পৃষ্ঠা:পেৰিছত এসপ্তাহ আৰু অসম.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পেৰিছত এসপ্তাহ আৰু অসম


 ইতিমধ্যে ৰাতি ১২ মান বাজিল। আনহাতে ৰাতি ১২-৩০ মান বজাৰ পৰা মেট্ৰোৰে’লবোৰ বন্ধ হৈ পৰে। গতিকে আমি উভতি যাবৰ বাবে খৰধৰ কৰিলো। অহা বাটেৰে ঘূৰি গৈ প্লাচ দু ক্লিশ্যিৰ পৰা M-2 ৰে লা চেপেল ষ্টেচনলৈ আহিলো। ভিতৰে ভিতৰে খোজকাঢ়ি গাখ দু নৰ ষ্টেচন পালো। তাৰ পৰা RER-Bৰে আমি আহিব লাগে। কিন্তু এটা বিপদ হ’ লঃ যিখন প্লেটফৰ্মৰ পৰা RER-B আহিব লাগে তালৈ যোৱাৰ কোনো উপায় নাই। ইফালে প্ৰকাণ্ড ষ্টেচনটো নিৰ্জন হৈ পৰিছে। শেষত যেনিবা এজনে ক'লে যে দৰাচলতে কিবা মেৰামতি চলি থকা বাবে বেলেগ এখন প্লেটফৰ্মতহে নিৰ্দিষ্ট ৰে'লখন আহিব। এনে ধৰণৰ কথা পেৰিছত আগতেই স্পষ্টভাৱে লেখি নৰখা কথাটো এই প্ৰথম দেখিলো। অৱশ্যে গোটেই কাৰবাৰটো তৎকালীন হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। অৱশ্যে বেছ কিছুসময় ৰোৱাৰ পাচত ৰে'ল আহিল। কিন্তু এইখন দঁফ্ৰে ৰুশ্যৰোলৈকেহে যাব। কিন্তু উপায় নাই, তাতেই উঠিলো৷ ৰে’লত মানুহ প্ৰায় নাই। পৰমাৰ আৰু কুমাৰ লুক্সাঁবুৰ্গত নামি গ'ল। সিং আৰু মই দঁফ্ৰে ৰুশ্যেৰোত নামিলো। ইয়াৰপৰা M-4 বিশ্ববিদ্যালয়ৰ পৰা ১ কিলোমিটাৰ দূৰৰ পথ দৰ্লেয়ঁ ষ্টেচনলৈ যায়। ৰে'ল নাপালে কিছু খোজকাঢ়িব লাগিব। তথাপি M-4 ধৰিবলৈ এটা চেষ্টা দিলো। ভাগ্যক্ৰমে হঠাৎ এখন M–4 আহিল —জনশূন্য। লগে লগে আমি উঠিলো আৰু পখদৰ্শেয়ঁত নামিলো। নিৰ্জন নিস্তব্ধ সেমেকা শীতল ৰাতি পেৰিছত জনশূন্য আলিবাটেৰে খোজকাঢ়ি অৱশেষত ৰাতি ১মান বজাত নিজৰ কোঠা পালো। কোনো কথা চিন্তা নকৰি তৎক্ষণাৎ বিছনাত পৰিলো আৰু লগে লগে টোপনিয়ে মোক সাবটি ল’লে।

 পিচদিনা উঠোতে কিছু দেৰি হ’ল। তথাপি যিমান পাৰি সোনকালে ওলাই গতানুগতিকভাৱে সিঙৰ লগত একৰ্ড হোটেলত ভালদৰে ৰাতিপুৱাৰ জলপান খাই ইউনেস্কোৰ কাৰ্যালয়লৈ আহিলো। এই কেইদিনত ফ্ৰান্সত বিভিন্ন ধৰণৰ আধুনিক মগনীয়া প্ৰত্যক্ষ কৰিছো। আমি সদায় দঁফ্ৰে ৰুশ্যেৰোত ৰে’ল সলাওতে এজন মগনীয়া প্ৰত্যক্ষ কৰিছো। বেছ ভাল কাপোৰ পিন্ধি প্লেটফৰ্মৰ দুৱাৰমুখত এটা ক্লেৰিনেট বজাই থাকে। বাকী সংগীত এটা টেপ ৰেকৰ্ডাৰৰ পৰা চাউণ্ড বক্সত বাজি থাকে। সমুখৰ এটা পাত্ৰত মানুহবোৰে খুচুৰা পইচা দলিয়াই দি যায়। মেট্ৰোৰে'ল বা RERত একৰ্ডিয়ান বজাই গান গাই থকা ডেকা মগনীয়াও দেখিছো। প্ৰত্যক্ষভাৱে পইচা নিবিচাৰে, কিন্তু দিলে লয়। কিছুমান আকৌ ধৰ্মীয় আশীৰ্বাদ দি পইচা বিচৰা বৃদ্ধাও দেখিছো। আন

কিছুমান আকৌ যুৱতীয়ে ক'লা কাপোৰ পিন্ধি সমুখত ‘দয়া কৰা’ বুলি ফলক লগাই আঁঠুকাঢ়ি বহি পইচাৰ বাবে ৰৈ থকাও দেখিছো। জাৰ্মানীতে আলিবাটত ছবি আঁকি,

৩৫