জোনবাইৰ দেশৰ সাধু

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[  ]
 

জোনবাইৰ দেশৰ সাধু

 

মাধন ভূঞা

 

পুৰণিগুদাম শতদল শাখা সাহিত্য সভা

[  ]

 

Junbai Dakhor Sadhu: A book of children Stories written by Madhan Bhuyan, Purranigudan, Nagaon, Assam and Published by Puranigudam, Shataodal Sakha Sahitya Sabha & Printed at Purbuttor Prokashon & Printers, Nagaon. Cont. No. 9435060268.
Price- 40/-



 জোনবাইৰ দেশৰ সাধু

 লেখিকা
 মাধন ভূঞা
 গ্ৰন্থস্বত্ব
 লেখিকাৰ
 প্ৰথম প্ৰকাশ
 ২০১৯
 বেটুপাত
 ৰাজীৱ গোস্বামী
 ডি.টি.পি.
 হীৰা বৰা
 আৰ্হিপাঠ
 দিব্যজ্যোতি ভূঞা, ধ্ৰুৱজ্যোতি গায়ন

 প্ৰকাশক
পুৰণিগুদাম শতদল শাখা সাহিত্য সভা
 পুৰণিগুদাম, নগাঁও (অসম)
 মূল্যঃ- ৪০ টকা
 মুদ্ৰণ
 পূৰ্বোত্তৰ প্ৰকাশন এণ্ড প্ৰিন্টাৰ্চ
 নগাঁও (অসম)
 ৰাজীৱ গোস্বামী
 ফোন নং- ৯৪৩৫০৬০২৬৮

 

[  ]
 

অৰ্পন


 সাধু শুনি ভালপোৱা মোৰ মৰমৰ নাতি
 শ্ৰী নম্ৰতা শইকীয়া (অম্মু) আৰু তাইৰ লগৰীয়া
 সকলৰ হাতত
 প্ৰীতিৰে
 আইতা
 মাধন ভূঞা

[  ]
 

সভাপতিৰ একাষাৰ

 ইং ১৯৫৪ চনতে আমাৰ শিক্ষাগুৰু চলচলিৰ প্ৰয়াত জগত চন্দ্ৰ শৰ্মাদেৱে পঢ়ুৱৈ তথা লিখকৰ চক্ৰ এটি, মুখ্যতঃ শিক্ষকবৃন্দৰ মাজতে গঢ় দি ইং ১৯৫৮ চন পৰ্য্যন্ত জীয়াই ৰাখিছিল, তেখেত নগাঁও কলেজত অধ্যাপনাৰ সুবিধা লভি স্থানান্তৰিত হোৱাত ধাৰাটিত যতি পৰে। তেওঁৰ মনন চিন্তন অধ্যয়নৰ উক্ত ধাৰা সৃষ্টি কৰি অঞ্চলত নতুন দিগন্তৰ সূচনা কৰা হেতু পুৰণিগুদাম সাহিত্য সভাই পৰম শ্ৰদ্ধাৰে তেখেতক পুৰণিগুদাম শাখা সাহিত্য সভাৰ পথিকৃত বুলি স্বীকাৰ কৰি আহিছে আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰি থকা হৈছে।

 অসম সাহিত্য সভাৰ সংবিধান প্ৰদত্ত ক্ষমতাৰ আধাৰত বৰ্ত্তমানৰ শাখা সভাখন ইং ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত জন্ম হোৱাৰে পৰা ভিন্নজনে সভাপতি সম্পাদকৰ সেৱা আগবঢ়াই নিজ নিজ যোগ্যতা প্ৰকাশ কৰি আমাক প্ৰেৰণা নিদিয়া হ'লে আজি শতদল শাখা সাহিত্য সভাৰ গৌৰবেৰে আমি গৌৰবান্বিত হ’ব নোৱাৰিলোঁহেতেন। সি সকলৰ ভালেকেইজনে এই ধৰা ধাম ত্যাগ কৰিছে, বাকীসকলে এই পৰ্য্যন্ত আমাক প্ৰেৰণা মণ্ডিত কৰি সাহিত্যৰ পথাৰখনত বাট বুলিবলৈ সাহস আৰু শকতিৰ যোগান ধৰি উৎসাহিত কৰিছে, সি সকলৰ প্ৰতি এই চেগতে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

 পুৰণিগুদাম শতদল শাখা সাহিত্য সভাই অঞ্চলৰ নবীন-প্ৰবীন লেখক- লেখিকাৰ ৰচনা ৰাজিক গ্ৰন্থৰ আকাৰত ছপাই পঢ়ুৱৈৰ হাতত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে: অঞ্চলৰ গাঁৱে ভূঞে প্ৰতিভা সিঁচৰিত হৈ আছে, আমি বুটলিব পৰা নাছিলোঁ; সৌভাগ্য যে কেইজনমান লেখক-লেখিকাই নিজ ৰচনা ৰাজিক সাকাৰ ৰূপ দিয়াৰ পৰিকল্পনাত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাক সহযোগ কৰাত [  ] শলাগ লৈছোঁ। এই সমূহ কাৰ্য্য ক্ৰমনিকাৰ মধ্যমণি হ’ল এই সাহিত্য সভাখনিৰ বৰ্ত্তমানৰ সম্পাদক শ্ৰী দ্বিজেন্দ্ৰ মোহন শইকীয়াৰ নামোল্লেখ নকৰিলে আমাক দোষে নিশ্চয় চুব। লগতে শতদল সাহিত্য সভাই গ্ৰন্থ প্ৰকাশৰ আঁচনি যুগুত কৰোতে তথা সম্পাদনা কৰোতে প্ৰাক্তন সহ সম্পাদক আৰু পত্ৰিকা সম্পাদক শ্ৰী প্ৰমোদ কুমাৰ শৰ্মাৰ সহায় সহযোগ ধন্যবাদযোগ্য।

 সদৌ শেষত লেখিকা শ্ৰীমতী মাধন ভূঞাৰ দ্বাৰা ৰচিত শিশু উপযোগী ‘জোনবাইৰ দেশৰ সাধু’ গ্ৰন্থৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম অনাগত দিনবোৰত সাহিত্যৰ বেদীত তেওঁলোকে এনেদৰেই যেন নতুন নতুন সৃষ্টিৰে পুষ্পাঞ্জলি অৰ্পণ কৰি যায়।

 ভৱদীয়

 কিমধিকমিতি
 জয়তু ভাষা জননী
 ৬ শাওন, ৫৭০ শঙ্কৰাব্দ
 ইং ২৩ জুলাই, ১৯

[  ]
 

আগকথা

 বৰ্তমান যান্ত্ৰিক যুগত মানুহৰ মানসিক ভাৰসাম্য ৰক্ষাৰ কাৰণেই সাধু কথাৰ প্ৰয়োজন আছে বুলি আমাৰ মনে-প্ৰাণে ধাৰণা ওপজে। সাধু লেখাৰ পৰিকল্পনা মোৰ বহু দিনৰ পৰাই আছিল। সাধু হিচাবে এইখন মোৰ দ্বিতীয় পুথি। ইয়াৰ আগতেএখন শিশু সাধু লিখি উলিয়াইছিলো “কণ মইনাৰ সাধু”। কণ কণ মইনাসকলৰ কাৰণে পুনৰ এইখন পুথি লিখাৰ প্ৰয়াস কৰিলো। মোৰ নাতি নম্ৰতা শইকীয়াই সাধু শুনি বৰ ভাল পায়। এনে এটা সময় আছিল নাতি জনীক দৈনিক নতুন নতুন সাধু ক'ব লাগিছিল। তেতিয়াহে তাইৰ টোপনি গৈছিল। মোৰ সাধুৰ সৃষ্টি তেনেকৈয়ে।

 পাৰিপাৰ্শ্বিক পৰিবেশৰ লগত মিলাই শিশুৰ মনোজগতৰ লগত খাপ- খোৱাকৈ পৰিবেশন কৰিবলৈ যিমান পাৰি চেষ্টা কৰিছোঁ। হাতে লিখা অৱস্থাতে মোৰ জীয়ৰী উপাসনা হাজৰিকা আৰু জোৱাই শ্ৰীমান পিংকুৰণ শইকীয়াই বাক্য শুদ্ধি চকু ফুৰাই দিছিল। এই সুযোগতে তেওঁলোককো আশীষ প্ৰদান কৰিছোঁ।

 কিতাপখনি প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা মোৰ ভাতৃ প্ৰতিম শ্ৰীদ্বিজেন্দ্ৰ মোহন শইকীয়া সম্পাদক পুৰণিগুদাম শতদল শাখা সাহিত্য সভা আৰু শ্ৰী প্ৰমোদ কুমাৰ শৰ্মালৈ এই সুযোগতে মোৰ ধন্যবাদ জ্ঞাপন কৰিলো।

 ইয়াৰ উপৰিও এই কিতাপখনিৰ বেটুপাত শিল্পী শ্ৰীযুত ৰাজীৱ গোস্বামী, ডি.টি.পি কৰোতা শ্ৰীহীৰা বৰা, আৰ্হিপাঠ কৰোতা শ্ৰী দিব্য জ্যোতি ভূঞা আৰু ধ্ৰুৱজ্যোতি গায়ন লগতে পুৰণিগুদাম শতদল শাখা সাহিত্য সভা আৰু পূৰ্বোত্তৰ প্ৰকাশন এণ্ড প্ৰিণ্টাৰ্চৰ সমূহকৰ্ম—কৰ্তালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।

 পঢ়ুৱৈ সমাজে এই প্ৰচেষ্টাক সাদৰেৰে গ্ৰহণ কৰিলে আমাৰ শ্ৰম সাৰ্থক হ'ব বুলি আশাৰে—

ফোন নং:- ৯৪৩৫২৪০১০৫  মাধন ভূঞা

 পানীগাঁও, নগাঁও (অসম)

[  ]

সূচীপত্ৰ

        পৃষ্ঠা নং
মিলিৰ মৰম        
ৰাজু আৰু ভূতৰ সাধু        ১২
চন্দ্ৰমুখীৰ কাহিনী        ১৪
এটা সপোনৰ কাহিনী        ১৭
ৰিকি নামৰ শালিকীজনী        ২০
ভেকুলীৰ বিয়া        ২৩
হাঁহিৰামৰ বিলৈ        ২৭
বালিত গা ধোৱা চৰাই        ২৯
জোনবাইৰ দেশৰ সাধু        ৩১
সোণালী বান্দৰৰ কাহিনী        ৩৪
গঁড় আৰু হাতীৰ কাহিনী        ৩৬
মৰমীয়াল ল'ৰাটো        ৩৮
সত্যৰ সদায় জয়        ৪০
অজগৰ আৰু ৰমেনৰ কাহিনী        ৪২
চেষ্টাৰ অসাধ্য একো নাই।        ৪৫
জলকুৱৰীৰ সাধু        ৪৮
মামনিৰ কাহিনী        ৫০
কেৰ্কেটুৱা আৰু নেউলৰ কাহিনী        ৫২

[ ১০ ]
 

মিলিৰ মৰম

 এসময়ত সৌ পাহাৰটোৰ সিপাৰে এখন নৈ আছিল। সেই নৈখনৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল গাঁওখনৰ মানুহবোৰ বৰ কৰ্মী। প্ৰত্যেক ঘৰতে নিজাকৈ একোখন শাকপাচলিৰ বাৰী আৰু ধানৰ ভঁৰাল আছিল। সেইহে মানুহবোৰে বৰ সুখে শান্তিৰে বাস কৰিছিল। সেই গাঁওখনত কুকি নামৰ এজনী ছোৱালী আছিল। তাই বৰ মৰম লগা। তাইৰ সৰুতেই মাক ঢুকাল। মাক ঢুকুৱাৰ পিছত তাই বৰ আমন-জিমন কৰি থাকে। সেয়ে দেউতাক বৰ বিপদত পৰিল। তাইক চোৱা-চিতা কৰিবৰ কাৰণেই দেউতাকে পুনৰ এজনী ছোৱালী বিয়া কৰালে। দেউতাকে ভাবিছিল কুকিয়ে মাহীমাকৰ ওচৰত হেৰুৱা মাকক বিচাৰি পাব। কিন্তু কি আচৰিত! কুকিৰ মাহীমাকে মৰম কৰা দূৰৈৰে কথা, তাইক অনবৰতে গালি পাৰি থাকে। খোজে প্ৰতি [ ১১ ] ভুল ধৰিয়েই থাকে। মনৰ বেজাৰতে ছোৱালীজনী শুকাই খনাই যাবলৈ ধৰিলে। কুকিৰ এজনী বৰ মৰমৰ মেকুৰী আছিল। তাই নাম মিলি। মিলি যেন তাইৰ একমাত্ৰ লগৰীয়া। তাই কুকিৰ কোঁচতে সোমাই তাইৰ মুখলৈ চাই চকুপানী টুকিছিল। কুকিয়ে যেন মিলিৰ মৰমতে জীয়াই আছিল। তাকে দেখি কুকিৰ মাহীমাকে যেন মেকুৰী জনীকো সহ্য কৰিব নোৱাৰা হ'ল আৰু মুখৰ ভিতৰতে ভোৰভোৰাই থাকে— এইজনী কাম নাই বন নাই কেৱল মেকুৰীজনী লৈয়ে ব্যস্ত। ৰ, এইক মই মজা দিম। আন এদিনৰ কথা। কুকি মাহীমাকে কুকি নথকা অৱস্থাত মেকুৰীজনী এটা মোনাত ভৰাই কোনেও নেদেখাকৈ এখন নৈৰ সিপাৰে থৈ আহিল। মিলিয়েও কুকিক ওচৰত নাপাই মনৰ বেজাৰত চকুপানী টুকিলে। ইফালে নৈখনো পাৰ হ’ব নোৱাৰে। আনহাতে কুকিয়ে মিলিক হেৰুৱাৰ দুখত নাখাই নবৈ জুপুকা মাৰি বহি থাকিল আৰু মাজে মাজে চিঞৰি উঠে, “মিলি আহ্ আহ্, তই ক'লৈ গ'লি। ” কিন্তু কোনেও একো উত্তৰ নিদিয়ে। সকলো নিমাত।

 এনেকৈ দিন গৈ মাহ উকলিল। এদিন মিলিয়ে কেনেকৈ নৈ খন পাৰ হৈ কুকিক লগ পাব তাৰ চিন্তাতে নৈৰ কাষত বহি আছে। এনেতে তাই এটা কাছ পানীত সাঁতুৰি থকা দেখিবলৈ পালে। লগে লগে মিলিয়ে মাত লগালে— কাছ ককাই, কাছ ককাই, মোক এটা উপকাৰ কৰিব পাৰিবনে? মই বৰ বিপদত পৰিছো। কাছই প্ৰথমে অমান্তি হৈছিল, কাৰণ উপকাৰীক অজগৰে খায়। কিন্তু পিছত ভাবিলে, গুণ নহ'লেও ধৰ্ম হ'ব। বেচেৰি বা কি বিপদত পৰিছে? এ, আমি জীয়াই থাকোতেই যদি ইজনে-সিজনক সহায় কৰিব নোৱাৰো তেন্তে জীয়াই থকাৰ লাভ কি? এই বুলি ভাবি কাছটোৱে মিলিক ক’লে তুমি যদি সঁচাকৈ বিপদত পৰিছা, তেন্তে মোৰ পিঠিৰ চলং টোতে উঠা। কিন্তু সাৱধান, ইফাল-সিফাল কৰিলে ৰক্ষা নহ'ব।

