পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


পাৰে পাৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। আমাৰ ব্ৰহ্মপুত্ৰখনৰ তুলনাত ছিয়েনখন কোনো নদী নহয়, আমাৰ পাগলাদিয়া নদীখনৰ সমানহে। অৱশ্যে পেৰিছ মহানগৰীৰ বাবে ছিয়েনখন ইয়াৰ প্ৰাণ, অপৰূপ সৌন্দৰ্যৰ আকৰ। তদুপৰি ইয়াৰ মহানগৰীৰ মাজেৰে পাৰ হোৱা অংশ সুন্দৰভাৱে বন্ধাই ৰখোৱা হৈছে। ফলত নদীখন যেন কিছু কৃত্ৰিম হৈ পৰিছে। ইয়ে নৈখনৰ সৌন্দৰ্য বৃদ্ধি নে হ্ৰাস কৰিছে নিশ্চিত হব নোৱাৰিলো। নদীখনৰ দুয়োপাৰে বহু দূৰলৈ খোজ কাঢ়িব পৰা ব্যৱস্থা আছে। নদীৰ পানীৰ সোঁত কম যদিও পানী অতি পৰিষ্কাৰ, দুয়োপাৰো অতি পৰিষ্কাৰ— সৰু-ডাঙৰ বিভিন্ন সুদৃশ্য ডাষ্টবিন সকলোতে আছে। নদীৰ পাৰত বিভিন্ন পুৰুষ-মহিলা, যুৱক-যুৱতী চিত্ৰকৰে ছবি আঁকি আছে আৰু সেইবোৰ বিক্ৰী কৰি আছে। কেইজনমানে আমাৰ তাত বিক্ৰী কৰিবৰ বাবেও চেষ্টা চলালে। ছবিবোৰ তেল, পানী, পেঞ্চিল, চিয়াহী আদি বিভিন্ন মাধ্যমত অঁকা আৰু বেছিভাগেই অতি উন্নতমানৰ। এই চিত্ৰসমূহত মুখ্যতঃ পেৰিছ মহানগৰীৰ বিভিন্ন সময়ত বিভিন্ন দৃষ্টিকোণৰ পৰা দেখা ভিন ভিন প্ৰাচীন স্থাপত্য, ইয়াৰ বিভিন্ন নৈসৰ্গিক দৃশ্য, ছিয়েন নদীৰ অপৰূপ শোভা, ফ্ৰান্সৰ ঐতিহ্যমণ্ডিত প্ৰখ্যাত ব্যক্তিসকল বা ফ্ৰান্সৰ প্ৰাচীন শিল্পকলা তথা চিত্ৰকলাৰ প্ৰতিলিপি বৰ্ণিত হৈছে। মান অনুসৰি চিত্ৰসমূহৰ দাম বেলেগ বেলেগ। আনকি কেইগৰাকীমানে তেওঁলোকৰ সমুখত কিছুসময় বহিলে কেই ইউৰোমানৰ বিনিময়ত যিকোনো মাধ্যমত আমাৰ পছন্দ অনুসাৰে প্ৰতিকৃতিও আঁকি দিব খুজিলে। অৱশ্যে সময় আৰু ধনৰ অভাৱত তাৰ পৰা চিত্ৰ কিনা বা অঁকোৱা নহ'ল। ৰাতিৰ ছিয়েনৰ সৌন্দৰ্য চাই চাই পাৰে পাৰে আমি বহু দূৰ আগবাঢ়ি গ'লো। আকৌ খোজকাঢ়ি ঘূৰি আহিলো বেলেগ আলিবাটেৰে। পদপথৰ পাৰে পাৰে অসংখ্য ৰেষ্টোৰা, উজ্জ্বল বিদ্যুৎবন্তিৰ আলোকত জলমলাই আছে। একেই ৰঙা বা ৰঙচুৱা ৰৌদ্ৰ নিবাৰক আচ্ছাদকৰ সৌন্দৰ্য! পদপথৰ পাৰে পাৰে বহিবৰ বাবে সৰু সৰু সুদৃশ্য কাপোৰেৰে ঢকা দুজনীয়া বা চাৰিজনীয়া মেজ, সুদৃশ্য চকী। ভিতৰত এখন অভ্যৰ্থনা মেজ, পাচফালে সুদৃশ্য সুৰাৰ বটল আৰু জলমলাই থকা শাৰী শাৰী সুৰাৰ পিয়লা সজাই থোৱা এখন ৰেক। সকলোবোৰ ৰেষ্টোঁৰাৰ একেই গঠন, একেই সৌন্দৰ্য! সকলোতে সান্ধ্য তথা ৰাত্ৰি ভ্ৰমণলৈ অহা দেশী-বিদেশী লোকৰ ভিৰ।ইতিমধ্যে ৰাতি ভালেখিনি হৈছিল। এটা মৃদু ঠাণ্ডা বতাহ ব’বলৈ আৰম্ভ কৰিছিল। তথাপি গৰম চোলাৰ আৱশ্যক নহ’ল। ঠাণ্ডা আমাৰ শৰৎকালৰ সন্ধিয়াৰ দৰে। ভোক বিশেষ লগা নাছিল। দোকানত কিবাকিবি কিনি খালো। অহা ৰাস্তাৰে ঘূৰি গৈ আমাৰ কোঠা পালো। ঘড়ীত তেতিয়া ৰাতি

১২ বাজিছে।

১৯