পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


পালো, এখন দলঙেৰে পাৰ হৈ সিটো পাৰ পালো। ছিয়েন নদীৰ ওপৰত বহুকেইখন দলং আছে। কিছুমান আধুনিক, কোনো কাৰুকাৰ্য নাই। কিন্তু বেছিভাগেই প্ৰাচীন, বেছ কাৰুকাৰ্যখচিত। দলঙৰ গাত, খুটাত বিভিন্ন ভাস্কৰ্য! সিঙে নাৱত উঠি এপাক ঘূৰিবলৈ খুব মন কৰিলে। বিশাল ব্ৰহ্মপুত্ৰ নদীৰ দেশৰ মানুহ হিচাপে ছিয়েন নদীয়ে অৱশ্যে মোৰ বাবে কোনো আকৰ্ষণীয়তা কঢ়িয়াই আনিব নোৱাৰিলে। তথাপি গোটেই ব্যৱস্থাটো চাবৰ বাবে চাৰিওজন এখন নাৱত উঠি বহিলো। নাওখনে ছিয়েন নদীৰ পেৰিছ মহানগৰীৰ মাজেৰে যোৱা অংশটোত এপাক মাৰি ১২টা মান ঘাট স্পৰ্শ কৰি পুনৰ আৰম্ভণিৰ স্থানলৈকে ঘূৰি আহে। এপাক উঠাৰ বাবে টিকটৰ দাম প্ৰায় ১০ ইউৰো। কাৰ্টে অৰেঞ্জ থকা বাবে আমাৰ প্ৰত্যেকৰে টিকটৰ দাম হ’ল ৭ ইউৰোকৈ। ইয়াৰ ঘাটবোৰ এনেদৰে সজোৱা হৈছে যাতে প্ৰায় প্ৰতিটো ঘাটৰ কাষতে একোটা দৰ্শনীয় বস্তু আছে। ছিয়েন নদীত বেলেগ বেলেগ সময়ত চলা বেলেগ বেলেগ নাৱত দেখিলো। ৰাতি চলাচল কৰা কিছুমান নাৱতে আকৌ গৈ থাকোতে উজ্জ্বল আলোকেৰে বিভিন্ন দৰ্শনীয় বস্তু আলোকিত কৰিও যায়। ছিয়েন নদীৰ পাৰৰ পৰা সমগ্ৰ পেৰিছ মহানগৰীৰ সৌন্দৰ্য চাই চাই আমি বিভিন্ন ঘাট স্পৰ্শ কৰি শেষত লুভ সংগ্ৰহালয়ৰ ঘাটটোত নামি পৰিলো। এই নৌকা যাত্ৰাই যেনেদৰে বিশ্বৰ এক ঐতিহ্যমণ্ডিত মহানগৰীৰ সৌন্দৰ্য থাউকতে উপভোগ কৰাৰ আনন্দ প্ৰদান কৰিলে, তেনেদৰে আমাৰ অসমবাসীৰ অকৰ্মণ্যতাৰ অনুভৱে বেদনাও প্ৰদান কৰিলে। অসমৰ আন অঞ্চলৰ কথা বাদ দিলেও গুৱাহাটী মহানগৰীৰ চৌদিশে ব্ৰহ্মপুত্ৰ নদীৰপৰা দৰ্শন কৰিব পৰা অসংখ্য সৌন্দৰ্যময় বস্তু আছে। ৰাতিপুৱাই হওক, আবেলিয়েই হওক, বা ৰূপালী জোনাক ৰাতিয়েই হওক, সমগ্ৰ ব্ৰহ্মপুত্ৰই যেন এক অতুলনীয় সৌন্দৰ্যৰ আকৰ। উপযুক্ত প্ৰচাৰ আৰু উন্নত সা-সুবিধাযুক্ত নাৱৰ ব্যৱহাৰেৰে এই ব্ৰহ্মপুত্ৰ বিহাৰ ব্যৱস্থাটোকে অতি আকৰ্ষণীয় কৰি তুলিব পাৰি আৰু তাৰ পৰা চৰকাৰ বা কোনো অনুমোদিত অনুষ্ঠানে এক বৃহৎ পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰাৰ এক সম্ভাৱনীয়তা গঢ়ি তুলিব পাৰি। যোৱা কেইবছৰমানৰ ভিতৰত এনে ধৰণৰ সৰু-সুৰা নৌকাবিহাৰৰ ব্যৱস্থা কৰা হৈছে যদিও বিশাল ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাৰ তুলনাত এনেবোৰ ব্যৱস্থা একেবাৰেই নগণ্য। সঁচা কথা ক'বলৈ গ’লে কেবল আমাৰ কৰ্মোদ্যমহীনতা, দূৰদৃষ্টিহীনতা আৰু চিন্তাৰ অভাৱেই আজি এই বৃহৎ সম্ভাৱনীয়তাক সুপ্ত কৰি ৰাখিছে।

 লুভ সংগ্ৰহালয়ৰ ওচৰ পাই বাকীকেইজনে সোমাবলৈ ইচ্ছা কৰা নাছিল যদিও এই বিশ্ববিখ্যাত সংগ্ৰহালয়ৰ ইমান ওচৰ পাই এবাৰ নোসোমাৱাকৈ যাবৰ মন নগ’ল। গোটেই সংগ্ৰহালয়টো অতি বিশাল। তিনিটা বিশাল দীঘলীয়া দুমহলীয়া অট্টালিকা

২৭