 কাছটোৰ কথা শুনাৰ পিছত মিলিয়ে আকাশখন ঢুকি পোৱা যেন লাগিল। কাছটোৰ পিঠিত উঠি দি চকু দুটা মুদি দিলে। কাৰণ মেকুৰীয়ে পানীলৈ বৰ ভয় কৰে। এনেদৰে আহি আহি মিলি নৈৰ পাৰ পালেহি আৰু এনে উপকাৰ কৰা কাৰণে কাছক বহুত ধন্যবাদ দিলে। মিলি নৈ পাৰ হোৱাৰ [ ১২ ] পিছত আনন্দত আত্মহাৰা হৈ পৰিল। তাই মাথোন দৌৰিছে দৌৰিছে কালৈকো কোনো ভ্ৰুক্ষেপ কৰা নাই। অবশেষত দৌৰি দৌৰি কুকিৰ ওচৰ পালেগৈ। কুকীয়ে হেৰুৱা মিলিজনীক লগ পাই মনত বৰ ৰং পালে। মুখতে

জোনবাইৰ দেশৰ সাধু (page 12 crop).jpg

মুখ লগাই দুয়োয়ে দুয়োৰ মৰম কৰিবলৈ ধৰিলে।

 এই দৃশ্য কুকিৰ মাহীমাকে অলপ দূৰৈৰ পৰা লক্ষ্য কৰিলে। সঁচাকৈ এটা সামান্য মেকুৰীয়ে তেওঁৰ চকু মুকলি কৰি দিলে। তেওঁ মনতে ভাবিলে এটা অকণমান মেকুৰীয়ে যদি এজনে সিজনক মৰম লগাব পাৰে তেন্তে তেওঁ মানুহ হৈ কিয় আজি এই মৰম লগা অকণমানী ছোৱালীজনীক মৰম কৰিব পৰা নাই। ছিঃ বৰ বেয়া কথা হৈছে। সেই দিন ধৰি মাহীমাকৰ মনৰ পৰা বেয়া ভাৱবোৰ দূৰ হ’ল আৰু কুকিক মৰম কৰিবলৈ ধৰিলে। এনেকৈয়ে কুকিহঁতৰ আটাইকেইটা প্ৰাণীয়ে সুখেৰে বাস কৰিবলৈ ল'লে।

আচলতে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে।

[ ১৩ ]
 

ৰাজু আৰু ভূতৰ সাধু

 এখন দেশত ৰাজু নামৰ এজন ল'ৰা আছিল। তাৰ বয়স চৈধ্য বছৰ। সি সপ্তম শ্ৰেণীত পঢ়ে। তাৰ ব্যৱহাৰ পাতি বৰ ভাল। সেয়েহে তাক ওচৰ চুবুৰীয়া সকলোৱেই বৰ মৰম কৰে। কেৱল যে পঢ়া-শুনা, খেলা-ধুলাতেহে সি পাৰ্গত তেনে নহয়। তাতোকৈ ডাঙৰ কথা ল'ৰাটো বৰ সাহসী। খেলত

যদি কোনোবাই অন্যায় কৰে তেন্তে সি শুদাই নেৰে। তাৰ ওচৰত কোনেও মিছা কথা কৈ সাৰি যাব নোৱাৰে। পঢ়া-শুনাৰ মাজতো সময় উলিয়াই সি দুখীয়া দেউতাকক খেতি খোলাতো সহায় কৰে।

 এদিনৰ কথা। ৰাজুৰ দেউতাক ঘৰৰ পৰা অলপ দূৰৈত কাউৰীয়ে কা-কা কৰাৰ আগতেই শোৱাপাটী এৰি হাল বাবলৈ গৈছে। সেইদিনা আছিল [ ১৪ ] ৰবিবাৰ। শোৱাৰপৰা উঠি সি ভাবিলে আজি দেউতাকক কিছু সহায় কৰিব। সেই কাৰণে দেউতাকলৈ মাকে বান্ধি দিয়া চাহ জলপান লৈ পথাৰলৈ গ'ল। গৰমৰ দিন। সি খোজ কাঢ়ি গৈ আছে। খোজ কাঢ়ি কাঢ়ি তাৰ বৰ ভাগৰ লাগিল আৰু পথৰ দাঁতিত থকা তেঁতেলী গছ এজোপাৰ তলতে অলপ জিৰণি ল'লে। এইদৰে গাৰ ঘাম মচি মচি সি তেঁতেলী জোপাতে আউজি দিলে। এনেতে গছ জোপাৰ পৰা এটা ক'লা দীঘল ঠেঙীয়া ভূত জপং জপং কৈ তাৰ ফালে অহা দেখিবলৈ পালে। ভূতটোৰ চকু কেইটা টেলেকা, ওঁঠ যুৰি চিকটিকীয়া ৰঙা। ৰাজুৰ অলপ ভয় লাগিছে যদিও সি ভয় দেখুৱা নাই। ভূতটো লাহে লাহে ওচৰ চাপি আহি তাৰ হাতৰ জলপানৰ টোপোলাটো লৈ গ'ল। তাৰ পিছত ৰাজুৱে এটা ঘোচা মাৰি ভূতটোৰ পৰা একে আঁজোৰে জলপানৰ টোপোলাটো কাঢ়ি আনিলে। তাত গছৰ শুকান পাত গোটাই লৈ হাতত থকা মেচৰ কাঠি এটা মাৰি দিলে। লগে লগে জুইকুৰা দপ্‌দপকৈ জ্বলি উঠিল আৰু জুইৰ কাষে কাষে সি চিঞৰি চিঞৰি ভগৱানৰ নাম ল’বলৈ ধৰিলে। কাৰণ ভগবানলৈ ভূতে ভয় কৰে। লগে লগে ভূতটো পলাই পত্ৰং মাৰিলে।

 তাৰ পিছত সি দেউতাকৰ ওচৰলৈ চিধাই লৰ মাৰিলে। সি যেন তাৰ জীৱটো কোনোমতে লৈ দেউতাকৰ ওচৰ পালেহি। সি ফোপাই ফোঁপাই থকা দেখি দেউতাকে তাক তাৰ কাৰণ সোধাত সি কেনেকৈ ভূতৰ হাতৰ পৰা সাৰি আহিল সকলো কথা ৱিৱৰি ক'লে। দেউতাকে তাৰ বুদ্ধিমান আৰু সাহসী মনটোক প্ৰশংসা কৰিলে। পিছদিনা সেই কথাটো বায়ু বেগে গৈ ৰাজুহঁতৰ পঢ়াশালীতো ওলাল আৰু তাৰ এনে সাহসীকতাৰ কাৰণে প্ৰধান শিক্ষকে তাক প্ৰশংসা কৰাৰ লগতে বঁটা বিতৰণী সভাত তাক সাহসীকতাৰ পুৰস্কাৰ প্ৰদান কৰিলে। সঁচাকৈ ৰাজুৰ দৰে সাহসী, ধৈৰ্য্য আৰু বুদ্ধিমান ল’ৰা খুব কম। এই কথাটো পিছদিনা চাৰিওফালে ৰৈ-বৈ গ'ল।

সঁচাকৈ মনৰ জোৰহে আচল কথা। সাহসী লোকক
 কোনো ভূত প্ৰেতে পাব নোৱাৰে।

[ ১৫ ]
 

চন্দ্ৰমুখীৰ কাহিনী

 পুৰণি কালত এখন গাঁৱত মুমু নামৰ এজনী ছোৱালী আছিল। ছোৱালীজনী সকলো কামতে বৰ তজবজীয়া। কোনো কামত এলাহ নাই। পঢ়াৰ সময়ত পঢ়ে। তাৰ পিছত আজৰি সময়ত মাকক ইটো সিটো কামত সহায় কৰি দিয়ে। তাইৰ কথা বতৰা আচৰণত আনকি শিক্ষক সকলোয়ে বিদ্যালয়ত বৰ ভাল পায়। অকল এয়াই নহয় তাই জীৱ জন্তুকো বৰ মৰম

কৰে। লাগিলে কুকুৰেই হওঁক বা মেকুৰীয়েই হওঁক।

 সিহঁতৰ ঘৰত এজনী মেকুৰী আছিল। মেকুৰীজনী বৰ মৰম লগা। গোটেই গাটো বগা নোমেৰে ভৰা চকুকেইটা উজ্জ্বল। মুখখন পূৰ্ণ চন্দ্ৰটোৰ [ ১৬ ] দৰে গোল। সেইকাৰণে তাইৰ নাম চন্দ্ৰমুখী। এটা সময়ত সিহঁতৰ ঘৰত বহুত নিগনি হৈছিল। নিগনিৰ উপদ্ৰৱত কোনো বস্তুকে ভালদৰে থ'ব নোৱাৰে। সকলোবোৰ কুটি কুটি নষ্ট কৰে। কিন্তু চন্দ্ৰমুখী থকাৰে পৰা সিহঁতৰ ঘৰত কোনো নিগনি নাই। আনকি মেকুৰী জনীৰ স্বভাব ইমানেই ভাল যে কোনো বস্তু গৃহস্থই নিদিয়ালৈকে মুখ নিদিয়ে। মেকুৰীয়ে ভজা মাছ চুৰ কৰি খায় বুলি প্ৰবাদ আছে। কিন্তু চন্দ্ৰমুখী এই বদনামৰ পৰা মুক্ত। আনকি তাই প্ৰস্বাৱ পায়খানাও ভিতৰত নকৰে। পঢ়াশালিৰ পৰা আহিয়েই মুমুয়ে সদায় চন্দ্ৰমুখীক কোলাত লয়। তাৰ পিছতহে হাত মুখ ধুই ভাত খায়। মৰম লগা চন্দ্ৰমুখীক এবাৰ ল'বলৈ নাপালে তাই বৰ অশান্তি পায়। মেকুৰী জনীয়েও যেন মুমু অহালৈ বাট চাই থাকে। তাই নহালৈকে যেন আহাৰে নালাগে কুটা এডালো মুখত নিদিয়ে।

 মুমুৰ এজনী বান্ধৱী আছিল। তাইৰ নাম চিম্পী। তাই মুমুহঁতৰ মেকুৰীজনীৰ কথা শুনি শুনি তাইৰো তেনে এজনী মেকুৰী পুহিবলৈ বৰ মন

[ ১৭ ] গ'ল। সেয়েহে তাই মাকক বৰকৈ খাতনি ধৰিলে। তাইকো যেনে তেনে

তেনেকুৱা এজনী মেকুৰী আনি দিবই লাগিব। নহ'লে তাই ভাত পানী নাখায়। এতিয়া মাক বৰ বিমোৰত পৰিল আৰু এটা উপায় উলিয়াবলৈ ধৰিলে।

 আন এদিনৰ কথা। চিম্পীৰ মাকে কথাটো ভাবি থাকোতে মনত এটা দুষ্ট বুদ্ধি খেলালে আৰু এটা উপায় উলিয়ালে যে দোকামোকালিতে শোৱাৰ পৰা উঠি মুমুহঁতৰ চন্দ্ৰমুখীক মোনা এটাতে ভৰাই মনে-মনে লৈ আহিল। প্ৰথমতে চিম্পীয়ে বেয়া পাইছিল। কাৰণ মাকে বাৰু বান্ধৱীৰ ঘৰৰ মেকুৰীজনীহে আনিব পাৰিলেনে? কিন্তু পিছত তাইয়ো আনন্দত নাচিবলৈ ধৰিলে। মুমুৱে মেকুৰীজনীক হেৰুৱাই কান্দিবলৈ ধৰিলে। প্ৰথমতে ভাবিলে, গাড়ীৰ যি উৎপাত গাড়ীৰ আগতেই তাইৰ প্ৰাণ গ’ল নে কি? নাই তাইৰ মনটোৱে শান্তি পোৱা নাই। ইফালে চন্দ্ৰমুখীয়ে কান্দি কান্দি নাখাই নবৈ খীনাই-শুকাই যাবলৈ ধৰিলে। কিন্তু উপায় নাই তাইক যদিও চিম্পীহঁতে মৰম কৰিছে তথাপি মুমুলৈ মনত পেলাই আমন জিমনকৈ থাকে। তৰহে তৰহে বস্তু মুখৰ আগত দিলেও তাই নাখায়। তাইৰ চকুত কেৱল চকুপানী।

 এনেকৈয়ে দিন গৈ মাহ হৈছে। চন্দ্ৰমুখীৰ কোনো খবৰেই নাই। কেইদিনমানৰ পিছত মুমুৱে চিম্পীৰ জন্মদিন খাবলৈ সিহঁতৰ ঘৰলৈ আহিল। মুমুক দেখা পায়েই চন্দ্ৰমুখীয়ে উলাহতে নেগুৰ জোকাৰি জোকাৰি মেওঁ মেওঁ কৰি তাইৰ ভৰিৰ ওচৰত ইফাল-সিফাল কৰিবলৈ ধৰিলে। মুমুক দেখি তাই যেন স্বৰ্গহে ঢুকি পালে। তাইৰ আচৰণে যেন বহুত কথাই কৈ পেলালে। কিন্তু মুমুৰ মন সেমেকি উঠিল, আই ঐ দেহি! এয়া দেখোন চন্দ্ৰমুখী। জন্মদিনৰ বিভিন্ন কেক মিঠাই মুখৰ আগত সজোৱাতে থাকিল। তাই আৰু খাব নোৱাৰিলে। তাই চিধাই ঘৰলৈ লৰ মাৰিলে। লগে লগে চন্দ্ৰমুখীয়ো লৰ মাৰি যাবলৈ ধৰোতেই চিম্পীৰ মাকে বাধা দিয়াত মাকৰ হাতে মুখে আঁচুৰি ৰঙা কৰি পেলালে। তাৰ পিছত মাকক চিকিৎসালয়লৈ লৈ যোৱা হ'ল। এসপ্তাহ চিকিৎসাধীন হৈ থাকিব লগা হ'ল। এই ছেগতে চন্দ্ৰমুখী মুমুৰ ঘৰ পালেগৈ।

 লোকৰ বস্তু মোহ কৰিলে কিমান বিপদ হ'ব পাৰে তেতিয়াহে চিম্পীৰ মাকে বুজি পালে। ইফালে মুমুৱে চন্দ্ৰমুখীক পাই আনন্দত আত্মহাৰা হৈ পৰিল। [ ১৮ ]
 

এটা সপোনৰ কাহিনী

 আজিৰ পৰা অলপ দিনৰ আগতে নগাঁও জিলাৰ পুৰণিগুদামৰপৰা কিছু নিলগত কলং সুঁতিৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখন চাৰিওফালে গছ-গছনিৰে ভৰা। নানা তৰহৰ ফলমূল শাক-পাচলি পোৱা যায়। সেই গাঁওখনত দীপু নামৰ এটা বৰ দুখীয়া ল'ৰা আছিল। সৰুতেই তাৰ মাক ঢুকাল। দেউতাকে দিনৰ দিনটো হাজিৰা কৰি যি পইচা পায় তাৰে যেনে তেনে এসাঁজ খাই জীয়াই আছে। সি পঢ়াশালিলৈ কেতিয়াবা যায় আৰু কেতিয়াবা কাম বেছি থাকিলে নাযায়। কাৰণ মাক নথকাৰ বাবে ঘৰৰ কাম বন সিয়েই কৰিব লাগে।

