পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

খোজকাঢ়ি আগবাঢ়িলো। পৰিষ্কাৰ, বহল আলিবাট, ভৰ দুপৰীয়াও যেন নিৰ্জন! গাড়ী-মটৰ খুব এটা বেছি নেদেখিলো, খোজকঢ়া মানুহো বেছি নাই। দোকান-পোহাৰো কেৱল আলিবাটৰ সংগমস্থলবোৰতহে বেছি। বেছিভাগ দোকানৰে বেলেগকৈ ডাঙৰ ডাঙৰ নাম ফলক নাই— হয় বেৰত সৰুকৈ লেখি থৈছে বা লগাই থৈছে, অথবা সমুখৰ আয়নাৰ দুৱাৰখনতে লেখি থৈছে। বেছিভাগ দোকানৰে দুৱাৰমুখত সাধাৰণতে ৰঙা ৰঙৰ কিছুমান ছাতিৰ দৰে ৰৌদ্ৰ আচ্ছাদক দেখিলো। গোটেই নগৰখনতে এই আচ্ছাদকসমূহে এক সুকীয়া সৌন্দৰ্য প্ৰদান কৰিছে। বিভিন্ন আলিবাটেৰে আধাঘণ্টামান খোজকঢ়াৰ পাচত আমি ইফেল স্তম্ভৰ ওচৰত উপস্থিত হ’লো। ইফেল স্তম্ভ চোৱাৰ বাবে সমগ্ৰ পৃথিৱীৰে বহুতো মানুহ। এখন উদ্যানৰ মাজত অৱস্থিত এই স্তম্ভটোৰ ওচৰলৈ গ’লো, বেছ বিশাল! গোটেই উদ্যানখনতে যেন মানুহৰ মেলাহে বহিছে। চাৰিওফালে কিছুমান সৰু-সুৰা বস্তুৰ দোকান। ইফেল স্তম্ভৰ বিভিন্ন আকাৰৰ আৰ্হি, বিভিন্ন চাবিৰ আঙঠি, সজোৱা বস্তু, দাপোণ, সঁফুৰা কাপোৰ আদি এনেবোৰ দোকানত কিছু কম দামতে পোৱা যায়। প্ৰধানকৈ কিছুমান চীনা, ভাৰতীয়, বাংলাদেশী আৰু পাকিস্তানী মানুহে এনেয়ে হাতত লৈ বিভিন্ন মণিহাৰী সামগ্ৰী বিক্ৰী কৰি থকাও দেখিলো। কেইজনমান ভাৰতীয় লোকৰ লগত হিন্দীতে কথা পাতিলো– পেৰিছতো হিন্দী, ভাল লাগিল। অন্ততঃ এনেদৰে বস্তু বিক্ৰী কৰি এক বুজন পৰিমাণৰ আয় হয় বাবেই জীৱিকাৰ বাবে আইনসংগত বা আইন-বহিৰ্ভূত— যিকোনো উপায়ে তেওঁলোক আহিছে। অৱশ্যে তেওঁলোকে ক’লে যে,— এনেদৰে বস্তু বিক্ৰী কৰাটোও দৰাচলতে বেআইনী। আৰক্ষীৰ তৎপৰতা সম্পৰ্কে প্ৰশ্ন কৰাত ক’লে যে, মাজে মাজে আৰক্ষীয়ে ধৰি নিয়ে যদিও এক বুজন পৰিমাণৰ জৰিমনা কৰি সাধাৰণতে এৰি দিয়ে। আমাৰ দৰে আৰক্ষীয়ে মাৰধৰ কৰা বা পইচা খোৱা ঘটনা তাত তেওঁলোকে কেতিয়াও দেখা নাই বা শুনা নাই বুলি ক’লে। ইতিমধ্যে আৰু কিছু আগবাঢ়ি আমি বাছেৰে ওচৰৰে লুক্সাঁবুৰ্গ ষ্টেচনলৈ আহিলো। পৰমাৰ আৰু কুমাৰৰ আচলতে থকা ঠাই হ’ল ইয়াৰ ওচৰৰে চাঁ জেকুইছ নামৰ আলিবাটৰ ২৭০ নম্বৰ ঘৰটো। এই ঘৰটো দৰাচলতে পেৰিছ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাস। লুক্সাঁবুৰ্গ ষ্টেচনত মানচিত্ৰ চাই লৈ বিভিন্ন ৰাস্তাৰে খোজকাঢ়ি শেষত তেওঁলোকৰ ঘৰটো উলিয়ালো। তাৰ পৰা RER-Bৰে পুনৰ ঘূৰি আহি বিশ্ববিদ্যালয়ৰ আমাৰ থকা ঠাই পালো। সিং আৰু মোৰ থকা ঠাই একেটা ঘৰতে, পাচতহে গ’ম পালো। পৰমাৰ আৰু কুমাৰে তেওঁলোকৰ বস্তুবোৰ ইয়াৰ পৰা লুক্সাঁবুৰ্গলৈ লৈ গ’ল। মই আৰু সিঙে নিজৰ কোঠাত কিছু সময় জিৰালো। এঘণ্টামান পাচত নটইডাম অভিমুখে যাত্ৰা কৰিলো।

১৭