পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

 সময়-সুবিধা পালে মন আৰু মগজুৰ জৰিয়তে সেই সুউন্নত দেশ আৰু আমাৰ ভাৰতবৰ্ষ তথা অসমৰ সামগ্ৰিক পৰিবেশৰ সূক্ষ্ম আৰু মূলগত পাৰ্থক্যসমূহ বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা চলাও আৰু ইয়াৰ উৎকৃষ্টতাখিনি আমাৰ সমাজত প্ৰয়োগ কৰাৰ উপায় বিচাৰো। আমাৰ ৰাষ্ট্ৰপতি বিশিষ্ট বিজ্ঞানী আব্দুল কালামদেৱে ২০২০ চনৰ ভিতৰতে ভাৰতবৰ্ষখনক উন্নয়নশীল দেশৰপৰা উন্নত দেশলৈ পৰিৱৰ্তন কৰাৰ সপোন দেখিবলৈ সকলোকে আহ্বান জনোৱাৰ কথা আমি শুনিছো। তেখেতৰ এই আশাবাদী আহ্বানক সন্মান জনায়ো বাস্তৱিক দৃষ্টিকোণৰ পৰা লক্ষ্য কৰি ভাবো যে, হঠাতে এক প্ৰায় অসম্ভৱ অতিবৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা নহ’লে, ভাৰতীয়সকলৰ অতি কমেও শতাধিক বছৰৰ কঠোৰ শৃংখলাবদ্ধ তথা পৰিকল্পনামূলক পৰিশ্ৰমৰ অবিহনে ই পশ্চিমৰ সেই সুউন্নত জাতিসমূহৰ নিকটবৰ্তী স্থান লাভ কৰাৰ সম্ভাৱনা নাই বুলিবই পাৰি। অৱশ্যে ইয়াৰ বাবে আমি হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, বা হতাশ হৈও কোনো লাভ নাই। তদুপৰি আমাৰ সভ্যতা-সংস্কৃতি পশ্চিমীয়া দেশ বা জাতিসমূহৰ লগত একেবাৰে একে হ’ব বা হ’ব লাগিব বুলিও কোনো কথা নাই। উদাহৰণস্বৰূপে, আমাৰ এছিয়া মহাদেশৰে একেবাৰে পূৰ্ব প্ৰান্তৰ জাপান দেশে দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যোৱাৰ পাচতো ইয়াৰ সকলো ধৰণৰ সাংস্কৃতিক ঐতিহ্য অক্ষুন্ন ৰাখিও বিশ্বৰ অন্যতম চহকী আৰু উন্নত দেশ হিচাপে পশ্চিমৰ অতি উন্নত দেশসমূহৰ লগত একে শাৰীতে স্থান লাভ কৰিছে। একেদৰে, ভাৰতবৰ্ষৰে প্ৰতিবেশী, ইয়াৰ লগত সদৃশ সমস্যাৰে ভাৰাক্ৰান্ত চীন দেশে ইয়াৰ সহস্ৰ বছৰীয়া প্ৰাচীন ঐতিহ্য আৰু ইয়াৰ কমিউনিষ্ট আদৰ্শ অটুট ৰাখিও উন্নতিৰ পথত দ্ৰুতভাৱে আগবাঢ়ি বিশ্বৰ এক মহৎ অৰ্থনৈতিক শক্তি হ’বৰ পিনে আগবাঢ়িছে। আনকি ভাৰতবৰ্ষৰে কিছুমান ঠাই, অঞ্চল বা ৰাজ্যই বিকাশৰ দিশত বলিষ্ঠ পদক্ষেপেৰে অগ্ৰসৰ হৈছে। এনে ক্ষেত্ৰত আমাৰ ৰাজ্যখনেও যদি সঠিক সময়ত সঠিক পদক্ষেপ গ্ৰহণ কৰি কঠোৰ পৰিশ্ৰমেৰে উন্নতিৰ জখলাত খোজ নেপেলায়, তেন্তে অসম তথা অসমীয়া জাতিয়ে সুকীয়া মৰ্যাদাসহকাৰে সমগ্ৰ বিশ্বৰ পৰিপ্ৰেক্ষিতত স্থান লাভ কৰা দূৰৈৰে কথা, নিজৰ দেশতে ইয়াৰ অস্তিত্ব বিলুপ্ত হৈ পৰিব।

 এনে ধৰণৰ চিন্তা-চৰ্চাৰ মাজতে যোৱা বছৰ জুলাই মাহমানত ইণ্টাৰনেট যোগে খবৰ পালো যে, এই বছৰৰ জুলাই মাহৰ শেষৰ পিনে ইউৰোপৰ অন্যতম উন্নত তথা ঐতিহ্যমণ্ডিত দেশ ফ্ৰান্সৰ ৰাজধানী পেৰিছ মহানগৰীত তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক সন্মিলন এখন অনুষ্ঠিত হ’ব। মোৰ গৱেষণাৰ বিষয় তাত্ত্বিক পদাৰ্থবিজ্ঞান

হোৱা বাবে এই সন্মিলনখন মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। তদুপৰি কেইবছৰমান