[ ১৯ ]  দীপু বৰ ঈশ্বৰ বিশ্বাসী। সি সদায় পুৱা গধুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিহে পঢ়াৰ টেবুলত বহে আৰু শুবলৈ যাওতে সদায় ঈশ্বৰৰ নাম লৈহে টোপনি যায়। এইদৰে দিন গৈ আছে। তাৰ মনত সুখে নাই কিন্তু দুখো নাই। সি ভাৱে কৰ্ম কৰিহে মানুহ জীয়াই থাকিব লাগে। কৰ্ম নকৰাকৈ খোৱাটো পাপ। তাৰ সততাৰ কাৰণে আৰু পৰিশ্ৰমী হোৱাৰ কাৰণে ওচৰ চুবুৰীয়া সকলোৱে তাক মৰম কৰে।

 এদিনৰ কথা। দীপুৱে দিনৰ সকলো কাম বন কৰি ৰাতি খাই বৈ শুই আছে। এনেতে ভগৱান বিষ্ণুৱে চতুৰ্ভূজ ৰূপ ধাৰণ কৰি তাক কৈছে— “দীপু তই বৰ সৎ ল’ৰা। ডাঙৰক তই শ্ৰদ্ধা কৰিবি, কিন্তু কাকো হিংসা নকৰিবি। তই এটা কাম কৰিবি। তহঁতৰ বাৰীৰ পিচফালে ঢাপত এটুকুৰা লোহা পাবি। তাৰে কমাৰ শালত গৈ এখন কোৰ তৈয়াৰ কৰি আনিবি আৰু সেই কোৰখনেই তোৰ উপাৰ্জনৰ পথ দিব। ” ৰাতিপুৱা সাৰ পাই সি থৰথৰকৈ কপিবলৈ ধৰিলে। সি কি কৰিব কি নকৰিব ভাবি ভাবি স্নান কৰিবলৈ গ'ল। তাৰ পিছত গোঁসাই ঘৰত সোমাই প্ৰাৰ্থনা কৰিলে প্ৰভূ এয়া তোমাৰেই লীলা, এই বুলি ৰাতিৰ কথাটো মনতে ৰাখি ঘৰৰ ভঙাকোৰ খনেৰে বাৰীৰ ঢাপটো খান্দিবলৈ ধৰিলে। সঁচাকৈ এটা বহল লোহা পালে। তাকে লৈ গৈ দীপু ওচৰৰ কমাৰশাললৈ গ'ল আৰু এখন কোৰ বনাই দিবলৈ কমাৰক খাটনি ধৰিলে।

 কমাৰে প্ৰথমতে ভাবিলে ইনো ক'ৰ পৰা মজুৰিৰ পইচা দিব পাৰিব। তথাপিও এখন কোৰ বনালে। যদিহে সি পইচা দিব নোৱাৰে তেন্তে কমাৰজনে কোৰখনকে ৰাখি থ’ব। এই বুলিয়েই কমাৰজনে অলপমান কষ্ট কৰোতেই এখন সুন্দৰ কোৰত পৰিণত হ'ল। দুদিনৰ পিছত দীপুৱে যেনেতেনে কোৰখন বনোৱা মজুৰিটো দি কোৰখন ঘৰলৈ লৈ গ'ল। তাৰ পিছত নাল লগাই ঘৰৰ [ ২০ ]

চুক এটাত থৈ দিছে। দীপুৱে ৰাতি সাৰ পাই দেখে কোৰখনৰ পৰা এটা উজ্জ্বল পোহৰ বিয়পি গোটেই কোঠালীটো পোহৰাই তুলিছে। দীপুৱে প্ৰথমতে ভয় খাইছিল যদিও ভগৱানৰ নাম লৈ পিছদিনা ঘৰৰ আগফালে থকা বাৰীখনত অলপ অলপ কৈ কোৰ মাৰি মাটি চহাবলৈ ধৰিলে। তাৰ পিছত নানান শাক-পাচলি, খেতি কৰিবলৈ ধৰিলে। দুদিনতে তাৰ বাৰীত লাও, জিকা, ভোল আদি লোমা লোমে লাগিবলৈ ধৰিলে।

 ইয়াৰ পিছত দীপুৱে চহৰলৈ গৈ প্ৰথমে বস্তা এখন পাৰি শাক পাচলিবোৰ বিক্ৰী কৰিবলৈ ধৰিলে। দোপতদোপে তাৰ উন্নতি হ'বলৈ ধৰিলে। চহৰৰ সকলো ধনী মানুহে যেন তাৰ শাক পাচলিলৈ বাট চাই থাকে। অৱশেষত তাৰ উপাৰ্জনেৰে চহৰৰ বজাৰত এখন স্থায়ী শাক পাচলিৰ দোকান বহুৱালে। লাহে লাহে দেউতাক বুঢ়া হৈ আহিল আৰু দেউতাকক হাজিৰা কৰিবলৈ নিদিয়া হ'ল। দেউতাকে দীপুলৈ এজনী গাঁৱৰে লখিমী ছোৱালীক বোৱাৰী কৰি আনিলে। এইদৰে সিহঁতৰ দিনে দিনে উন্নতি হ'বলৈ ধৰিলে আৰু সৰু পৰিয়ালটোৱে সুখে-শান্তিৰে বাস কৰিবলৈ ধৰিলে।

পৰিশ্ৰমী হ'লে আচলতে মানুহে নিজৰ ভাগ্য নিজেই নিৰ্ণয়
 কৰিব পাৰে।

[ ২১ ]
 

ৰিকি নামৰ শালিকীজনী

 হাবিখনৰ সিপাৰে এটা জুৰি আছিল। জুৰিটো খৰালি হ'লে পানীবোৰ শুকাই যায়। বাৰিষা হলে পানীবোৰ শিলে শিলে ঠেকা খাই কুলু-কুলু শব্দ কৰে। জুৰিটোত বিভিন্ন চৰাই চিৰিকতি, জীৱ-জন্তুৱে পানী খাবলৈ আহে। তাকে চাবলৈ চুমু প্ৰায়ে জুৰিটোৰ কাষলৈ আহে। চুমু এজনী বৰ মৰম লগা ছোৱালী। তাই চৰাই চিৰিকটি, জীৱ-জন্তু বৰ ভাল পাইছিল। তাই ঘৰ আছিল সেই জুৰিটোৰ পৰা কিছু নিলগত।

[ ২২ ]  চুমুৱে সদায় ৰাতিপুৱা শুৱাৰ পৰা উঠি পঢ়াৰ টেবুলত বহে। তাই খিৰিকীখন খুলি দিয়াৰ লগে লগেই দেখিবলৈ পায় এজনী শালিকী চৰাই জঁপিয়াই জঁপিয়াই তাইক কিবা কথা ক'ব বিচাৰে। তাইৰ আৰু পঢ়াত মন নবহে। তাই পঢ়া টেবুলৰ পৰা উঠি আহি চোতালত চাউল চতিয়াই দিয়ে। শালিকী জনীয়ে অকণ অকণ কৰি জঁপিয়াই জঁপিয়াই কণমানি ঠোঁটটোৰে খুটিয়াই খুটিয়াই চাউল খোৱা দৃশ্যটি চাই তাই বৰ স্ফুৰ্তি পায়।

 এইদৰে শালিকীজনী সদায় সিহঁতৰ চোতাললৈ অহাটো এটা অভ্যাসত পৰিণত হ'ল। লাহে-লাহে শালিকীজনী তাইৰ বৰ আপোন হৈ পৰিল। ভয়েই নকৰে, যেন তাইৰ হাততে দিলেও চাউল খুটিয়াই খাবলৈ বিচাৰে। এবাৰ তাই ভাবিলে শালিকীজনী সঁজাত ভৰাই থ’বনেকি? আকৌ ভাৱে নাই নাই, তাইৰ স্বাধীন মনটোক কেতিয়াও তাই বঞ্চিত নকৰে। সদাই যেন তাইৰ চোতাললৈ আহিব আৰু চাউল খাব তাতে তাই সন্তুষ্ট। সেয়ে তাই শালিকীজনীৰ নাম দিলে ৰিকি। তাই ৰিকি বুলি মাত দিয়াৰ লগে লগেই শালিকীজনী আহি তাইৰ ওচৰত উপস্থিত হয়। এনেকৈয়ে ৰিকি আৰু চুমু বান্ধৱী হৈ পৰিল। এদিন বিকিয়ে ভাবিলে চুমুৱে তাইক ইমান মৰম কৰে, কিন্তু তাইনো চুমুক কি দিছে। এইদৰে ভাবি থাকোতে বিকিয়ে এঘৰ মানুহৰ পিছফালে ঢাপত এজোপা নুনী পকা গছ দেখিবলৈ পালে। তাইৰ কণমানি ঠোঁটটোৰে এটা এটাকৈ নুনী পকা আনি চুমুহঁতৰ ঘৰটোৰ আগফালৰ বাৰাণ্ডাখনৰ এটা চুকত গোট খুৱালে। চুমুৱে যে নুনী পকা খাই ভাল পায় বিকিয়ে জানে।

 পিছদিনা চুমুৱে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই বাৰাণ্ডাৰ চুকত দেখা পালে পকা পকা নুনী পকা। তাইৰ মনটো আনন্দৰে উপচি পৰিল। এয়া কাম যে ৰিকিৰে হ’ব তাই নিশ্চিত। ইয়াৰ পিছত দুই তিনি দিন তাই ৰিকিক দেখা নাই। কি হল! ৰিকি ক'লৈ গ'ল? নে কিবা অঘটন ঘটিল? এইদৰে ভাবি গুনি থাকোতে চাৰিদিনৰ দিনা ৰিকি লেঙুৰিয়াই লেঙুৰিয়াই আহি সিহঁতৰ চোতালত উপস্থিত হ'ল আৰু চুমুৰ ফালে চাই চকুৱেদি পানী বৈ গ’ল। চুমুৱে পিছত গম পালে যে ওচৰৰে এজনী শিপিনিয়ে তাত শালত গামোচা বৈ থাকোতে শালিকীজনীয়ে সূতা দুডাল চিঙিলে আৰু ফৰমূতি মাৰিলত তাইৰ ঠেং এটাত পৰি দুখ পালে। চুমুয়ে তেতিয়া অলপ কেঁচা [ ২৩ ]

হালধি আনি পটাত পিহি ৰিকিৰ দুখ পোৱা ভৰিটোত লগাই দিলে আৰু দুদিনতে তাই সুস্থ হৈ উঠিল। ইয়াৰ পিছত তাইৰ কি যে ৰং। পিছত চুমুহঁতৰ আগফালে থকা জাৱৰৰ দ'মটোত ৰিকিয়ে জঁপিয়াই জঁপিয়াই জাঁবৰ খুচৰি খুঁচৰি আহাৰ বিচাৰিবলৈ ধৰিলে।

 চুমুয়ে দূৰৈৰ পৰা সেই দৃশ্য চাই বৰ আনন্দ পালে। ইয়াৰ কিছু সময়ৰ পিছত ৰিকিৰ কোনো মাত বোল নাই। নাই যি নায়েই। তাই ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে। এইদৰে কেইবাদিনো পাৰ হৈ গ'ল কিন্তু ৰিকিৰ কোনো খা খবৰ নাই। অবশেষত চুমু ফেকুৰী উঠিল আৰু চিঞৰি চিঞৰি গাবলৈ ধৰিলে-

শালিকী এ লথৌ থৌ
এইখিনিতে আছিলে
জাৱৰ খুঁচৰি
কোনে বাৰু লৈ গ'ল
টেটু মুঁচৰি।

 এইদৰে কান্দি কান্দি চমু্‌ ভাগৰি পৰিল, কিন্তু বিকিক আৰু দেখা নাপালে। [ ২৪ ]
 

ভেকুলীৰ বিয়া

 আজিৰ পৰা কিছুদিনৰ আগতে বহুদিন ধৰি বৰষুণ হোৱা নাছিল। চ'ত মাহ। মাটি ফাটি চিটা-চিট দিছে। চাৰিওফালে খৰাং। গছ-গছনি শুকাই যাবলৈ ধৰিছে। চৰাই-চিৰিকটি, জীৱ-জন্তুৱে এটোপাল পানীৰ কাৰণে হাহাকাৰ কৰিছে। নাই আকাশত কোনো বৰষুণ দিয়াৰ লক্ষণেই নাই। গাঁৱৰ ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে মেল পাতিছে। ভেঁকুলীৰ বিয়া পাতিব, নহলে উপায় নাই! জানোছা বৰুণ দেৱতা প্ৰসন্ন হয়েই। সেই কাৰণে গাঁৱৰ সকলোকে ভেঁকুলীৰ বিয়াৰ দায়িত্ব ভাগ কৰি দিয়া হ’ল। সকলো আগবাঢ়ি আহি দিন বাৰ এটা চাই ভেকুলীৰ বিয়াৰ আয়োজন কৰিলে। গাঁৱৰ ডেকা চামক ৰভা খোলাৰ দায়িত্ব দিলে, চেমনীয়া সকলক ৰভাতলি ফুলেৰে সুন্দৰকৈ সজোৱাৰ দায়িত্ব দিছে। সকলোতকৈ ডাঙৰ দায়িত্ব দিয়া হ'ল বাজু আৰু ৰামুক। সিহঁত দুটাক দুটা ধুনীয়া ডাঙৰ চাই ভেঁকুলী ধৰি আনিবলৈ কোৱা হ'ল। এতিয়া সিহঁতে ভেঁকুলী পায় ক'ত! গোটেই খন শুকান যেন [ ২৫ ] মৰুভূমিহে। ভেঁকুলী সাধাৰণতে পানী থাকিলেহে পোৱা যায়। সেয়ে দুয়ো ডাঙৰৰ কথা পেলাব নোৱাৰি সেমেনা-সেমেনি কৰি আগবাঢ়িল ভেঁকুলীৰ সন্ধানত। এনেকৈ দুয়ো গৈ আছে, গৈ আছে। নাই, কোনো ভেঁকুলীৰ দেখা দেখি নাই। তথাপি চেষ্টা এৰি দিয়া নাই। এনেদৰে গৈ গৈ এখন নৈত বাঁহৰ এখন সাঁকো পালে। ৰামুয়ে খবৰ পালে যে সাঁকো খন পাৰ হ’লে এটা দ’ পুখুৰী পৌৱা যাব আৰু তাতেই ভেঁকুলী পাব। সেয়ে দুয়ো কথা মতেই কামত আগবাঢ়িল। ৰাজু কিন্তু সাহসী। সি অনায়াসে সাঁকোখন পাৰ হ’ল। ৰামুয়ে ভয়তে কঁপিবলৈ ধৰিলে। তথাপি বাঁহত ধৰি-ধৰি, ৰৈ-ৰৈ ঈশ্বৰৰ নাম লৈ কোনোমতে পাৰ হ’ল।

 পাৰ হৈয়ে ৰামুৱে পুখুৰীটোত দেখা পালে এটা ধুনীয়া নোদোকা ভেঁকুলী। পল এটাৰে চাব মাৰি দিওতেই ধৰিব পাৰিলে। এতিয়া আন এটা ভেঁকুলীৰ বাবে খাপ পিতি থাকিল। আকৌ এইবাৰ এটা ভেঁকুলী দেখি দৌৰ মাৰি যাওতেই ভেঁকুলী জাপ মাৰি পলাল। অৱশেষত বহুত কষ্টৰ পিছত আন এটা ভেঁকুলী যেনেতেনে ধৰি আনিলে আৰু খুব সাৱধানে তাহাঁতক আহাৰ খুৱাই ৰাখিলে। কাৰণ এদিনৰ পিছতে সিহঁতৰ বিয়া।

