পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম

থকাৰ মুখ্য কাৰণ হ'ল এই যে, এইবোৰৰ ‘মেইনটেনেন্স’ বেছ ভাল। কিন্তু যিটো দেখিলো, দৰাচলতে যন্ত্ৰপাতিসমূহৰ মান ইমান উন্নত আৰু সেইবোৰ ইমান মজবুত, আৰু এইবোৰ ইমান যথাযথভাৱে ব্যৱহাৰ কৰা হয় যে, 'মেইনটেন্স'ৰ বিশেষ প্ৰয়োজন নাথাকে। এই মজবুত অৱস্থা পাবৰ বাবে ইয়াত ধাতৱ যন্ত্ৰপাতিৰ ব্যৱহাৰ বেছি। তদুপৰি মন কৰিছো যে, এই ধাতৱ অংশসমূহ হয় মামৰে ধৰিব নোৱৰা উন্নতমানৰ ধাতুৰে তৈয়াৰী, অথবা এইবোৰ উন্নতমানৰ ৰঙৰ ডাঠ প্ৰলেপেৰে ঢাকি ক্ষয় যাব নোৱৰাকৈ ৰখা হয়। পুৰণি গৃহসমূহকে আদি কৰি পেৰিছত যথেষ্ট সংখ্যক পুৰণি স্থাপত্য তথা আন পুৰণি সা-সামগ্ৰী দেখা যায়। কিন্তু সেইবোৰৰ বেছ মানসম্পন্ন, মজবুত আৰু বেছ ভালদৰে ৰখা হৈছে। আনহাতে যিটো দেখিছো আমাৰ দেশৰ প্ৰায় সকলোবোৰ সা-সামগ্ৰীৰে মান ইউৰোপৰ সা-সামগ্ৰীসমূহৰ তুলনাত বেছ নিম্ন আৰু সেইবোৰ সিমান মজবুতো নহয়। অৱশ্যে আমাৰ দেশত কিছুমান মানসম্পন্ন বস্তু নোহোৱা নহয়, বা এনে সামগ্ৰীৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছে। কিন্তু ইউৰোপৰ দৰে এশ শতাংশ হিচাপত ব্যাপকভাৱে এনেবোৰ সামগ্ৰী আমাৰ সমাজত ব্যৱহাৰ হ’বলৈ হ'লে হয়তো আৰু কেইবা দশকো অপেক্ষা কৰিব লাগিব। আৰু ইয়াৰ বাবে তেনে উন্নত সা-সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰণে হয় কঠোৰ পৰিশ্ৰমৰ জৰিয়তে উন্নত প্ৰযুক্তিৰ সৃষ্টি কৰিব লাগিব, অথবা উপযুক্ত ৰাজনৈতিক নীতিৰ প্ৰয়োগৰ জৰিয়তে বেলেগ দেশৰ পৰা উন্নত প্ৰযুক্তি আহৰণ কৰিব লাগিব। মানসম্পন্ন বস্তুৰ ব্যাপক ব্যৱহাৰ উন্নত সভ্যতাৰ আন এক অন্যতম লক্ষণ।

 তৃতীয়তে, মই লক্ষ্য কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল—পৰিষ্কাৰ-পৰিচ্ছন্নতা। পেৰিছতে হওক বা ইয়াৰ উপকণ্ঠ অঞ্চলতে হওক, বা জাৰ্মানীতে হওক,—সকলোতে সকলো সময়তে আৰু সকলো স্থানতে এক অবিশ্বাস্য ধৰণৰ শৃংখলা আৰু এক তিৰবিৰোৱা ধৰণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখা পাইছিলো। দৰাচলতে সকলো ক্ষেত্ৰতে থকা অদ্ভুত শৃংখলাবদ্ধতাই এই পৰিচ্ছন্নতা চাক্ষুষ দৃষ্টিত বহুগুণে বঢ়াই তুলিছিল। ইউৰোপৰ সকলোবোৰ নগৰ-চহৰতে এইবোৰ ৰাস্তা-ঘাট, উদ্যান, বাছ-ৰে’ল-বিমান আস্থান, ৰাজহুৱা স্থান আদি বেছ পৰিষ্কাৰকৈ ৰাখিবৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হয়। অৱশ্যে পেৰিছৰ সকলোবোৰ ৰে’ল ষ্টেচনৰে ৰে’লপথৰ ওপৰত বহুতো চিগাৰেটৰ টুকুৰা দেখা পাইছিলো। জাৰ্মানীত সকলো ধৰণৰ আবাসিক তথা ৰাজহুৱা অঞ্চলত বিভিন্ন আকৃতি আৰু আকাৰৰ ৰঙীন প্লাষ্টিক আৰু ধাতৱ ডাষ্টবিন দেখিছিলো। টানি নিবৰ সুবিধাৰ বাবে ডাঙৰবোৰত সৰু সৰু চকা লগোৱা থাকে। তদুপৰি ডাষ্টবিনবোৰত

জাবৰ-জোথৰসমূহ শ্ৰেণীবিভাগ কৰি প্লাষ্টিক, গ্লাচ,কাগজ আদি বেলেগে বেলেগে

৪৫