পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

ষ্টেচনৰ পৰা M-6ৰে দ্ৰঁফ্ৰে ৰুশ্যৰো ষ্টেচনলৈ আহিলো। অতিৰিক্ত টিকটবোৰ কাটি ল’লো। কিন্তু টিকট কাটিবৰ সময়ত এটা ঘটনা হ’ল। টিকটসমূহ কাটিবৰ বাবে ২০ ইউৰোৰ এখন নোট দিলো। কিন্তু টিকট দিয়া লোকজনে খুচুৰা আছে যদি দিবলৈ ক’লে। খুচুৰা থকাত তেওঁক খুচুৰা পইচা দি দিলো। কিন্তু ২০ ইউৰোৰ নোটখন ঘূৰাই নিদি তেওঁ ভুলতে বাকচৰ ভিতৰত থৈ দিলে। কিন্তু ভাষাবিভ্ৰাটৰ বাবে কথাটো তেওঁক এতিয়া বুজাব নোৱৰা হ’লো। বহু সময়ৰ চেষ্টাৰ অন্তত তেওঁ যেনিবা কথাটো বুজিলে। কিন্তু তেওঁৰ হিচাপ মিলোৱাটোও সমস্যা হ’ল। ভাবিলো ২০ ইউৰো, মানে প্ৰায় এহেজাৰ টকা এনেয়ে যায় এতিয়া! গতিকে ময়ো লাগি আছো। অৱশেষত বহু হিচাপ-নিকাচ কৰি তেওঁৰ ভুলটো গম পালে আৰু দুখিত বুলি কৈ ২০ ইউৰো ঘূৰাই দিলে। দঁফ্ৰে ৰুশ্যৰোৰ পৰা RER-Bৰে চাঁ ৰেমি—লে শ্যেভৰুজলৈ যাত্ৰা কৰিলো। আচলতে চিটে য়ুনিভাৰ্জেটে'ৰ ষ্টেচনটোৱেই হ’ল এইটো ৰে'লপথৰ বাবে পেৰিছ মহানগৰীৰ শেষ ষ্টেচন। এইটো ষ্টেচন পাৰ হৈ কিছুদূৰ যোৱাৰ লগে লগে মহানগৰীৰ দৃশ্যপট সম্পূৰ্ণ সলনি হৈ পৰিল। কেইবামহলীয়া বৃহৎ ঘৰবোৰৰ ঠাইত বিস্তীৰ্ণ এলেকা জুৰি এমহলীয়া বা দুমহলীয়া থিয় চালৰ পৰিস্কাৰ বগা বা মাখন ৰঙৰ ঘৰসমূহ দেখা গ’ল। লাহে লাহে তেনে ঘৰৰ সংখ্যাও কমি আহিল। ৰেলপথৰ দুয়োকাষে হয় বৃহৎ সেউজ বা সোণালী কৃষিভূমি বা ঘন সেউজ বননি। মালভূমি অঞ্চলৰ মাজে মাজে গৈ থকা ৰেলখন মাজে মাজে মাটিৰ ওপৰেৰে বা কেতিয়াবা সুৰংগৰ ভিতৰেৰে গতি কৰিবলৈ ধৰিলে। মাজে মাজে দেখা গ'ল একে লগে থূপ খাই থকা উজ্জ্বল ৰঙৰ ঘৰবোৰৰ সৈতে কিছুমান গাঁও। ষ্টেচনসমূহ নিৰ্জন, মানুহ প্ৰায় নাই। আলিবাটসমূহত মটৰগাড়ীৰ সংখ্যাও খুব এটা বেছি নেদেখিলো। জাৰ্মানীৰ ডৰ্টমুণ্ড চহৰৰ উপকণ্ঠ অঞ্চলত দৃষ্টিগোচৰ হোৱা মানুহ আৰু মটৰগাড়ীৰ সংখ্যা ইয়াতকৈ কিছু বেছি আছিল। অৱশ্যে সমগ্ৰ ইউৰোপৰে জনসংখ্যা বেছ কম আৰু মহানগৰসমূহক বাদ দি জনবসতিও পাতল। আনকি জাৰ্মানীৰ অভ্যন্তৰত অনাই বনাই ঘূৰি ফুৰোতে কেইবাখনো পুৰণি পৰিত্যক্ত গাঁৱো দেখা পাইছিলো। জনসংখ্যা নিয়ন্ত্ৰণ সভ্যতাৰ এক অন্যতম লক্ষণ। একমাত্ৰ কাৰণ নহয় যদিও আমাৰ পিচপৰা অৰ্থনৈতিক অৱস্থাৰ এক অন্যতম কাৰণ হ'ল অকল্পনীয়ভাৱে ভয়াবহ জনসংখ্যা তথা ইয়াৰ অপ্ৰতিৰোধ্য বৃদ্ধি। এই ভয়ানক জনসংখ্যাৰ বাবেই বহুতো জনকল্যাণকামী কাৰ্যসূচীয়েই সফলতাৰ মুখ দেখা নাপায়। অৱশ্যে চৰকাৰৰ কঠোৰতম জনসংখ্যা নিয়ন্ত্ৰক নীতি তথা কাৰ্যসূচী

আৰু ইয়াৰ পূৰ্ণ প্ৰয়োগ, আনুষ্ঠানিক তথা অনানুষ্ঠানিক শিক্ষাৰ ব্যাপক প্ৰসাৰ আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ সচেতনতা বৃদ্ধিয়ে ইয়াক কাৰ্যকৰীভাৱে

৩৭