 বিয়া দিনা ৰভাখন বোৱাৰী জীয়াৰী সকলোৱে মিলি ধুনীয়াকৈ সজালে। সিহঁতক পাই কোনে? মাহ হালধি পিহি ভেকুলী দুটাক নোৱাই ধুৱাই ৰভা তলিলৈ আনিলে। সিহঁতক মালা পিন্ধাই, ভেকুলী জনীক সেন্দুৰৰ ফুট দি ৰভাৰ মাজত বহুৱালে আৰু জাউৰীয়ে জাউৰীয়ে বিয়া নাম জুৰিলে—

ভেঁকোলা ভেঁকুলীৰ বিয়া হে
বৰুণ দেউ বৰষুণ দিয়া হে।

 দৰা খহুলা ভেকুলীক “বে”ৰ অৰ্থাৎ চাৰিটা কলপুলি মাজত দৰালৈ অনা মাহ-হালধিৰে নোৱাই ধুৱাই আয়তী সকলে জাউৰিয়ে জীউৰিয়ে বিয়া নাম গাইছে—

“ৰাম ৰাম খহুলা ভেকুলীৰ.......
ৰাম ৰাম বিয়াখন পাতিছে....
হৰি মোৰ ঐ ৰাইজে বেৰি বেৰি চাই—হে’

 আনহাতে কইনা খহুলীক “বে”ব মাজত লৈ কইনা ফালৰ আয়তীসকলে গাইছে— [ ২৬ ]

ৰাম ৰাম খহুলী ভেকুলীক
ৰাম ৰাম নোৱাইছে ধুৱাইছে
হৰি মোৰ ঐ আনন্দে নধৰে হিয়া হে।
 ৰাম ৰাম ৰঙতে খহুলী
ৰাম ৰাম জপিয়াই ফুৰিছে
হৰি মোৰ ঐ কইনা হ’বলৈ পা-ই-হে।

 আকৌ পানী তুলিবলৈ যাওঁতে জীয়ৰী বোৱাৰীয়ে গাইছে

ফুল চন্দন তুলসী
ভৰিল কি নভৰিল
খুহুলী মাকৰ কলচী।
দাদাই পাৰি দিয়া খাও হে
ফুল চন্দন তুলসী
ভৰিল নে নভৰিল
কহুলী (কন্যাৰ) মাকৰ কলচী॥
গা-ধুই উঠিয়েই........
খহুলী ভেকুলী......
ঐ ৰাম কি সাজ পিন্ধিব পায় হে.....
গাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম
সেই সাজ পিন্ধিব পায় হে

 বিয়া নামৰ সুৰ শুনি ভেঁকুলী দুটা জাপ মাৰি যাবই খোজে। এটা গৈ কোনোবা খিনি পালেগৈ। আকৌ তাক ধৰি অনা হ'ল আৰু হোমৰ গুৰিত বহুৱাই দিয়া হ’ল। আম খৰিৰ ধোঁৱাত থাকিব নোৱাৰি ভেঁকুলীজনীয়ে কে-কো, কে-কো বুলি টোৰটোৰাবলৈ ধৰিলে। তাৰ পিছত ভেঁকোলাটোৱে কে-কো, কে-কো বুলি তাল ফাল লগাবলৈ ধৰিলে। ইফালে হোমৰ ধোঁৱাৰে গোটেইখন ছানি ধৰিলে। এটা সময়ত এনেকৈ টোৰ-টোৰালে যে কাৰো মাত কোনেও নুশুনা হ’ল। ইফালে বিয়া নামৰ জাউৰিত ডেকা-বুঢ়াও সাৰি যোৱা নাই। পানী তুলিবলৈ গৈ দৰা মাক আৰু কইনাৰ মাকে ওৰাই-ঘুৰাই নাছিলে। কোনোবাই আকৌ ভগা টিং বজালে। বিয়াৰ ৰভাতলি উদুলি মুদুলি। কোমল চাউল, ম'হৰ এঠা দৈৰ সৈতে সকলোৱে আনন্দৰে খালে।
[ ২৭ ]

 বিয়াৰ হোম সম্পূৰ্ণ নৌহওঁতেই আকাশখন ডাৱৰে আৱৰি ধৰিলে। তাৰ পিছত গুৰুম গুৰুম ঢেৰেকনি, বিজুলীৰ চিক্‌মিকনি তাৰ পিছত কিন্ কিন্ বৰষুণ। তাৰ পিছতেই মুষলধাৰে বৰষুণ। বৰষুণ দেখি দৰাৰূপী ভেঁকোলা জাপ মাৰি পলাল আৰু কইনাৰূপী ভেকুলীয়ো ক'লৈ গ'ল কোনেও তলকিবই নোৱাৰিলে। এনেকৈ বৰষুণ জাকে সকলোৰে মনত আশাৰ বতৰা কঢ়িয়াই আনিলে।

আচলতে বিশ্বাসেই আদি মূল

[ ২৮ ]
 

হাঁহিৰামৰ বিলৈ

 বাবলু এটা বৰ ভাল ল’ৰা। তাৰ কথাবতৰা ব্যৱহাৰ পাতি সকলোৱে প্ৰশংসা কৰে। মুঠতে বৰ অমায়িক ল’ৰা। কিন্তু বৰ দুখৰ বিষয়। বাবলুৰ জন্মৰে পৰা এখন ভৰি চুটি। তথাপিও চকুৰ আগত যিখিনি কাম পাৰে সকলো নিয়াৰিকৈ কৰি যায়। পঢ়া-শুনাতো বৰ ভাল। সেয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা সি বৰ আদৰ পায়। লগৰ লগৰীয়াই তাক খোৰা বুলি কয় যদিও সি কেৰেপ নকৰে। কওক, সকলো ভগৱানৰ সৃষ্টি। ভগৱানে যে তাৰ চকুজুৰি, হাত দুখন দিছে তাৰ কাৰণে ভগৱানৰ ওচৰত সি কৃতজ্ঞ।

 বাবলুৰ লগৰীয়াৰ ভিতৰত এটা ল'ৰাৰ নাম আছিল হাঁহিৰাম। হাঁহিৰাম যি হাঁহিৰামেই। তাৰ চকু যুৰি যেন পদুম কলিৰ নিচিনা। গাৰ বৰণ কাড়া হালধীৰ দৰে। মুখে চকুৱে যেন অনবৰতে হাঁহিয়েই থাকে। দুখ বোলা বস্তুটো তাৰ নায়েই। দেখাত ধুনীয়া কাৰণেই তাৰ বৰ অহঙ্কাৰ। পঢ়াশুনাতো মনোযোগ কম। তাৰ দুষ্টামিৰ কাৰণেই শিক্ষক সকলোৱে তাক বেয়া পায়। কোনোবাই যদি তাক চকুযুৰী ধুনীয়া বুলি কয় স্ফূৰ্তিৰ সি গৌৰৱতে ওফন্দি উঠে। যেন তাৰ সীমা নাই। কিন্তু সি বুজা নাই যে ঈশ্বৰৰ সৃষ্টিত সকলো ধুনীয়া।

 হাঁহিৰামে কথাই প্ৰতি বাবলুক খোৰা বুলি হাঁহে। কিন্তু বাবলুৱে নীৰৱেই সহি থাকে। সি ভাৱে হয়তো সিটো সঁচাকৈয়ে খোৰা। গতিকে [ ২৯ ] হাঁহিব পাৰিছে যেতিয়া কোনোবাই হাঁহক, তাৰ কোনো ভাবিবলগীয়া নাই। তেতিয়াই তাৰ অন্ধ ল’ৰা-ছোৱালীৰ কথা ভাবিলে মনটো সেমেকি যায়। কাৰণ তাৰ ভৰিটো চুটি যদিও পৃথিৱীখনটো চাব পাৰিছে। কিন্তু অন্ধসকলে যে একোৱেই দেখা নাই। কিমান যে তাহাঁতৰ দুখ।

 আন এদিনৰ কথা। বাবলু তেতিয়া নৱম শ্ৰেণীত পঢ়ে। তাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দুই কিলোমিটাৰ দূৰ। গতিকে সি শুৱাৰ পৰা সোনকালে উঠি সকলো কাম-বন কৰি, খাই বৈ ঘৰৰ পৰা সোনকালে পঢ়াশালিলৈ ওলায়। কাৰণ সি দুপিয়াই দুপিয়াই খোজকাঢ়ি আহোতে সময় লাগে আৰু যথা সময়ত পঢ়াশালীত উপস্থিত হয়। শিক্ষকে কোনো দিনাই তাক পলম হোৱা বাবে গালি দিব লগা হোৱা নাই। সি সোনকালে পঢ়াশালীলৈ অহা দেখি হাঁহিৰামে ঘৰৰ পৰা ঠাট্টা কৰি হাঁহি হাঁহি চিঞৰি কয় - ঐ বাবুল, তোৰ কাৰণে পঢ়াশালীখন পুৱাই-পুৱাইৰহে নেকি? কিন্তু বাবুলৱে একো নামাতে।

 আনহাতে, হাঁহিৰামৰ চাইকেলেৰে পঢ়াশালীলৈ যায় যদিও সদায় পলম হয় আৰু শিক্ষকৰ পৰা গালি খাব লগীয়া হয়। তথাপি সি নিলাজৰ দৰে হাঁহি মাৰিয়েই উৰাই দিয়ে। এইদৰে দিন গৈ আছে। এদিন দুয়ো প্ৰৱেশিকা পৰীক্ষা পাছ কৰিলে আৰু হাঁহিৰামে চহৰৰ কলেজ এখনত নাম লগালে। বাবুলৱে কিন্তু সুখ্যাতিৰে পাছ কৰাৰ পিছতো গাঁৱৰে এখন কলেজতে পঢ়িলে।

 এইদৰে সময় গৈ আছে। এদিন হঠাতে এটা দুৰ্ঘটনা ঘটিল। সকলো দৌৰা ঢপৰা লাগিল, কি হ’ল কি হ’ল? গাঁৱৰ মানুহে দেখে যে হাঁহিৰামৰ বাইক দুৰ্ঘটনা হৈছে। দেউতাক নথকা অৱস্থাত হাঁহিৰামে বাইকখন লৈ ঘৰৰ পৰা আহি চাৰিআলিটো নাপালেহিয়েই মাৰি দিলে এখন চলন্ত ট্ৰাকত। লগে- লগে সি উফৰি পৰিল। চাৰিওফালে হুলস্থূল লাগিল। তাক লগে-লগে চিকিৎসালয়লৈ নিয়া হ’ল। মানুহটো বাচিল। কিন্তু দুখৰ বিষয় যে তাৰ চকু দুটা চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ’ল। বেচেৰা বাবলুয়ে তাৰ কাষত থাকি বহুত বুজালে। এতিয়াহে হাঁহিৰামে বুজি পালে যে ভগৱানৰ সৃষ্টিত সকলো ধুনীয়া। কোনেও কাকো হাঁহিব নাপায়। বৰং যিখিনি পাইছে সেই খিনিকেই ভগৱানক কৃতজ্ঞতাহে জনাব লাগে।

লোকক হাঁহিলে নিজেই ফল ভোগ কৰিব লগা হয়।

 গতিকে কাকো হিংসা কৰিব নাপায়।

[ ৩০ ]
 

বালিত গা ধোৱা চৰাই

 ঘনচিৰিকা এবিধ বৰ সহজ সৰল সৰু চৰাই। ইহঁত জাক পাতি থাকে। মানুহৰ ঘৰৰ আশে-পাশে থাকে কাৰণে ইহঁতক ঘৰচিৰিকা বুলি কোৱা হয়। আকৌ ঘনাই ঘনাই চিৰিক্ চিৰিক্ কৈ মাতি থকাৰ কাৰণে ইহঁতক ঘনচিৰিকা বুলিও কোৱা হয়। এই চৰাইটোৰ আকাৰ দীঘল প্ৰায় পাঁচৰ পৰা ছয় ইঞ্চিৰ ভিতৰত হ’ব। মতা আৰু মাইকী দেখাত একেই যদিও গাৰ ৰঙৰ কিছু পাৰ্থক্য আছে। মতাটোতকৈ মাইকীজনী সামান্য সৰু আৰু গাৰ ৰং সমানে পাতল। মতাটোৰ ঠোঁটৰ গুৰি অংশৰ পাখি আৰু চকুৰ চাৰিওফালৰ পাখিবোৰৰ ৰং অলপ ক’লা। পেট ফালৰ ৰং বগা। আৰু নেজৰ ফাললৈ ক’লা মিহলি ৰঙৰ। [ ৩১ ]  ঠোঁট আৰু চকুৰ ৰং বাদামী। ইহঁতে গছ-গছনিত সাধাৰণতে বাঁহ নাসাজে, খেৰৰ চেপত বা ঘৰৰ মুধচত বাহ সাজি থাকে। মাহ, চাউল, সৰিয়হ, ঘেঁহু আদি লগতে পোক-পতঙ্গও খাই জীয়াই থাকে।

 ইমান ধুনীয়া কণমানি চৰাইবিধ বৰ্তমান কমি যাবলৈ ধৰিছে। সেয়ে বিশ্বৰ প্ৰকৃতিপ্ৰেমী সংগঠন সমূহে প্ৰতি বছৰে ২০ মাৰ্চৰ দিনটো- “বিশ্ব ঘনচিৰিকা দিৱস” হিচাপে পালন কৰি আহিছে। ইয়াৰ অৰ্থ হৈছে আমাৰ মাজত সজাগতা বৃদ্ধি কৰা।

 ঘনচিৰিকা চৰাইবিধৰ গা ধোৱা নিয়ম অলপ বেলেগ ধৰণৰ। ইহঁতে বালিত গা ধোৱে। বালি থকা ঠাইত পাখি দুখন মাৰি মাৰি এটা সৰু গাত কৰি লয়। তাত লুটি-পুতি খায় বহু সময় ধৰি পাখি মাৰি-মাৰি গা ধোৱে। বালিবোৰ গুছাবৰ কাৰণে ৰ’দত পাখীৰে ঠোঁটেৰে খুঁচৰি খুঁচৰি পৰিস্কাৰ কৰে। দৃশ্য চাবলৈ বৰ ভাল লাগে। আকৌ কেতিয়াবা পানীতো গা ধোৱে। বালিত বেছিকৈ গা ধোৱে কাৰণে ইহঁতক বালিত গা ধোৱা চৰাই বুলিও কোৱা হয়।

