পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বগাব নোৱোৰে। তলত পোক-পৰুৱা আদি খাই জীয়াই থাকে। সাপ, নেউল দুয়ো দুয়োৰে শত্ৰু। নেউলক দেখিলেই সাপ পলায়। নেউল আৰু সাপৰ কাজিয়া লাগিলে চাবলৈ বৰ ভাল লাগে। কোনো হাৰিব নোখোজে, সাপে নেউলক যিমান আক্ৰমণ কৰে নেউলে তাতকৈ বেছি আক্ৰমণ কৰে। এদিন সাপ নেউলৰ কাজিয়া এখন কেৰ্কেটুৱা এটাই গছৰ ওপৰৰ পৰা চাই আছিল। তেতিয়া কেৰ্কেটুৱা টোৱে ভাবিলে উৱা! এইটো চোন বৰ সাহসী। সাপৰ লগত যুদ্ধ কৰে। দেখাত চোন সাইলাখ মোৰ দৰেই। সেয়ে সি গছৰ পৰা নামি গৈ নেউলটোৰ ওচৰ চাপি গ'ল আৰু দুয়ো বন্ধু পাতিলে। এইদৰে মাজে সময়ে কেৰ্কেটুৱাটো গছৰ ওপৰৰ পৰা নামি আহে আৰু দুয়ো মনৰ কথা পাতে।

 আন এদিনৰ কথা। সেই গাঁৱৰে এঘৰ গৃহস্থই খাপ পিতি ৰাতিপুৱাৰে পৰাই ৰৈ আছে কেৰ্কেটুৱা ধৰিবলৈ। কিয়নো তেওঁৰ গোটেই বাৰীৰ তামোলবোৰ কলিতেই খাই উদং কৰি পেলালে। তেনেতে সেই নেউলটো সেইফালেদি পাৰ হৈ যাব ধৰোতেই গৃহস্থ জনে লাঠি এডাল লৈ কেৰ্কেটুৱা বুলি নেউলটোকে মৰিয়াই মৰিয়াই আধামৰা কৰিলে। বেচেৰা নেউলটোৱে চিঞৰিবলৈ ধৰিলে “মই নেউলহে, কেৰ্কেটুৱা নহয়”। তেতিয়া এজন বৃদ্ধ লোক আহি ক'লে এইটো নেউলহে কেৰ্কেটুৱা নহয়। এৰা কথাতে কয় -

কেৰ্কেটুৱাই তামোল খাই
নেউলক ধৰি কিলাই।

 কিন্তু বন্ধুৰ এনেকুৱা বিলায় হোৱা দেখিও কেৰ্কেটুৱাটোৱে গছৰ ওপৰৰ পৰা চাই থাকিল। ইয়াৰ পিছতো গৃহস্থজনে চেষ্টা এৰি দিয়া নাই। তেওঁ যেনেতেনে কেৰ্কেটুৱাটো ধৰিবই। তেওঁ আকৌ এটা বুদ্ধি উলিয়ালে। এদিনাখন পুৱা তেওঁ গছৰ ওপৰত এখন কেৰ্কেটুৱা ধৰা ফান্দ পাতিলে। গৃহস্থজন পথাৰৰ পৰা আহি দেখে কেৰ্কেটুৱাটো ফান্দত লাগি ধৰফৰাই আছে। তেওঁৰ মনত স্ফুৰ্তি লাগিল।

 অৱশেষত মানুহজন গছৰ ওপৰলৈ উঠি গ'ল আৰু লাহে লাহে ফান্দখন তললৈ নমাই আনিলে আৰু কেৰ্কেটুৱাটো ফান্দখনৰ পৰা উলিয়াই আনি হেপাহ পলুৱাই মৰিয়ালে লগে-লগে কেৰ্কেটুৱাটো মৰি থাকিল।

গতিকে দেখা যায় যে অতি চালাকি গলাই ফাঁচী।

(এশ গৰু মাৰিলে বাঘৰো মৰণ)

জোনবাইৰ দেশৰ সাধু
৫৪