পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


আৰু কুমাৰক লগ পোৱা নাই। গতিকে সিঙৰ লগত এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় বিচাৰি ওলালো। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনা দিল্লীতেই লৈ থৈছিলো—৫ নম্বৰ ৰু দু কলনিজ, পেৰিছ-২। সন্মিলনৰ অভ্যৰ্থনা কক্ষত সুধি গম পালো যে, ঠাইখিনি M-3ৰ বুৰ্চ ষ্টেচনৰ ওচৰত অৱস্থিত। কিন্তু M-3ৰ ষ্টেচন ইউনেস্কোৰ কাৰ্যালয়ৰ ওচৰত নাই। গতিকে M-6, M-1 আৰু M-4ৰে বগাই গৈ শেষত M-3ত উঠিলো। কিন্তু ৰে’লখনৰ দুৱাৰমুখতে থকা ৰে’লপথ নিৰ্দেশক চিত্ৰটোৰ পৰা গাম পালো যে, মেৰামতি চলি থকা বাবে বুৰ্চ ষ্টেচন বন্ধ। গতিকে দুয়ো কাঁত ছেপ্তেম্ব নামৰ ষ্টেচনটোত নামি পৰিলো। আচৰিতভাৱে বুৰ্চ ষ্টেচনটো যে মেৰামতিৰ বাবে বন্ধ, সেই কথা স্পষ্টকৈ লেখি ৰখাৰ উপৰি, বুৰ্চ ষ্টেচনত পাব পৰা সকলো সা-সুবিধা, তথ্য, মানচিত্ৰ আদি এইটো ষ্টেচনতে ৰখা হৈছে। M-3ৰ প্ৰতিখন ৰে’লৰ প্ৰতিটো দবাতে এই কথা লেখা আছে। পেৰিছবাসী তথা মহানগৰ কৰ্তৃপক্ষৰ দূৰদৃষ্টি আৰু সূক্ষ্মচিন্তা তবধ মানিবলগীয়া! এনে ধৰণৰ কামৰ বাবে কোনো ধন বা প্ৰযুক্তি নালাগে, লাগে মাথো চিন্তা কৰাৰ ক্ষমতা আৰু সামান্য দেশপ্ৰেম! আমি উপস্থিত হোৱা কাঁড ছেপ্তেম্ব ষ্টেচনত মানচিত্ৰ চাই আমি ৰু দু কলনিজ আলিবাটটো বিচাৰি উলিয়ালো। সেই হিচাপে গৈ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় পালো। সিং আৰু মোৰ ওভতনি যাত্ৰাৰ টিকট ৰিকনফাৰ্মড কৰিলো। দুপৰীয়া মোৰ গৱেষণাপত্ৰৰ পোষ্টাৰ প্ৰদৰ্শন কাৰ্যসূচী থকা বাবে পুনৰ লৰালৰিকৈ উভতি আহি ইউনেস্কোৰ কাৰ্যালয় পালো৷ ঘূৰি আহি পৰমাৰ আৰু কুমাৰক লগ পালো। এনে ধৰণৰ বৃহৎ আন্তৰ্জাতিক সন্মিলনসমূহত অংশ গ্ৰহণকাৰীৰ সংখ্যা অতি বেছি হোৱা বাবে, বেছিভাগ অংশগ্ৰহণকাৰীয়ে গৱেষণাপত্ৰসমূহ পোষ্টাৰ আকাৰে প্ৰদৰ্শন কৰিব লগা হয়। মৌখিক বক্তৃতাৰ বাবে অতি কম সংখ্যক জ্যেষ্ঠ বিজ্ঞানীয়েহে সুবিধা পায়। অৱশ্যে ইয়ে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে। নিৰ্দিষ্ট ঠাইত আমাৰ চাৰিওজনৰ পোষ্টাৰসমূহ লগালো। নিয়ম অনুযায়ী পোষ্টাৰবোৰৰ কাষত এঘণ্টামান থিয় হৈ থাকিব লাগে আৰু কোনোবাই কিবা সুধিলে উত্তৰ দিব লাগে। প্ৰায় দুঘণ্টামান তাত থাকি আমি আজৰি হ’লো। বিভিন্নজনে আমাৰ পোষ্টাৰসমূহ চালে, আমিও বিভিন্নজনৰ পোষ্টাৰসমূহ চালো। পদাৰ্থবিজ্ঞানৰ কিমান যে বিচিত্ৰ বিষয়ৰ ওপৰত বিশ্বৰ বিভিন্ন প্ৰান্ত মানুহে বেলেগ বেলেগ ধৰণে অধ্যয়ন কৰি আছে—তাক ভাবিলে বিস্ময় মানিব লাগে! এনে ধৰণৰ আন্তৰ্জাতিক সন্মিলনবোৰত এই কথা বেছিকৈ উপলব্ধি কৰিব পাৰি।

 কুমাৰৰ পৰিকল্পনা হ’ল পেৰিছৰ পৰা লণ্ডনলৈ যোৱা। গতিকে তেওঁ আন্তৰ্দেশীয় ৰে’ল য়ুৰোষ্টাৰৰ পেৰিছৰ পৰা লণ্ডনলৈ এটা টিকট কিনিলে। টিকট ইউনেস্কোৰ

২৯