 এবাৰ এযোৰ ঘনচিৰিকা চৰায়ে এঘৰ মানুহৰ ঘৰৰ মুধচত বাঁহ সাজিছিল আৰু কণী উমনি দি দি এযোৰ ধুনীয়া পোৱালি জন্ম দিছিল। এদিন মতা ঘন চিৰিকাটোৱে শুনিবলৈ পালে যে ঘৰটোত খেৰবোৰ গুচাই টিনপাত লগাব। এতিয়া সিহঁত বৰ বিপাঙত পৰিল। ইফালে পোৱালী কেওটাও উৰিব পৰা নাই। কি উপায় হ’ব বুলি ভাৱি থাকোতে এজনী বগলীক লগ পালে। বগলীজনীয়ে সিহঁতৰ দুখৰ কথা শুনি উপায় দিলে যে সৌ পাহাৰটোৰ সিপাৰে এখন গাঁও আছে। তাত সকলোবোৰ ঘৰেই খেৰৰ। গতিকে কথাষাৰ শুনি মতাটোৱে আনন্দতে মাইকীজনীক সেইখন গাঁৱলৈ যোৱাৰ কথা ক’লে। মাইকীজনীয়ে কেনেকৈ পোৱালী কেইটা খুঁটি খাব পৰা হয় তালৈ বাট চাই ভগৱানক কাকূতি কৰিবলৈ ধৰিলে। ইফালে বতৰ ডাৱৰ হ’ল। এসপ্তাহ মান বৰষুণ হৈয়েই থাকিল। ঘৰলৈ মিস্ত্ৰি আহি উভতি যাব লগা হ’ল। এইদৰে কেইদিনমান পাৰ হ’ল। ঘৰটো ভঙাৰ লগে লগে ঘনচিৰিকা পোৱালী দুটা লৈ পাহাৰৰ সিপাৰৰ গাঁওখনলৈ উৰা মাৰিলে আৰু সুখে-সন্তোষে বাস কৰিবলৈ ধৰিলে। [ ৩২ ]
 

জোনবাইৰ দেশৰ সাধু

 ছমহীয়া পৰীক্ষা দি উঠি মামন মোমায়েকৰ ঘৰলৈ যাব। বহু দিনৰ পৰা তাইৰ আশা। মোমায়েকৰ ঘৰলৈ গ’লে আইতাকে তাইক সাধু শুনাব। কাৰণ আইতাকেহে তাইক মনৰ পচন্দ মতে সাধু শুনাব পাৰে। আইতাক তাইৰ বৰ মৰমৰ।

[ ৩৩ ]  কেতিয়াবা তাই মুকলি আকাশৰ তলত অকলে অকলে বহি জোনবাইৰ লগত কথা পাতে। তৰাবোৰে যেন তাইৰ ফালে চাই মিচিক্ মাচাক্ হাঁহে আৰু ডাৱৰবোৰে জোনবাইৰ লগত লুকা ভাকু খেলা দেখিলে তাইৰ মনটো উৰা মাৰে, জোনবাইৰ দেশলৈ। এইদৰে ভাৱি থাকোতে কিমান সময় হয়, তাই গমকে নাপায়।

 এদিন মামনে এইদৰে মুকলি আকাশৰ তলত আকাশ-পাতাল ভাবি থাকোতে মাকে মাত লগালে -“মামন ভাত খোৱাহি, সোনকালে শুব লাগে। কাইলৈ মামাৰ ঘৰলৈ যাম”। মামাৰ ঘৰলৈ যোৱাৰ কথা শুনি তাই একে জাঁপেই পাকঘৰ পালেগৈ আৰু খাই বৈ শুই থাকিল।

 ছমহীয়া পৰীক্ষাৰ পিছত গৰম বন্ধ দিয়ে। এই কেইটা দিনত কেৱল বৰষুণেই দি থাকে। কেতিয়াবাহে বতৰ ফৰকাল হয়।

 বৰষুণৰ মাজতে সেইদিনা বতৰ ফৰকাল। কিন্তু বৰ গৰম পৰিছে। মামনৰ মোমায়েকে পাহাৰত হাল বাই আহি ঘটিয়ে ঘটিয়ে পানী খাইছে আৰু ভাত পানী খাই পাকঘৰৰ মচি কাচি থোৱা কেঁচা মাটিৰ মজিয়াতে পাটি পাৰি শুই পৰিছে।

 নীলা আকাশত সেইদিনা নিশা ফৰিং ফুটা জোনাক। মামনৰ আইতাকে মামীয়েকক ভাত-পানীৰ যোগাৰ দি মুকলি আকাশৰ তলত জোনাকত পাটি পাৰি বিচনিৰে বিচি বিচি বহি আছে। এনেতে মামনৰ লগতে কেইবাটাও ল’ৰা-ছোৱালী গোট খালে। কাৰণ আইতাকে আজি সাধু শুনাব। কি যে মজা লাগিব।

 আইতাই নাতিয়েকৰ কথা পেলাব নোৱাৰি এফালৰ পৰা কৈ গ’ল, কিছুমান মনে সজা সাধু। তাৰ পিছত মামনে খাটনি ধৰিলে আইতা, আইতা জোনবাইৰ দেশৰ সাধুটো কোৱা না।

 আইতাকে আৰম্ভ কৰিলে -এদিনাখন মামনৰ মোমায়েক জোনবাইৰ দেশলৈ গৈছিল। তাত তেওঁ দেখা পালে তৰহে তৰহে ফলমূল, আম, কঁঠাল, তৰমুজ ডাল ভৰি ভৰি লোমা লোমে লাগি আছে। ফুল বোৰো নানা ৰঙৰ। ইহঁত অনবৰতে সতেজ হৈ থাকে, মৰহি নাযায়। কাৰো মনত দুখ নাই। এইদৰে গৈ গৈ এখন নৈ দেখা পালে। নৈ খনত বিধে বিধে ৰৌ, কুঁহি, বৰালী মাছে দপ্‌দপাই আছে। তাকে দেখি তাৰ বৰশী বাবলৈ মন গ’ল। বৰশীৰে [ ৩৪ ]

মাছ ধৰি ধৰি তাৰ খালৈত নধৰা হৈছে। কিমান যে তাৰ স্ফুৰ্তি। তাৰ পিছত তাই তুলসী গছ দেখা পালে। আৰু এটা আচৰিত কথা যে তুলসী জোপাৰ তলত এটা ধুনীয়া হৰিণা পহু আপোন মনে চৰি ফুৰিছে। তাই ভাবিলে ধনু কাঁড় লৈ পহুটো মাৰিব নেকি? আকৌ ভাবিলে নাই নাই ইমান ধুনীয়া জন্তুটো, ইমান নিৰ্ভয় মনে ঘুৰি ফুৰিছে ইয়াক মাৰিলে অন্যায় হ’ব। তেতিয়া তাইৰ কাতি বিহুত তুলসী তলত গোৱা গীত ফাঁকিলৈ মনত পৰিল—

“তুলসীৰ তলে, মৃগ পহু চৰে
ঐ ৰাম গোঁসায়ে হৰ ধনু ধৰে”।

 এইদৰে পহু চিকাৰ কৰা কথা বাদ দি গৈ আছে গৈ আছে তাইৰ পিছত এখন শিলৰ সাঁকো দেখা পালে। শিলবোৰৰ মাজে মাজে মণি মুকুতাবোৰ তিৰ্‌বিৰাই জিলিকি আছে। তাই মণি মুকুতাবোৰ এটা এটাকৈ বুটলিবলৈ ধৰোতেই ঘৰৰ মেকুৰীজনীয়ে মেও মেও কৰিলে। সাৰ পাই তাই কান্দিবলৈ ধৰিলে “মই মণি-মুকুতা এটায়ো আনিব নোৱাৰিলো। ” [ ৩৫ ]
 

সোণালী বান্দৰৰ কাহিনী

 অকণিহঁত তোমালোকে সোণালী বান্দৰ দেখিছানে? এই বান্দৰবিধ দেখিবলৈ বৰ ধুনীয়া। ইহঁতৰ গাৰ ৰং সোণ বৰণীয়া বা ক্ৰীম হালধীয়া। বছৰৰ বিভিন্ন সময়ত ইহঁতৰ গাৰ বৰণ অলপ তাৰতম্য দেখা যায়। সোণালী বান্দৰৰ মতাটোতকৈ মাইকীজনীৰ গাৰ বৰণ অলপ বেছি, নেজডাল দীঘল। মুখখন ক’লা বৰণৰ আৰু মুখত কোনো নোম নাথাকে। ভৰি আৰু হাতৰ তলুৱা ক’লা। নেজৰ দৈৰ্ঘ্য মাইকী বান্দৰৰ প্ৰায় ৭০ ছেন্টিমিটাৰ আৰু মতাটোৰ প্ৰায় ৮০ ছেন্টিমিটাৰ হ’ব। বেছিভাগ মাইকী সোণালী বান্দৰে জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত পোৱালি দিয়ে। পোৱালিবোৰ দেখিবলৈ বৰ ধুনীয়া। এই বান্দৰবোৰে অৰণ্যত সৰু সৰু দল বান্ধি বিচৰণ কৰে। মতাটোৰ নেজৰ মূৰত অলপ জোপোহা নোম থাকে।

 এই প্ৰজাতিটোৱে গছৰ ডালে ডালে জঁপিয়াই জঁপিয়াই অৰণ্যত বিচৰণ কৰে। ইহঁতে ডাঙৰ ডাঙৰ গছ থকা হাবিত থাকি ভাল পায়। অসমৰ [ ৩৬ ] চক্ৰশীলা অভয়াৰন্য ইহঁতৰ আদৰ্শ বাসস্থান। ইয়াৰ উপৰিও কাৱৈ জান, কুচু গাঁও, উল্টাপানী, মালেগড় পাহাৰ, শংকৰ ঘোলা আদিত সোণালী বান্দৰ পোৱা যায়। ইহঁতে বিশেষকৈ গছৰ পাত খায়। বিভিন্ন গছৰ লতা, গছৰ ফুল, উৰহী জাতীয় গুটি আৰু গছৰ ফল মূল খাই ইহঁত জীয়াই থাকে। ইহঁত নিৰামিষভোজী। ভাতঘিলা নামৰ গছৰ পাত ইহঁতৰ প্ৰিয় খাদ্য। পৃথিৱীৰ ক’তো নথকা এই প্ৰজাতিৰ বান্দৰ কেৱল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে, মানাহ নদীৰ পশ্চিম আৰু সোণকোষ নদীৰ পূৱ পাৰৰ মাজৰ ভূ-খণ্ডত পোৱা যায়। অকণিহঁত এতিয়া এই সুন্দৰ বান্দৰৰ বিধৰ এটা কাহিনী কম দেই—

 উমানন্দ হৈছে আমাৰ দেশৰ আটাইতকৈ সৰু দ্বীপ। সোণালী বান্দৰ উমানন্দৰ এক অমূল্য সম্পদ। ইয়াত গোবিন্দা, হেমা আদি নামেৰে বহুতো সোণালী বান্দৰে পৰ্যটকক আকৰ্ষিত কৰি আহিছে। ইহঁতে ভয়েই নকৰে, মন্দিৰলৈ নৈবেদ্য আগবঢ়োৱা বস্তুবোৰ থাপ মাৰি লৈ গছৰ ওপৰত উঠে। এবাৰ পূজা নামৰ এজনী অতি মৰম লগা অকণমানি ছোৱালী মাক-দেউতাকৰ সৈতে উমানন্দ মন্দিৰলৈ গৈছিল। নাঁৱত নাৱৰিয়াই নাঁওখন ৰখাৰ পিছত তেওঁলোক মন্দিৰলৈ খোজ লৈছে। এনেতে মন্দিৰ গৈ নাপাওঁতেই এজনী সোণালী বান্দৰে মাকৰ কোলাৰ পৰা পূজাক থাপ মাৰি লৈ গৈ গছৰ ওপৰত উঠিল। ইফালে তেওঁলোকৰ হাঁহাকাৰ অৱস্থা কি হ’ব এতিয়া। ছোৱালীজনী কেনেকৈ আনিব। এনেকৈ ভাবি ভাবি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কান্দি-কান্দি মাকৰ চকু ফুলি গ’ল। এনেকৈ বেজাৰ মনেৰে থাকোতে কোন সময়ত পূজাক বান্দৰজনীয়ে তেওঁলোকৰ ওচৰত থৈ গ’লহি কোনেও তত্‌কে ধৰিব নোৱাৰিলে। ক’তো আঘাত নোহোৱাকৈ পুনৰ ছোৱালীজনী কাষতে পাই মাক-দেউতাক আনন্দত উৎফুল্লিত হৈ পৰিল আৰু নানান ফল-মূল বান্দৰ কেইটাক খাবলৈ দিলে। আচলতে সিহঁত বৰ মৰম আকলুৱা। মানুহে মৰম কৰিলে বৰ ভাল পায়। কাৰো একো ক্ষতি নকৰে। কোনোবাই সিহঁতক মৰম নকৰা যেন দেখিলে সিহঁত বৰ নাৰাজ হয়। [ ৩৭ ]
 

গঁড় আৰু হাতীৰ কাহিনী

 এসময়ত কাজিৰঙা অভয়াৰণ্যত লখিমী নামেৰে এজনী গঁড় আছিল। তাই বৰ শান্ত আৰু নম্ৰ। তাই ডাঠ অৰণ্যৰ মাজত অকলে অকলে সেউজীয়া ঘাঁহ বন খাই ঘুৰি ফুৰে। কাকো আমনি নকৰে। ইমান নিৰীহ প্ৰাণীবোৰক বাৰু চিকাৰীবোৰে কেনেকৈ গুলিয়াই মাৰে? সিহঁতৰ অলপো দয়া মৰম নালাগেনে বাৰু? সঁচাকৈ এই জন্তুবোৰ দেখিলেই ভাল লাগি যায়। ইহঁত আমাৰ আপুৰুগীয়া সম্পদ। এই সম্পদ সমুহ যাতে নিধন হ’ব নোৱাৰে তাৰ কাৰণে সকলোৱে মিলি চেষ্টা কৰিব লাগিব।

 এদিন লখিমী নামৰ গঁড়জনীয়ে দেখিলে অৰণ্যৰ আনটো মূৰত এজনী হাতী অকলে অকলে ঘুৰি ফুৰিছে। তাইৰ নাম ভবানী। তেতিয়া গঁড়জনী ভবানী নামৰ হাতীজনীৰ ওচৰ চাপি আহি ক’লে বাই কিমাননো আৰু এনেকৈ অকলে অকলে দিন কটাবা। আমি দুয়ো সখী পাতো আঁহা। আমাৰ জীৱনৰ ভৰষাই নাই। কোন মূহুৰ্ত্তত চিকাৰীৰ হাতত প্ৰাণ যায় ক’বই নোৱাৰি। গতিকে যি কেইদিন জীয়াই থাকো সেই কেইদিন হাঁহি মাতি [ ৩৮ ] মিলিজুলি দিন কটাম। কথা মতেই কাম। এনেকৈ দুয়ো জনীয়ে সখী পাতিলে আৰু হাবিৰ মাজত ওমলি-যামলি ঘাঁহ বন খাই ফুৰিবলৈ ধৰিলে।

 আন এদিনৰ কথা। ভবানী নামৰ হাতী জনীয়ে লখিমিক ক’লে– তুমি বৰ গহীন। তুমি বাৰু একেবাৰেই নাহাঁহা নেকি? তেতিয়া লখিমিয়ে ক’লে সখী কিয় তেনেকৈ ক’লা? পৰীক্ষা চাবা। তেতিয়া ভবানীয়ে ক’লে ঠিক আছে মই আজি হহুয়ামেই হহুৱাম। আমি এনেকৈ হাঁহি হাঁহি জীয়াই থাকিম। এই বুলি ভবানীৰ শুঁড় ডালেৰে গঁড়জনীক ভাকুটকুটাই দিলে। কি, কি আচৰিত! লখিমী একেবাৰে নীৰৱ আৰু নিতাল। তাই যেন একোৱেই ক’ব নোৱাৰে। তেতিয়া ভবানীয়ে লখিমীক কঠুৱা বুলি ধিক্কাৰ দিলে। এনেকৈয়ে দিন গৈ মাহ উকলিল। ইয়াৰ ছমাহ মানৰ পিছত লখিমীয়ে অকলে অকলে খেলখেলাই হাঁহি আছে। ভবানীয়ে দূৰৈৰ পৰা দেখি আচৰিত হ’ল আৰু মনতে ভাবিলে কিবা হ’ল!

