পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

থোৱাৰ ব্যৱস্থা থাকে। পেৰিছ মহানগৰীৰৰ সকলো স্থানতে এনে ধৰণৰ ডাষ্টবিনৰ ব্যৱস্থা আছে। তদুপৰি সকলোবোৰ ৰাস্তাৰ কাষে কাষে বা ৰাজহুৱা স্থানত কিছুমান ৩ ফুটমান ওখ ধাতব খুটাৰ লগত একোটা ধাতব ডাঙৰ আঙঠি লগোৱা থাকে আৰু তাত একোখন ৰঙীন ডাঠ পলিথিনৰ ডাঙৰ মোনা ওলোমাই থোৱা থাকে। ই সুন্দৰভাৱে ডাষ্টবিনৰ কাম কৰে আৰু প্ৰতিদিনে সেইবোৰ চাফা কৰা হয়। মহানগৰৰ কথা বাদেই, গাঁৱৰ ভিতৰৰ ৰাস্তা-ঘাট, বা পথাৰৰ মাজৰ ৰাস্তাতো এনে ডাষ্টবিনৰ ব্যৱস্থা আছে, যিয়ে সমগ্ৰ ফ্ৰান্সখনৰ প্ৰতি ইঞ্চি মাটি জাবৰ-জোথৰ মুক্ত কৰি দেশখন ছবিৰ দৰে সুন্দৰ কৰি ৰাখিছে। আমাৰ ঘৰখন অথবা চৌপাশ, বা আমি বাস কৰা নগৰ বা চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ বাবে খুব এটা ধনৰ প্ৰয়োজন নাই, প্ৰয়োজন মনৰহে। সভ্যতাৰ অগ্ৰতিৰ লগে লগে মানুহৰ প্ৰয়োজনীয় ব্যৱহাৰ্য বস্তুৰ সংখ্যা অকল্পনীয়ভাৱে বৃদ্ধি পাইছে। ফলত সমগ্ৰ বিশ্বৰে অসংখ্য উদ্যোগত লক্ষ লক্ষ বিধ সামগ্ৰী অহৰহ তৈয়াৰ হ’বই ধৰিছে। লগে লগে এনেবোৰ সামগ্ৰী ব্যৱহাৰ কৰি অপ্ৰয়োজনীয় অংশখিনি পেলাই দিয়াৰ বাবে জাবৰ-জোথৰৰ পৰিমাণো ভয়ানকভাৱে বৃদ্ধি পাইছে। ই সভ্যতাৰেই অংগ। সভ্যতাৰ সা-সামগ্ৰীসমূহ উপভোগ কৰিবলৈ যেনেদৰে আমি শিকিব লাগিব, তেনেদৰে ইয়াৰেই উৎপাদন জাবৰ-জোথৰসমূহ আঁতৰাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষা আমি আনুষ্ঠানিকভাৱেই হওক বা অনানুষ্ঠানিকভাৱেই হওক গ্ৰহণ কৰিব পৰা নাই। ফলত আমাৰ দেশৰ— বিশেষকৈ অসমৰ প্ৰায় প্ৰতিখন নগৰ বা কিছু পৰিমাণে গাঁওসমূহো লাহে লাহে অধিক লেতেৰা হৈ যাবলৈ ধৰিছে। আধুনিক সভ্যতাৰ উৎপাদানসমূহ উপভোগ কৰিবলৈ হয়তো আমি ঠিকেই শিকিছো, কিন্তু তাৰ পৰা উদ্ভব হোৱা জাৱৰ- জোথৰসমূহনো কি কৰিম তাকহে জানিব পৰা নাই। কিন্তু এইবোৰ নোহোৱা কৰাৰ বিভিন্ন পদ্ধতিও বিজ্ঞানে আমাক দিছে। এনে ক্ষেত্ৰত মোৰ বিচাৰত আধুনিক মানৱৰ নাগৰিক জীৱনযাত্ৰা সম্পৰ্কীয় বৰ্তমানলৈকে থকা আইনসমূহ কঠোৰভাৱে বলবৎ কৰিব লাগে আৰু আৱশ্যক অনুযায়ী বেছি কঠোৰ নতুন আইন প্ৰণয়ন কৰিব লাগে। তদুপৰি সৰুৰে পৰা আনুষ্ঠানিক শিক্ষাত নাগৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষা বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে। নগৰ-মহানগৰ আদিৰ ক্ষেত্ৰত জাবৰ-জোথৰসমূহ পৰিষ্কাৰ কৰিবৰ বাবে অতিৰিক্ত কৰ আৰোপ কৰাৰো ব্যৱস্থা কৰিব পাৰে। জাৰ্মানীৰ ডৰ্টমুণ্ড নগৰত কিছু বছৰ আগতে এনে কৰ হিচাপে প্ৰতিমাহে প্ৰতিটো পৰিয়ালে প্ৰায় ২০ ডয়ছমাৰ্ক, অৰ্থাৎ প্ৰায় ৪০০ টকামান দিবলগা হৈছিল।

৪৬