবোেৰ অতি সুন্দৰভাৱে ৰাখিছে। প্ৰতিঘৰ মানুহৰে চৌদিশ চকমকাই আছে। ৰাস্তাৰ দুয়োকাষে সৰু, চাপৰ পদপথ। সকলোতে ভূগৰ্ভস্থ নলা আছে। গাঁও যদিও আলিবাটৰ ব্যৱস্থা পেৰিছৰ দৰে একেই ৰাস্তাত পোহৰৰ ব্যৱস্থা, স্বয়ংক্ৰিয় যানবাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা, পদপথ, গাড়ী ৰখাৰ ব্যৱস্থা, ৰাস্তাৰ দাঁতিত বহাৰ ব্যৱস্থা আদি সকলো সুব্যৱস্থা আছে। তদুপৰি ৰাস্তাৰ দাঁতিৰ টাবতো ৰঙীন ফুলৰ বাহাৰ! বেছ কিছুসময় ধৰি আমি বিভিন্ন ৰাস্তাৰে ইফাল-সিফাল ঘূৰি থাকিলো। এখন প্ৰাথমিক বিদ্যালয় পালো—হয়তো শনিবাৰ বাবে বন্ধ। নামফলকৰ পৰা গম পালো যে এই গাঁওখনৰ নাম ইকলি। আলিবাটত বেছি মানুহ বা মটৰগাড়ী লগ পোৱা নাই। এখন মাত্ৰ সৰু বিপণী খোলা দেখা পালো। হয়তো সপ্তাহটোৰ শেষত অৱসৰ বিনোদনলৈ গৈছে। সপ্তাহৰ শেষত সাধাৰণতে ইয়াত শনি, ৰবিবাৰে বিদ্যালয়, কাৰ্যালয় আদি বন্ধ থাকে আৰু মানুহবোৰ প্ৰায়েই ফুৰিবলৈ ওলায়। খোজকাঢ়ি খোজকাঢ়ি আমাৰ বেছ ভাগৰ লাগিল আৰু আমি ওভতনি যাত্ৰা আৰম্ভ কৰিলে। গ্ৰাম্য ফ্ৰান্সৰ সৌন্দৰ্য উপভোগ কৰি পুনৰ চাঁ ৰেমি— লে শ্যেভৰুজ ষ্টেচন পালো। টিকট কিনাই আছিল যদিও যাত্ৰা কৰাৰ আগতে টিকটটো এটা যন্ত্ৰত সুমুৱাই তাৰিখৰ চাব মাৰি ল'ব লাগে। অন্যথা টিকটটো আইনসংগত নহয়। জাৰ্মানীতো একেই ব্যৱস্থা।

আমাৰ ইয়াত যেনিবা টিকট বেচোতাজনেই কামটো কৰি দিয়ে। এনে যন্ত্ৰ জাৰ্মানীত

৪০