পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

 মোৰ টিকটৰ ব্যৱস্থা অনুসৰি গুৱাহাটীৰ পৰা জেট এয়াৰৱেজৰ বিমানেৰে দিল্লী, দিল্লীৰপৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে পেৰিছ; আৰু ঘূৰি আহোতেও পেৰিছৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লী আৰু দিল্লীৰ পৰা জেট এয়াৰৱেজৰ বিমানেৰে গুৱাহাটী পাব লাগে। বাকী নাপাম— তেজপুৰ-গুৱাহাটী অংশ বাছেৰে। দিল্লী যাত্ৰাৰ দুদিনমান আগতে গুৱাহাটীত উপস্থিত হ’লো। ট্ৰেভেল এজেণ্টৰ পৰা টিকট, পাছপ’ৰ্ট-ভিছা, ডলাৰ আৰু আন কাগজপত্ৰ ল’লো। কিন্তু শেষ মুহূৰ্তত এটা সমস্যা হ’ল: দৰাচলতে আন্তৰ্জাতিক বিমানৰ ক্ষেত্ৰত ‘কনফাৰ্মড’ টিকট থাকিলেও যাত্ৰাৰ কমেও তিনিদিন আগতে টিকটসমূহ ‘ৰিকনফাৰ্মড’ কৰিব লাগে যে, যাত্ৰীজনে যাত্ৰা কৰিবই। কিন্তু বহুত চেষ্টা কৰিও পেৰিছত থকা এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনা পোৱা নগ’ল। শেষত ঠিক কৰা হ’ল যে, ঠিকনাটো দিল্লীৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা ল‘ম আৰু তাৰ বাবে দিল্লীৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনাটো ল’লো। আমাৰ সন্মিলন আছিল জুলাইৰ ২২ তাৰিখৰ পৰা ২৭ তাৰিখলৈ। সেই হিচাপে ১৯ জুলাই তাৰিখে দুপৰীয়া গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰিলো। সাধাৰণতে আকাশত মেঘ নাথাকিলে বিমানৰ পৰা দৃশ্যমান হোৱা তলৰ পৃথিৱীখনৰ দৃশ্যৰাজিৰ এক অদ্ভুত, অপৰূপ, ছবিৰ দৰে সৌন্দৰ্য পৰিস্ফুট হৈ উঠে। পাহাৰ, নদী, গাঁও, নগৰ, বননি, পথাৰ আদিৰ অপূৰ্ব সমাহাৰে সামগ্ৰিকভাৱে তলৰ পৃথিৱীখনৰ এখন মনোৰম ৰঙীন ছবিৰ সৃষ্টি কৰে। পিচে এইবাৰ পেৰিছ যাত্ৰাৰ উত্তেজনাৰে মনটো কিছু উত্তেজিত হৈ থকা বাবে দিল্লীলৈ তিনিঘণ্টীয়া বিমান ভ্ৰমণ বিশেষ অনুভৱ কৰিব নোৱাৰিলো। ১৯ আৰু ২০ জুলাই দিল্লীত মোৰ প্ৰায় স্থায়ী বাসস্থান ময়ূৰ আসাম হোটেলত থাকিলো। ২০ জুলাইৰ আগবেলাটো গ’ল এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয় বিচাৰোতে। অৱশেষত ইয়াৰ কাৰ্যালয়ৰ পৰা পেৰিছৰ এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ ঠিকনাটো ল’লো: পেৰিছৰ ৰু দু কলনিজ উপপথৰ ৫ নম্বৰ ঘৰ। এয়াৰ ইণ্ডিয়াৰ কাৰ্যালয়ৰ পৰা আহি আকৌ ডলাৰ ভঙাই কিছু ইউৰো মুদ্ৰা ল’লো। হোটেলৰ কাষতে এনেবোৰ বিদেশী মুদ্ৰা কিনিবলৈ পোৱা যায়। সাধাৰণতে বিমানবন্দৰ বা বিদেশত মুদ্ৰা কিনাতকৈ দিল্লীতে কিনিলে কিছু সস্তাতে পোৱা যায়। ইয়াৰ আগতে জাৰ্মানী যাত্ৰাৰ সময়ত বিমানৰ টিকটৰ লগতে ‘ট্ৰেভেল মানি’ কিছু দিয়া বাবে ডলাৰ নিকিনাকৈয়েই হৈ গৈছিল। এইবাৰ পিচে আগতেই সাজু হৈ যাবলগীয়া হ’ল।

 পেৰিছলৈ মোৰ বিমানৰ সময় আছিল ২১ জুলাইৰ ৰাতিপুৱা ৯ বজা। গতিকে ৰাতিপুৱা ৬ বজাতে বিমান বন্দৰ পাব লাগিব; অৰ্থাৎ হোটেলৰপৰা যাত্ৰা কৰিব

লাগিব ৰাতিপুৱা ৫ বজাত; গতিকে বিছনাৰ পৰা উঠিব লাগিব ৪ বজাত। সেইবাবে