পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


উপৰি মহানগৰীৰ ভিতৰত থকা ৫ টা ৰে’ল ষ্টেচনৰ পৰা ফ্ৰান্সৰ মূল ৰে’লপথৰ ৰে’ল SNCF আৰু অতি দ্ৰুতগামী য়ুৰোৰে’ল—য়ুৰোষ্টাৰ আৰু চুম্বকীয় ৰে’ল— TGV সমূহ চলাচল কৰে। এইবোৰ সাধাৰণতে ফ্ৰান্সৰ আন ঠাইলৈ বা ইউৰোপৰ আন দেশসমূহলৈ যাবলৈ ব্যৱহাৰ কৰা হয়। মানচিত্ৰখন চাই বুজিলো যে, পেৰিছৰ ভিতৰত ঘূৰিবলৈ আটাইতকৈ সুবিধাজনক ব্যৱস্থা হ'ল মেট্ৰোৰে’ল, আৰু ইয়াৰ দ্বাৰা পেৰিছৰ যিকোনো এখন স্থানৰ পৰা যিকোনো এখন স্থানলৈ যাবলৈ আধা ঘণ্টাতকৈ বেছি সময় নালাগিব লাগে। তদুপৰি মানচিত্ৰখনত মহানগৰীৰ মুখ্য দৰ্শনীয় স্থানসমূহ স্পষ্টভাৱে অংকিত কৰি দিয়াৰ উপৰি এইবোৰৰ সম্পৰ্কে চমু ব্যাখ্যাও দিয়া আছে। ইয়াৰ নটইডাম গীৰ্জাৰ উপৰি আন কিছুমান দৰ্শনীয় স্থান হ’ল—লুভ সংগ্ৰহালয়, ইফেলস্তম্ভ, আৰ্ক দু ত্ৰিয়মফ তোৰণ, আৰজে মেটিয়ে টেকনিকছ সংগ্ৰহালয়, ফ্ৰান্সৰ জাতীয় পুথিভঁৰাল, বোৱা দু ভেঁচ বননি, বোৱা দুব’লন বননি, চঁ‌ত্ৰ জৰ্জ পপিডুকলা সংগ্ৰহালয়, চিমেটিয়ে দু পেৰ লাশ্যেজ কবৰস্থান, চিয়ে দু চিয়ঁ‌চ বিজ্ঞান সংগ্ৰহালয়, চিটে দু লা মিউজিক আমোদ উদ্যান, পুৰণি হোটেল ওটেল দু ভিল লেজাঁ‌ভালিছ সংগ্ৰহালয়, অস্ত্ৰ সংগ্ৰহালয়, ডা অৰছে সংগ্ৰহালয়, বাষ্টি ঈ জাতীয় অপেৰাগৃহ, গাৰ্নিয়ে জাতীয় অপেৰা গৃহ, বাগাটেল উদ্যান, অঁদ্ৰে চিত্ৰআঁ উদ্যান, পুষ্প উদ্যান, পালাই দু কংগ্ৰেছ প্ৰদৰ্শনী গৃহ, চাৰ্জে ব্যুৰ দুমমা বাছিলিক, লা প্লেন ষ্টেডিয়াম, মঁপাৰ নাছ স্তম্ভ ইত্যাদি। মানচিত্ৰখনৰ অধ্যয়নৰ পৰা পেৰিছখন এবাৰ ভ্ৰমণ কৰা যেন অনুভৱ কৰিলো। ইতিমধ্যে ৰাতি বহু গভীৰ হৈছিল। টোপনিয়ে ভালদৰে হেঁচি ধৰিছিল আৰু পেৰিছ মহানগৰীত দ্বিতীয় ৰাতিৰবাবে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ল’লো।

 গতানুগতিকভাৱে বিশ্ববিদ্যালয়ৰ পৰা একৰ্ড হোটেললৈ গৈ ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰিলো। হোটেলতে পৰমাৰ আৰু কুমাৰক লগ পালো। আগৰ পৰিকল্পনা অনুযায়ী চাৰিওজনে ইফেল স্তম্ভ দৰ্শনৰ বাবে খোজ ল’লো৷ পৰিষ্কাৰ পদপথেৰে খোজকাঢ়ি কেবাবাৰো পকী আলিবাট পাৰ হৈ প্ৰকাণ্ড উদ্যানখনত উপস্থিত হ’লো। আগদিনা অহাবাবে বাট চিনাত কোনো অসুবিধা নহ’ল। অৱশ্যে পেৰিছৰ প্ৰায় সকলো অঞ্চলৰপৰা দেখা পোৱা এই স্তম্ভটোৰ ওচৰলৈ যোৱাটো একেবাৰে সহজ—যিপিনে দেখা যায়, সেইপিনে গৈ থাকিলেই হ’ল। ১৮৮৯ খ্ৰীষ্টাব্দত পেৰিছত অনুষ্ঠিত বিশ্ব প্ৰদৰ্শনী উপলক্ষ্যে লো-তীখাৰে সাজি উলিওৱা ৩০০ মিটাৰ ওখ স্তম্ভটো সেইসময়ত বিশ্বৰ সৰ্বোচ্চ স্থাপত্য আছিল। আলেকজেণ্ডাৰ গুষ্টাভ ইফেলে সাজি উলিওৱা এই স্তম্ভ পেৰিছৰ এক গৌৰৱৰ চিহ্ন আৰু সমগ্ৰ ফ্ৰান্স তথা ইউৰোপৰ গৰ্বৰ বস্তু। তিনি

মহলীয়া এই স্তম্ভৰ একেবাৰে ওপৰ মহলাৰ পৰা পেৰিছ আৰু ফ্ৰান্সৰ প্ৰায় ৭০

২২