 তেতিয়া ভবানীয়ে ক’লে- কি হ’ল অ’ লখিমী? লখিমীয়ে একো উত্তৰ দিব পৰা নাই। মাথোন হাঁহিয়েই আছে। তেনেতে ভবানীয়ে ভাবিলে- ইয়াৰ পৰা যোৱাই ভাল হ’ব। নহ’লে এই কি কৰে ঠিক নাই। এনেতে লখিমীয়ে ক’লে, সখী, সখী নাযাবা ৰ’বা। তুমি মোক এদিন কঠুৱা বুলি হাঁহিছিলা, এতিয়া গম পালা নহয়? সেই কাৰণে একো নজনাকৈ কাকো একো ক’ব নালাগে। মোৰ গাৰ ছাল ইমানেই ডাঠ যে ছমাহৰ আগৰ ভাকুট কুটনিৰ সুৰ সুৰণি আজিহে উঠিছে। তেতিয়া ভবানীয়ে বাগৰি বাগৰি হাঁহিবলৈ ধৰিলে।

 এনেতে অলপ দূৰৈত গুলীৰ শব্দ হঠাতে শুনিবলৈ পালে আৰু দুয়ো ভয়তে দৌৰিবলৈ ধৰিলে। গুলীৰ শব্দ সাম কটাত দুয়োয়ে অৰণ্যৰ সকলো জীৱ-জন্তু গোট খুৱাই এখনি সভা পাতিলে। সভাৰ মূল উদ্দেশ্য হৈছে জধে মধে কোনো জন্তুকে নৰ পিশাচে হত্যা কৰিব নোৱাৰিব। সিহঁতৰ জীৱনৰ নিৰাপত্তা লাগে। সদৌ শেষত ভবানীয়ে অভয় দিলে যে সিহঁতে আজিৰে পৰা সকলো জীৱ-জন্তু হাঁহি-হাঁহি, মিলা প্ৰীতিৰে জীয়াই থাকিব। চোৰাং-চিকাৰীৰ হাতত যাতে সিহঁত অকালতে নিধন নহয় তাৰ বাবে সিহঁতে চৰকাৰৰ ওচৰত টানি আবেদন জনাব। [ ৩৯ ]
 

মৰমীয়াল ল’ৰাটো

 এসময়ত পবিতৰা অভয়াৰণ্যৰ কিছু নিলগত এখন গাঁও আছিল। সেই গাঁৱত টুবলু নামৰ এটা ল’ৰাই বাস কৰিছিল। সি অষ্টম শ্ৰেণীত পঢ়ে। তাৰ কথা বতৰা, আচাৰ ব্যৱহাৰ বৰ ভাল। সেয়ে সকলোৱে তাক মৰম কৰে। কেৱল যে আচাৰ-ব্যৱহাৰ হে ভাল এনে নহয়, টুবলুৱে গছ গছনি জীৱ-জন্তুক বৰ ভাল পাইছিল। সি বনৰীয়া কুকুৰ মেকুৰীকো নিজৰ ভাগৰে এগৰাহ খুৱাইছিল।

 আন এদিনৰ কথা। সেই অভয়াৰণ্যৰ এজনী হাতীয়ে এদিন এটা কণমানি পোৱালি লগত লৈ হাবিৰ পৰা ওলাই আহিছিল। হঠাতে হাতীজনীৰ পানী পিয়াহ লাগিব। পানী বিচাৰি বিচাৰি তাই দূৰৈত এটা পুখুৰী দেখা পালে। আঘোণ মাহ। পুখুৰীটোত পানী অলপ মানহে আছিল। এইদৰে হাতী জনীয়ে শুঁৰডালেৰে পানী খাই আছে। এনেতে অকণমানি পোৱালিটো কেনেকৈ বোকাত সোমাল, মাকজনীয়ে ততেই নাপালে। মাকে পোৱালিটো ওপৰলৈ উঠাবলৈ বাৰে বাৰে চেষ্টা কৰে। কিন্তু নোৱাৰে। ইফালে পোৱালিটো উঠিব নোৱাৰি ধৰ্‌ফ্‌ৰাই আছে। কি কৰিব একো উৱাদিহ নাপাই মাকজনীয়ে অৱশেষত আটাহপাৰিবলৈ ধৰিলে। হাতীজনীৰ চিঞৰ টুবলুৰ কাণত পৰিল। লগে লগে সি ক’ত কি হৈছে বুলি দৌৰিবলৈ ধৰিলে। অলপ দূৰৈৰ পৰাই সি [ ৪০ ] দেখিবলৈ পালে- এটা হাতী পোৱালি বোকাত সোমাই চটফটাই আছে, সি কান্দি উঠিল। দেহি ঐ! হাতী পোৱালিটো মৰি যাব এতিয়া! সি কি কৰিব, কি নকৰিব ভাবি-ভাবি বহি গ’ল আৰু চিন্তা কৰিবলৈ ধৰিলে, কেনেকৈ সি পোৱালীটো বচাব উপায় উলিয়াব পাৰে।

 ইফালে হাতীজনীলৈকো ভয় লাগে জানোচা হাতীৰ গচকত তাৰ জীৱ যায়। তেনেতে সি দেখিবলৈ পালে হাতীজনীয়ে বাৰে বাৰে পোৱালিটো উঠাবলৈ চেষ্টা কৰিয়ো বিফল হোৱাৰ পিছত আটাহ পাৰি-পাৰি লগৰীয়াটোক আনিবলৈ হাবিলৈ গ’ল। এই সুযোগতে টুবলু চিধাই পুখুৰীটোৰ পাৰলৈ গ’ল আৰু দেখিবলৈ পালে যে পুখুৰীটোৰ পাৰৰ এজোপা ভীম কলত এডাল বাঁহ ঢোকা দিয়া আছে। লগে লগে তাৰ এটা বুদ্ধি মনলৈ আহিল। সি দৌৰি গৈ ঘৰৰ পৰা দা এখন আনিলে আৰু সেই ঢোকা দিয়া বাঁহ দালৰ এটা মূৰ জোঙা কৰি ল’লে। তাৰ পিছত সি পুখুৰীৰ বোকাৰ মাজত বাঁহৰ জোঙা মুৰটো সুমুৱাই দিলে। লগে লগে হাতী পোৱালীটো ওপৰলৈ উঠি আহিল। তেতিয়া সি তাৰ ডিঙিত থকা গামোচা খনেৰে পোৱালিৰ গাত থকা বোকাবোৰ ঘঁহি ঘঁহি আঁতৰাই দিলে আৰু পোৱালিটো ৰ’দত শুৱাই দিলে। অলপ সময়ৰ পিছত সি ওচৰৰ মানুহ এঘৰৰ খেৰৰ মেজিৰ পৰা এপোলা খেৰ আনি জুই ধৰি তাক সেক দিলে। কিছু সময়ৰ পিছত পোৱালিটোৱে কাণ দুখন ল’ৰালে আৰু চকু দুটা মেলি দিলে।

 তাৰ পিছত টুবলুৱে পানী বটল এটাত পানী আনি পোৱালিটোক এঢোক এঢোক কৰি খুৱাই দিলে। লগে লগে পোৱালিটো থিয় হ’ল আৰু তালৈ একেথিৰে চাই থাকিল। সি যেন তাৰ জীৱন দান দিয়া বাবে টুবলুক কৃতজ্ঞতাহে জনাইছে। পোৱালিটো জী উঠাত সি স্ফূৰ্তিত জপিয়াবলৈ ধৰিলে। ইফালে মাকজনীয়ে মতা হাতীটোক লৈ হিল্ দল্ ভাঙি পুখুৰীটোৰ ফালে আহি থকা টুবলুৱে দেখা পালে। সি ভয়তে পোৱালিটো তাতে পেলায় লৰ মাৰিলে আৰু দূৰৈৰ পৰা চাই থাকিল। তেতিয়া সি দেখিবলৈ পালে হাতীজনীয়ে পোৱালিটোক জীৱিত অৱস্থা দেখি আচৰিত হ’ল আৰু কোনোৱা দয়ালু লোকৰে এনে কাম হ’ব বুলি ভাবি শুঁৰডাল ওপৰলৈ তুলি উপকাৰ কৰা জনৰ মঙ্গল হওঁক বুলি আশীৰ্বাদ দিলে। টুবলুৰ মাক দেউতাকেয়ো এনে সন্তানৰ কাৰণে মনত বৰ সন্তোষ পালে। [ ৪১ ]
 

সত্যৰ সদায় জয়

 বহুদিনৰ আগৰ কথা। এখন গাঁৱত যদু নামৰ এজন ল’ৰা আছিল। সিহঁত বৰ দুখীয়া। দেউতাকে লোকৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। এবাৰ দেউতাক টান নৰিয়াত পৰিল। ওচৰৰ হস্পিতাললৈ গ’ল যদিও ভালদৰে ঔষধ খাব নোৱাৰি মৃত্যু মুখত পৰিল। যদুৰ মাকে দেউতাক ঢুকোৱাৰ পিছত চাৰিওফালে অন্ধকাৰ দেখিলে। তথাপিও মনত সাহস গোটাই একমাত্ৰ ল’ৰাটোক মানুহ কৰাৰ আশাৰে লোকৰ তাঁত-সুত বৈ স্কুলত নাম লগাই দিলে। তেতিয়া যদুৰ বয়স আছিল মাত্ৰ ছয় বছৰ।

 স্কুলত নাম লগাই দিয়াৰে পৰা যদুৱে মনপুতি পঢ়িবলৈ ধৰিলে। মাকেও লোকৰ কাম-বন কৰে যদিও অতি নম্ৰ আৰু ভদ্ৰভাৱে অতি সৎ শিক্ষাৰে তাক শিক্ষিত কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰিলে। লগৰ দুটামান ল’ৰা অতি দুষ্ট যদিও তাক সেই দুষ্ট ল’ৰাকেইটাৰ সংগ এৰুৱাই দিলে। কাৰণ [ ৪২ ] সংগ দোষ বৰ বেয়া বস্তু। একেটিয়েই পো তাকো যদি নষ্ট হয় কি হ’ব। এই কথা সদায় যদুৰ মাকে মনত ৰাখে। যদুৰ অমায়িক ব্যৱহাৰ স্কুলৰ শিক্ষকসকলো বৰ সন্তুষ্ট। সদায় তাক ভাল হ’বলৈ আশীৰ্বাদ দিয়ে।

 এইদৰে সি দোপত-দোপে আগবাঢ়ি গ’ল তাৰ স্কুলৰ দেওনা পাৰ হৈ কলেজ পালেগৈ। কলেজতো মাকে অতি কষ্টৰে তাক পঢ়ুৱালে। সিয়ো ৰাতিপুৱা গধুলি টিউচন কৰে। এইদৰে চলি যায়। এনেকৈয়ে এদিন সি বি.এছ. চি. পাছ কৰিলে আৰু চাকৰি পায় মানে টিউচন কৰিয়েই ঘৰখন চলাবলৈ ধৰিলে। ইফালে মাকৰো বয়স হৈ আহিল। আগৰ দৰে কাম-বন কৰিব নোৱাৰা হ’ল।

 এদিনৰ কথা। সেইদিনা আছিল ৰবিবাৰ। যদু টিউচন কৰি বজাৰ কৰিবলৈ বুলি ওলাই গৈছিল। এনেতে এটা লেডিজ বেগ বাটতে পৰি থকা দেখিবলৈ পালে। যদুৱে ভাবিলে এই বেগটো বুটলি নি গৃহস্থক চমজাই দিব। নহ’লে বেলেগ মানুহৰ হাত লাগিলে কি হ’ব? সেয়েহে বেগটো লৈ ভয়ে ভয়ে ঘৰ পালেগৈ আৰু কঁপিবলৈ ধৰিলে। সি ভাবিলে কোনোবাই যদি তাক চোৰ বুলি কয়, কি হ’ব? সেয়েহে বেমাৰী মাকক সি কথাটো ক’লে আৰু অতি সৎ স্বভাৱৰ মাকে বেগটো খুলি চাই দেখে এটা দামী ম’বাইল আৰু নানান নথি-পত্ৰকে আদি কৰি টকা অলপো আছে আৰু সোণৰ বস্তু দুই- এপদো তিৰ্‌বিৰাই থকা দেখিবলৈ পালে।

 যদুৰ মাক আচিৰত হল আৰু তাক লগে লগে থানাত বেগটো দিবলৈ ক’লে। যদুৱেও দৌৰি-দৌৰি আহি বেগটো থানাত দিলে। থানাৰ পুলিচে ফোনটোত থকা নম্বৰ এটালৈ ফোন কৰি জনাই দিলে যে বেগটো থানাতে আছে। আচৰিত কথা যে বেগটো এগৰাকী অতি উচ্চ পৰ্যায়ৰ চাকৰিয়ালৰ আছিল। তেখেতে আহি বেগটো চালে আৰু ক’লে - ‘ক’তা একো হানি- বিঘিনি হোৱা নাই। যেনেকৈ আছে তেনেকৈয়ে পোৱা গৈছে। ’ কোনে এই বেগটো পাইছিল সোধ-পোচ কৰি মানুহগৰাকীয়ে যদুৰ ঘৰতে গৈ লগ কৰিলে আৰু নানান উপহাৰ দিবলৈ বিচাৰিলে। কিন্তু যদুৱে একো উপহাৰ ল’বলৈ মান্তি নোহোৱাত শিক্ষাগত অৰ্হতাৰ কথা জানি এটা ভাল চাকৰি দিলে। সেইদিনাৰপৰা সি সুখে-সন্তোষে দিন কটাবলৈ ধৰিলে।

গতিকে সৎ পথত চলিলে ভগৱানেও সহায় কৰে।

[ ৪৩ ]
 

অজগৰ আৰু ৰমেনৰ কাহিনী

 তাহানিতে নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ এখন ভিতৰুৱা গাঁৱত এটা অতি সহজ-সৰল ল'ৰাই বাস কৰিছিল। ল'ৰাটোৰ নাম ৰমেন। সৰুৰে পৰা সি বৰ সাহসী। কোনো কথালৈ সি ভয় নকৰে। ৰাতি ঘোপ পৰা আন্ধাৰতো সি মোনাটো লৈ দোকানলৈ ওলাই যায়। সি সৰুৰে পৰা বৰ কষ্টত ডাঙৰ দীঘল হৈছে। তাৰ মাক দেউতাক বেমাৰী। কেৱল বিচনাতে পৰি থাকে। সি মাক দেউতাকক সহায় কৰি ভাল পায়। সেৱা শুশ্ৰুষা কৰে। যিমান পাৰে মনত সুখ দিবলৈ চায়। তাৰ মাজতে বিদ্যালয়লৈ যায়। এদিন যায় যদি দুদিন নাযায়। এনেকৈয়ে তাৰ দিন চলি আছে। শিক্ষক সকলেও তাৰ অৱস্থাটো দেখি টানি নধৰে। পঢ়া শুনাতো সি বিশেষ বেয়া নহয়। ভাল [ ৪৪ ] সুবিধা পোৱাহেঁতেন হয়তু ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন। সি দুখীয়া মাক দেউতাকক পোহপাল দিবৰ কাৰণে প্ৰায়ে হাবিলৈ যায় আৰু তাৰ পৰা খৰি লুৰি আনি বজাৰত বিক্ৰি কলে। তাৰ পৰা যি পইচা পায় তাৰে দুবেলা দুমুঠি খায়।

