পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


 এনেদৰে মোৰ চকুত পৰা ইউৰোপ আৰু আমাৰ পাৰ্থক্যসমূহ যদি তালিকাভুক্ত কৰো, তেন্তে হয়তো সি এখন প্ৰায় অসীমভাৱে দীঘল তালিকাত পৰিণত হ'ব। ৰাস্তাঘাট, ৰে'ল তথা পথ যোগাযোগ ব্যৱস্থা, টেলিফোন, বিপণন ব্যৱস্থা, বিদ্যুৎ যোগান, নিৰাপত্তা ব্যৱস্থা, উদ্যোগ, কৃষি, পশুপালন, বাণিজ্য, অৰ্থনীতি, বিজ্ঞান, সমাজসেৱা, সাহিত্য, সংগীত, শিল্পকলা, শৃংখলাবদ্ধতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, ধৰ্মীয় সহিষ্ণুতা, বৈজ্ঞানিক মানসিকতা, অধ্যৱসায় আদি সভ্যতাৰ সকলোবোৰ উপাদানৰ ক্ষেত্ৰত ফ্ৰান্স, জাৰ্মান আৰু হয়তো ইউৰোপৰ প্ৰায় সকলোবোৰ দেশেই ভাৰতবৰ্ষ বা অসমতকৈ বহু বেছি উন্নত। আৰু এই উন্নতিৰ আন বিভিন্ন বিষয়তকৈও মোৰ বিচাৰত সৰ্বাধিক ভূমিকা লৈছে ইউৰোপবাসীৰ অধ্যৱসায়, সততা আৰু অত্যধিক দেশপ্ৰেমে।

 বিশ্বৰ বিভিন্নাঞ্চলৰ তুলনাত অসমখন প্ৰাকৃতিকভাৱে বেছ চহকী বুলিয়েই ক'ব লাগিব। অসমৰ মাজভাগৰ আৰু চাৰিওফালে থকা পাহাৰ-পৰ্বতৰাজি, মাজেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰ, বিভিন্ন অঞ্চলত থকা মূল্যবান গছ-গছনিসহ গভীৰ অৰণ্যাঞ্চল আৰু ইয়াৰ বিৰল জীৱ-জন্তু তথা চৰাই-চিৰিকটি, ইয়াৰ খনিজ তেল আৰু কয়লা আদিয়ে অসমক প্ৰাকৃতিকভাৱে সমৃদ্ধ কৰি তুলিছে, বা হয়তো তুলিছিল। তদুপৰি অসমৰ ঐতিহ্যময় বিচিত্ৰতাপূৰ্ণ ভাষা-সাহিত্য-সংস্কৃতি আদি আছেই। বিভিন্ন জাতি- উপজাতিক সংস্কৃতিৰ সংমিশ্ৰণে এই সংস্কৃতি আৰু বেছি বৰ্ণাঢ্য কৰি তুলিছে। এই সকলোবোৰ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে আধুনিক যুগত আৰু বেছি সম্পদ সৃষ্টি কৰিব পৰা গ'লহেঁতেন আৰু এখন অতি সমৃদ্ধিশালী উন্নত অসম গঢ়ি তুলিব পৰা গ'লহেঁতেন। কিন্তু আমি আজি এই সম্পদ বহুখিনি ধ্বংস কৰিয়েই আছো। ইউৰোপীয় সভ্যতাৰ দৃষ্টিত আমাৰ অসমৰ সম্পদ এক বিৰাট অপচয়ৰ বাহিৰে আন একোৱেই নহয়। তথাপিও, এই অবস্থাতো আমাৰ পৰিৱৰ্তন সম্ভৱ হ'ব পাৰে, আমিও ছবিৰ দৰে সুন্দৰ এখন সমৃদ্ধিশালী অসম গঢ়ি তুলিব পাৰো, যদিহে ইউৰোপবাসীৰ দৰে আমিও আহৰণ কৰিব পাৰো অধ্যৱসায়, সততা আৰু গভীৰ দেশপ্ৰেম।

 (নিবন্ধটোত ব্যৱহৃত বিভিন্ন ফৰাছী শব্দৰ উচ্চাৰণ তথা বানানসমূহ যোগান ধৰি এইটো লেখাত যথেষ্ট সহায় আগবঢ়োৱা বাবে বিশিষ্ট কবি অজিৎ বৰুৱাদেৱৰ ওচৰত লেখক কৃতজ্ঞ)

৪৭