পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ভেকুলীৰ বিয়া

 আজিৰ পৰা কিছুদিনৰ আগতে বহুদিন ধৰি বৰষুণ হোৱা নাছিল। চ'ত মাহ। মাটি ফাটি চিটা-চিট দিছে। চাৰিওফালে খৰাং। গছ-গছনি শুকাই যাবলৈ ধৰিছে। চৰাই-চিৰিকটি, জীৱ-জন্তুৱে এটোপাল পানীৰ কাৰণে হাহাকাৰ কৰিছে। নাই আকাশত কোনো বৰষুণ দিয়াৰ লক্ষণেই নাই। গাঁৱৰ ল'ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে মেল পাতিছে। ভেঁকুলীৰ বিয়া পাতিব, নহলে উপায় নাই! জানোছা বৰুণ দেৱতা প্ৰসন্ন হয়েই। সেই কাৰণে গাঁৱৰ সকলোকে ভেঁকুলীৰ বিয়াৰ দায়িত্ব ভাগ কৰি দিয়া হ’ল। সকলো আগবাঢ়ি আহি দিন বাৰ এটা চাই ভেকুলীৰ বিয়াৰ আয়োজন কৰিলে। গাঁৱৰ ডেকা চামক ৰভা খোলাৰ দায়িত্ব দিলে, চেমনীয়া সকলক ৰভাতলি ফুলেৰে সুন্দৰকৈ সজোৱাৰ দায়িত্ব দিছে। সকলোতকৈ ডাঙৰ দায়িত্ব দিয়া হ'ল বাজু আৰু ৰামুক। সিহঁত দুটাক দুটা ধুনীয়া ডাঙৰ চাই ভেঁকুলী ধৰি আনিবলৈ কোৱা হ'ল। এতিয়া সিহঁতে ভেঁকুলী পায় ক'ত! গোটেই খন শুকান যেন

জোনবাইৰ দেশৰ সাধু
২৩