 আন এদিনৰ কথা। সেইদিনা আছিল ৰবিবাৰ। ৰাতিপুৱা চকু হাল মোহাৰিয়েই সি দা এখন লৈ চিধাই হাবিলৈ গ'ল তাৰু এজোপা জোপোহা গছ দেখিবলৈ পালে। সি মনতে ভাবিলে, এই গছজোপাৰ পৰা দুডালমান ডাল কাটি নিব পাৰিলে দুপইচা পোৱা যায়। সেইহে গছজোপাৰ ওপৰলৈ সি উঠি গ'ল আৰু এটা ফেৰেঙনিত দুয়োটা ভৰি ওলোমাই বহি আপোন মনে ডাল কাটিবলৈ ধৰিলে। এইদৰে সি মনৰ স্ফূৰ্তিৰে ডাল কাটি আছে। এনেতে এডাল মস্ত অজগৰ সাপ ক'ৰবাৰ পৰা আহি গছজোপাৰ ওচৰ পালেহি। সি গমেই নাপালে সাপডাল দীঘলে ৭ ফুট মান হ’ব। সাপডালে দেখিলে এটা ল'ৰাৰ ঠেং এখন গছজোপাৰ ফেৰেঙণিৰ সোঁ ফালে ওলমি আছে। তাৰ বৰ লোভ লাগিল। ইফালে দুই তিনিদিন সি একো খাব পৰা নাই। এইবুলি মুখখন মেলি সাপডাল ৰমেনৰ সোঁ ভৰিখন অলপ অলপকৈ গিলি খাবলৈ ধৰিলে। কাৰণ অজগৰে জীৱ জন্তু গোটে গোটে গিলি খায়, চোৱাই খাব নোৱাৰে। ৰমেনৰ প্ৰথমতে ভৰিটো অলপ অলপ গধুৰ গধুৰ লাগিছিল।

[ ৪৫ ] কিন্তু একান্ত মনে গছৰ ডাল কাটি থকাৰ কাৰণে একোৱেই গম পোৱা নাছিল।

 অলপ সময়ৰ পিছত সি তললৈ চাই দেখে যে এডল মস্ত অজগৰ। তাৰ সোঁভৰিটো ক্ৰমান্বয়ে গিলি যাবলৈ ধৰিছে। তাৰ অলপ অলপ ভয়ো লাগিছে কি কৰিব এতিয়া। তাৰ মনলৈ এটা বুদ্ধি আহিল। এই হাবিৰ মাজত সি কাকো নাপায়। গতিকে নিজকে নিজে বচাব লাগিব। নহ'লে বেমাৰী মা- দেউতাৰ কি হ'ব? সেইহে সি মনটো ডাঠ কৰি ঈশ্বৰৰ নাম স্মৰণ কৰি হাতত থকা দা খনেৰে অজগৰটোৰ মুখৰ দুয়োটা কাষ অৰ্থাৎ কোৱাৰী দুটা ফালি দিলে আৰু লগে লগে ভৰিটো জোৰেৰে অজগৰৰ মুখৰ পৰা উলিয়াই আনিলে। সি দেউতাকৰ মুখত শুনিছিল যে অজগৰে বস্তু সন্মুখত থকাটোহে গিলি খায়। সেইহে সি দাখন তাতে পেলালে আৰু গছৰ পৰা নামি দৌৰিবলৈ ধৰে। কিন্তু সি দৌৰিব নোৱাৰে। কাৰণ ইতিমধ্যে সোঁভৰিটো একেবাৰে অৱশ হৈ পৰিছে। তথাপি ফোপাঁই-ফোপাঁই, দুপিয়াই-দুপিয়াই অজগৰটোৰ পিছফালৰ পৰা দৌৰিবলৈ ধৰিলে। গৈ গৈ সি লেবেজান হৈ পৰিল। অৱশেষত এখন গাঁৱৰ মানুহ এঘৰত সোমাল আৰু ভৰিটোত পানী ঢালিবলৈ ধৰিলে। অলপ সময়ৰ পিছত ভৰিটোলৈ অলপ জোৰ আহিল আৰু কেনেকৈ সি অজগৰৰ মুখৰ পৰা নিজকে বচালে সকলো কথা সেই মানুহ ঘৰৰ আদহীয়া মানুহজনক ক’লে।

 সেই মানুহজন বৰ মৰমীয়াল আছিল। তেওঁ ৰমেনক চাইকেলত উঠাই তাৰ ঘৰলৈ লৈ গ'ল আৰু বেমাৰী মাক-দেউতাকক সকলো কথা বিৱৰি ক'লে। মাক-দেউতাকে সেই কথাটো শুনি বুকু কঁপি উঠিল আৰু ল’ৰাটো অজগৰৰ মুখৰ পৰা বাচি অহাত ভগৱানক ধন্যবাদ দিলে। পিছদিনা কথাটো চাৰিওফালে ৰৈ বৈ গ'ল। অসম চৰকাৰেয়ো কথাটো জানিব পাৰি ১৫ আগষ্ট দিনা ৰমেনক নগদ দহহাজাৰ টকাৰে সাহসীকতাৰ বঁটা প্ৰদান কৰিলে।

গতিকে সাহসী লোকৰ ক'তো মৰণ নাই।

[ ৪৬ ]
 

চেষ্টাৰ অসাধ্য একো নাই

 বহুদিনৰ আগৰ কথা। সেই অৰণ্যখনৰ সিতো দাঁতিত এখন গাঁও আছিল। সেই গাঁৱত এজন খেতিয়কে বাস কৰিছিল। পত্নী আৰু এটি পুত্ৰ সন্তানেৰে সৈতে তেওঁ অতি সুখেৰে দিন কটাইছিল। দিনটো অশেষ পৰিশ্ৰম কৰি ৰাতি অতি সুখেৰে টোপনি যায়। এনেকৈ সুখেৰে বাস কৰাৰ পিছত তেওঁলোকৰ সংসাৰলৈ অমাৱস্যাৰ আন্ধাৰ নামি আহিল। দুখীয়াৰ দুখ যেন নুগুচেই। ভাগ্যৰ লিখন নহয় খণ্ডন।

 খেতিয়ক জনৰ একমাত্ৰ সন্তানটোৰ নাম ৰামু। এটা সুন্দৰ স্বাস্থ্যৰ নিপোটল ল'ৰা। পঢ়া শুনাতো বৰ ভাল। সি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ। এটা অতি বাধ্য আৰু গুণী-জ্ঞানী ল’ৰা।

 সেইদিনা আছিল সোমবাৰ। দীপাৱলী। ওচৰৰ সকলো মানুহেই দীপাৱলী পাতিছে। অসংখ্য মাতিৰ চাকি জ্বলাই মানুহে যেন পোহৰৰ দেৱীক [ ৪৭ ] আদৰি আনিছে। নানা তৰহৰ ফটকা ফুটাইছে। কিন্তু ৰাজুহঁতৰহে তেনেকৈ খৰচ কৰিবলৈ নোজোৰে। গতিকে সি দুখীয়া দেউতাকৰ ওচৰত আক্ষেপো নকৰে। সেইহে সি ওচৰৰ তাৰ লগৰ ল'ৰা, মহাজনৰ পুতেক ৰুবুহঁতৰ ঘৰলৈ যাবৰ কাৰণে মাক-দেউতাকৰ ওচৰত নানান কাকুতি মিনতি কৰিলে। প্ৰথমতে দেউতাকৰ তাক যাবলৈ দিবলৈ মনেই নাছিল। পিছত কান্দি কাটি থকা দেখি মাকে ৰাজুহঁতৰ ঘৰলৈ পঠিয়াই দিলে।

 মহাজনৰ ঘৰত টকাৰ অভাৱ নাই। গতিকে নানা তৰহৰ বোমা আনিছে আৰু ঘৰত মিঠাই বিলাইছে। তাকে চাই ৰাজুৱে মনত বৰ স্ফূৰ্তি পালে। বোমাবোৰ এটা এটা কৈ ৰুবুয়ে ফুটাবলৈ ধৰিলে। যিমানেই বোমাৰ শব্দ হয় সিমানেই ৰাজুৱে হাত চাপৰি বজাই জপিয়াবলৈ ধৰে। এনেকৈ আনন্দ স্ফূৰ্তি কৰি থাকোতে হঠাতে এটা ঘটনা ঘটি গ’ল। কোনেয়ো ধৰিবই নোৱাৰিলে।

 ৰুবুৱে বোমা এটা ফুটাই লৰমাৰি আহোতেই কিনো জুতিত ফটকাটো আহি ৰাজুৰ চকুৰ ওচৰত পৰিল আৰু সি চিঞৰ মাৰি দিলে। অলপ পৰৰ পিছত তাৰ চকুহাল ৰঙা হৈ গ'ল আৰু বিষত সি আটাহ পাৰি কান্দিবলৈ ধৰিলে। মাক-দেউতাক দৌৰ মাৰি আহিল আৰু ওচৰৰ ডাক্তৰ খানালে লৈ গ'ল। ডাক্তৰে একো উৱাদিহ নাপাই গুৱাহাটীৰ ডাঙৰ ডাক্তৰৰ ওচৰলৈ পঠিয়ালে। পিছে কি হ’ব? ৰাজুৱে দেউতাকৰ তেনে কোনো টকা নাই। ইফালে মহাজনৰ পুতেকে এনে ঘটনা ঘটোৱাৰ পিছতো তেওঁলোকৰ কোনো সহানুভূতিয়েই নাই। ৰামুৰ দেউতাকে নানান কাকূতি মিনতি কৰাৰ পিছত চহৰলৈ যাবলৈ মাত্ৰ কেইটামান টকা মহাজনে দিলে। তাকে লৈ ৰাজুৰ দেউতাক গুৱাহাটী পালেগৈ। কিন্তু হ’ব কি? গুৱাহাটীৰ ডাক্তৰেও উপায় নেদেখি বাহিৰলৈ নিবলৈ ক'লে। তাৰ পিছত তেওঁলোকে চাৰিফালে অন্ধকাৰ দেখিলে। কি হ'ব বুলি ঘৰলৈ আহিল। কিন্তু ৰাজুৱে মন ভাঙি নিদিলে। সি নিজৰ ভিতৰতে মনটো ডাঠ কৰি চকু নাথাকিলেও মানুহ হোৱাৰ সপোন দেখিলে। আনকি মাক-দেউতাকক সি মনত সাহস গোটাবলৈ ক'লে। ভাগ্যত যি আছে তাকে হ'ব বুলি মাকে চকুপানী টুকিলে। অৱশেষত দেউতাকে তাৰ মনৰ আগ্ৰহ দেখি অন্ধ বিদ্যালনত নাম লগাই দিলে। সি তাত পঢ়া-শুনা কৰি দোপতদোপে আগবাঢ়ি যাবলৈ ধৰিলে। তাৰ কণ্ঠটি বৰ সুন্দৰ। এবাৰ [ ৪৮ ]

সিহঁতৰ বিদ্যালয়লৈ বছেৰেকীয়া সভাত এজন মন্ত্ৰী আহিছিল। তাত সি গীত পৰিবেশন কৰিছিল। তাৰ কণ্ঠৰ যাদু দেখি মন্ত্ৰীজন আচৰিত হ'ল আৰু নগদ পাঁচ হেজাৰ টকা তাক উপহাৰ দিলে। ইয়াৰ পিছৰ পৰা তাক বিভিন্ন ঠাইলৈ গীতৰ শৰাই আগবঢ়াবলৈ নিমন্ত্ৰণ জনোৱা হ'ল। সিয়ো সুন্দৰ কণ্ঠৰে শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সদায় চেষ্টা কৰে। এইদৰে পঢ়াৰ লগতে গীত দুয়োটা সমানে আগবঢ়াই নিলে। লাহে-লাহে সি এজন নামজ্বলা গায়ক হৈ পৰিল।

 অৱশেষত সি সেই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা সুখ্যাতিৰে পাৰ কৰিলে আৰু অলপ দিনৰ পিছত বি.এ পৰীক্ষায়ো পাৰ কৰিলে। কিছুদিনৰ পিছত সেই বিদ্যালয়তে এটা শিক্ষকৰ পদ খালী হোৱাত ৰাজুৱে তাত নিযুক্তি পালে আৰু এজনী অতি ধুনীয়া ছোৱালীয়ে তাৰ গুণৰ কথা শুনি স্বইচ্চাৰে বিয়া হ'ল। ইয়াৰ পিছৰে পৰা মাক-দেউতাক, পো-বোৱাৰী সকলো সুখেৰে বাস কৰিবলৈ ল'লে।

আচলতে বিকলাঙ্গ বুলি একো কথা নাই। এই সকলোবোৰ আমাৰ
সমাজৰ সম্পদ। এওঁলোকক কেতিয়াও অৱহেলা কৰিব নাপায়।

[ ৪৯ ]
 

জলকুঁৱৰীৰ সাধু

 এসময়ত কলং নৈ খনৰ পাৰত এখন বৰ সুন্দৰ গাঁও আছিল। গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম। পথৰ দাঁতিত সোণাৰু, নাহৰ, কদমকে আদি কৰি ধুনীয়া-ধুনীয়া গছ-গছনি আছিল। এই গছবোৰ বৰ জোপোহা। তাত বিভিন্ন চৰাই চিৰিকটিয়ে বাহ সাজিছিল। সন্ধিয়া সময়ত চৰাইবোৰৰ কিচিৰ-মিচিৰ শব্দই গাওঁখনক স্বৰ্গপুৰীত পৰিণত কৰিছিল।

 সেই গাঁও খনত বিকি আৰু কল্প নামৰ দুজন ল'ৰাই বাস কৰিছিল। সিহঁত দুয়ো বৰ বন্ধু। সিহঁতে অষ্টম শ্ৰেণীত পঢ়ে। পঢ়া শুনাতো ভাল আৰু স্বাস্থ্যৰ প্ৰতি বৰ সচেতন। সিহঁতে সদায় সোনকালে শুৱাৰ পৰা উঠে আৰু হাত মুখ ধুই ব্যায়াম কৰে। তাৰ পিছত চাহ পানী খাই পঢ়া শুণাত ধৰে আৰু আঠ বজাৰ লগে লগে ওচৰতে থকা কলং, নৈখনত গা পা ধুই নাকে-কাণে কেইটামান ভাত গুজি পঢ়াশালিলৈ লৰ মাৰে।

 কলং নৈ খন সিহঁতৰ বৰ মৰমৰ। বন্ধৰ দিনত সিহঁতে এই নদীত মিছা মাছ ধৰে। এই মাছৰ সোৱাদেই বেলেগ। মাজে মাজে আকৌ সিহঁতে এই নদীত সাঁতোৰা প্ৰতিযোগীতা পাতে। কোনে আগতে গৈ সিপাৰত উঠিব পাৰে। কাৰণ সাঁতোৰা স্বাস্থ্যৰ কাৰণে এটা ভাল ব্যায়াম। সাঁতুৰিব জনা ল'ৰা-ছোৱালীৰ কেতিয়াও বিপদ নহয় আৰু সাঁতোৰা ল'ৰা-ছোৱালী সদায় ওখ পাখ আৰু গাৰ গঠন সুন্দৰ হয়।

