পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


গান গাই পইচা বিচৰা মগনীয়া দেখিছো। অৱশ্যে সকলোবোৰ মগনীয়াৰৰে আৰ্থিক অৱস্থা ভাল যেনেই দেখিছো। সন্মিলনৰ শেষ দিন। সামৰণিৰ বক্তৃতাত আছিল ন’বেল বঁটা বিজেতা পি.ডব্লিউ.এ. এণ্ডাৰছন আৰু চি.এন.য়াঙৰ বক্তৃতা। এণ্ডাৰছনৰ বিষয় আছিল ‘ঘনীভূত অৱস্থাৰ পদাৰ্থৰ জটিলতা’ আৰু য়াঙৰ বিষয় আছিল ‘তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ তিনিটা মাইলৰ খুঁটি’। এণ্ডাৰছনৰ মতে ঘনীভূত পদাৰ্থ সম্পৰ্কে আমাৰ জ্ঞান যিমানে বাঢ়িছে সিমানেই ইয়াৰ জটিলৰ পৰা জটিলতৰ ৰূপ দৃষ্টিগোচৰ হৈছে। এই জটিল পৰিঘটনাসমূহৰ ব্যাখ্যাৰ বাবে অধিক কঠিন তথা জটিল তত্ত্বৰ প্ৰয়োগ প্ৰয়োজনীয় হৈ পৰিছে। ভৱিষ্যতে ঘনীভূত অৱস্থাৰ পদাৰ্থৰ অধিক জটিলতাৰ পৰিঘটনা আৱিষ্কৃত হব পাৰে, কিন্তু তেওঁ আশা কৰে যে তাত্ত্বিক পদাৰ্থবিজ্ঞান এইবোৰৰ সঠিক ব্যাখ্যাৰ ক্ষেত্ৰতো সফলকাম হ’ব। আনহাতে য়াঙে কোৱাণ্টীকৰণ, সমমিতি আৰু দশা—এই তিনিটা বিষয়ক তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ তিনিটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। তেওঁৰ মতে, পদাৰ্থবিজ্ঞানৰ এই তিনিটা অভিনৱ ধাৰণাৰ অবিহনে আজি আধুনিক পদাৰ্থবিজ্ঞান, অথবা প্ৰকাৰান্তৰে আধুনিক বিজ্ঞানৰ প্ৰায় সকলোেবোৰ আলোচনাই অৰ্থহীন হৈ পৰিব। অৱশ্যে তেওঁ কয় যে, ‘কোৱাণ্টীকৰণ’ আৰু ‘সমমিতি’ এই ধাৰণা দুটাই যথোচিত গুৰুত্ব পালেও ‘দশা’ ধাৰণাটোৰ ওপৰত উপযুক্ত গুৰুত্ব দিয়া হোৱা নাই। পদাৰ্থবিজ্ঞানৰ দুগৰাকী পুৰোধা ব্যক্তিৰ এই বক্তৃতা দুটা অত্যন্ত মনোগ্ৰাহী আৰু জ্ঞানোদ্দীপ্ত আছিল আৰু ইয়ে আমাক গভীৰ তৃপ্তি প্ৰদান কৰিছিল। য়াঙৰ সেই অপূৰ্ব বক্তৃতাৰ জৰিয়তে আমাৰ সন্মিলনৰো সামৰণি পৰিল। আমাৰ মনত থাকি গ'ল মাথোন এখন অতি বৃহৎ সঁচা অৰ্থত আন্তৰ্জাতিক সন্মিলনৰ অভিজ্ঞতাৰ অমিয়া জোকাৰ।

 পেৰিছৰ অন্তিম পূৰ্ণদিনৰ এই অন্তিম বেলাটো পেৰিছৰ উপকণ্ঠ অঞ্চললৈ যামেই বুলি ঠিক কৰি থৈছিলো।

 কিন্তু ক'লৈ যাম ঠিক কৰা নাছিলো। কুমাৰে পেৰিছৰ পৰা লণ্ডনলৈ যাব আৰু তাৰ পৰাহে ঘৰলৈ ঘূৰিব। গতিকে তেওঁ পোনে পোনে নিজৰ কোঠালৈ যাবলৈহে ইচ্ছা প্ৰকাশ কৰিলে। পৰমাৰৰ ইচ্ছা ফ্ৰান্সৰ খেতিপথাৰ চোৱা। আনহাতে সিঙৰ ইচ্ছা চৌম্বকীয় ৰেল TGVত উঠা। অৱশ্যে ময়ো প্ৰাকৃতিক দৃশ্য উপভোগ কৰাতহে গুৰুত্ব দিলো আৰু ঠিক কৰিলো RER-Bৰ এটা মূৰৰ ষ্টেচন চাঁ ৰেমি— লে শ্যেভৰুজলৈ যাম। অৱশ্যে ই ৫ নম্বৰ জ’নত পৰে। আনহাতে আমাৰ কাৰ্টে অৰেঞ্জ

৩ নম্বৰ জ'নৰ বাবেহে। গতিকে ২টা অতিৰিক্ত জ'নৰ বাবে আমি প্ৰত্যেকেই প্ৰায় ৩ ইউৰোৰ একোটা অতিৰিক্ত টিকট কাটিব লগা হ'ল। তিনিওজনে প্ৰথমে কামব্ৰন

৩৬