পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মামনিৰ কাহিনী

 আজিৰ পৰা কিছুদিনৰ আগতে সৌ পথাৰখনৰ সিটো দাঁতিত, তিনিজনী ছোৱালীয়ে বাস কৰিছিল। ছোৱালীকেইজনীৰ নাম ৰিজু, বিজু আৰু মিনু। সিহঁত তিনিজনী নলে-গলে লগা বান্ধবী। তিনিওজনী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আটাইকেইজনী কেৱল কথা বতৰা, আচাৰ ব্যৱহাৰহে ভাল এনে নহয়। পঢ়াশুনাতো বৰ চোকা। সেইকাৰণে শিক্ষকসকলেয়ো তাহাঁতক বৰ ভাল পায়। সিহঁত আটাইকেইজনীয়ে এইবাৰ প্ৰাথমিক বিদ্যালয় বৃত্তি পৰীক্ষা দিব। সিহঁতে বিদ্যালয়খনলৈ সুনাম আনিব বুলি সকলো শিক্ষকেই অধীৰ আগ্ৰহেৰে বাট চাই আছে। সেইহে সিহঁতে বিদায় সভা লগতে আৰ্শীবাদ সভা এখন পাতিবলৈ যো-জা কৰিছে। সিহঁত কেইজনীৰ গাত তত্ নাই। মৰমৰ ছাৰ বাইদেউসকলক কি খুৱাব।

 সভাখননো কেনেকৈ পাতিব, এই কথাটো ভাবি সিহঁতকেইজনীয়ে মনে মনে চকুপানী টোকে। দেহি ঐ! ইমান ভাল লগা পঢ়াশালীখন বাৰু

জোনবাইৰ দেশৰ সাধু
৫০