[ ৫০ ]  এদিনৰ কথা, কল্প আৰু বিকি দুয়োয়ে বাজি মাৰিলে যে কোনে সাঁতুৰি আগতে সিপাৰ হ'ব পাৰে। যেনে কথা তেনে কাম। তেতিয়া আছিল শাওন মাহ। গৰমৰ বন্ধ। গতিকে সিহঁতক পাই কোনে। বিকি কিন্তু সাঁতোৰাত বৰ পাৰ্গত। কিন্তু কল্প অলপ কেঁচা। কল্পই সদায় চেষ্টা কৰে কেনেকৈ সাতুৰি পাৰ হ'ব পাৰে। সেইহে দুয়ো এক, দুই, তিনি বুলি কলঙত জাপ দিলে আৰু সাঁতুৰিবলৈ ধৰিলে। বিকিয়ে আগতে গৈ সাঁতুৰি কলং পাৰ হৈ সিপাৰত উঠিল। কিন্তু কল্পই সাঁতুৰিয়েই আছে। সি বৰ জেদী। বিকিয়ে যদি পাৰে, সি কিয় নোৱাৰিব। এইদৰে মৰসাহ কৰি সাঁতুৰি সাঁতুৰি সি পাৰ হ’ব নোৱাৰি কলঙৰ পানীৰ সোঁতত উটি গৈ আছে। এনেতে বিকিয়ে দেখিলে কি কৰিম এতিয়া? দেখোন কোনোবাখিনি পালেগৈ। সৰুতে সি ককাকৰ মুখত শুনিবলৈ পাইছিল ইয়াত হেনো জলকুঁৱৰী ওলায়। জলকুঁৱৰী দেখিবলৈ বৰ ধুনীয়া। সাইলাখ পৰীৰ দৰে। তেওঁ মন পচন্দৰ ল'ৰা-ছোৱালী পালে তেওঁৰ ওচৰলৈ লৈ যায়। এইবোৰ কথা ভাবি বিকিয়ে কান্দিবলৈ ধৰিলে। পাৰত বহি সি চিঞৰি চিঞৰি কান্দি কান্দি ক'বলৈ ধৰিলে - “কোন ক'ত আছ হঁত ঐ! মৰিলো, মৰিলো”! তাৰ চিঞৰ শুনি ওচৰৰ কেইবাজনো মানুহ দৌৰি আহিল আৰু কল্পৰ অসহায় অৱস্থাতো দেখি এজন চফল ডেকা ল’ৰাৰ মনলৈ এটা বুদ্ধি আহিল আৰু কলঙত জাপ দিলে আৰু সাঁতুৰি সাঁতুৰি কোনো মতে কল্পক লগ পালে আৰু মৰণত শৰণ দি চুলিত ধৰি চোঁচৰাই চোঁচৰাই লৈ আহি পাৰত পেলাই দিলে। ইতিমধ্যে সি পানী খাই খাই পেট ফুলি গ'ল। কি কৰিব এতিয়া! এনেতে এজন বয়োজেষ্ঠ লোক আহিল। তেওঁ কল্পক মাটিত বগৰাই দিলে আৰু পেটটো তললৈ দি পিঠিত উঠি গ'ল। অলপ সময়ৰ পিছত সি চকু পচাৰিলে। তাৰ পিছত ঘৰলৈ বোকোচাত লৈ আহি গৰম তেল মালিচ কৰি দিয়াত সি দুই এটা কথা ক'ব পৰা হ'ল? লাহে লাহে সি সুস্থ হৈ আহিল।

 এইদৰে বিকিয়ে কল্পৰ নতুন জীৱন দান দিলে। আচলতে মানুহে নিজৰ কথা ভাবিলেও নহয়। কেবল নিজৰ কথা ভবা জনক স্বাৰ্থপৰ বোলে। সেইদিনা বিকিয়ে কল্পক তেনে অৱস্থাত এৰি থৈ আহিলহেঁতেন তেন্তে কি অৱস্থা হ'লহেঁতেন! বিকিৰ এনে কাৰ্য্যক ঘৰৰ সকলোৱে প্ৰশংসা কৰিলে আৰু তাক আশীৰ্বাদ দিলে।

আচলতে মানুহৰ আকাংক্ষা থাকিব লাগে কিন্তু দুৰাকাংক্ষী

হ'ব নালাগে। নজনা কথাত ইমান মৰসাহ ভাল নহয়।

[ ৫১ ]
 

মামনিৰ কাহিনী

 আজিৰ পৰা কিছুদিনৰ আগতে সৌ পথাৰখনৰ সিটো দাঁতিত, তিনিজনী ছোৱালীয়ে বাস কৰিছিল। ছোৱালীকেইজনীৰ নাম ৰিজু, বিজু আৰু মিনু। সিহঁত তিনিজনী নলে-গলে লগা বান্ধবী। তিনিওজনী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আটাইকেইজনী কেৱল কথা বতৰা, আচাৰ ব্যৱহাৰহে ভাল এনে নহয়। পঢ়াশুনাতো বৰ চোকা। সেইকাৰণে শিক্ষকসকলেয়ো তাহাঁতক বৰ ভাল পায়। সিহঁত আটাইকেইজনীয়ে এইবাৰ প্ৰাথমিক বিদ্যালয় বৃত্তি পৰীক্ষা দিব। সিহঁতে বিদ্যালয়খনলৈ সুনাম আনিব বুলি সকলো শিক্ষকেই অধীৰ আগ্ৰহেৰে বাট চাই আছে। সেইহে সিহঁতে বিদায় সভা লগতে আৰ্শীবাদ সভা এখন পাতিবলৈ যো-জা কৰিছে। সিহঁত কেইজনীৰ গাত তত্ নাই। মৰমৰ ছাৰ বাইদেউসকলক কি খুৱাব।

 সভাখননো কেনেকৈ পাতিব, এই কথাটো ভাবি সিহঁতকেইজনীয়ে মনে মনে চকুপানী টোকে। দেহি ঐ! ইমান ভাল লগা পঢ়াশালীখন বাৰু [ ৫২ ] কোনটো সতেৰে এৰি থৈ যাব আৰু অতি শ্ৰদ্ধাৰ আৰু মৰমৰ ছাৰ বাইদেউসকলক? কথাটো ভাবি ভাবি কান্দি কান্দি চকু ফুলাই দিছে। এনেকৈ চিন্তা কৰি কৰি এজনীয়ে বকুল ফুলৰ মালা গাঁথিছে। মালা গাঁথি এপাহ ফুলৰ পিছত সিপাহ ফুল গাঁথি যাওঁতে এজনীৰ চকুপানী টোপ টোপকৈ পৰিবলৈ ধৰিলে। আন এজনীয়ে আকৌ মাকে হাতে বোৱা ফুলাম গামোচা বাকচৰ পৰা উলিয়াই জাপি জাপি সুন্দৰকৈ সজাই থৈছে। এইদৰে দুখ-বেজাৰে বিদায় সভা পাতিবলৈ সিহঁতৰ উখল-মাখল লাগিল।

 বিদায় সভালৈ মাত্ৰ দুদিন বাকী। হঠাতে বিজু আৰু ৰিজুৰ পেটৰ অসুখ হ'ল। ইমান ঔষধ খুৱাইছে কিন্তু কাম দিয়া নাই। তাৰ পিছত উপায় নাপায় লগৰ মিনুৱে মানিমুনি অলপ বিচাৰি আনিলে। তাই আজৰি পালে প্ৰায়ে মানিমুনি বিচাৰে আৰু মানিমুনি ভেদাইলতা এইবোৰ শাক-খাই তাই বৰ ভাল পায়। সেইহে তাইৰ অসুখ বিসুখ নাই বুলিয়েই ক'ব পাৰি। তাই মানিমুনি অলপ ঢেঁকিত খুন্দি ৰস উলিয়াই কেৰাহীত গৰম কৰিলে আৰু ঠাণ্ডা কৰি দুইজনীকে খাবলৈ দিলে। বিজুৱে মানিমুনিৰ ৰসেৰে ভাত কেইটামান খালে। তাই অতি কম সময়ৰ ভিতৰতে সুস্থ হৈ উঠিল। কিন্তু বিজুৰ? ৰিজুৰ মাতটো ভালকৈ এতিয়াও নুফুটে। তাই মানিমুনিক মামনি বুলি কয়। তাই কান্দিবলৈ ধৰিলে “মই মামনি নাখাওঁ”। খালে বমি হৈ যাব। কাৰণ তাই মানিমুনি খাবলৈ বৰ বেয়া পায়। পিছত মিনুৱে তাইক যিমান পাৰে বুজালে যে বিদায় সভাখন কেনেকৈ পাতিব? যদিহে তহঁতৰ অসুখ ভাল নহয়? তেতিয়া তাই চকু মুদি মানিমুনিৰ ৰস খিনি পি দিলে। কিন্তু কি আচৰিত! মাত্ৰ কেই ঘণ্টামানৰ পিছতে তাই সুস্থ হৈ উঠিল আৰু আটাইকেইজনীয়ে আটক ধুনীয়া কৰি বিদায় সভাখন পাতিলে। ছাৰ বাইদেউ সকলোয়ে তাহাঁতক আশীৰ্বাদ দিলে।

 সঁচাকৈ মানিমুনিৰ যে ইমান ঔষধীগুণ আছে তাই সেইদিনাহে বুজি পালে। সেইদিন ধৰি তাই মানিমুনিকে আদি কৰি সকলো শাক খাবলৈ ল'লে আৰু তাইৰ পেটৰ অসুখ নাইকীয়া হ'ল।

এতেকে মানিমুনি, ভেদাইলতা পেটৰ অসুখত মহৌষধ।

[ ৫৩ ]
 

কেৰ্কেটুৱা আৰু নেউলৰ কাহিনী

 এসময়ত সৌ কন্দলী পাহাৰটোৰ সিপাৰে এটা নিজৰা বৈ গৈছিল। নিজৰাটোৰ কাষতে এখন গাঁও আছিল। সেই গাঁওখন তামোল নাৰিকলৰে ভৰপুৰ আছিল। সেই গাঁওখনত এটা কেৰ্কেটুৱাই বাস কৰিছিল। সি কুৰিয়ে কুৰিয়ে তামোল, নাৰিকল খাবলৈ পাই নোদোকা হৈ পৰিছিল।

 সেই গাঁওখনৰ প্ৰতিঘৰ গৃহস্থৰ মনত বৰ দুখ। ইমানবোৰ তামোল গছ থকাৰ পিছতো তামোল কিনি খাব লাগে। কাৰণ তামোলবোৰৰ ফুল সামৰিবলৈকে নাপায়, ইফালে কেৰ্কেটুৱাই তহিলং কৰেই। বিহু, সভাতো নাৰিকল কিনি আনিব লাগে। নাৰিকলবোৰো ডাঙৰ হ'বলৈকে নাপায়, কলিতে খাই পেলায়। এই কেৰ্কেটুৱাবোৰৰ কাৰণে গাঁৱৰ মানুহবোৰৰ সহ্য সীমা পাৰ হ'ল আৰু ইয়াক কেনেকৈ মাৰিব পাৰে তাৰে উপায় উলিয়াবলৈ ধৰিলে। কিন্তু সিহঁত যিহে চতুৰ ইজোপা গছৰ পৰা সিজোপা গছলৈ জাপ মাৰি মাৰি সাৰি যায়।

 এদিন এটা নেউল ক'ৰবাৰ পৰা সেই গাওঁখনলৈ আহিল। নেউল আৰু কেৰ্কেটুৱা দেখাত একেই। এটাই মাথোন পাৰ্থক্য, নেউল ওপৰলৈ [ ৫৪ ] বগাব নোৱোৰে। তলত পোক-পৰুৱা আদি খাই জীয়াই থাকে। সাপ, নেউল দুয়ো দুয়োৰে শত্ৰু। নেউলক দেখিলেই সাপ পলায়। নেউল আৰু সাপৰ কাজিয়া লাগিলে চাবলৈ বৰ ভাল লাগে। কোনো হাৰিব নোখোজে, সাপে নেউলক যিমান আক্ৰমণ কৰে নেউলে তাতকৈ বেছি আক্ৰমণ কৰে। এদিন সাপ নেউলৰ কাজিয়া এখন কেৰ্কেটুৱা এটাই গছৰ ওপৰৰ পৰা চাই আছিল। তেতিয়া কেৰ্কেটুৱা টোৱে ভাবিলে উৱা! এইটো চোন বৰ সাহসী। সাপৰ লগত যুদ্ধ কৰে। দেখাত চোন সাইলাখ মোৰ দৰেই। সেয়ে সি গছৰ পৰা নামি গৈ নেউলটোৰ ওচৰ চাপি গ'ল আৰু দুয়ো বন্ধু পাতিলে। এইদৰে মাজে সময়ে কেৰ্কেটুৱাটো গছৰ ওপৰৰ পৰা নামি আহে আৰু দুয়ো মনৰ কথা পাতে।

 আন এদিনৰ কথা। সেই গাঁৱৰে এঘৰ গৃহস্থই খাপ পিতি ৰাতিপুৱাৰে পৰাই ৰৈ আছে কেৰ্কেটুৱা ধৰিবলৈ। কিয়নো তেওঁৰ গোটেই বাৰীৰ তামোলবোৰ কলিতেই খাই উদং কৰি পেলালে। তেনেতে সেই নেউলটো সেইফালেদি পাৰ হৈ যাব ধৰোতেই গৃহস্থ জনে লাঠি এডাল লৈ কেৰ্কেটুৱা বুলি নেউলটোকে মৰিয়াই মৰিয়াই আধামৰা কৰিলে। বেচেৰা নেউলটোৱে চিঞৰিবলৈ ধৰিলে “মই নেউলহে, কেৰ্কেটুৱা নহয়”। তেতিয়া এজন বৃদ্ধ লোক আহি ক'লে এইটো নেউলহে কেৰ্কেটুৱা নহয়। এৰা কথাতে কয় -

কেৰ্কেটুৱাই তামোল খাই
নেউলক ধৰি কিলাই।

 কিন্তু বন্ধুৰ এনেকুৱা বিলায় হোৱা দেখিও কেৰ্কেটুৱাটোৱে গছৰ ওপৰৰ পৰা চাই থাকিল। ইয়াৰ পিছতো গৃহস্থজনে চেষ্টা এৰি দিয়া নাই। তেওঁ যেনেতেনে কেৰ্কেটুৱাটো ধৰিবই। তেওঁ আকৌ এটা বুদ্ধি উলিয়ালে। এদিনাখন পুৱা তেওঁ গছৰ ওপৰত এখন কেৰ্কেটুৱা ধৰা ফান্দ পাতিলে। গৃহস্থজন পথাৰৰ পৰা আহি দেখে কেৰ্কেটুৱাটো ফান্দত লাগি ধৰফৰাই আছে। তেওঁৰ মনত স্ফুৰ্তি লাগিল।

 অৱশেষত মানুহজন গছৰ ওপৰলৈ উঠি গ'ল আৰু লাহে লাহে ফান্দখন তললৈ নমাই আনিলে আৰু কেৰ্কেটুৱাটো ফান্দখনৰ পৰা উলিয়াই আনি হেপাহ পলুৱাই মৰিয়ালে লগে-লগে কেৰ্কেটুৱাটো মৰি থাকিল।

গতিকে দেখা যায় যে অতি চালাকি গলাই ফাঁচী।

(এশ গৰু মাৰিলে বাঘৰো মৰণ)

[ ৫৬ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।