পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিছত এসপ্তাহ আৰু অসম

নিজৰ কোঠাৰ চাবি বেলেগ বেলেগ। কেইটামান ছাত্ৰাবাসত আকৌ চুম্বকীয় কাৰ্ডেৰে খুলিব পৰা মূল দুৱাৰো দেখিলো। মুঠতে তলা-চাবি আৰু নিৰাপত্তা ব্যৱস্থাত বেছ গুৰুত্ব দিয়া হয়। জাৰ্মানীতো এনে ধৰণৰ ব্যৱস্থা দেখিছিলো। কোঠাৰ বাহিৰ হ’লেই সদায় চাবি লগত ৰাখি ওলাব লাগে। নহ’লে দুৱাৰ নিজে নিজে বন্ধ হৈ গ’লে চাবি নোহোৱাকৈ বাহিৰৰ পৰা খুলিব নোৱাৰি।

 পিচদিনা ৰাতিপুৱা উঠি গা-পা ধুই ল’লো। পৰমাৰ আৰু কুমাৰৰ কোঠালৈ গৈ তেওঁলোকৰ লগত চিটে য়ুনিভাৰ্চেটে’ৰ ষ্টেচনলৈ আহিলো। আমাৰ প্ৰথম কাম হ’ল প্ৰত্যেকেই একোখন টেলিফোন কাৰ্ড আৰু একোখন ৩টা জ’নৰ ‘কাৰ্টে অৰেঞ্জ’ কিনা। এইবোৰ ৰে’লষ্টেচন বা কেতিয়াবা আন দোকানতো কিনিবলৈ পোৱা যায়। টেলিফোন কাৰ্ডত প্ৰায় ৭ ইউৰো আৰু কাটে অৰেঞ্জত প্ৰায় ১৮ ইউৰো দাম পৰিল। কাৰ্টে অৰেঞ্জ হ’ল এখন সুমথিৰা ৰঙৰ সাৰ্বজনীন সাপ্তাহিক টিকট। সোমবাৰৰ পৰা দেওবাৰলৈ বাছ, মেট্ৰোৰে’ল বা RER ৰে’লৰ বাবে প্ৰযোজ্য এই টিকটখন বিভিন্ন জ’নৰ বাবে বিভিন্ন দামত কিনিব পাৰি। পেৰিছ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যাতায়াতৰ বাবে ই অতি সুবিধাজনক। ইয়াক এখন সৰু টিকটৰ লগত এখন পৰিচয়পত্ৰৰ যোৰ হিচাপে পোৱা যায়। জাৰ্মানীৰ মহানগৰসমূহতো এনে মাহিলি টিকটৰ ব্যৱস্থা থকা দেখিছো। বাছ, ট্ৰাম, মেট্ৰোৰে’ল আদিত সদায় টিকট কটা বা ভাৰা আদায় দিয়াৰ দৰে বিৰক্তিপূৰ্ণ কাম এটাৰ পৰা ই যাত্ৰীসকলক সাংঘাতিক সকাহ দিয়ে। এই ব্যৱস্থাটো গুৱাহাটী বা অসমৰ আন মহানগৰ য’ত এনে মহানগৰ বাছৰ ব্যৱস্থা আছে, তাত কৰিব নোৱৰাৰ কোনো কাৰণ নাই। বাছ চলোৱা ব্যক্তিগত মালিক বা সন্থাসমূহৰ সহযোগিতা তথা চৰকাৰৰ নিৰ্দেশনাৰ জৰিয়তে এয়া নিশ্চিতভাৱে কৰা সম্ভৱ। ইয়াৰ বাবে কোনো টকা-পইচা বা প্ৰযুক্তিৰ আৱশ্যক নাই। অসমৰ পৰিবহণৰ দায়িত্বত থকা মন্ত্ৰী বা বিষয়াসকলে এনেবোৰ কথা চিন্তা কৰিবনে, বা চিন্তা কৰাৰ বাবে তেওঁলোকৰ ক্ষমতা বা মগজু আছেনে? কাৰ্টে অৰেঞ্জ কিনাৰ পাচত আমাৰ অহা-যোৱা বেছ সহজ হৈ উঠিল। যেতিয়াই তেতিয়াই পেৰিছৰ য’লৈ-ত’লৈ যাব পৰা হ’লো। ছিটে য়ুনিভাৰ্ছেটে’ৰৰ পৰা প্ৰথমে RER-Bৰে দঁ ফ্ৰে ৰুশ্যৰোলৈ আহিলো। তাৰ পৰা ৰে’ল সলাই M-6ৰে কামব্ৰন ষ্টেচনলৈ আহিলো। ইয়াৰ ওচৰতে থকা একৰ্ড হোটেলত ৰাতিপুৱাৰ জলপান খালো। ইয়াৰ ‘ব্ৰেকফাষ্ট কুপন’ আমাক দিয়াই আছিল। ইয়াত খোৱাৰ ব্যৱস্থা নিজে লৈ খোৱা ধৰণৰ— ‘ছেলফ চাৰ্ভিছ’। যিকোনো বস্তু যিমান ইচ্ছা ল’ব পাৰি। বস্তুবোৰো অসংখ্য— বিভিন্ন পাওৰুটি কেইবাবিধো কৰ্ণফ্লেকছ,

গাখীৰ, মাখন, ছীজ, গাহৰিৰ মঙহ, ফলৰ ৰস, ফল, জাম, জেলী, বিস্কুট, চাহ কফি

১৫