পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


প্ৰদৰ্শন উপভোগ কৰাবলৈ জোৰ কৰিবলৈ ধৰিলে। কিছুমানে ২০ ইউৰোৰ টিকট ১০ ইউৰোতেই দিবলৈ ওলাল। এটা গাভৰুৰ দলে আকৌ নিজকে অপেশাদাৰী যৌন ক্লাব বুলি ঘোষণা কৰিলে আৰু ৫ ইউৰোৰ বিনিময়তে তেওঁলোকৰ ক্লাবৰ চেক্স শ্ব’ চাবলৈ জোৰ কৰিলে। আমাৰ এজনে মাজতে এই প্ৰদৰ্শন উপভোগ কৰিবলৈ মন কৰিছিল যদিও আমি বাকীবোৰে তেওঁক বাধা দি লৈ আহিলো। অৱশ্যে ক্লাবসমূহৰ কৰ্মচাৰীসকলে আমাক তেওঁলোকৰ প্ৰদৰ্শন চাবলৈ জোৰ কৰিছিল যদিও কোনো টনা-আঁজোৰা বা অভদ্ৰামি কৰা নাছিল আৰু আমি তাত ভয় খাব লগা বা অস্বস্তি পাব লগা কোনো পৰিস্থিতি হোৱা নাছিল। গোটেই পৰিবেশটো বেছ মুকলিমূৰীয়া আছিল আৰু আমাৰ মেলা উপভোগ কৰা যেনহে লাগিছিল। এনে ধৰণৰ মুক্ত যৌনতা উচিত নে অনুচিত সেই সম্পৰ্কে বিতৰ্কৰ অৱকাশ থাকিলেও, পেৰিছ মহানগৰীয়ে ইয়াৰ এই নৈশ ক্লাব তথা কেবাৰে নৃত্য বা যৌনতাৰ বিপণীসমূহৰ জৰিয়তে দেশী- বিদেশী অসংখ্য পৰ্যটকৰ পৰাযে প্ৰতিদিনে বেছ আয় কৰিছে তাতো কোনো সন্দেহ নাই। কিন্তু আমি ক’ব নোৱাৰো যে, পেৰিছৰ দৰে আমাৰ গুৱাহাটী মহানগৰীতো নৈশ ক্লাবসমূহ গঢ়ি উঠক, কেবাৰে নৃত্যৰ প্ৰচলন হওক বা যৌনতাৰ বিপণীসমূহ আৰম্ভ হওক। এনেবোৰ উত্তেজনা তথা মাদকতাপূৰ্ণ সামগ্ৰী একোখন সমাজৰ সুস্থ বিকাশত বাধা হৈ নপৰিবলৈ হ’লে সমাজখন শিক্ষা, সংস্কৃতি আৰু সভ্যতাৰ এটা স্তৰ পাব লাগিব আৰু আমাৰ সমাজখন সামগ্ৰিকভাৱে তেনে স্তৰত উপনীত হোৱা বুলি অনুভৱ কৰাটো কঠিন। প্ৰায় সমগ্ৰ ইউৰোপতে কেৱল প্ৰদৰ্শনমূলক যৌনতাহে যে কম-বেছি পৰিমাণে ব্যাপক এনে নহয়, সমগ্ৰ ইউৰোপৰ সমাজসমূহৰে যৌন জীৱন বহুখিনি মুক্ত। দুয়োপক্ষৰ সন্মতি সাপেক্ষে অবাধ দৈহিক সম্পৰ্ক, প্ৰাক বিবাহকালীন যৌন জীৱন, অবৈবাহিক দাম্পত্য জীৱনতাৰ স্বাভাৱিক জীৱনযাত্ৰাৰ অংগ বুলিয়েই ক’ব পাৰি। অৱশ্যে ইউৰোপৰ দৰে উন্নত দেশৰ অঞ্চলত প্ৰচলিত কাৰণেই যে এনেবোৰ কাৰ্য ভাল বা শুদ্ধ, তেনে কথা ক’ব নোৱাৰি। কাৰণ, এনেবোৰ ব্যৱস্থাই সেই দেশসমূহত আন কিছুমান সমস্যাৰো সৃষ্টি নকৰাকৈ থকা নাই। কিন্তু এনেবোৰ দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক বা সামাজিক কাঠামো ইমান সুদৃঢ় যে এনেবোৰ কথাই তেওঁলোকৰ সামগ্ৰিক সভ্যতাৰ বিকাশত খুব এটা বেছি প্ৰভাৱ পেলাব পৰা নাই। অৱশ্যে আধুনিক জীৱনৰ বিকাশৰ লগত সংগতি ৰাখি আমাৰ দেশতো যৌন জীৱন সম্পৰ্কীয় ধ্যান-ধাৰণাৰ হয়তো পৰিৱৰ্তন আৱশ্যক হ'ব পাৰে। কিন্তু এই পৰিৱৰ্তন হ’ব লাগিব আমাৰ ঐতিহ্য তথা পৰম্পৰাৰ লগত খাপখোৱা ধৰণৰ, যাতে ই আমাৰ

সামাজিক ভিত্তি আৰু কাঠামোত অসহনীয় আঘাত প্ৰদান কৰিব নোৱাৰে।

৩৪